সত্ৰনগৰী মাজুলীৰ ৰাসোৎসৱ

গৌতম শৰ্মা

ৰাস শব্দৰ মূল হৈছে ৰস; নৱৰসৰ সমাৱেশেই হৈছে ৰাস। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্বয়ং ভগৱান তথা পৰম ব্ৰহ্ম হৈছে ইয়াৰ মূল উৎস। ভাগৱত গীতাত উল্লেখ থকা মতে, শাৰদীয় পূৰ্ণিমাত ৰাসোৎসৱ উদযাপন কৰা হয়। অৱশ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আঘোণী পূৰ্ণিমাতহে ৰাসোৎসৱ উদযাপন কৰা হয়। মূলতঃ গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমলীলাৰ যোগেদি জীৱাত্মাক পৰমাত্মালৈ, জাগতিক সুখানুভূতিক আধ্যাত্মিকতালৈ, কাম প্ৰবৃত্তিক কলাৰ শাৰীলৈ উন্নীত কৰি দেখুওৱাৰ প্ৰয়াসেই হৈছে ৰাসোৎসৱৰ তাত্ত্বিক অৰ্থ। য’ত পূৰ্ণকাম, ভক্তবৎসল, আত্মাৰাম ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক জীৱন্ত, উপভোগ্য ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰা হয়। ৰাসোৎসৱ বুলি ক’লেই আমাৰ প্ৰথম মনলৈ অহা ঠাইখন হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নদী দ্বীপ মাজুলী। সত্ৰনগৰী মাজুলীৰ ধৰ্মীয় আৰু সাংস্কৃতিক এই দুয়ো দিশতে প্ৰতিনিধিত্ব কৰা এক বৃহৎ উৎসৱ হৈছে ৰাস। যিটো উৎসৱত মাজুলীত বাস কৰা ভিন্ন জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ লোকসকলে উবুৰিখাই পৰি ইয়াক সাফল্যমণ্ডিত ৰূপত উদযাপন কৰি আহিছে। প্ৰকৃতাৰ্থত মাজুলী হৈছে অসম তথা উত্তৰ-পূবৰ ৰাসোৎসৱৰ সৰ্বপ্ৰথম জন্মস্থান। সেয়েহে মাজুলীক বাদ দি আমি ৰাস উৎসৱ উদযাপন আৰু উপভোগৰ কথা ভাবিবই নোৱাৰোঁ। মাজুলীৰ সত্ৰসমূহত বৈদিক ক্ৰিয়া আৰু নাট্যধৰ্মী শৈলীৰে ৰাসোৎসৱ পালন কৰা হয়। আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী আদি ঐতিহাসিক সত্ৰসমূহত ৰাসপূজাৰ সমান্তৰালকৈ অন্যান্য মাজুলীৰ সৰহভাগ সত্ৰত কেৱল অভিনয় ৰাসৰ ওপৰতহে গুৰুত্ব দি অহা হৈ আহিছে।  ৰাসোৎসৱ উপলক্ষে সত্ৰসমূহত দিনৰ ভাগত নাম প্ৰসংগৰ আয়োজন হোৱাটোও পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে, সত্ৰভেদে মাজুলীত উদযাপিত ৰাসোৎসৱৰ কেতবোৰ বিশেষ বৈশিষ্ট্যও চকুত নপৰা হয়। দক্ষিণপাট সত্ৰত তিনিটা বিশেষ ভাগেৰে এই উৎসৱক তিনিদিনীয়াকৈ পালন কৰা হয়। তিনিদিনীয়াকৈ উদযাপিত ৰাসোৎসৱৰ প্ৰথম দিনটোক অধিবাস হিচাপে জনা যায়। উক্ত দিনা ৰাসপূজাৰ বাবে মণ্ডপ তৈয়াৰ কৰোৱাৰ লগতে মণ্ডপত কৰিবলগীয়া পূজাৰ আগতীয়া প্ৰস্তুতি পৰ্বসমূহ চলে। দক্ষিণপাট, কুৰুৱাবাহী, আউনীআটী, গড়মূৰ আদি বৰসত্ৰসমূহত ৰাসপূজাৰ উপলক্ষে নামঘৰসমূহ সজোৱা হয়। বিশেষকৈ কলপুলি ৰুই ভিন্নৰঙী কাপোৰেৰে মেৰিয়াই চন্দ্ৰতাপ, চোঁচৰ, আমপাত, ফুলৰ মালা আঁৰি মণ্ডপসমূহ সুসজ্জিত কৰা হয়। দক্ষিণপাট সত্ৰত সজোৱা এই মণ্ডপক বৃন্দাবন পূজা মণ্ডপ বুলি কোৱা হয়। কিয়নো দক্ষিণপাট সত্ৰখনৰ ৰাসপূজাৰ বিশেষ মূৰ্তি হ’ল বৃন্দাবনচন্দ্ৰ। ইয়াত পূজা মণ্ডপৰ চাৰিওফালে চাৰিদ্বাৰ থাকে; প্ৰত্যেকখনতে আৰতি চাকি থকাটো পৰিলক্ষিত হয়। প্ৰত্যেকতেই এখন এখন থালত অতি কমেও পঁচিছ গছমানকৈ চাকি সজোৱা হয়। প্ৰথম দিনা অৰ্থাৎ অধিবাসৰ দিনৰ প্ৰস্তাৱনাতে গায়ন-বায়ন, ওজাসকলে সক্ৰিয় অংশগ্ৰহণ কৰে। প্ৰস্তাৱনাৰ গীতত নাৰদে অমৃত সাগৰত ডুব মাৰি কেনেকৈ শিৱৰ অনুগ্ৰহত ৰাসোৎসৱ দেখিবলৈ পাইছিল তাৰে বৰ্ণনা পোৱা যায়। ৰাধাৰ ইতিবৃত্ত বৰ্ণিত ৰাসোৎসৱৰ এই প্ৰথম দিনটোত বৃন্দাবনচন্দ্ৰ, মণ্ডপৰ দ্বাৰপাল আৰু ভিতৰৰ মূৰ্তিসমূহক আৰতি কৰা হয়।
ৰাসোৎসৱৰ দ্বিতীয় দিনটো মূল ৰাসৰ দিনা দক্ষিণপাট সত্ৰত পুৱা ভগৱান বৃন্দাবনচন্দ্ৰক মণ্ডপলৈ উলিয়াই অনা হয়। অন্যহাতেদি আউনীআটী, গড়মূৰ আদি সত্ৰসমূহত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিকহে সন্ধিয়া উলিয়াই আনি পূজা কৰা হয়। উক্ত দিনা বৃন্দাবনচন্দ্ৰৰ পূজাৰ উপৰিও শ্ৰীকৃষ্ণৰ অৰ্জুনভঞ্জন, শকতভঞ্জন, পুতলা শোষণ আদি নাটত সন্নিৱিষ্ট ভক্ত পৰিষদকো পূজা কৰা হয়। পুৱাৰে পৰা মহাপূজাৰ লগতে এই সত্ৰসমূহত গীতাপাঠ, গোপাল নাম আৰু পূজা চলি থকাৰ সময়তেই ৰাসাভিনয় আৰম্ভ হয়। উক্ত দিনা এই অভিনয় দক্ষিণপাট সত্ৰত অৰিষ্টাসুৰ বধ পৰ্যন্ত অভিনীত হয়। অন্যহাতেদি আউনীআটী সত্ৰত কৃষ্ণৰদ্বাৰা মহাৰাসৰ সামৰণিৰ লগে লগে দ্বিতীয় দিনৰ ৰাসলীলা অন্ত পৰে। ৰাসাভিনয়ৰ ক্ষেত্ৰত গড়মূৰ সত্ৰত মঞ্চাভিনয়য যোগেদি এই উৎসৱ উদযাপন হোৱাটো চকুত পৰে। বেঙেনাআটী সত্ৰত আকৌ ৰাস উৎসৱৰ মূল তিথিৰ দিনা গোবিন্দ মূৰ্তিক স্নান কৰাই পূজা কৰাৰ নিয়ম আছে বুলি জানিব পৰা গৈছে। ৰাসোৎসৱৰ তৃতীয় দিনটোক ইন্দ্ৰাভিষেক নামেৰে জনা যায়। ৰাসোৎসৱত বৰ্ণিত কাহিনী মতে, ব্ৰজধামত কৃষ্ণলীলা চলি থাকোতে গৰ্বিত ইন্দ্ৰৰ দৰ্পচূৰ্ণ কৰিবলৈ কৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰি গোকুলবাসীক তাৰ তললৈ আনি ইন্দ্ৰৰ ত্ৰাসৰ পৰা ৰক্ষা কৰিছিল। এই কাহিনীৰ আলমতেই দক্ষিণপাট সত্ৰত উদযাপিত ৰাসোৎসৱৰ এই বিশেষ দিনটোক ইন্দাভিষেক নামেৰে নামকৰণ কৰা হয়।
সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলীত উদযাপিত ৰাসোৎসৱৰ যথেষ্ট গুৰুত্ব আছে। এই উৎসৱে এফালে যেনেকৈ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিক সমন্বিত ৰূপত প্ৰতিনিধিত্ব কৰিছে অন্যফালেদি তেনেকৈ মাজুলীবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ সাঁকো হিচাপে থিয় দি আহিছে। মাজুলীৰ বহু সত্ৰত আজি জনজাতীয় লোকসকলে ওতপ্ৰোতভাবে জড়িত হৈ ৰাসোৎসৱৰ উদযাপনৰ উদাহৰণসমূহো পোৱা গৈছে। যিটো দিশে মিলাপ্ৰীতি আৰু সমন্বয়ৰ কথাকে আমাক কয়। মাজুলীৰ ৰাসোৎসৱৰ অন্য এটি প্ৰধান ইতিবাচক দিশ হ’ল এই উৎসৱে মাজুলীৰ মুখাশিল্পক জীয়াই ৰখোৱাত বিশেষভাৱে সহায় কৰি আহিছে। গুৰুজনাৰ অনুপম সৃষ্টি এই শিল্পক মাজুলীৰ আজি বহুকেইখন সত্ৰই জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে; য’ত মাজুলীবাসীৰ অর্থনৈতিক দিশটোও সংপৃক্ত হৈ আছে। প্ৰসংগক্ৰমে উল্লেখ কৰোঁ যে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পই আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মাজুলীত উদযাপিত ৰাসোৎসৱৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ হৈছে মাজুলীক পৰ্যটনথলী হিচাপে গঢ় দিয়াত ই এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। যদিও বহু প্ৰতিকূলতা, প্ৰত্যাহ্বানেৰে মাজুলীখন বেৰি আছে তথাপিও যেন ৰাস বুলি ক’লেই দহোবন কাটি কৰি ৰাজ্যখনৰ লগতে দেশ-বিদেশৰো বিভিন্ন লোকে ৰাস চাবলৈ আহি মাজুলী ভিৰ কৰেহি।
 সি যি কি নহওক, সমস্যাজর্জৰ মাজুলীক সম্ভাৱনাময় ক্ষেত্ৰৰূপে গঢ়ি তোলাত মাজুলীত প্ৰতিবছৰে অতি উলহ মালহেৰে উদযাপিত হৈ অহা এই ৰাসোৎসৱৰ এক ভূমিকা আছে। ইয়াক সুস্থৰূপত প্ৰতিনিধিত্ব কৰি আমি যদি বিশ্ববাসীৰ আগত প্ৰতিষ্ঠাপিত কৰিবলৈ আৰু বহু বলিষ্ঠ প্ৰয়াস কৰোঁ তেন্তে আমি যথেষ্ট লাভৱান হ’ম বুলি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ। মাজুলীৰ সৰ্বোন্নতি হওক মাজুলীৰ ৰাসোৎসৱে বিশ্ববাসীৰ হৃদয় জিনক ইয়াকে শেষত আমি কামনা কৰিছোঁ ।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!