সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ–(ষস্ঠ্)

মিনাৰা হুছেইন

(ষস্ঠ্)

ৰাধাক ৰুমলৈ অনা হল। পৰীদুজনীক দেখি চকুৰে বৈ অহাজাকক বাধা দি চুমাৰে উপচাই দিলে গাল মুখ।
নাৰ্চ আহি ৰাধাৰ চেলাইন লগাই দি গল। পৰীদুজনীক বেড এখনত শুৱাই দিলে। বৰ ধুনীয়া হৈছে। যেন কপাহৰ ফুল দুটি শুই আছে।
অনুৰাগৰ মাক দেউতাকো আহি পালে। অনুৰাগে মিঠাই দিলে সকলোকে।

“কি মিঠাই খাবা। আজিকালিৰ দিনত দুজনীকৈ ছোৱালী ”
ৰুবুলৰ মাকে বিৰক্তিকৰ মন্তব্য দিলে।

ৰাধাৰ চকুযুৰি সেমেকি উঠিল। ছোৱালী বাবে তাইৰ দৰে ইহত দুজনীও অবহেলিত হব নেকি?

মালতীবাই আৰু নিমিশা ঘৰলৈ গল। গা ধুই ভাত খাই আহিছে। ৰাতিটো নিমিশা আৰু মালতীবাই ৰাধাৰ লগত থাকিব। ৰুবুল নাথাকিলে ৰাধাৰ লগত। ৰাধাৰ তাৰ বাবে কোনো আক্ষেপ নাই। যিজন পিতৃয়ে নিজৰ সদ্যজাত সন্তানদুটিক এবাৰো বুকুত সোমাই মৰম নকৰিলে, সেইজনৰ পৰা কি আশা কৰিব পাৰি?

ৰাতটো ভালদৰে পাৰ হল। মাইনাদুজনীয়ে ধুনীয়াকৈ শুইছে। ৰাধাৰো ভাল টোপনি আহিল। নিমিশাই মনতে ভাবিলে অহাকালি হস্পিতালৰ পৰা ঘৰলৈ যাব পাৰিব।

দূৰৈৰ মদজিদৰ পৰা ফজৰৰ নামাজৰ আজান শুনি নিমিশা সাৰ পাই উঠিল। খিৰিকীৰ পৰ্দাখন টানি দিলে। বৰ ধুনীয়া লাগিছে। দূৰত থকা পাহাৰটো, মছদিৰ পৰা অহা আজান, পোৱাৰ দোক মোকালিত বাহৰ পৰা ওলাই যোৱা জাক জাক চৰাইবোৰ, সূৰুযৰ পোৱাৰ সোণালী আভাস …সচাকৈয়ে মনোৰম পৃথিৱীখন।

অনুৰাগ অফিচলৈ যোৱাৰ আগতে হস্পিতালত সোমাল। নিমিশা নাছিল ৰুমত। অনুৰাগে দুয়োজনীৰ লগত বহি খেলি আছে।
“ভাগিন দুজনীয়ে মামায়েকক বৰ ভাল পাই দেই”
হাতত মালতীবাইৰ বাবে চাহ লৈ অহা নিমিশাই অনুৰাগক দেখি হাহি হাহি কলে।

“অ ঠিকেই কৈছা নিমিশা। ইমান মৰমলগা মাইনা কেইজনীক এৰি মোৰ ঘৰত মন নবহা হল”
সকলোৱে হাহিলে। ৰাধায়ো মন খুলি হাহিলে। আজি তাইৰ মনটো কিবা এটা পাতল লাগিছে।

আবেলি তিনি বজাত নিমিশা আৰু অনুৰাগে অনুৰাধাক অনুৰাগহতৰ ঘৰলৈ লৈ গল। ৰুবুলো গল।
অনুৰাধাৰ কোঠাটো যেন আকৌ প্ৰাণ পাই উঠিল। নিমিশা আৰু মালতীবায়ে সকলো ঠিকঠাক কৰি লৈছে। অনুৰাগ আৰু নিমিশা বজাৰলৈ গৈ লাগতিয়াল সকলো আনিলে।ৰাধা আৰু পৰীদুজনীৰ বাবে। ৰাতিৰ ভাতসাজ খাই ৰুবুল গুছি গল। যোৱাৰ আগতে ৰূবুলে ৰাধাক নিশ্চিয় কিবা কৈ গৈছে। ৰাতিপুৱাৰ মুকলিমনেৰে ঘৰ সোমোৱা ৰাধাজনী মনটো মাৰি আছে। যেন বৰ কষ্ট কৰি আহিব খোজা লোতকজাকক ধৰি ৰাখিছে।

ৰাধাৰ মাক আহি সকলো চাই গৈছে।
“অনুৰাধা ….তোৰ লগত মালতী থাকিব। নিমিশা আছেই। ৰুবুলে কিবা খঙ কৰা যেন লাগিল।”
পৰীদুজনীক কোচত লৈ মাকে সুধিলে।
“নাই মা…এনেই আৰু”
মাকক এনেদৰে মাইনাদুজনীক লৈ খেলি থকা মাকৰ মনত দুখ দিবলৈ মন নগল ৰাধাৰ।

মালতীবাই আহিল।ৰাধাক ঘিচিৰি অলপ খোৱাই শুবলৈ দিলে। ৰাধাৰ শিতানত বহি বহি কিবা ভাবি আছে।

“মালতীবাই …ৰাধা টোপনি গল।তুমি কি ভাবি আছা”
ৱালঘড়ীটোৱে ৰাতি বাৰ বজাৰ সংকেত দিলে।
“মোৰ গৌৰী দিদিলৈ বৰকৈ মনত পৰিছে”

“অ…কোৱা পিছত কি হল তোমাৰ গৌৰী দিদিৰ’

ৰাতিৰ নীৰবতা ভংগ  কৰি মালতীবায়ে কৈ গল বিভিসীকাৰে পাৰ কৰা দিনবোৰৰ কথা।

“অনুৰাগৰ ছবছৰীয়া জন্ম দিন বৰ ডাঙৰকৈ পাতিছিল। মালিকিনী বাইদেউৰ মাক আৰু কলিকতাত থকা ডাক্তৰ ভায়েকো আহিছিল। পাৰ্টি শেষ হলত আমি ডাইনিঙ ৰুম চাফা কৰি আছিলো। গৌৰী দিদি মূৰ ঘূৰাই পৰি গৈছিল। অনুৰাগৰ চিঞৰত সকলো দৌৰি আহিছিল। ডাক্তৰ বাবুয়ে পৰীক্ষা কৰিলে। হাত মুখত পানী চটিয়াই দিয়াত গৌৰী  দিদি চকু মেলি চাইছিল। মই ৰুমলৈ নি শুৱাই দিছিলো। কি হল নাজানো। মালিকিনী বাইদেউৰ ৰুমৰ পৰা অহা কাজিয়াৰ শব্দত সাৰ পাই উঠিছিলোঁ। অনুৰাগক মালিকিনী। বাইদেউৰ মাকে হলৰুমত লৈ শুইছিল। ডাক্তৰ বাবু আৰু মালিক বাবুৰ চিঞৰ বাখৰ। মালিকিনী বাইদেউৰ হিয়া ভগা কান্দোন। হলৰুমত শুই থকা বৃদ্ধ আইতা গৰাকীয়েও খুব কান্দিছিল।”
মালতীবাই উঠি গৈ পানী এগিলাচ খালে।

“পিছত কি হল?”

“পিছদিনা আমি সকলো কলিকতালৈ গুছি গলো। ৰাম বাহাদুৰ বাবুৰ হাতত সকলো চাবি কাঠি দি মালিক বাবুও আমাৰ লগতে গৈছিল। কলিকতাত ডাক্তৰ বাবুৰ ঘৰত। গৌৰী দিদিক হস্পিতাল লৈ গৈছিল ডাক্তৰ বাবু আৰু মালিকিনী বাইদেৱে। আবেলি উভতি আহিছিল। আকৌ আবেলি কাজিয়া হৈছিল। ডাক্তৰ বাবুয়ে ভিনীহিয়েকক বৰ বেয়া ব্যৱহাৰ কৰিছিল। মালিক বাবুয়ে সকলোকে ক্ষমা খুজিছিল।”

ৱাল ঘড়ীৱে এক বজাৰ সংকেত দিলে।
“বোৱাৰী …বহু দেৰি হল।শুই যোৱা”

“মালতীবাই…মই শুব নোৱাৰিম। খুব দৰকাৰ হৈছে। গৌৰীৰ বিষয়ে সকলো জানিব লাগিব।কোৱা, পিছত কি হল”
নিমিশাই মালতীবাইক কাতৰ অনুৰোধ কৰিলে।

“মোৰ দিদিৰ গাটো লাহে লাহে আৰু বেয়া হবলৈ ধৰিলে। ডাক্তৰ বাবুৱে বহুতো ঔষধ দিছিল।আইতাই দিদিৰ যত্ন লৈছিল। জোৱায়েকে কৰা ভূলৰ বাবে বাৰে বাৰে গৌৰী দিদিক ক্ষমা খুজিছিল। মালিকবাবু বাগানলৈ ঘূৰি আহিছিল।আমি ৰৈ গৈছিলোঁ। এদিন গৌৰী দিদিৰ খুব পেট বিষ হৈছিল। ৰাতি বুলি মই কাকো জগাব পৰা নাছিলোঁ।কাৰণ আমাক বাহিৰৰ ৰুম এটাত থাকিবলৈ দিয়া হৈছিল।ভিতৰলৈ আমি সোমাব নোৱাৰো। ”

মালতীবাইৰ মাত থোকা থোকি হৈছিল। চকুৰ পানীৰ আগত যেন সকলো সজীৱ হৈ ধৰা দিছিল।

“মই দিদিক যিমান পাৰো বুজাইছিলো।লগতে থকা ঔষধবোৰ খুৱাইছিলো । ৰাতিপুৱা হোৱাৰ লগে লগে মই চিঞৰি চিঞৰি সকলোকে জগাইছিলো। দিদিক হস্পিতাললৈ লৈ যোৱা হৈছিল। মই আৰু আইতাও গৈছিলোঁ। দিদিক অপাৰেচন ৰুমত সোমাই ছিল। দিদিক তেজ লাগিছিল।তাইৰ তেজটো বোলে হস্পিতালত নাপালে। দিদি গুছি গৈছিল। মোৰ গৌৰী দিদি মোক এৰি গুছি গৈছিল। অপাৰেচন ৰুমৰ পৰা ওলোৱা মোৰ দিদিজনীক ধৰি মই চিঞৰি উঠিছিলোঁ। মোৰ হাত কপিছিল। মোৰ চকুৰ আগতে মোৰ দিদিক বগা কাপোৰৰে ঢাকি দিয়া হৈছিল। মোক আইতাই ধৰি ৰাখিছিল। অপাৰেচন ৰুমৰ পৰা নাৰ্চ এ গৰাকীয়ে এটি মাইনা আনি আইতাৰ কোলাত দিছিল। আইতাই কৈছিল এইয়া বোলে অনুৰাগৰ ভণীয়েক।নাম অনুৰাধা। মই চাই ৰলো। গৌৰী দিদিৰ মুখখন দেখোন। মই সকলো বুজি উঠিছিলোঁ। অনুৰাগৰ ভণীয়েকক লৈ মই আৰু আইতা ঘৰলৈ সোমাইছিললো। মোৰ হাতত পৰীজনীক দি আইতা মালিকিনী বাইদেউৰ ৰুমলৈ গৈছিল। বহুত সময় কান্দোনৰ ৰোল আহিছিল ৰুমৰ পৰা। বাইদেউ আহিছিল ওলাই। মাইনাজনীক চালে। আইতাই কোচত দিব লৈছিল। বাইদেৱে নললে। অনুৰাগে ভণীয়েকক দেখি খুব ভাল পাইছিল। ”

“হা…মালতীবাই…ৰাধা মানে, আমাৰ ৰাধা… গৌৰীৰ…”
নিমিশা আচৰিত হৈ উঠিল।

” হয়।ঠিকেই শুনিছা।অনুৰাধা… বিৰেন বৰকটকীৰ তেজ। কিন্তু সামাজিক ভাৱে স্বিকৃতি দিলেও মনৰ মাজত কেতিয়াও ঠাই নাপালে। কাৰণ তাইৰ গাত আমাৰ তেজ আছে, মোৰ গৌৰী দিদিৰ তেজ আছে’

মালতীবাইৰ চকুহাল মচি দি নিমিশাই সাবটি ধৰিলে। ইমান জটিল।কাৰ বাবে ৰাধাৰ জীৱন এনেকুৱা হল।কাৰ দোষৰ বাবে গৌৰীৰ মৃত্যু হল।কাৰ দোষৰ বাবে মালতীবাই অকলশৰীয়া হল?

(আগলৈ)

Related Articles

error: Content is copy right protected !!
Close