সত্যাগ্ৰহ এপাট অস্ত্ৰ নহয়-(২)

সুৰেন্দ্ৰ নাথ মেধি

পৃথিৱীৰ ইতিহাসত শান্তিপ্ৰিয় অহিসা আন্দোলন সফল হোৱাৰ কোনো উদাহৰণ নাই। ভোটাৰ তালিকাৰপৰা বিদেশী নাগৰিকৰ নাম বাদ দিয়াৰ এই আন্দোলন আৰম্ভ হোৱাৰ আগে আগে যিসকল ছাত্ৰই আমাক এই বিষয়ে সুধিছিল তেওঁলোকক আমি কৈছিলো যে গণ-সত্যাগ্ৰহ এটা অস্ত্ৰ নহয়, অৰ্থনৈতিক হেঁচা এটা অস্ত্ৰ (তেলৰ কথা আমি অৱশ্যে কোৱা নাছিলো, সেইটো কথা আমাৰ মূৰলৈ অহা নাছিল), আদালত এটা অস্ত্ৰ। অন্য কোনো জাতিয়ে এটা বিৰাট জনশক্তি (মেনপাৱাৰ) এনেকৈ শ্ল’গান দি শোভাযাত্ৰা কৰি অপচয় হ’ব নিদিলেহেঁতেন—তেওঁলোকে গৈ হয়তো নিৰ্বাচনী অফিচটোকে উৰাই দিলেহেঁতেন, বচ, নিৰ্বাচন বন্ধ। জজফিল্ডত শ্ল’গান দি থকা সহজ, বাহিৰৰ নেতাই ‘‘অসমীয়া মানুহবোৰ ইমান শৃংখলাবদ্ধ, ইমান শান্তিপূৰ্ণ’’ বুলি আমাক বাহ্-বা দিয়াটো সস্তা, আমাৰ দাবী সংবিধানসন্মত; ন্যায়সংগত বুলি যুক্তি দি থকাটো মামুলি—কিন্তু এইবোৰলৈ কোনে পৰোৱা কৰে, চৰকাৰে নিৰ্বাচন পাতিব খুজিলে পাতিবই! আমি ছাত্ৰসকলক কৈছিলো যে সকলো জানি-বুজিও চৰকাৰে নিৰ্বাচন পাতিবলৈ বদ্ধ-পৰিকৰ হৈছে, জজফিল্ডত সংবিধানৰ যুক্তি দিলে চৰকাৰ নিৰস্ত্ৰ হ’ব বুলি ভবাটো অলীক। এইটো প্ৰেমিক-প্ৰেমিকাৰ মান-অভিমানৰ খেলা নহয় যে আমি ৰোহ পাতি ৰাস্তাত ধৰ্ণা দি বহি থাকিলে চৰকাৰে গজাল লগোৱা বুটেৰে আমাৰ বুকুত গচকি পাৰ হৈ নাযাব, আমি তেওঁলোকক ‘‘তুমি ইমান অন্যায় কৰিব ধৰিছা’’ বুলি ক’লে তেওঁলোকে ‘‘অ, হয়তো, আমাৰেই ভুল হৈছে, বেয়া নেপাবা দেই, এনেকুৱা নকৰো আৰু’’ বুলি নিৰ্বাচন বন্ধ কৰি দিব (বা বিদেশী নাগৰিক বিচাৰি উলিয়াই অসমৰপৰা বাহিৰ কৰি দিব)। ভোটত জিকি থাকিবৰ বাবে আৰু অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীবোৰক নিশকতীয়া কৰি ৰাখিবৰ বাবেই পূৰ্ববংগৰ মানুহ আজি ইমানবছৰ ধৰি আমদানি কৰি থকা হৈছে, আমি আব্দাৰ ধৰিলেই চৰকাৰে পূৰ্ববংগীয় খেদি নিদিয়ে, সিহঁতৰ ভোটাধিকাৰো ৰদ কৰি নিদিয়ে, চৰকাৰ বুৰ্বক নহয়। এই পিকেটিং, ঘেৰাও, সত্যাগ্ৰহ—এইবোৰ চৰকাৰে তেতিয়ালৈকে সহ্য কৰি যাব, যেতিয়ালৈকে চৰকাৰৰ স্বাৰ্থ গুৰুতৰৰূপে বিপদাপন্ন নহয়—তাৰ পাছত দমননীতি প্ৰয়োগ কৰিব (কৰিবই)—৫২৬ জনীয়া সংসদত অসমৰ মাত্ৰ ১৪ জন এম. পি. অৱশ্যে ধৰ্তব্যই নহয়, কিন্তু চৰকাৰী ন্যস্ত স্বাৰ্থৰ লগত জড়িত আছিল নগাঁও আৰু বৰপেটা সমষ্টিৰ দুজন প্ৰাৰ্থী, তেওঁলোকক মনোনয়ন-পত্ৰ দিয়াবলৈ চৰকাৰে যুক্তি-কৰণ-সহনশীলতা লথিয়াই দি কাৰ্ফিউ, চি.আৰ.পি., পুলিচ-মিলিটাৰী প্ৰয়োগ কৰিবলৈ কোনো দ্বিধাই নকৰিলে, যদিয়ো অৱশ্যে নগাঁৱত জনতাই কাৰ্ফিউ ভাঙি দিলে আৰু বৰপেটাত মনোনয়ন-পত্ৰৰ ত্ৰুটিৰ ফলত নিৰ্বাচন স্থগিত থাকিল। কিন্তু বৰপেটা সমষ্টিত গুৱাহাটীৰপৰা বৰপেটালৈকে মানুহ-দুনুহ লথিয়াই-কোবাই হাড়-মূৰ ভাঙি, এনেকি এজন ছাত্ৰক হত্যা কৰি হ’লেও মনোনয়ন-পত্ৰ দাখিল কৰাইহে এৰিলে (কাছাৰৰ দুটা সমষ্টিততো জজফিল্ডৰ শ্ল’গান আৰু বাতৰি-কাকতৰ যুক্তিগধুৰ বিবৃতিয়ে গৈ স্পৰ্শই নকৰিলে)। অৰ্থাৎ, আমি সত্যাগ্ৰহ কৰি থাকিলো, মাৰ-ধৰ খাই থাকিলো, কলিকতীয়া কাগজ আৰু নিখিল ভাৰতীয় ৰেডিঅ’ৰ অপপ্ৰচাৰ সহ্য কৰি থাকিলো, কিন্তু চৰকাৰ আৰু বিৰোধী পক্ষ যুক্তি-সংবিধান গান্ধীবাদৰ ধাৰে-কাষেও নগ’ল।

আমি ছাত্ৰসকলক আৰু কৈছিলো যে ৰক্তহীন অসমীয়া মানুহৰ ঠাইত অন্য জাতিয়ে এনে পৰিস্থিতিত যি কৰিলেহেঁতেন সেয়া দুইৰকমৰ : (এক) চৈধ্যটা সমষ্টিত চৈধ্যটা কমাণ্ডো’ বা গৰিলা দলে নিৰ্বাচনী অফিচ উৰাই দিলেহেঁতেন, পলিং-বুথ জ্বলাই দিলেহেঁতেন, নিৰ্বাচন প্ৰাৰ্থী অপহৰণ কৰি বন্ধ কৰি ৰাখিলেহেঁতেন বা জখম কৰি পেলাই ৰাখিলেহেঁতেন, ইত্যাদি, অৰ্থাৎ সম্পূৰ্ণ হিংসাত্মক প্ৰতিৰোধ। গাঁৱে-ভূঁয়ে হাইৱে’ৰ মোৰে মোৰে অহিংস সত্যাগ্ৰহ বুলি মাৰ-ধৰ খাই খাই পৰি নাথাকিলহেঁতেন, কাৰণ তেওঁলোকে বুজিলেহেঁতেন যে শ্ল’গানে চৰকাৰক নটলায়; বিবৃতি আৰু বক্তৃতা শুনি আৰু স্মাৰক পত্ৰ পঢ়ি চৰকাৰে কাম নকৰে। (তেওঁলোকৰ ত্যাগ আৰু নিৰ্ভীকতা সকলো জাতিৰে শ্ৰদ্ধাৰ বস্তু, কিন্তু তেওঁলোকৰ বিশ্বাস অন্য জাতিৰ বিশ্বাস নহয়।) (দুই) তেওঁলোকে সংসদত বা আদালতৰ সাহায্য ল’লেহেঁতেন (অৱশ্যে সংসদ তেতিয়া নাই, কিন্তু থকালৈকে সংসদ অচলাৱস্থা সৃষ্টি কৰি পেলাব পাৰি যাতে চৰকাৰে কিবা কৰিবলৈ বাধ্য হয়)। এই নিৰ্বাচন অবৈধ আৰু সংবিধান বিৰোধী বুলি অকল বিবৃতি দি থাকি কোনো লাভ নাই, কাৰণ সেইবোৰ বিবৃতি ‘‘সৰ্বভাৰতীয়’’ কাকতে প্ৰকাশ নকৰে, চৰকাৰী অনাতাঁৰে প্ৰচাৰ নকৰে, চৰকাৰে গ্ৰাহ্য নকৰে। যদি সঁচাকৈয়ে ই অবৈধ আৰু অসাংবিধানিক, তেন্তে তাক ৰোধ কৰাৰ ৰাস্তা হ’ল মোকৰ্দমা, যুক্তি-তৰ্কৰ স্থান আদালত, আৰু এই মৰ্মে দুই-এখন চিঠিও সেই সময়ত কাকতত প্ৰকাশ হৈছিল, কিন্তু কোনেও ন্যায়ালয়ত নিৰ্বাচনী আয়োগৰ নিৰ্বাচন-সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গোচৰ নতৰিলে, ‘‘অহিংস সত্যাগ্ৰহ’’ৰ ‘‘অভূতপূৰ্ব গণ-জাগৰণ’’ৰ আত্মপ্ৰসাদৰ ঢৌত সেইবোৰ চিন্তা ভাহি গ’ল, সেইটো জজফিল্ডতেই ৰৈ গ’ল, তাৰ নিচেই ওচৰৰ আদালত সকলোৰে উপেক্ষিত হৈ থিয় দি থাকিল। এই মৰ্মে আমি যি চিঠি কাকতলৈ লিখিছিলো—আৰু লগতে কাছাৰতো নিৰ্বাচন-বিৰোধী প্ৰচাৰ চলোৱাত জৰুৰী গুৰুত্ব আৰোপ কৰি—সেই চিঠি আমি প্ৰকাশ কৰাব নোৱাৰিলো (তাৰ কাৰণ হয়তো এয়ে যে আমি পঞ্চমুখ হৈ ‘‘অহিংস গণ-সত্যাগ্ৰহ’’—পদ্ধতিৰ জয়গান কৰা নাছিলো)। অৱশ্যে, প্ৰশ্ন উঠিব যে এয়ে যদি আমাৰ অভিমত আছিল, আমিয়েই তেনেহ’লে ন্যায়ালয়ত গোচৰ নতৰিলো কিয়? উত্তৰত মাথোঁ ইয়াকেই ক’ব পাৰো যে আমি মোকৰ্দমা ৰুজু কৰিবলৈ উদ্যত হৈছিলো, কিন্তু পি, এল’ পিয়ে আমাক এই কামত নিৰস্ত্ৰ কৰালে, আৰু অন্যান্য লেঠাৰ চাপত সময়মতে আদালতৰ ওচৰ চপা নহ’ল; আন আন কেইবাজনো ব্যক্তিয়ে আৰু কেইবাটাও সংগঠনে মোকৰ্দমা তৰিবলৈ উদ্যোগ কৰিছিল, কিন্তু বিভিন্ন দল আৰু তেতিয়াৰ ক্ৰমবৰ্ধমান সত্যাগ্ৰহ-আন্দোলনৰ ব্যাপকতাৰ হেঁচাত কাৰো মোকৰ্দমা তৰা হৈ নুঠিল। কিন্তু অৱশ্যেই, এইটো কোনো চাফাই হ’ব নোৱাৰে যে কোনোবাই আমাক কিবা ভাবি বাধা দিলে বুলিয়েই আমাৰ নিজৰ বিচাৰ আৰু বিবেকৰ বিৰুদ্ধে গৈ আমি কামটো নকৰিলো। এইটো সঁচা, আৰু এইটো আমি স্বীকাৰ কৰিবলৈ বাধ্য যে আমাৰ এই গাফিলতি—কাৰণ যিয়েই নহওক—অক্ষমনীয়, ইতিহাসৰ বিচাৰত আমি দোষী; আমি মাথোঁ ইয়াকেই ক’ব খুজিছো যে আশ্চৰ্য আৰু লজ্জাকৰ কথা এইটোৱেই যে সমস্ত জাতিটোৰ কোনো এজন ব্যক্তিয়েও নিৰ্বাচন চেলেঞ্জ কৰি এটা গোচৰ নতৰিলে (যিটো কৰাহেঁতেন নিৰ্বাচন বাতিল বা স্থগিত হৈ গ’লহেঁতেন আৰু তাৰ পৰৱৰ্তী ঘটনাপ্ৰৱাহ সম্পূৰ্ণ বেলেগ ধৰণৰ হৈ পৰিলহেঁতেন)। কিয় নকৰিলে?

দুৰ্ভাগ্যবশতঃ ইয়াৰ কাৰণটো হ’ল—আমাৰ ধাৰণা মতে—আমাৰ বহুদিনীয়া ‘‘কথা-সৰ্বস্ব ট্ৰেডিছন; যাক আমি নাম দিব পাৰো ‘‘সাহিত্য সভা-প্ৰবৃত্তি’’ বা সাহিত্য সভা-‘‘Syndrome”। সাহিত্য সভা বুলিলে যিখন ছবি আমাৰ মনত ভাহি উঠে সেইখন হৈছে এটা খিচিমিচি বজৰুৱা ভিৰ, ধূলি-বোকা-লেতেৰা-পেতেৰা-বিশৃংখল-হট্টগোল, তাৰ মাজত এমূৰে এখন মঞ্চত চৌগা-চাপকান-চাদৰ পাঞ্জাবী পিন্ধি সুভূষণ কোনোবা গঙাটোপে বুকু ফিন্দাই গদ গদ কণ্ঠে অসমীয়া ভাষা-সংস্কৃতিৰ বিষয়ে কিবা চিঞৰি আছে, কোনেও একো শুনাও নাই, শুনাৰ চেষ্টাও কৰা নাই, সেয়ে সাহিত্য। এইটো সৰ্বজনবিদিত যে কাছাৰ আৰু গোৱালপাৰা জিলা অসমৰপৰা ফালৰি কাটি যাব ধৰাৰ, alienated হৈ যাব ধৰাৰ এটা প্ৰধান কাৰণ হ’ল অসম সাহিত্য সভা : প্ৰসংগতঃ অ.সা.স.ৰ এগৰাকী সভাপতিক কাছাৰলৈ নিবৰ বাবে আমি বহু চেষ্টা কৰিছিলো (আনকি তেখেতক কিছু তেলো দিছিলো) কিন্তু তেখেতে ‘‘এতিয়া পৰিস্থিতি ভাল নহয়’’ জাতীয় অজুহাত দেখুৱাই বাৰে বাৰে কামটো পিছুৱাই দিলে (বোধহয় পৰিস্থিতি ভাল হ’লে তেখেতে তাত মালা পিন্ধি ফিতা কাটিবলৈ যাব)। কাছাৰত আজিলৈকে সা.স.ৰ অধিৱেশন বহুওৱাৰ সাহস তেওঁলোকৰ নহ’ল—বোধহয় তাত বহিৰাগত বঙালী মানুহ (চহৰকেইখনত) সংখ্যাগৰিষ্ঠ কাৰণে তেওঁলোকে কাছাৰখন অসমৰ মেপৰপৰা বাদ দিছে, যিটো যুক্তিৰে দুদিন পাছত মালিগাঁও আৰু লামডিং (আৰু পাণবজাৰো) বাদ দিব লাগিব। সা.স.ৰ বহুকেইজন সভাপতিৰ নৈতিকতা আৰু সৎসাহসৰ প্ৰশ্ন তুলি নানানটা অভিযোগ কাকতত ওলাই থাকে। (কোনোজনে হয়তো বাংলাদেশীক মাটিৰ পট্টন দি দি নিজৰ বেংক-বেলেন্স পূৰণ কৰিছে, কোনোজনে হয়তো ভুল-তথ্যপাতিৰে পাঠ্যপুথি লিখি সেই ভুলবোৰ আঙুলিয়াই দিয়া সত্ত্বেও বজাৰত চলাইয়ে আছে, কোনোজনে হয়তো…)।[1] প্ৰতিটো আন্দোলন প্ৰথমতে কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সূচনা কৰে, তাৰ পাছত ছাত্ৰ সন্থাই আন্দোলন ব্যাপক কৰি তোলে, তাৰ পাছত সা.স.ৰ টোপনি ভাগে, লাহে লাহে চুচুক-চামাককৈ তেতিয়া সা.স.য়ো আন্দোলনত যোগ দিবলৈ বাধ্য হয়। হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটাই লৈ বক্তৃতা দিব লাগে, ঢোলে-দগৰে শোভাযাত্ৰা কৰি হাতী-ঘোৰা-দোলাত উঠি, ‘‘একদিনকা চুলতানৰ’’ৰ আড়ম্বৰ মানুহক দেখুৱাব লাগে, তাৰ মাজে মাজে ঠেলা ঠেলি কৰি ভোজভাত খাই উগাৰ তুলি ল’ব লাগে (অভ্যৰ্থনা সমিতিৰ টকা-পইচাৰ হিচাপৰ চিৰন্তন গণ্ডগোলবোৰ বাৰু পাছতো ওলাব) আৰু মানুহৰ মনত এই ধাৰণাটোকেই সুমুৱাই দিব লাগে যে এয়েই সাহিত্য-চৰ্চা। ভূপেন হাজৰিকাই তাচ্ছিল্য কৰি সুধিছে, ‘‘সাহিত্য সভাই কিডাল কৰিছে?’’ তাৰ উত্তৰত আচৰিত হৈ ব্যথিত মুখে সা.স.ই ক’ব পাৰে, ‘‘কিয়, দেখিছেই দেখোন, আমি এইডাল কৰিছো।’’

‘‘এইডাল’’ ভাবধাৰা বছৰৰ পাছত বছৰ ধৰি ব্যাপ্ত হৈছে : আড়ম্বৰ আৰু পৰাক্ৰমৰ প্ৰদৰ্শন; সাহিত্য-চৰ্চা মানে হ’ল সমিতি, উপসমিতি, কাৰ্যালয়, সভাপতি, উপসভাপতি, কাৰ্যনিৰ্বাহক কমিটি, ছাব-কমিটি, অধিৱেশন, অভিভাষণ, জনসমাৱেশ, গণ-সমদল, প্ৰদৰ্শনী, উদ্বোধন, উন্মোচন, বিবৃতি, বক্তৃতা, শ্ল’গান, স্মৃতিগ্ৰন্থ, অভিনন্দন, অভিৱৰ্তন, অভ্যৰ্থনা-সমিতি, সম্বৰ্ধনা, মৃত্যু-তিথি, জন্মোৎসৱ, অমুক দিৱস, তমুক সপ্তাহ, তৰ্পণ, আলোচনা-চক্ৰ, ৰূপালী জয়ন্তী, সোণালী জয়ন্তী,…আমি সাহিত্যিক নহওঁ, কিন্তু আমাৰ ক্ষুদ্ৰ বুদ্ধিৰে আমি যি বুজো সেইটো এই যে সাহিত্য এটা বাৰোৱাৰী হৈ- চৈ ব্যাপাৰ নহয়, এটা সমবায় কাণ্ড নহয়, নিজস্ব পৰিৱেশত নিজস্ব ৰুচি আৰু আনতি অনুযায়ী লেখক লেখিকাই লিখি যাব লাগে আৰু ব্যৱসায়িক মনোবৃত্তিৰে কিতাপ, আলোচনী প্ৰকাশ হৈ থাকিব লাগে (সা.স.ই আজি আধাশতিকা কালত কেইখন কিতাপ প্ৰকাশ কৰিলে?) ‘ব্যৱসায়িক’ মানে আমি ইয়াত আংশিকভাৱেই বাণিজ্যিক বুজাইছো, প্ৰকৃততে আমি কথাটো বুজাব খুজিছো ইংৰাজীত যাক কয় ‘In a businesslike manner’ অৰ্থত। যি হওক, এইটো (সা.স.) এটা পাৰ্শ্ব-প্ৰসংগ, মূলতে আমি যি ক’ব খুজিছো সেইটো এই যে ‘‘এইডাল’’ বাৰোৱাৰী আড়ম্বৰ পৰাক্ৰমৰ মনোবৃত্তিয়ে ছাত্ৰসকলকো প্ৰভাভিত কৰিছে, সেয়ে প্ৰশংসনীয় সাহসী আঁচনিৰ লগত তেওঁলোকে কিছুমান অবান্তৰ প্ৰদৰ্শনমূলক কাৰ্যও সংমিশ্ৰিত কৰি পেলাইছে (‘‘আমি যি ভাবিম সেয়েই ঠিক; আমাৰ আঙুলি জোকাৰত জনসাধাৰণ উঠিব-বহিব’’), যাৰ ফলত ‘‘গছৰ কাৰণে হাবি নেদেখা’’ বিভ্ৰান্তি এটাৰ সৃষ্টি হৈছে; কথাই কথাই ‘অসম বন্ধ, কিবা অসহযোগ, কিবা বৰ্জন, ব্যাপক হাৰত শ্বহীদৰ শ্ৰাদ্ধ, স্মৃতি-সৌধ, মৌন-সমদল, সৰব-সমদল, ইত্যাদি ইত্যাদি, যিবোৰত দিনৰ পাছত দিন অজস্ৰ জনশক্তি অবাবতে নষ্ট হৈছে[2], আৰু নিতান্তই অপ্ৰয়োজনীয়ভাৱে ‘‘বাড়াবাঢ়ি’’ হাৰত শ্বহীদ পৰিয়ালৰ বাবে, দান-বৰঙণি সংগ্ৰহৰ আতিশয্য, যি টকাৰে—এটা হিচাপ মতে—সংগ্ৰহ কৰিব পৰা গ’লহেঁতেন আন্দোলনৰ বাবে অন্ততঃ তিনিখন ডিজেল-জীপ, এটা সৰু ছপাখানা, এটা চাইক্ল’ষ্টাইল মেশ্বিন, কেইবাটাও টেলিফোন আৰু টাইপৰাইটাৰ, আৰু যি টকাৰে কেইবাটাও মোকৰ্দমা ৰুজু কৰি কলিকতীয়া বাতৰি-কাকতৰ কঁকাল ভাঙি দিব পৰা গ’লহেঁতেন। এইটো ঠিক যে ৰাইজে ছাত্ৰ সন্থাৰ নিৰ্দেশমতে উঠে-বহে, কাৰণ সকলোৱে বুজিছে যে ৰাজনৈতিক নেতাবোৰৰ অধিকাংশই বদমাচ, ছাত্ৰ সন্থা নিস্বাৰ্থ আৰু আন্তৰিক, কিন্তু যুক্তি-অযুক্তি উচিত-অনুচিতৰ টোৱাক্কা নকৰি যি ইচ্ছা তাকে কৰি যাবলৈ ছাত্ৰসকলক ‘ব্লেংক-চেক’ কোনে দিলে? এটা মাত্ৰ উদাহৰণ ইয়াত দিয়া যাওক, যিটোৰ বিষয়ে আমি জনাত বহুতে সেই সময়ত আপত্তি তুলিছিল, কিন্তু আমাৰ কোনোখন কাকতে যি আপত্তি প্ৰকাশ কৰিবলৈ সাহস নকৰিলেঃ কাছাৰত নিৰ্বাচন বন্ধ কৰাৰ দাবীত ৩ দিন জোৰা তথাকথিত ‘অসম বন্ধ’। যদি সঁচাই কাছাৰত নিৰ্বাচন বন্ধ কৰিব খুজিছা তেন্তে কাছাৰলৈ যোৱা, তাত কাছাৰ বন্ধ কৰা, সেইটো বোধগম্য; কিন্তু অকল ব্ৰহ্মপুত্ৰ উপত্যকা বন্ধ কৰি তাক ‘অসম বন্ধ’ বুলি দাবী কৰাটো সাহিত্য সভাজাতীয় আত্মপ্ৰসাদ মাত্ৰ—(কাছাৰত ছাত্ৰ সন্থাৰ বা গণ সংগ্ৰাম পৰিষদৰ শাখা নাই কিয়?); আৰু, ৩ দিন কিয়? যদি এইটো এটা প্ৰতীক প্ৰতিবাদ, তেনেহ’লে ১২ ঘণ্টা বা ২৪ ঘণ্টাই যথেষ্ট, ৩ দিন কিয়? ৩ দিন ব্ৰহ্মপুত্ৰ উপত্যকা বন্ধ কৰি হয়তো ভাবিব পাৰি—‘‍‘চোৱা, আমি কিমান পৰাক্ৰমী, আহ্বান দিলো, ৩ দিন দেশ বন্ধ হৈ গ’ল।’’ কিন্তু তাৰ ফলত কাছাৰৰ নিৰ্বাচনত কি প্ৰভাৱ পৰিব? একো নপৰে, সকলোৱে জানে। গোটেই কাণ্ডটো সম্পূৰ্ণ অবান্তৰ, অযুক্তিকৰ, অনুচিত  আৰু অসামৰ্থ্যৰ উপলব্ধিৰ প্ৰতিক্ৰিয়া মাত্ৰ। কিন্তু কোনোখন বাতৰি-কাকতে এই আপত্তি প্ৰকাশ কৰিবলৈ সাহস নকৰিলে।

 

——————————————————————————————————————————————————-[1].     এনেবোৰ অভিযোগ কাকতত বাহিৰ হ’ব লগা কথাটো পীড়াদায়ক—অৱশ্যে আমাৰ সকলোৰে নৈতিকতা আৰু সৎসাহসৰ অভাৱ কম-বেছি পৰিমাণে আছে, কিন্তু সাহিত্য সভাৰ সভাপতিৰ ক্ষেত্ৰত তাৰ উদাহৰণ দৃষ্টিকটু।

 

[2].     আন্দোলনৰ আৰম্ভণিত হয়তো ব্যাপক জনসমৰ্থনৰ প্ৰদৰ্শনৰ প্ৰয়োজন আছিল। কিন্তু গোটেই পৃথিৱীয়ে স্বীকাৰ কৰি লৈছে যে এইটো এটা সৰ্বাত্মক গণ আন্দোলন (Mass movement), ইংৰাজীত যাক কয় “The point has been made”। তাৰ বাৰংবাৰ পুনৰাবৃত্তি কিন্তু আমনিদায়ক আৰু ক্ষতিকৰ (ইংৰাজীত যাক কয় “Counter Productive”)।

 

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close