সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ সন্দেহত ১৩০০০ মুছলমানক গ্ৰেপ্তাৰ চীন দেশত

মহাবাহু

বেইজিং, ২১ মাৰ্চ : সন্ত্ৰাসবাদী কাৰ্য-কলাপত জড়িত হৈ থকাৰ অভিযোগত ২০১৪ চনৰপৰা এতিয়ালৈ চীনত ১৩০০০ মুছলমানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চীনৰ চৰকাৰী শ্বেতপত্ৰত ১৮ মাৰ্চ তাৰিখে প্ৰকাশ কৰা হৈছে। মূলতঃ জিনজিয়াং প্ৰদেশৰ অন্তৰ্ভুক্ত উইঘুৰ মুছলমান সম্প্ৰদায়ৰ মাজৰপৰাই এই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে। আনহাতে আকৌ, ৰাষ্ট্ৰসংঘৰ হিচাপ মতে চীনৰ কাৰাগাৰসমূহত উইঘুৰ আৰু অইন মুছলমান সম্প্ৰদায়ৰ ১০,০০,০০০-ৰো অধিক মানুহক বন্দী কৰি ৰখা হৈছে বুলি প্ৰকাশ হৈছে। চীনৰ বিৰুদ্ধে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্যাতনৰ অভিযোগ আনিছে পাশ্চাত্য আৰু মুছলমান বিশ্বৰ বহু দেশে।

চীনে কৈছে যে সন্ত্ৰাসবাদক প্ৰতিহত কৰাৰ বাবেই এনে ধৰণৰ কাৰাগাৰসমূহত বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হয়। শ্বেতপত্ৰখনত চীনৰ কর্তৃপক্ষই কৈছে যে ২০১৪ চনৰপৰাই জিনজিয়াঙত সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰাৰ বাবে ১৫৫৮টা অভিযান চলাই ১২৯৯৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। তদুপৰি ২০৫২টা বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ উপৰি ৪৮৫৮টা নিষিদ্ধ ধৰ্মীয় কাৰ্য-কলাপৰ বাবে ৩০৬৪৫ জনক শাস্তি দিয়া হৈছে। একেলগে ৩৪৫২২৯ বিধ নিষিদ্ধ ধৰ্মীয় সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে। শ্বেতপত্ৰত উল্লেখ কৰা হৈছে যে কেৱল কিছুসংখ্যকক কঠোৰ শাস্তি দিয়া হৈছে—যিসকলে চৰমপন্থী কাৰ্য-কলাপত ব্যস্ত হৈছিল। চীনৰ এই শ্বেতপত্ৰক ‍‘ৱর্ল্ড উইঘুৰ কংগ্ৰেছ’-এ তীব্ৰ নিন্দা কৰি কৈছে যে সন্ত্ৰাস দমনৰ নামত প্ৰকৃততে চীনে উইঘুৰৰ ওপৰত প্ৰচণ্ড নিৰ্যাতন আৰু দমন চলাইছে।

Related Articles

Check Also

Close
Close