সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ–(পঞ্চম)

মিনাৰা হুছেইন

  “বাইদেউ …..উঠক…পাচ বাজিল”
নাৰ্চ গৰাকীৰ মাতত নিমিশা সাৰ পাই উঠিল। মালতীবাইক জগালে। দুয়োজনীয়ে মুখ হাত ধুই ললে। বাহিৰৰ পৰা চাহ দুকাপ অনাই ললে। অনুৰাধাক চাৰে ছয় বজাত অ.টি লৈ লৈ যাব।  নিমিশাই লাহে লাহে অনুৰাধাক জগালে। মালতীবায়ে তাইক ধৰি বাথৰুমলৈ লৈ গল। নাৰ্চ এগৰাকী আহি অনুৰাধাক ৰেডি কৰাইছিল।
“বৌ….মোৰ বৰ ভয় লাগিছে।”
অনুৰাধাই বৌৱেকৰ হাতত ধৰিলে।
“একো নহয়। ভয় নকৰিবা। মই যাম নহয় তোমাৰ লগতে অ.টি. লৈ।”
নিমিশাই অনুৰাধাৰ মুখখনত হাত বুলাই দিলে।
মালতী বাই উঠি গল। চলচলীয়া চকুহাল যেন উখহি আহিব। গোটেই ৰাতি কান্দিছে। অনুৰাধাক সাবটি ধৰিলে।
“মাজনী…তুমি যোৱা।ভয় নকৰিবা। ওপৰজনাই চকু মেলি চাব”
মালতীবাইৰ চকুৰ আগত   আজি তেইশ বছৰৰ আগৰ দিন এটাই দেখা দিলে। এনেকৈয়ে তাইৰ মৰমৰ গৌৰী দিদিজনী ….!! তাইকতো কথা দি গৈছিল তাইৰ একমাত্ৰ দিদিজনীয়ে অ.টি.ৰ পৰা ঘূৰি আহিব‌। কিন্তু নোৱাৰিলে।আজি আকৌ যদি অনুৰাধাৰ লগতো কিবা হয়, তাই জীয়াই জীয়াই মৰি যাব। আৰু নোৱাৰে সহ্য কৰিব।

“প্ৰভু…মোৰ গৌৰীজনীক মোৰ ওচৰলৈ ঘূৰাই আনিবা”
বুলি চিঞৰি উঠিল মালতীবায়ে।

“মালতীবাই….কাৰ কথা কৈছা? কোন গৌৰী? যোৱাকালি তুমি আৰু বৌৱে গৌৰীৰ কথা পাতিছিলা।মই টোপনিৰ মাজতে অলপ শুনিছিলো।?
অনুৰাধাৰ মাতত নিমিশা আৰু মালতীবাই চক খাই উঠিল। মালতীয়ে বায়ে নিমিশালৈ চালে। কি কব অনুৰাধাক?

” ৰাধা…তুমিও যে আৰু মালতীবাইক চিনি নোপোৱা হলা। তাই হেনো তোমাৰ যদি ছোৱালী হয় নামটো গৌৰী ৰাখিব”
নিমিশাই পানী এগিলাচ ললে।

“এ হয়নে মালতীবাই?”
অনুৰাধাই মালতীবাইক সাবটি ধৰিল।

নাৰ্চ এগৰাকী আহিল। অনুৰাধাক লৈ যাবলৈ।
“বাইদেউ… এওৰ হাজবেন্ড কত? অভিভাৱকৰ চহী এটা লাগিছিল”
হাতত থকা ফৰ্মখন নিমিশালৈ আগবঢ়াই দিলে।

“অ তেঁও লোক আহি আছে। ৰাধাক লৈ আগবাঢ়া। মই চহীটো কৰাই লৈ আহি আছো।”

ৰাধাই বৌৱেকৰ দুপাত্তাখন  টানি ধৰিলে। নিমিশাই ৰাধাৰ ফালে ঘূৰি চালে।
“বৌ…কোনো নাহে। মা, দেউতা, দাদা…কোনো নাহিল।”
অনুৰাধাৰ চকু সেমেকি উঠিল।
” কি জানা বৌ…মোৰ লগত সদায় এনেকুৱা ই হৈছিল। মালতীবাই তোমাৰ মনত আছেনে এবাৰ মোৰ বৰ জ্বৰ হৈছিল। হস্পিতালত থাকিব লগা হৈছিল। মাযে থকা নাছিল মোৰ লগত। দাদাৰ পৰীক্ষা বুলি। দাদাই থাকিব বিচৰাত তাক যে মায়ে ধমকি দিছিল।দেউতাইতো এবাৰো নাহিছিল মোৰ ওচৰলৈ। অকল তুমি, মালতীবাই তুমি নথকাহেতেন কিজানি সেইদিনাই মই মৰি গলোহেতেন। মালতীবাই তুমি মোক ক্ষমা কৰিবা।কেতিয়াবা যে যদি তোমাক খঙ কৰিছিলো।সচাকৈয়ে কবলৈ গলে তুমি মোৰ মাৰ নিচিনা।নাজানো কিয় আজি তোমাক মা বুলি মাতিবলৈ মন গৈছ। তোমাৰ বুকুত সোমাই থাকিব মন গৈছে”
অনুৰাধা হুকহুকাই কান্দি দিলে।

“মাজনী…নাকান্দিবা। যোৱা তোমাৰ এই মা তোমাৰ বাবে বাহিৰত অপেক্ষা কৰি থাকিব”

ঠিক এই  সময়তে অনুৰাগ ওলালহি।

“ৰাধা…চোৱা দাদা পালেহি। এতিয়া মন বেয়া নকৰিবা ”
নিমিশাই দিয়া ফৰ্মখনত অনুৰাগে চহী কৰি দিলে। নিমিশা অনুৰাধাৰ লগত অ.টি লৈ সোমাই গল ।

বাহিৰত অনুৰাগ আৰু মালতীবাই অপেক্ষা কৰি লৈছিল। সময়বোৰ যেন আগনবঢ়া হল। অনুৰাগে আকৌ এবাৰ ৰুবুলৰ ফোন লগালে।
“হেল্ল..ৰুবুল… যোৱা কালিৰ পৰা তোমাৰ ফোনটো ট্ৰাই কৰিছো। তুমি ৰিচিভ কৰা নাই”

“অ ফোনটো চাইলেন্টত আছিল। ”

অনুৰাধাৰ হবলগীয়া অপাৰেছনৰ কথা বুজাই কলে।

ৰুবুল মাকক লৈ আহিল।
“দাদা…কিবা খবৰ ”
ৰুবুলে অনুৰাগক মাত লগালে।

” বিয়নী অহা নাই যে?”
ৰুবুলৰ মাকে কপাল কোচ কৰি কথাষাৰ কলে।

“নাই মানে মাহত আহি আছে”
অ.টিৰ পৰা নাৰ্চ এগৰাকী ওলাই আহিল। নাৰ্চগৰাকীয়ে ব্লাড বেংকৰ ফালে খৰখেদাকৈ গল।

“পেচেন্টৰ কন্ডিছন খুব ক্ৰিটিকেল। ”
মালতীবাইৰ ফালে চাই কৈ গল।

দুঘন্টাৰ মূৰত নিমিশা ওলাই আহিল। অনুৰাগ আৰু মালতীবাই দৌৰি গল।

“ৰাধা আউট অব ডেন্জাৰ আৰু লক্ষী আহিছে আমাৰ ঘৰলৈ।এজনী নহয়। দুজনীকৈ”
নিমিশাই ফূৰ্তিত কথাখিনি কলে।

“কি দুয়োজনীয়ে ছোৱালী?”
শাহুয়েকৰ আপত্তিৰ সুৰ শুনিবলৈ পোৱা গল।
ৰুবুলৰ মনটো সেমেকা যেন লাগিল।

শিশুদুটিক নাৰ্চ দুগৰাকীয়ে ওলাই আনিলে। আইতাকৰ ওচৰলৈ নিলে। আইতাকে চাই মুখ ঘূৰাই দূৰৰ চকী এখনত বহিল।

“আই ও …মোৰ কলিজা দুজনী বুলি নিমিশাই দুয়োজনীকে আকোৱালি ললে। ”
মালতীবাই আৰু অনুৰাগো নিমিশাৰ ওচৰলৈ আহি শিশুদুটিক মৰম কৰিলে।
“এজনী মোক দিয়া…মামায়েক হোৱাৰ সুখকন চাও”
অনুৰাগে নিমিশাৰ পৰা এটি শিশু ললে। নিমিশাই অনুৰাগলৈ চালে। সি যে কিমান বিচাৰে এটি শিশু। কিন্তু ? নিমিশাই জানে সকলো। তাই যেন অনুৰাগক সত্য কথাটো কবলৈ সাহস নাই। যি হওক আজি সুখী দেখি নিমিশাৰ মনটো ভাল লাগি গল।

(আগলৈ)

Related Articles

error: Content is copy right protected !!
Close