সমাজে কি ক’ব ?

মীনাক্ষি দেৱী

১/ আপুনি(পুৰুষ/স্ত্ৰী) সমাজক সাক্ষী কৰি বিবাহপাঁশত আবদ্ধ হ’ল, বৈবাহিক জীৱন সুখে-সন্তোষে চলি থাকিল।সংসাৰ-ধৰ্ম ৰক্ষা কৰিয়েই হওঁক অথবা ভৱিষ্যতৰ স্বাৰ্থতেই ,আপোনালোকে পৰিয়াল পৰিকল্পনা কৰিলে। কিন্তু বিধিৰ বিপাক আপুনি পিতৃ-মাতৃ হোৱাৰ অপাৰ সুখ ভোগ কৰিবলৈ অসমৰ্থ হ’ল। এতিয়া আপোনাৰ বংশ ৰক্ষা কৰিব নোৱাৰা বোজাই কষ্ট দিছে হয় কিন্তু তাতোকৈ বেছিকৈ পুৰি মাৰিছে আন এটা প্ৰশ্নই,সেয়া হ’ল “সমাজে কি ক’ব??। স্ত্ৰীগৰাকীৰ প্ৰতি পৰিয়াল তথা ওচৰ-পাজৰৰ সকলোৰে নতুন বিশেষণেৰে তাচ্ছিল্য আৰম্ভ হ’ল তাই ‘বাজী’। আপোন মানুহবোৰৰ শুভ-কৰ্মত ‘স্ত্ৰী’গৰাকীৰ অন্তৰ্ভুক্তিয়েই যেন প্ৰশ্নবোধক হৈ ৰ’ল, ‘তাই গ’লে অমংগল হ’ব(মন কৰিব আচৰিতভাৱে পুৰুষগৰাকীৰ গাত কিন্তু কোনো দাগ নাই)। আপোনালোক দুয়ো-গৰাকীকেই এই কথাবোৰে দহি দহি শেষ কৰিছে (যি জুইৰ ধোঁৱা কিন্তু কোনেও নেদেখে)। আপোনালোকৰ সৈতে হৈ থকা অন্যায়ৰ বিৰুদ্ধে নিজে প্ৰতিবাদ কৰিব নোৱাৰে,যিহেতু আপোনাক সমৰ্থন কৰিবলৈ কোনো এজনেই সাজু নহ’ব। হয়তো আপোনালোকে ইজনে-সিজনক লৈয়েই জীৱনটো আনন্দেৰে পাৰ কৰিব পাৰিব,কিন্তু আন দহজনৰ বাক্যবানৰ ভয়ত/লাজত দুয়োটা জীৱন দুৰ্বিসহ হৈ পৰিল।

       ২/প্ৰতিগৰাকী পিতৃ-মাতৃৰেই সপোন সন্তানক শিক্ষিত কৰি আন দহজনৰ সন্তানতকৈ সকলো দিশৰপৰা শীৰ্ষত দেখাৰ। কিন্তু প্ৰতিযোগিতাৰ দৌৰত আপোনালোকে পাহৰি যায় ল’ৰা-ছোৱালীৰ মানসিক আৰু শাৰীৰিক শক্তিৰ সীমা। এখন ষ্টেণ্ডাৰ্দ স্কুলত নামভৰ্ত্তিৰপৰা আৰম্ভ কৰি প্ৰতিটো পৰীক্ষাৰ ফলাফললৈ সন্তানৰ ওপৰত যেন আপোনালোকৰ জন্ম দিয়া কষ্টৰ ঋণ পৰিশোধৰ হিচাপ-নিকাচ। কোনোবা বৰুৱা,কলিতা আদিৰ সন্তানতকৈ আপোনাৰ সন্তানে যদি এক নম্বৰো কম পাই তেতিয়া আপোনালোকৰ যেন সন্মান মাটিৰ লগত মিলি যাব। মুঠৰ ওপৰত এটাই প্ৰশ্ন ‘সমাজে কি ক’ব? মানুহেচোন ঠাট্টা কৰিব। কোনে কি ক’ব নভবা হ’লে আপুনি আপোনাৰ সন্তানক লৈ যথেষ্ট সুখীয়েই আছিল…।

     ৩/ আপোনাৰ সন্তানে যেতিয়া প্ৰেমৰ কঠিন অংক বুজি পোৱা হয় আৰু ‘মনৰ মিলনেই প্ৰকৃত মিলন’ বোলা কথাষাৰ উপলব্ধি কৰি জাতি-ধৰ্মক আওঁকাণ কৰি জীৱনসংগীৰ স্থান দিব পৰা কোনোবা এগৰাকীৰ সৈতে সু-সম্পৰ্কত আবদ্ধ হয় আৰু আপোনালোকক মনৰ কথাখিনি বুজাব চেষ্টা কৰে,তেওঁৰ ভৱিষ্যতৰ সুখ-দুখৰ সমভাগী বুলি বিশ্বাস কৰিবপৰা কোনোবা এজনক গ্ৰহণ কৰিবলৈ আপোনাৰ আশীৰ্বাদ বিচাৰে তেতিয়া আপুনি(পিতৃ-মাতৃ) সন্তানৰ সুখতকৈও অধিক মূল্য দিয়ে তথাকথিত আপোন মনুহবোৰৰ পচন্দক। আপুনি এবাৰো নাভাৱে আপোনাৰ সন্তানেও মানসিক যন্ত্ৰণা সহিব নোৱাৰি,আপোনজনক হেৰুওৱাৰ ত্ৰাসত আত্মহত্যাৰ দৰে কষ্টকো সহিব পাৰিব বুলি। আপুনি ভাৱে ‘সমাজে কি ক’ব??’ আপোনাৰ সন্তানৰ জীৱনটোতকৈও যেন প্ৰয়োজনীয় আপোনাৰ চিনাকী দহজনৰ সমালোচনা আৰু বদনামৰ মন্ত্ৰবোৰ।

     ৪/ আপোনাৰ আপোনজনে সুখী হ’ব পৰা পথবোৰ আপুনি বন্ধ কৰি থৈ দিয়ে। তেওঁ সুখী হ’লেই যে আপোনাৰ সুখৰ অন্ত পৰিব তেনে নহয়, তেওঁ সমাজৰ নীতি-নিয়ম উলংঘা (সেই নীতি-নিয়ম যদিওবা ভিত্তিহীন) কৰি যদি সুখী হোৱা যেন বোধ হয় তেন্তে আপোনাৰ এটাই মাত্ৰ প্ৰশ্ন ‘সমাজে কি ক’ব??’।

            সমাজত এনে বহু উদাহৰণ আছে য’ত একোটা জীৱন ধ্বংস হৈ যোৱাৰ আঁৰৰ সত্য যদি উদ্ঘাটন কৰিব যায় তাৰবাবে দায়ী হ’ব কেৱল সমাজ আৰু সমালোচনাক ভয় কৰা আপোনজন।। আত্মীয় তথা ওচৰ-পাজৰৰ তথাকথিত সমালোচক কিছুমানৰ নিকৃষ্ট বাক্যবান আৰু ধ্বংসকামী কিছুমান দিহা-পৰামৰ্শই একো-একোখন ঘৰ শেষ কৰি পেলায়।

         শেষত …..অনেকে অনেক হেৰুৱালে, যিখিনি বাকী আছে তাক সুকলমে ৰখাৰ এটাই মাথোঁ উপায় – সাহসী হওঁক, সন্তানৰ বাবে পিতৃ-মাতৃ আৰু পিতৃ-মাতৃৰ বাবে সন্তানেই জীৱনৰ চৰম লক্ষ্য হওঁক,সমাজ নহয়। ‘সমাজে কি ক’ব’ৰ পৰিৱৰ্তে তেজে তেজে  বৈ পৰক এটাই চিন্তা ” সমাজে যিয়েই নকওঁক আমাৰ আপোনজন আমাৰ দায়িত্ব; আমাৰ সুখ, আমাৰ ভৱিষ্যত, আমাৰ অধিকাৰ, আমাৰ সিদ্ধান্ত”……

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close