সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ-(তৃতীয়)

মিনাৰা হুছেইন

                (তৃতীয়)

“বোৱাৰী ….”
মালতী বাইৰ মাতত নিমিশা চক খাই উঠিল। ডাইনিঙ টেবুলৰ পৰা সকলো উঠি গৈছিল।কিমান সময় যে এনেদৰে বহি থাকিল নিমিশাই গমকে নাপালে।
“উঠা…বহুত দেৰি হল।যোৱা শুই থাকা। মই অনুক  বিচনাখন ঠিক ঠাক কৰি আহিলো।তাই ইতিমধ্যে শুলেই কিজানি”
মালতী বায়ে নিমিশাৰ মূৰত হাত বুলাই দিলে।
নিমিশাৰ চকুলো বৈ আহিল। সচাকৈয়ে কিছুমান সম্পৰ্ক নিজে নিজে গঢ় লৈ উঠে। কৃত্ৰিমতাৰ পৰা বহু আতৰৰ মনৰ আপোন। এই মূহুৰ্তত মালতী বাইতকৈ আপোন যেন কোনোৱে নাই।

” জানা মালতী বাই…মই আচৰিত হও অনুৰাগ, মা দেউতাই বাৰু নিজৰ মান, সন্মান আৰু সামাজিক প্ৰতিপত্তিক অধিক মূল্য দিয়ে।  সদায়েই নিজৰ পুত্ৰ অনুৰাগৰ গুণ গৰিমা লৈ গৰ্বিত।কিন্তু ৰাধাৰ প্ৰতি কিয় ইমান উদাসীন।”

চকুৰে বৈ অহাজাকক নিজৰ আচলেৰে মচি মালতী বায়ে হুমুনিয়াহ কাঢ়িলে। কৈ গল বহু কথা।আজি যেন মালতী বাইক কোনেও বাধা দিব নোৱাৰে। যি কুৰা জুই লৈ অতদিনে জ্বলি আছিল, সেয়া যেন চকুৰ লোতকেৰে ওলাই দিব।
তেওঁ কৈ গল অতীতৰ কথা।

বিৰেণ বৰকটকী , ৰামপুৰ চাহ বাগিচাৰ মালিক ৰমেশ বৰকটকীৰ একমাত্ৰ পুত্ৰ। বিদেশত পঢ়ি অসমলৈ আহিছিল।বিদেশ এৰি আহিছিল যদিও বিদেশী আদব কায়দা এৰিব পৰা নাছিল। ৰমেশ বৰকটকীৰ মৃত্যুৰ পিছত বাগিচাৰ মালিকিসত্ব বিৰেণ বৰঠাকুৰৰ হাতত জাপি দিয়া হল। চাহ বাগানৰ বনুৱাসকলৰ সুন্দৰ গাভৰু  সকল তেওঁৰ উৎপাতত বাগানলৈ যাবলৈ ভয় কৰা হল। তেওঁলোকৰ ঘৰত দুজনী ঘাত মাওৰা বাগানীয়া ছোৱালী আছিল ৰমেশ বৰকটকীৰ দিনৰে পৰা।ডাঙৰ জনী গৌৰী আৰু সৰুজনী মালতী।মাক দেউতাক নোহোৱা ছোৱালী দুজনীক ৰমেশ বৰকটকী আৰু তেওঁৰ পৰিবাৰ মীৰাবালা বৰকটকী য়ে বৰ মৰম কৰিছিল। কিন্তু বিৰেন বৰকটকী ঘৰলৈ অহাৰ পিছত মাকৰ ভয় হল নিজৰ একমাত্ৰ পুত্ৰ বিৰেনক লৈ। ।ইতিমধ্যে গৌৰীৰ গাত যৌৱনে দেখা দিছিল।

মীৰাবালা বৰকটকীয়ে একমাত্ৰ পুত্ৰৰ বাবে চহৰখনৰ  এচ ডি চিৰ উচ্চশিক্ষিতা, দেখনিয়াৰ একমাত্ৰ কন্যা অনিমা শৰ্মাৰ লগত বিয়া ঠিক কৰে। দিন বাৰ চাই বৰ ডাঙৰকৈ বিয়াখন পাতে। সকলো ঠিকে ঠিকে চলি আছিল। অনিমাই শাহুয়েকৰ খুব যত্ন লয়। বিৰেন বৰকটকীক যিমান পাৰে সন্তুষ্ট কৰিবলৈ যত্ন কৰে। কিন্তু …?
বাহিৰৰ বস্তুৰ প্ৰতি বেছি আসক্ত বিৰেন বৰকটকীয়ে যেন ঘৰত থকা সুন্দৰী পত্নীকো অবগ্যা কৰিবলৈ আৰম্ভ কৰিছিল। মীৰাবালাই বোৱাৰীয়েকক বুজাইছিল।  অনিমা মাক হবলৈ ওলাইছিল। মীৰাবালা বৰকটকীয়ে বোৱাৰীয়েকৰ সকলো ধ্যান ৰাখিছিল। কিন্তু বিৰেন বৰকটকী ??? গৰ্ভৱতী পত্নীক ঘৰত থৈ ৰাতি ৰাতি ক্লাবত থকা হল।
অনিমাই সকলো দেখি সহি গৈছিল।কিয়নো তেওঁক সৰুৰে পৰা শিকোৱা হৈছিল যে নাৰী ধৈৰ্য্যৰ প্ৰতীক। নাৰীয়ে স্বামীৰ সকলো কথা মানিব লাগে। কিয়নো আমাৰ সমাজ খন পুৰুষতান্ত্ৰিক। পুৰুষ অবিহনে নাৰী অস্তিত্বহীন। সৰুৰে পৰা এনেকুৱা দেখি আহিছে। অনিমা সকলো দেখিও সুখী।কিয়নো তেওঁ বাগানৰ মালিকিনী। বিশাল ঘৰটোত তেওঁৰ কাম কৰিবলৈ কেইবাজনীও বনকৰা মানুহ আছে। তাৰোপৰি চহৰলৈ বিৰেন বৰঠাকুৰে লৈ গৈ বহুতো কিবাকিবি কিনি দিয়ে। মুঠতে একোৰে অভাৱ নাই। ক্লাবৰ ফাঙচনবোৰতো তেওঁক বহুত সন্মান দিয়ে। তেওঁ যে বাগানৰ ফাষ্ট লেডী। এনেকৈয়ে দিনবোৰ গৈ থাকিল। অনুৰাগৰ জন্ম হল। বিৰেন বৰকটকীয়ে ডাঙৰ ভোজ পাতিলে। অনিমা গোটেই দিন ব্যস্ত অনুৰাগক লৈ। যিজন বিৰেন বৰকটকী আগতে ঘৰত খুব কম সময় কটাইছিল, সেইজন বিৰেন বৰকটকী ঘৰতে থকা হল অনুৰাগৰ লগত । অনুৰাগৰ চাৰিবছৰীয়া জন্মদিনৰ দুদিনমান পিছতে মীৰাবালা বৰকটকীয়ে ইহলীলা ত্যাগ কৰিলে।
ঘৰখন যেন সলনি হৈ গল। ঘৰৰ জেষ্ঠ জনক হেৰোৱাই ঘৰখনে যেন কান্দি উঠৈ। মালতীয়ে গোটেই দিন অনুৰাগৰ লগত। গৌৰীয়ে পাকঘৰত লাগি দিয়ে ৰান্ধনীৰ লগত। গৌৰীয়ে যেন মন মাৰি থকা হল। মীৰাবালা বৰকটকীৰ মৃত্যুৰ পিছৰে পৰা যেন গৌৰীয়ে হাহিব পাহৰি গল।

অনিমাই চুলিত তেল সানি দিবলৈ গৌৰীক মাতিলে। গৌৰীয়ে টেলৰ বটলৰ পৰা বাটি এটাত তেল লৈ লগাই আছে।
“গৌৰী তোৰ কি হৈছে….ইমান মন মাৰি থাক….আগতকৈ খিনাইছ…ভালকৈ খোৱা।বোৱা কৰিবি আকৌ”
কথাখিনি কৈ অনিমা বাথৰুমত সোমাল।

(আগলৈ)

Related Articles

error: Content is copy right protected !!
Close