সপোন, প্ৰতিশ্ৰুতি আৰু বাস্তৱ ‍‘দুৰ্নীতিমুক্ত অসমৰ সপোন’ পৰ্বতত কাছৰ কণী বিচৰাৰ সাধু? – জিণ্টুমণি বৰ্মন

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক চৰকাৰৰ গঠনৰ সুযোগ দিয়াৰ অন্যতম কাৰণেই হ’ল বিগত সময়ছোৱাত আনুষ্ঠানিকতা লাভ কৰা দুৰ্নীইত-ভ্ৰষ্টাচাৰৰ পৰা মুক্তিৰ আশা। এনেকৈ ক’লেও বঢ়াই কোৱা নহ’ব যে প্ৰত্যক্ষ/পৰোক্ষ চৰকাৰী পৃষ্ঠপোষকতাত প্ৰায় প্ৰতিটো খণ্ডতে ছানি ধৰা অবাধ দুৰ্নীতিৰ প্ৰকোপে এচাম মানুহক একপ্ৰকাৰ সপোন দেখিব নোৱাৰা পৰিস্থিতিলৈ ঠেলি দিছিল। কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে দুৰ্নীতিৰ দোহাই দি ইমান প্ৰবলভাৱে সৰ্বত্ৰে এক জনমত গঠিত হৈছিল যে অসমৰ জনসাধাৰণে কংগ্ৰেছ চৰকাৰখনৰ কাৰ্যকাল শেষ হোৱালৈ বাট চাই একপ্ৰকাৰ ধৈৰ্য হেৰুৱাইছিল আৰু কংগ্ৰছৰ বাহিৰে যিকোনো বিকল্প ৰাজনৈতিক শক্তিৰ হাততে শাসনৰ ক্ষমতা অৰ্পণ কৰিবলৈ সাজু হৈছিল। জাতীয় জীৱনৰ পক্ষে সংশয় কঢ়িয়াবপৰা সম্ভাৱনা বিজেপিৰপৰা প্ৰকট হোৱা স্বত্ত্বেও বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পক্ষে ৰাইজে জনমত দিছিল মিত্ৰজোঁটে ‍‘দুৰ্নীতিৰ বিৰুদ্ধে’ সবল, স্পষ্ট কণ্ঠ এটা লৈ ৰাইজৰ মাজলৈ প্ৰতিশ্ৰুতি লৈ যোৱাৰ বাবে। দুৰ্নীতিবিৰোধী শ্লোগানেৰে আবৃত প্ৰতিশ্ৰুতিবোৰে ৰাইজক সপোন দেখুৱাবলৈ সক্ষম হৈছিল। দুৰ্নীতিৰ বোকা লগা সামগ্ৰিক পৰিৱেশটো এই সপোনবোৰৰপৰা ঠন ধৰি উঠা বাস্তৱৰ বৰষুণজাকে ধুই পেলাই চিকুণ-স্বচ্ছ পৰিৱেশ এটাৰ আশাত উত্ৰাৱল হৈ সপোন দেখিব পাহৰা, হতাশ মানুহজাকে হাঁহিবলৈ শিকাৰ কথা ভাবিছিল। বৰ্তমানৰ চৰকাৰখনৰ প্ৰতিশ্ৰুতিবোৰ, মানুহজাকৰ সপোনমখা বাস্তৱৰ পিনে ঘূৰিবলৈ আৰম্ভ কৰিছেনে সঁচাকৈয়ে? নিৰ্বাচনী প্ৰচাৰৰ উত্তপ্ত বতাহজাকে জন্ম দিয়া সপোনবোৰ মৰহি যাব নিদিবলৈ চৰকাৰখনৰ কাৰ্যকলাপবোৰ যথেষ্ট হৈছে? নিশ্চিতভাৱে চৰকাৰখনে ফু এটা মাৰি দিয়েই সমস্ত দুৰ্নীতি নাশ কৰি দিব নোৱাৰে পলকতে অসমৰ অধিকসংখ্যক অসচেতন ৰাইজৰ ভূমিকাই বা কেনে? তথাপি গুৰি বঠাডাল চৰকাৰেই ধৰিব লাগিব; ৰাইজ হ’ব লাগিব এই শোভাযাত্ৰাৰ অংশগ্ৰহণকাৰী। ৰাইজে আশা কৰা ধৰণে ক্ষিপ্ৰ গতিত নহ’লেও চৰকাৰখনৰ কাৰ্যকলাপৰপৰা কিছু আশাৰ ৰেঙণিও নেদেখা নহয়। বহু দুৰ্নীতিগ্ৰস্ত বিষয়াক বিচাৰৰ মজিয়ালৈ প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ আগভাগ/সহযোগ সেয়া স্পষ্ট কৰে। চৰকাৰখনৰ প্ৰথমখন বাজেটে প্ৰশাসনিক খণ্ডটিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ বজাৰখন উচ্ছেদৰ আগ্ৰহ হিচাপে এম.পি. বেজবৰুৱা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শৱলীৰ কার্যকৰীকৰণৰ বাবে ধন ধাৰ্যকৰণ, আদিয়ে মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰাৰ ইংগিত ক্ষীনকৈ হ’লেও প্ৰদান কৰে। য’ত প্ৰতিটো বিভাগৰ কাম-কাজ নীতিৰ বিপৰীতে দুৰ্নীতিৰ বোকোচাত উঠিয়েই সম্পন্ন হৈছিল বুলি প্ৰতিষ্ঠিত হৈছে, তাৰ পৰিপ্ৰেক্ষিতত কেৱল মাত্ৰ দুই-এজন দুৰ্নীতিৰ কাণ্ডাৰীক শাস্তিৰ সন্মুখীন কৰোৱা বা দুই-এটা দুৰ্নীতিৰ সুযোগ দিয়া ব্যৱহাৰ সাল-সলনিকে যদি ‍‘জিৰ’টলাৰেন্স ফ’ৰ কৰাপচন’ বুলি ৰাইজৰ আগত কেছেটখন বজায়েই তখা হয় তেন্তে এই দুটা-এটা কার্যকো গিমিক বুলি নকৈ নোৱাৰি। ৰাইজে কেৱল বৰ্তমানৰ চৰকাৰখনে নিজেই দুৰ্নীতি নকৰাকৈ থকাটোৱেই নিবিচাৰে, পূৰ্বৰ দুৰ্নীতিকাৰীক যথাযোগ্য শাস্তি দিয়াটোও বিচাৰে। ৰাইজ তথা চৰকাৰৰ অংশীদাৰসকল প্ৰত্যেকেই নিজেই সাক্ষী দুৰ্নীতি ক’ত, কিদৰে হৈছিল, কোনে কৰিছিল, চৰকাৰখনে ক্ষমতা পাইছে তাৰ পৰিপ্ৰেক্ষিতত দুৰ্নীইতৰ বোকাবোৰ ৰাইজে আশা কৰা ধৰণে আঁতৰ হ’ব লাগে, হৈছেনে? চৰকাৰখনৰ বহু অংশীদাৰে পূৰ্বৰ দুৰ্নীতিৰ পৰিসৰ ঘটোৱা প্ৰক্ৰিয়াৰ মাজেৰেই কাৰ্যকলাপ চলোৱা তথা ক্ষমতাৰ অপব্যৱহাৰেৰে দুৰ্নীতিত হাত উজান দিয়া কাৰ্যকলাপ আদি নিশ্চিতভাৱে ৰাইজৰ বাস্তৱ হ’ব বুলি আশা কৰা সপোনজাকে মোহাৰি পেলোৱা বাবে যথেষ্ট।

পৰ্বতত কাছৰ কণী পোৱাটো নিশ্চয় দুৰ্লভ ঘটনা। কাছই পৰ্বতৰ ওপৰলৈ কণী পাৰিব নাযায়। দুৰ্নীতি মুক্ত অসমক কিয়বা পৰ্বতৰ কাছৰ কণী বোলা হ’ব? নাভাবিব আমি চৰকাৰৰ দুৰ্নীতিবিৰোধী কাৰ্যকলাপক বা দুৰ্নীতিৰ বিৰোধী শিবিৰত অৱস্থান কৰা জনমতক উপেক্ষা কৰিছো কিম্বা আমি নিৰাশবাদী। আশাৰ ওপৰত নিৰ্ভৰ কৰিয়েইটো মানুহে বৰ্তমানোত্তৰ সময়লৈ খোজবোৰ পোনাই আছে অবিৰতভাৱে। ৰাজনৈতিকভাৱে বিভ্ৰান্তিত পৰি হ’লেও অদূৰদৰ্শী সামাজিক নেতৃত্বৰ পাল্লাত পৰি হ’লেও অসমৰ জনসাধাৰণে দুৰ্নীতি, ব্যভিচাৰৰ অৱসানেৰে ‍‘ভাল দিন’ৰ আশাত বন্দী। জোৰ পুৰি হাত পোৱা বুলি নকওঁ। হাত পোৰাহে কেতিয়াবাই আৰম্ভ কৰিছে। আটাইতকৈ মাৰাত্মক দিশ এয়াই যে আনুষ্ঠানিকতা লাভৰ সমান্তৰালভাৱে দুৰ্নীতি আমাৰ সামাজিক চৰিত্ৰৰেই এক অংশ হৈ পৰিছে। নীতিৰ বিপৰীতে দুৰ্নীতিৰ হাত উজান দিয়া মানসিকতা গঢ় লৈ উঠি এনেকুৱা এক পৰ্যায়ত আমাৰ সামাজিক প্ৰেক্ষাপট উপনীত হৈছে যে নীতিত অচল মানুহৰ সামাজিক মূল্য হ্ৰাসৰ তীব্ৰতাই চৰম সীমা পাইছেগৈ। দুৰ্নীতি কৰিবলৈ মংগল গ্ৰহ বা চন্দ্ৰৰপৰা কোনো নাহে, আমিয়েই সেইসকল।

দুৰ্নীতিমুক্ত অসমৰ সপোনক পৰ্বতত কাছৰ কণী বিচৰাৰ সাধু বোলাৰ কাৰণো আমিয়েই। প্ৰথমতে, আজিৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ (?)ৰ সংসদীয় ৰাজনীতি সম্পূৰ্ণভাৱে ক্ষমতাকেন্দ্ৰিক, মূল্যবোধৰ বৃত্তৰ বাহিৰত। নিৰ্বাচনবোৰ গণতন্ত্ৰৰ উৎসৱৰ পৰিৱৰ্তে হৈ পৰিছে ধনৰ উৎসৱ। ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰকোপত মূল্যবোধৰ ৰাজনীতি জনসাধাৰণৰ ওচৰলৈ যোৱাটোৱেই অসম্ভৱ হৈ পৰিছে। ৰাইজৰ ৰাজনৈতিক অসচেতনতাই এই ক্ষমতাৰ বাবে হোৱা ৰাজনীতিক অধিক উৎসাহ দিয়ে। এই প্ৰৱণতা কোনোকাৰণতেই, কোনোকালে হ্ৰাস পোৱাৰ সংকেট আজিৰ পৰিস্থিতিয়ে নেদেখুৱায়, দেখুৱাব নোৱাৰে। দ্বিতীয়তে, বিশ্বায়নৰ বতাহজাকে মানুহে তলকিব নোৱাৰাকৈয়ে ‍‘সফল মানুহ’ বা ‍‘ভাল মানুহ’ৰ সংজ্ঞা সলনি কৰিলে। আজিৰ উত্তৰাধুনিক মানুহৰ বাবে জৰুৰী কেৱল সম্পত্তিৰ তালিকাৰ শীর্ষত অৱস্থানেৰে ‍‘সফল/ভাল মানুহ’ হোৱাৰ। টকা নোখোৱা মন্ত্ৰী, বিষয়া-কৰ্মচাৰী আজিৰ মানুহৰ ভাষাত একপ্ৰকাৰ ‍‘ধোদ’। গিৰীয়েকে অফিচত বাহিৰা পইচা কমকৈ গোটালেও ঘৈণীয়েকে ঘৰত গালি দিয়া পৰিৱেশ এটাৰ জন্ম হ’ল। বিগত চৰকাৰখনে দুৰ্নীতিক চীল-মোহৰ মাৰি দিয়া আনুষ্ঠানিকতাই মানুহৰ ভয়-ভীত কাহানিবাই হৰিলে। সম্পত্তি প্ৰাপ্তিৰ পথটো কাৰো বাবেই জৰুৰী নহয়। কোনেনো বাৰু নিৰ্বাচনৰ সময়ত কাৰোবাৰ হৈ জিন্দাবাদ-মুৰ্দাবাদ ধ্বনি দিব যাব যদিহে পৰৱৰ্তী সময়ত আনতকৈ কিছু হ’লেও বেছিকৈ চৰকাৰী সা-সুবিধা লাভৰ আশা নাৰাখে। নিৰ্বাচনত ঠিকাদাৰৰ পৰা টকা লৈ ইলেকটন জিকাৰ অৰ্থই পৰৱৰ্তী সময়ত আহিব লগা ঠিকাৰ কামকেইটা যিকোনো উপায়ে লাগিলে দুৰ্নীতিৰে হ’লে প্ৰদান কৰাৰ নিশচ্য়তা দিয়া নহয় জানো?

জনসাধাৰণ আৰু এই তথাকথিত চোৰ পলাব পৰা ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোৱেই এই দুৰ্নীতিৰ ঘাই কাৰণ। অসম্ভৱ বুলিও একো নাই। যেতিয়া ৰাইজ সজাগ হ’ব, দুৰ্নীতি নিজেও নকৰাৰ, আনকো কৰিব নিদিয়াৰ মানসিকতাৰে খোজ দিব তেতিয়াই দুৰ্নীতিৰ পোখা মেলাত বাধা আহিব। বিষয়া-কৰ্মচাৰীক টকা দি আ-তকৈ নিজৰ কামটো সোনকালে কৰাৰ মানসিকতাবোৰ ডুব নোযোৱালৈকেয়ে দুৰ্নীতি আমাৰ আপ্যায়িত আলহী। এমুঠিমান সৎ বিষয়া-মন্ত্ৰীৰ কাৰ্যকলাপ, কোনো দুৰ্নীতিবিৰোধী আইনে দুৰ্নীতিমুক্ত অসম হাজিৰ হ’বনে নহয় তাৰ নিশ্চয়তা দিব নোৱাৰে। জীয়া বাস্তৱ এয়াই যে ৰাইজে আঙুলি যিফালে টোৱাব সেইফালেই সপোনবোৰেও গতি কৰিব। দুৰ্নীতিমুক্ত অসমৰ সপেন পৰ্বতত কাছৰ কণী বিচৰাৰ সাধু নহয় বুলি সদম্ভে ক’ব পাৰিব একমাত্ৰ জনসাধাৰণৰ মানসিকতা কোনপিনে আগ্ৰহী তাৰ প্ৰতিচ্ছবিয়েহে। কিন্তু বাস্তৱৰ ছবিখন এয়াই যে এমুঠিমান লোকৰ বাবে প্ৰায়ভাগেই দুৰ্নীতিৰ বোকোচাত উঠিয়েই দৈনিন্দন জীৱন যাত্ৰা পাৰ কৰাৰ পক্ষত কাৰণ তেওঁলোকৰ মানসিকতাই গঢ়ি উঠিছে যে উন্নতিৰ চমু বাট দুৰ্নীতি। এই প্ৰেক্ষাপটতে দুৰ্নীতি হৈ পৰিছে এটা সোঁচৰা ৰোগ অৰ্থাৎ দেখাক দেখিও আজি মানুহে দুৰ্নীতি কৰিছে, কৰিবলৈ বাধ্য হৈছে।

তথাপিও আশাৰ মূলধন এয়াই যে—‍‍‘‘ৰাইজেই ভাঙে ৰাইজেই পাতে।’’ ৰাইজৰ মানসিকতা যিপিনে দুৰ্নীতিমুক্ত অসমৰ সপোনৰ গতিও সিপিনে।

Related Articles

Close