সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ-(চতুৰ্থ)

মিনাৰা হুছেইন

(চতুৰ্থ)

“বৌ……অ বৌ…..”
অনুৰাধা চিঞৰি উঠিল।
নিমিশা আৰু মালতী বায়ে অনুৰাধাৰ ৰুমলৈ দৌৰ ললে।
“ৰাধা….কি হল”
নিমিশাই ৰাধাৰ চকুপানী মচি সুধিলে।

“বৌ মোৰ খুব পেটটো বিষাইছে। কিবা খোচ মাৰি ধৰাৰ দৰে।আহ! বৌ মই নোৱাৰিছো। আহ!আহ!”

মালতী বায়ে অনুৰাগ আৰু মাক দেউতাকক জগাবলৈ গল। মালতী বায়ে নিমিশাৰ ৰুমৰ পৰা ষ্টেথছক’প, প্ৰেছাৰৰ ইন্ট্ৰুমেন  ডাল আনি দিলে। নিমিশাই ৰাধাৰ পেটটো চালে, হাৰ্ট বিট, পালচ চালে, প্ৰেছাৰ চেক কৰিলে।সকলো ঠিকে আছে।সাতমাহত পৰিছে। এতিয়াই এনেকুৱা হব নালাগিছিল। ৰাধাৰ বেগৰ পৰা লেবৰটেৰী ৰিপৰ্টবোৰো ওলিয়াই চালে।
“আহ…মোক কিবা কৰা…মই নোৱাৰিছো আৰু’
ৰাধা চিঞৰি উঠিল।

“আৰু দেৰি কৰিব নোৱাৰি। মালতী বাই…যোৱা অনুৰাগক কোৱা গাড়ী ওলাবলৈ।”
নিমিশাই ৰাধাৰ লগতে থকা বেজি এটা দিলে।
” নিমিশা… এইৰ কি হল। সময় হৈছে জানো?”
” নাই মা…সময় হোৱা নাই। কিন্তু তাইৰ আৰ এইছ নেগেটিভ ব্লাডৰ বাবে কিবা কম্প্লিকেছি এৰাইজ কৰিছে নেকি? ইম্মিডিয়েট আলট্ৰাচাউন্ড কৰাব লাগিব”

অনুৰাগে গাড়ীখন উলিয়ালে। নিমিশা আৰু মালতী বায়ে অনুৰাধাক ধৰি গাড়ী লৈ আগুৱাই লৈ গৈছে।

“সকলো ৰিপৰ্ট পাতিবোৰ লৈছনে ?”
আগফালৰ বাৰাণ্ডাত বহি থকা দেউতাকে ৰাধাৰ ওচৰলৈ আহি মূৰত হাত বুলাই দিলে।
” তই অলপ ধৈৰ্য্য ধৰ, সকলো ঠিক হব।”
অনুৰাধাৰ খুব দুখ লাগিছে। এনেকুৱা মূহুৰ্ততো মাক দেউতাকে যদি এবাৰ মৰম কৰিলে হয়। এবাৰ যদি কাষ চপাই চুমা দুটি যাচিলে হয়।মাথো বৌৱেক আৰু মালতী বাই। সৰুৰে পৰা মাক দেউতাকৰ পৰা নোপোৱা মৰমখিনি মালতী বাইৰ পৰা পাইছে। আন ল’ৰা ছোৱালীৰ দৰে অনুৰাধাৰ লগত কেতিয়াও দেউতাকে খেলা নাই, কেতিয়াও মাকে গল্প শুনোৱা নাই। তাইৰ মনতে নাই মাকে তাইক লৈ যে কেতিয়াবা নিচুকাইছিল। তাইৰ দৰে বাৰু এই পৃথিৱীত আহিব লগীয়া তাইৰ সন্তান দুটিও দুৰ্ভগীয়া হব নেকি? ৰুবুলৰ কথা ভাবিলেই ভয় লাগি যায়। সি জানো সন্তান দুটিক মৰম কৰিবনে? এই সন্তান দুটিক বাৰু মুকলিমনেৰে জীয়াই থাকিবলৈ দিয়া হবনে?  নে তাইৰ দৰে ….?

গাড়ীখন হস্পিতালৰ গেট পাৰ হৈ সোমাই গল।
” ৰাধা…হস্পিতাল পালোহি”
ইমান সময় চকু মুদি নিজৰ আহিবলগীয়া সন্তান দুটিৰ আসন্ন ভৱিষ্যতৰ কথা ভাৱি ভাৱত বিভোৰ হৈ থকা ৰাধা সাৰ পাই উঠিল। নিমিশা হস্পিতালৰ ৰিচিপচনিষ্টৰ ওচৰ পালেগৈ ফৰমেলিটিখিনি কৰিবলৈ।মালতী বায়ে তাইক ধৰি নমাইছিল।
” অনুৰাধা…ভয় নকৰিবি। আমি হস্পিতাল পালোহি যেতিয়া চিন্তা নাই।”
অনুৰাগে অনুৰাধাক ধৰি হস্পিতালৰ ভিতৰলৈ লৈ গল।

আলট্ৰাচাউন্ড ৰুমত নিমিশাই ৰাধাক লৈ গৈছিল।ডঃ পূৰবী বৰুৱাই আধাতে টেষ্ট এৰি নিমিশাৰ লগত বাহিৰলৈ ওলাই গল। ৰাধাৰ লগত এচিচটেন্ট আছিল।
“ডঃ নিমিশা…ইটছ ভেৰি ক্ৰিটিকেল। পেচেন্টে কিবা দুখ পাইছিল, বা কিবা দূৰ্ঘটনা হৈছিল নেকি?”
“কিয়…কি হল”
“তেওঁৰ পেটত থকা বেবী দুটা ইনজিয়ৰড হৈছে। আমি সোনকালে অপাৰেচন কৰিব লাগিব। ইউ কেন আনডাৰষ্টেন্ড হোৱাট আই মিন”
নিমিশা ওচৰতে থকা বেন্ছ খনত বহিল। তাৰমানে ৰুবুলে ৰাধাৰ পেটটো অত্যাচাৰ কৰিছিল। তাই পেটটো চাওতে দেখা দাগ কেইটালৈ মনত পেলালে। কি কৰিব তাই এতিয়া?

“নিমিশা …কি হ’ল?”
অনুৰাগৰ মাতত তাই ওপৰলৈ চালে। সকলোখিনি কথা বুজাই কলে।
” তেতিয়া হলে অহাকালিলৈ অপেক্ষা কৰাতকৈ আজিয়েই অপাৰেচন কৰা ভাল হব। তুমি ফৰমেলিটিখিনি পূৰা কৰা।মই মা দেউতা আৰু ৰুবুলক জনাও”
অনুৰাগে ৰুবুলৰ নাম্বাৰটো ডায়েল কৰিলে।নাই ৰিচিভ নকৰিলে।আকৌ কৰিলে। এইবাৰো ৰিচিভ নকৰিলে। হাতৰ ঘড়ীটোলৈ চালে। মাত্ৰ দহটা বাজিছে। এতিয়াটো সি শুৱা নাই।ইছ্ছা কৰিয়েই বাৰু ৰিচিভ কৰা নাই নেকি।

ৰাধাৰ আৰ এইছ নেগেটিভ ব্লাডটো যোগাৰ কৰিব পৰা নাই। সকলোয়ে চেষ্টা কৰি আছে । তেজ যোগাৰ নোহোৱাৰ বাবে পিছদিনা ৰাতিপুৱা সাত বজাত অপাৰেচন কৰা হব ।এচি ৰুম এটা বুক কৰা হল।ৰাধাক  চেলাইন দিয়া আৰম্ভ কৰিছে। নিমিশাৰ সহকৰ্মী গাইনকলজিষ্ট ডাঃ ৰীতা বৰাই সকলো চাই পৰামৰ্শ দিছে।

“অনুৰাগ …মই আৰু মালতী বাই আছো ৰাধাৰ লগত। তুমি যোৱাগৈ। মাহত অকলে আছে”

“অকে। কিবা প্ৰবলেম হলে জনাবা”
অনুৰাগ যোৱাৰ পিছত নিমিশাই ভিতৰৰ পৰা দুৱাৰখনৰ হুকডাল লগাই দিলে। ৰাধাই লাহে লাহে নিদ্ৰাদেৱীৰ কোলাত শুই পৰিল।

“মালতী বাই….মনটো ভাল লগা নাই। ৰাধাজনীৰ  লগত বৰ অন্যায় হৈছে অ”

অলপ সময় নীৰৱতা । বাহিৰৰ জোনাকজাকে লুকাভাকু খেলিছিল। হঠাৎ অহা  এজাক ধুমুহাই খিৰিকিবোৰ খুলি দিছিল। নিমিশাই  খিৰিকীবোৰ লগাই দিবলৈ উঠি গল।

” সেইদিনাও এনেকুৱা এজাক ধুমুহা আহিছিল। মহতিয়াই গৈছিল সকলো। বাহিৰৰ বতাহজাক দেখি মই বাৰান্দাত বহি বহি কান্দি আছিলো। ভিতৰৰ পৰা দিদি ,মোৰ গৌৰী দিদিৰ চিঞৰ। একো কৰিব পৰা নাছিলো। মালিক চাহাব ওলাই গৈছিল। বতাহজাক লাহে লাহে শান্ত হৈ পৰিল। মই ভিতৰলৈ গলো। বিচনাত পৰি থকা গৌৰী দিদিক সাবটি ধৰি কান্দিছিলো। মালিক চাহাব উভতি আহিছিল।ভয়তে আমি কপি উঠিছিলোঁ। কৈ গৈছিল কথাবোৰ বাহিৰলৈ ওলালে বোলে আমাক কাটি মাৰি ধনশিৰি নৈত উটোৱাই দিব। বাৰ বছৰীয়া মই আৰু ষোল্ল বছৰীয়া মোৰ গৌৰী দিদিয়ে এদিনতে বহুত ডাঙৰ হৈ গৈছিলো। সকলো বুজি উঠিছিলোঁ।”
মালতী বাই খিৰিকীৰ পৰ্দাখন টানি বাহিৰৰ আন্ধাৰলৈ চাই ৰল।
“তাৰ পিছত কি হল ? কোৱা মালতী বাই”
নিমিশাই মালতী বাইক আনি বিচনাত বহাই দিলে।

” তাৰ পিছত কেইবাদিনো ইয়াৰ পুনৰাবৃত্তি হবলৈ ধৰিলে। আমি দুজনীয়ে ভয়তে মালিকিনী বাইদেউক একো নকলো। কিন্তু লাহে লাহে মোৰ গৌৰী দিদিৰ গাটো বেয়া হবলৈ ধৰিলে। একোকে খাব নোৱাৰা হল। কিবা খালেই বমি হবলৈ ধৰিলে। মালিকিনী বাইদেৱে দৱাই দিলে। কাম নিদিলে।”

বাহিৰত দুৱাৰত টোকৰ মাৰি নাৰ্চ এগৰাকীয়ে মাত লগালে। নিমিশাই দুৱাৰখন খুলি দিলে। ৰাধাৰ চেলাইন টো শেষ হবলৈ হৈছিল। নাৰ্চ গৰাকীয়ে নতুন চেলাইন এটা লগাই দিলে।

“বাইদেউ… আপোনালোক শুই লওক। মোৰ ডিউটি আজি ইয়াত”
নাৰ্চ গৰাকীৰ কথাত নিমিশাই মালতী বাইৰ ফালে চালে।
এটেনডেন্টৰ বিচনাখনত মালতীবাইক শুবলৈ দি , নিমিশা চকী এখন টানি অনুৰাধাৰ ওচৰতে বহিল। চাই ৰল মুখখনলৈ। টোপনিত লালকাল ৰাধাজনীক আৰু মৰম লাগি গল। সচাকৈয়ে ৰাধা এটি সাথৰ ? একমাত্ৰ ছোৱালী হৈ জন্ম হোৱাৰ বাবেই নে আন কিবা ? নিমিশাৰ মনটো শাত পেলাব পৰা নাই।

(আগলৈ)

Related Articles

error: Content is copy right protected !!
Close