সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ–(দশম)

মিনাৰা হুছেইন

            (দশম)

“মা..আমি অনুৰাধাৰ লগত বহুত অন্যায় কৰিলো নেকি? ”
অনুৰাগে মাকক সাবটি ধৰি উচুপি উঠিল।
মাক উঠি গল। চাদৰৰ আচলেৰে চকুযুৰি মচি ললে। ৰাধাৰ বিচনাত বহি দূৰৈৰ পাহাৰ খিনিলৈ চাই ৰল।

“দেখিছা নিমিশা।দূৰৈৰ পৰা পাহাৰখনি কিমান ধুনীয়া দেখি। ওচৰ পালেই দেখিবা সেউজীয়া দলিচাৰে আবৰি থকা পাহাৰখনি প্ৰকৃততে এখন নাঙঠ পাহাৰ। বট বৃক্ষবোৰ মৰি গৈছে, গছ বনবোৰ মৰহি গৈছে।মাথো শিল।যেন জঠৰ এক শিলাময়। মোৰো জীৱনো এক পাহাৰৰ নিচিনাই। সকলো দেখিছিলো, বুজিছিলো।কিন্তু প্ৰতিবাদ কৰিব জনা নাছিলো। আমাক সৰুৰে পৰা বুজোৱা হৈছিল এইয়া হেনো পুৰুষতান্ত্ৰিক দেশ। পুৰুষৰ কোনো ভূল নাথাকে। আমাক ভৰণ, পোষণ দিছে, নামি দামী গাড়ীত ফুৰাইছে, দেশ বিদেশৰ পৰা অনা বিভিন্ন সামগ্ৰীৰে আমাক উপচাই তুলিছে। যেন এইখিনি দিলেই আমি সুখী। আমাৰ প্ৰতিবাদী কন্ঠসমূহ সৰুতে ৰোধ কৰি দিয়া হৈছিল।নাৰী শিক্ষাৰ প্ৰচাৰ হৈছিল। শিক্ষিত হৈছিলো।কিন্তু নিজৰ অধিকাৰৰ বিষয়ে সজাগ নাছিলোঁ। বুজাই নাছিলো যে চাহ বাগানৰ মালিক শ্ৰী বিৰেন বৰঠাকুৰৰ পত্নী মই ।মোক এৰি তেওঁ যেতিয়া বিলাসী জীৱন কটাব লৈছিল , তেতিয়াও মই উদাসীন আছিলো। মোৰ শাহুয়ে বুজাইছিল।মোৰ মায়ে কৈছিল সকলো ঠিক হব।ধৈৰ্য ধৰ।”
তেওঁৰ মাতবোৰ থোকাথোকি হৈ পৰিছিল। যেন মনৰ ভিতৰত অতদিনে সাচি ৰখা শোকজাকে আকৌ এবাৰ কন্দোৱাই গল।

“ধৈৰ্য ধৰি গৈছিলোঁ। সেইটোৱেই মোৰ ভূল আছিল। জানা নিমিশা তোমাক দেখি, তোমাৰ সাহস দেখি মই আচৰিত হৈছিলো। কিন্তু এতিয়া মই তোমাৰ আদৰ্শ , তোমাৰ মতামতক সন্মান কৰো। ময়ো যদি তোমাৰ দৰে  নিজৰ অধিকাৰৰ বাবে সজাগ হলো হয়। আৰু কি জানা, যেতিয়া মই প্ৰতিবাদ কৰিলো।তেতিয়া বহুত দেৰি হৈ গৈছিল। ৰাধাৰ জন্ম হৈছিল।”
বুলি মাকে নিমিশাক ধৰি চিঞৰি উঠিল।

“মা…কিন্তু আমি ৰাধাৰ লগত বহুত অন্যায় কৰিলো। তাইৰতো একো দোষ নাছিল।কিন্তু তাই ..”
অনুৰাগৰ যেন বহুতো কথা কবলৈ আছে।

“এৰা সচাকৈয়ে ৰাধাক মই কেতিয়াও মনৰ পৰা ভাল পাব নোৱাৰিলো। বহুত চেষ্টা কৰিছিলো।কিন্তু প্ৰতিবাৰেই অনুৰাগৰ দেউতাকে কৰা বিশ্বাসঘাতকটাৰ কথাটো মনলৈ আহিছিল।মই নোৱাৰিলো জীয়াই থাকোতে তাইক মৰম কৰিবলৈ।কিন্তু এতিয়া মোৰ মন গৈছে অনুৰাধাৰ গালত দুটি চুমা আকি দিবলৈ, বুকুৰ মাজত লৈ শুবলৈ।অনুৰাধা, অ  ৰাধা….মোক ক্ষমা কৰি দে। তোৰ এই মা তোৰ ওচৰত  দোষী।পাৰ যদি ক্ষমা কৰিবি আই”

ইটো ৰুমত গৌৰী আৰু ৰাধাই খুব কান্দি আছে।মালতীবায়ে দুয়োজনীকে শুৱাবলৈ যত্ন কৰি আছে।

“নিমিশা… ইহত দুজনীয়ে কিয় ইমান কান্দিছে বাৰু?”
অনুৰাগৰ শহুৰেকে আহি সুধিলে?

“মাকক লাগে । মাইনা দুজনীয়ে মাকক বিচাৰি এনেদৰেই কান্দে। ”

“অনুৰাধা….আমাক ক্ষমা কৰি দে। এই দুজনীৰ কান্দোন আৰু সহ্য নহয়।
তইনো কিয় গুচি গলি?”
অনুৰাগ ৰাধাৰ ফটোখনলৈ চাই কান্দি দিলে।

“অনুৰাগ…ইহতদুজনীকো আমি এডপ্ট কৰাৰ কথা মই কৈছিলো তোমাক।এতিয়া আকৌ কৈছো। বলা…ইহতদুজনীক আমাৰ নাম দি আকোঁৱালি লও”
নিমিশাই অনুৰাগৰ চকুৰ পানী মচি দিলে।

“নিমিশা ভালদৰে ভাৱি চিন্তি সিদ্ধান্ত লোৱা। পিছত তোমাৰ নিজৰ সন্তান হলে যাতে, ইহত দুজনীও অনুৰাধাৰ নিচিনাকৈ এলাগী নহয়।”

নিমিশাই শাহুয়েকক সাবটি ধৰিল।
“কি হল নিমিশা।কিয় কান্দিছা।”
শাহুয়েকে নিমিশাৰ মুখখন মৰমেৰে বুলাই দিলে।

“মা…আপোনালোকে সদায় কৈ থাকে ।মোৰো মন যায়। কিন্তু মই সদায় কও কথাটো এৰাই চলো। কেতিয়াবা কৈছিলো মোৰ পিজি কমপ্লিট হৈ লওক, কেতিয়াবা কৈছো যে ওপৰৰ ফ্লৰতো বনাই লও, কেতিয়াবা কৈছো ৰাধা সুস্থ হৈ লওক।প্ৰতিবাৰেই মই পিছলৈ বুলি এৰি দিছো। অনুৰাগ …এবাৰ যে মোৰ লগত তোমাৰো টেষ্ট কৰাইছিলো, মনত আছেনে? তুমি কেইবাবাৰু ৰিপৰ্ট চাবলৈ বিচাৰিছিলা। মই নিদিলো।কিয় জানানে? ”

“কিয় নিমিশা …কোৱা।”

নিমিশাই একো কব নোৱাৰিলে। মাথো চকুৰে বৈ অহা তপ্তলোতকেৰে অনুৰাগৰ বুকু তিয়াই দিলে।
“চোৱা নিমিশা… মোৰ ধৈৰ্য্যৰ পৰীক্ষা নলবা। প্লিজ স্পীক আপ।”
অনুৰাগৰ কান মুখ ৰঙা পৰি গৈছিল।যেন তাৰ ষস্ঠ ঈন্দ্ৰিয় জাগ্ৰত হৈ উঠিছে।

“চিকিৎসা বিগ্গানৰ মতে তুমি ..”

“কি …মই কি …কোৱা”

অনুৰাগ অধৈৰ্য হৈ পৰিল।

“তোমাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই অ অনুৰাগ”
নিমিশাই অনুৰাগক ধৰি উচপি উঠিল। অনুৰাগ শিল পৰা কপৌৰ দৰে বহি দিলে চকীখনত। মাক দেউতাকে যেন নিজৰ কান দুখনকে বিশ্বাস কৰিব পৰা নাই। অনুৰাগ ৰাধাৰ ফটোখনলৈ চাই ৰল। যেন ৰাধাই হাহি আছে তাৰ ওপৰত। যি অনুৰাগৰ একমাত্ৰ পুত্ৰ হোৱাৰ বাবে সকলোৰে চকুৰ মণি আছিল, যি অনুৰাগ মাক দেউতাকৰ গৌৰব আছিল, সেই অনুৰাগ শাৰিৰীক ভাৱে অক্ষম।

“নিমিশা চোৱা ৰাধাই মোৰ ফালে চাইছে। কি কৈছে জানানে? ৰাধাক যে তাইৰ অধিকাৰৰ পৰা বন্ছিত কৰোৱা হৈছিল, তাইক ৰুবুলৰ লগত যাবলৈ বাধ্য কৰাইছিলো, তাৰে ফৰস্বৰূপে যেন আজি মোৰ….”
অনুৰাগৰ মাত বন্ধ হৈ পৰিল। মাক দেউতাকে তাক সাবটি ধৰিলে। মৌনতা ভংগ কৰি অহা ৰাধা আৰু গৌৰীৰ কান্দোনত সকলোৱে মূৰ তুলি চালে।

“অনুৰাগ লোৱা।ইহত দুজনী তোমাৰ ছোৱালী।আমাৰ ছোৱালী। ইউ আৰ পাৰফেক্ট ফৰ মি। ইউ ৱিল বি এ ভেৰি গুড ফাদাৰ”
অনুৰাগ উঠিল। চকুৰ পানী মচিলে। দুই হাতেৰে গৌৰী আৰু ৰাধাক আকোঁৱালি ললে।
“নিমিশা….”
“কোৱা অনুৰাগ …”
“থেংকছ ফৰ এভৰিথিঙ”
নিমিশায়ো গৌৰী আৰু ৰাধাক সাবটি ধৰিলে।

অনুৰাগৰ মাক দেউতাকো ওচৰলৈ আহিল।

“চাও আমাৰ গৌৰী আৰু ৰাধাক ।”
অনুৰাগৰ মাকে দুয়োজনীকে ললে। দুটি চুমাৰে দুয়োজনীকে উপচাই দিলে।

(সমাপ্তি)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close