সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ–(সপ্তম)

মিনাৰা হুছেইন

মবাইলৰ এলাৰ্মটো বাজি উঠিল। ছয় বাজিল। নিমিশাই মালতীবাইক জগাই দিলে। মাইনাদুজনী এতিয়াও শুই আছে। ৰাতি নিমিশাই মাইনা দুজনীক ৰাধাৰ স্তুন পান কৰাইছিল। ইচ ইহতৰ ভোকেই লাগিছে নেকি? নিমিশাই সোনকালে ফ্ৰেছহৈ আহি মাইনাদুজনীক ৰাধাৰ ওচৰলৈ লৈ গল।
“উঠা ৰাধা…চোৱা টিকলীদুজনী চাই আছে তোমালৈ”
ৰাধাই চকু মেলি চালে।
মৰমেৰে দুয়োজনীকে আকোঁৱালি ললে।
নিমিশাই নিজৰ ৰুমলৈ গল। অনুৰাগ বাথৰুমত। তাই বিচনাত শুই পৰিল। ওপৰৰ ডাৱৰৰ ডিজাইন থকা ফল্ছ চিলিংলৈ চাই ৰল। পৃথিৱীখন বৰ জটিল। তাতোকয়ো জটিল মানুহ বোৰ, মানুহৰ মনবোৰ। তাই যে গৌৰীৰ কথা পাহৰিব পৰা নাই। ইমান কম বয়সত, মাত্ৰ সোতৰ বছৰ বয়সত। কিমান কষ্ট পাইছিল কিজানি। সৰুতে মাক দেউতাকক হেৰুৱাই মাথো চৈধ্য বছৰ বয়সত একমাত্ৰ বায়েকক হেৰাই কেনেদৰে বাৰু নিজকে চম্ভালি লৈছিল মালতীবায়ে ? আৰু তাইৰ শাহুয়েকৰ ? তেওঁ কেনেদৰে সেইজন ব্যক্তিক স্বামী বুলি এতিয়াও সন্মান কৰি আছে ?

“মোকো মাইনা লাগে। আৰু দেৰি নকৰো দেই”
বুলি অনুৰাগে নিমিশাক সাবটি ধৰিলে।
নিমিশা একেথৰে অনুৰাগলৈ চাই ৰল।
“কি ভাৱিছা…?”
“অ..মই… নাই…মানে”
অনুৰাগে নিমিশাৰ কপালত এটি চুমা আকি দিলে।
অনুৰাগ অফিচলৈ গল। নিমিশা নাযায়। ৰাধা সুস্হ হলেহে যাব।

ৰাধাক মনটো মাৰি থকা যেন লাগিল। ৰাধাক নিমিশাই এবাৰ ভালকৈ চালে। “আৰে এইটো কেনেকৈ সম্ভৱ”
বুলি নিমিশা চিঞৰি উঠিল। ওচৰতে থকা শাহুয়েক দৌৰি আহিল।
“মা…ৰাধাৰ প্ৰেচাৰ বহুত হাই হৈ গল। ৰাতিপুৱা লৈকে তো ভালেই আছিল। তাই ইহতদুজনীকো খোৱাইছিল”
নিমিশা টেবলেট এটা উলিয়াই ৰাধাক দিলে।
“বৌ…”
ৰাধাই নিমিশাৰ হাতত ধৰি কান্দি দিলে।
“কি হল? কিয় কান্দিছা”
“ৰুবুলে ফোন কৰিছিল।ছোৱালী হোৱাৰ বাবে বহুত কিবাকিবি কৈছে।মোক বোলে নিব নাহে। মোৰ ছোৱালী কেইজনীৰ কি হব?”
ৰাধাৰ দুগালেৰে তপত অশ্ৰু বৈ গল।

“আৰে নিনিলে হব নেকি? দুজনীকৈ ছোৱালী …কোনে কি কৰিব?”
মাকে ৰুবুলক ফোন লগাইছে।
“মা…এইবোৰ পিছে পৰেও হব। এতিয়া ৰাধাৰ কন্ডিছন ভাল নহয়।”
নিমিশাই গাড়ীখন ওলালে। মালতীবাইৰ লগত ধৰা ধৰিকৈ ৰাধাক গাড়ীত বহালে। মাকক মাইনাদুজনীক চাবলৈ কৈ হস্পিতালৰ দিশে গতি কৰিলে।

ৰাধাক আই.চি.ইউ ত ভৰ্তি কৰা হল। অনুৰাগ আহিল। নিমিশাই অনুৰাগক ধৰি কান্দি দিলে। এগৰাকী চিকিৎসক হিচাপে তাই বুজি উঠিছে ৰাধাৰ কন্ডিছনৰ কথা। ৰুবুলকো ফোন কৰি জনোৱা হল। কিন্তু নাহিল।
মালতীবায়েও খুব কান্দিছে। তাই হেৰুৱাব নোখোজে ৰাধাক। গৌৰীদিদিৰ সৃষ্টি ৰাধা।
“বোৱাৰী… তুমি কিবা এটা কৰা। মোৰ ৰাধাজনীক বছোৱা”
অনুৰাগে মালতীবাইক সাবটি ধৰিলে। সি জানে সকলো। তাৰো বেয়া লাগে। ৰাধাৰ বাহিৰে আৰু একোৱে নাই মালতীবাইৰ। এই ৰাধাৰ বাবেই গোটেই জীৱন এনেদৰে কটাই দিলে। অনুৰাগৰ চকু সেমেকি উঠিল।
নিমিশা আৰু অনুৰাগক হস্পিতাল কৰ্তৃপক্ষই বিচাৰিছে।
“চাওক ডা.নিমিশা।আপুনি সকলো বুজিছে। পেচেন্টে কিবা এটা সাংঘাতিক মনোকষ্ট পাইছে। যাৰ বাবে হঠাৎ তেওঁৰ প্ৰেছাৰ হাই হৈ গল। আৰু”
“আৰু…আৰু…কি?”
নিমিশাই হস্পিতালৰ পি.আৰ.অ চন্দনা মহন্তৰ ফালে চাই সুধিলে।
“ৱি আৰ চৰি”
চন্দনা মহন্তই নিমিশাক হাতত ধৰি কলে।
অনুৰাগ ওচৰতে থকা বেন্ছখনত বহি পৰিল। নিমিশা অলপ পৰ থিয় হৈ ৰল।
“বোৱাৰী কি হল?”
মালতীবায়ে নিমিশাক সুধিলে।
নিমিশাই কান্দি কান্দি সকলো কলে।
মালতীবায়ে কান্দিব পৰা নাই। ওচৰতে থকা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি টোৰ ফালে চালে।
“ভগৱান তুমি কিয় বাৰে বাৰে এনেকুৱা কৰিছা ? সচাকৈয়ে তুমি শিলৰ।তোমাৰ অন্তৰ নাই। ”
মাটিত বাগৰি বাগৰি চিঞৰিলে।

ৰাধাক শ্মশানলৈ নিবলৈ সকলো ৰেডি হল। দেউতাক ৰুমতে সোমাই থাকিল। মাক আহি ৰাধাৰ মুখখন এবাৰ চালে। মুখখন হাতত তুলি লৈ মৰমৰ ভৰা চুমা এটি যাচিলে। জীৱিত অৱস্হাত এনেকুৱা এটি তপ্ত চুম্বনৰ বাবে মাকলৈ আগ্ৰহেৰে চাইছিল। মাকৰ মনত নপৰে তাইক কেতিয়াবা সচাকৈয়ে মৰম কৰা। কিন্তু আজি তেওঁ বিচাৰিছে মৰম কৰিবলৈ।
“উঠ অনুৰাধা”
মাক উচপি উঠিল।

নিমিশা দেউতাকৰ ৰুমলৈ গল।
“দেউতা… ৰাধা যাবলৈ হল। আপোনাৰ ছোৱালী য়ে সকলোৰে লগত অভিমান কৰি গুচি গল। এবাৰ আহক তাইক চাই যাওক। কি শান্ত ভাৱে শুই আছে”
নিমিশাৰ পিছে পিছে শহুৰেক আহিল।
“আইজনী …”
আজি বিৰেন বৰকটকীয়ে একো কব নোৱাৰিলে। মাথো অশ্ৰুসিক্ত নয়নেৰে চাই ৰল ৰাধাৰ মুখনিলৈ

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close