সংবাদ, সাংবাদিক আৰু অন্যান্য

মিতালী ভট্টাচাৰ্য্য,

Journalism is always the art of the incomplete,  you get bits and pieces —  Anthony  shadid
কলম আৰু কেমেৰাৰ পেশাদাৰিত্ব লৈ অতিবাহিত  কৰা এজন ব্যক্তিক সাংবাদিক  বুলি কোৱা হয় ৷ সংবাদ পত্ৰৰ জন্ম লগ্নৰ পৰা এই দ্বন্দ্ব আছিল যে ব্যবসায়িক  স্বাৰ্থৰ ৰক্ষাৰ লগত জড়িত থাকি জনগণৰ হিত সাধনৰ অৰ্থে কাম কৰা সম্ভৱ নে??  এই দ্বন্দ্বৰ  উত্তৰ আজিও পোৱা সম্ভৱ হোৱা নাই ৷ সেই বাবেই চাগে এই দ্বন্দ্বক  লৈয়ে পৃথিৱীৰ  প্ৰাচীনতম এই গণমাধ্যমে একবিংশ  শতিকাত  ভৰি দিছেহি ৷ এজন সাংবাদিকে গবেষণা লব্ধ তথ্য, লেখনি আৰু প্ৰতিবেদন  ৰচনা কৰি গণমাধ্যমবোৰত  উপস্থাপন  কৰে ৷ মুদ্ৰিত মাধ্যম ৰূপে সংবাদ পত্ৰ,  সাময়িকী, ইলেক্ট্ৰনিক  মাধ্যম ৰূপে টেলিভিছন ,  ৰেডিও,  প্ৰামাণ্য চিত্ৰ  আৰু ডিজিটেল  মাধ্যম ৰূপে অনলাইন সাংবাদিকতা ৰ জড়িয়তে কোনো ঘটনা বা পৰিবেশক  নিজস্ব দৃষ্টিভংগীত নিৰপেক্ষ  ভাবে উপস্থাপন  কৰে ৷ যুক্তৰাষ্ট্ৰৰ Missouri  বিশ্ববিদ্যালয় ৰ গবেষক সকলেও উপলব্ধি  কৰিলে যে নীতি নিয়মৰ মাজেদি  প্ৰযুক্তি  আৰু সামাজিক যোগাযোগ মাধ্যমৰ সহায়ত বা এইবোৰৰ প্ৰভাৱত  পৰা এই বিশেষ বৃত্তিটোৰ  এটা সৰ্বজন গ্ৰাহ্য সংজ্ঞা থকাটো প্ৰয়োজন  ৷ ইংৰাজী  জাৰ্নাল  আৰু ইজম্ শব্দৰ মিলিত ৰূপ এই জাৰ্নালিজম বা সাংবাদিকতা  ৷ জাৰ্ণালৰ  অৰ্থ হ’ল প্ৰকাশিত মত আৰু ইজমৰ অৰ্থ হ’ল অভ্যাস বা  অনুশীলন  ব আদৰ্শ বা চৰ্চা ৷ কোনো মত বা ভাব প্ৰকাশৰ  বাবে যি চৰ্চা বা অনুশীলন  কৰা হয় তাকেই সাংবাদিকতা  বা জাৰ্ণালিজম্ বুলি কোৱা হয়   ৷ সাধাৰন অৰ্থত সংবাদ পত্ৰৰ বাবে সংবাদ  সংগ্ৰহ কাৰী ব্যক্তিকেই সাংবাদিক  বুলি কোৱা হয় যদিও আধুনিক সাংবাদিকতাৰ বিশালতাত কোনো সাংবাদিক ক নিদিষ্ট কোনো সংজ্ঞাৰ  আবৰ্তত  বান্ধি ৰাখিব নোৱাৰি ৷  এই সাংবাদিকতাৰ বাবে প্ৰয়োজন  হয় এজন ব্যক্তিৰ সাহসিকতা,  নিৰ্ভীকতা  আৰু সত্যৰ বাবে যুঁজিব পৰা মানসিক শক্তিৰ ৷ অসত্যৰ অন্তৰালত,  ক’লা ধুঁৱাৰ অভ্যন্তৰত  লুকাই থকা সত্যক জাগ্ৰত কৰাৰ নামেই সাংবাদিকতা ৷ আধুনিক  পৃথিৱীৰ  তথ্য নিৰ্ভৰতাই এই বৃত্তিৰ প্ৰয়োজনীয়তা  তথা  আবশ্যকতাৰ মানদণ্ড নিৰুপনত মূখ্য ভূমিকা গ্ৰহন কৰে ৷ সঁচা অৰ্থৰ সাংবাদিকতাত তৰোৱালত কৈ কলমৰ ধাৰ সৰ্বাধিক  হোৱা দেখা যায় ৷
Journalism  is in fact history ,  on the run—  Thomas  Griffith
সংবাদ সংগ্ৰহৰ বাবে প্ৰতিনিয়ত  চেষ্টা কৰাই সাংবাদিক সকলৰ প্ৰধান কাম ৷  আৰু সেই সংবাদ হ’ল বৰ্তমানৰ পৰিপূৰ্ণ  তথ্যৰ পেকেজত  ভবিষ্যতৰ ইতিহাস   ৷ (news is the tomorrows history  done up in the today’s  neat package —  M.V Charmily)  ৷ সংবাদ হ’ল ঘটনাৰ সমস্যা সন্মিলিত এক কৌশল যিয়ে মানুহক সমাধানৰ  বাবে উৎসাহিত কৰি তোলে ৷ প্ৰখ্যাত  সাংবাদিক M.V .Klamath এ তেওঁৰ  ‘ professional journalism  ‘ নামৰ গ্ৰন্থত  এই সংবাদৰ 4 টা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে সেয়া হৈছে – সময়পোযোগীতা,  নৈকট্য,  আয়তন আৰু গুৰুত্ব  ৷ কিন্তু বৃটিছ সাংবাদিক Allstrain Healthey ৰ মতে নাটকীয়তা,  চমক, ব্যক্তিত্ব,  যৌনতা আৰু সংখ্যাক কোনো নিদিষ্ট মাধ্যমৰ সহায়েৰে এক বিশেষ শ্ৰেনীৰ  মানুহৰ বাবে প্ৰস্তুত কৰা তথ্যক সংবাদ  বুলি কোৱা হয় ৷ এতিয়া প্ৰশ্ন হ’ল সমাজত ঘটি থকা সকলো ঘটনাই মানুহক সমান ভাবে বিস্মিত আৰু প্ৰভাবিত কৰে নে ??  সামাজিক দায়িত্ব পালনৰ উদ্দেশ্যে সমাজত ঘটি থকা প্ৰত্যেক টো খবৰ  যিয়ে সমাজখনক প্ৰভাবিত কৰিব পাৰে  বুলি ভবা হয় তেনে ঘটনাক সত্য আৰু সঠিক ৰূপে প্ৰদৰ্শন কৰা এজন সাংবাদিকৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে বুলি ভবা হয় ৷ আৰু সেয়া কৰিবলৈ যাওতে  বহমান স্ৰোতৰ বিপৰীতে খোজ দিবলৈ গৈ বহুতো সাংবাদিকে নিজৰ জীৱনক হেৰুৱাব লগীয়াও হয় ৷ বৰ্তমান যুগত এক বস্তুনিষ্ঠ  সমাজৰ উপযোগী সংবাদ প্ৰস্তুত কৰিবলৈ গৈ যিজন সাংবাদিকে নিজৰ আবেগৰ নিয়ন্ত্ৰন কৰিব পাৰে  তেওঁৱেই হৈ উঠিব পাৰে এজন সফল সাংবাদিক ৷ মনুষত্ব আৰু সাংবাদিকতাৰ  দ্বন্দ্বত  অনুভৱৰ হাতত পৰাজয় বৰন কৰা জন প্ৰকৃতাৰ্থত  সাংবাদিক  হৈ উঠিব নোৱাৰে ৷ তেঁওৰ  মাজত সাংবাদিক সত্ত্বাৰ পৰাজয় হৈ  মানৱতা  জয়ী হয় ৷ একবিংশ  শতিকাৰ এনে জয় পৰাজয়ৰ  খেল তথা ব্যতিক্ৰমী  আলোকচিত্ৰ  আৰু সংবাদৰ স্ৰোত হ’ল সিৰিয়া ৷ ভাৰতৰ পৰা দুৰত্ব 4211 কিমি ৷ আকাশপথত  প্ৰায় 5 ঘন্টা ৷ সিৰিয়া এক অগ্নিগোলক ৷ গৃহযুদ্ধত  বিধ্বস্ত জনজীৱন ৷ এজন সাংবাদিক  তথা আলোকচিত্ৰ গ্ৰহন কাৰী  আলকাদেৰ হাবাক  ৷ সিৰিয়াত  সংগঠিত হোৱা বোম্ বিস্ফোৰণৰ আলোক চিত্ৰ সংগ্ৰহৰ উদ্দেশ্যে  ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত তেওঁ  যি দৃশ্য দেখিলে সেয়া আছিল মৰ্মান্তক ৷ দাউ  দাউ কৈ জ্বলি উঠা এখন শিশু ভৰ্তি  বাহন ৷ চাৰিওফালে  অৰ্ধ দগ্ধ মৃতদেহ বোৰ ৷ ক’তো প্ৰাণৰ চিহ্ন নাই ৷ হঠাৎ  এক মৃদু কান্দোন  , মৰুভূমি ত জীৱনৰ স্পৰ্শ,  তেওঁ ক্ষত বিক্ষত এক শৰীৰত প্ৰাণৰ স্পন্দন  অনুভৱ কৰিলে  ৷ স্তব্ধ হৈ পৰিল আলকাদেৰ ৷ এতিয়া তেওঁৰ  কৰণীয়  কি হ’ব  ৷ খবৰ সংগ্ৰহ তথা অালোকচিত্ৰ গ্ৰহন কৰিব নে জীৱন বচাব  ৷ এক মুহুৰ্ত মাত্ৰ, কেমেৰা কান্ধত ওলোমাই মৃতপ্ৰায়  শিশু কোলাত তুলি মেডিকেল  সহায়ৰ বাবে দৈৰিলে ৷ কোনো দ্বিধা নাই, কোনো দ্বন্দ্ব নাই ৷ আকৌ ঘুৰি আহিল আৰু এটি শিশু  তেওঁৰ  কোলাত ৷ কেমেৰা কান্ধতেই ওলমি থাকিল ৷ সাটাৰ টনা নহল ৷ খবৰো বনোৱা নহল  ৷  তেওঁ নিজেই আন এজন সাংবাদিকৰ  কেমেৰাৰ লেন্সত খবৰ হৈ ধৰা দিলে ৷ পিছদিনাখন  জিলিকি উঠিল বিশ্বৰ  আগশাৰীৰ  সংবাদ পত্ৰ তথা টিভি চেনেল বোৰত ৷ আলকাদেৰ হাবাক এজন সফল সাংবাদিক  হৈ উঠিব নোৱাৰিলে ৷ বাস্তৱ , কঠোৰ পৰিস্থিতিৰ  সঠিক আলোকচিত্ৰ  লব নোৱাৰিলে ৷ সাংবাদিকৰ  অনুভবে পৰাজয় বৰন কৰিলে ৷ জয়ী হ’ল এক কোমল আলসুৱা মানৱ মন ৷ এজন প্ৰকৃত মানৱতাবাদী ৰূপে উজ্বল  হৈ জিলিকিল ৷
অসমতো তদৰূপ ঘটনা এটা সংঘটিত হোৱা দেখা যায় ৷ 2007 চনৰ 24 নৱেম্বৰত  ৰাজধানী  গুৱাহাটীৰ  মাজমজিয়াত, বেলতলাত সংঘটিত হৈছিল এক  লজ্জ্যা জনক ঘটনা ৷ আদিবাসী  সকলৰ অধিকাৰৰ হৈ মাত মাতিবলৈ  গৈ লক্ষী ওৰাং নামৰ এগৰাকী যুৱতী ৰাজপথত লাঞ্ছিত হৈছিল ৷ এদল পাষণ্ড  যুৱকে তেওঁক  বিবস্ত্ৰা কৰি বন্য উল্লাসত মত্ত হৈছিল ৷ লক্ষী ওৰাং নিজৰ লাজ ঢাকিবলৈ  আন্ধাৰ এচুক  বিচাৰি উলংগ  অৱস্থাত ৰাজপথত দৌৰি ফুৰিছিল ৷ প্ৰতিবাদী সমদলৰ  সংবাদ সংগ্ৰহ  কৰিবলৈ যোৱা সাংবাদিক সকলৰ সাংবাদিক  অনুভৱে নিজৰ বিজয় সাব্যস্ত কৰি  বিবস্ত্ৰা লক্ষী ওৰাংৰ আলোক চিত্ৰ সংগ্ৰহৰ বাবে তথা এই দুৰ্ভাগ্য জনক ঘটনাক আকৰ্ষনীয় ভাবে প্ৰস্তুত কৰাত মনোনিবেশ  কৰিছিল ৷ এটা big breaking  news ৷ কিন্তু লক্ষী ওৰাংৰ লাজ ঢাকি দিবলৈ  এটুকুৰা  কাপোৰ নোলালে ৷
কৰ্ণাটকৰ  এজন বিশিষ্ট সাংবাদিক  তথা সমাজ কৰ্মী গৌৰী লংকেশ ক নিজ ঘৰত হত্যা কৰা হয় ৷ এজন নিৰ্ভীক  আৰু স্পষ্টবাদী সাংবাদিক হোৱা বাবে সমাজবিৰোধী চক্ৰৰ  হাতত নিজৰ প্ৰাণ  ত্যাগ কৰিব লগীয়া হোৱাত সাংবাদিকতা বৃত্তিৰ উপৰত এক ভয়াবহতাৰ ছাপ পৰে ৷ ঠিক তেনেকৈয়ে  নৰেন্দ্ৰ  দাভোলকৰ,  গোবিন্দ  পনেসাৰ,  এম,  এম কালবুৰ্গিক সাংবাদিকতা বৃত্তি সঠিক অৰ্থত    ৰূপায়িত তথা এজন সঁচা অৰ্থৰ সাংবাদিক হোৱাৰ ফল  মৃত্যুৰ   মাজেদি পৰিশোধ  কৰিব লগীয়া হয় ৷
শান্ত  সৌম্য  চেহেৰাৰ বুদ্ধিদীপ্ত  চকুযুৰিৰে অসমৰ উত্তাল পৰিবেশ, বিপন্ন সময়তো ধীৰ গতিৰে কলম নিগৰাই সমাজত ধুমুহা আনিব পৰা পৰাগ কুমাৰ দাসক নিষ্ঠুৰ আততায়ীয়ে 1996 চনৰ 17 মে’ত  গুলীয়াই হত্যা কৰে ৷ নিৰ্ভীক  সাংবাদিকতা, যুক্তি  আৰু বলিষ্ঠ  বিশ্লেষণেৰে অসমীয়াৰ স্বকীয় পৰিচয়, স্বাৱলম্বী অৰ্থনীতিৰে শক্তিশালী অসম গঢ়াৰ সপোন দেখা পৰাগ কুমাৰ দাসে মৃত্যুবৰণ  কৰিব লগিয়া হোৱাটো তেওঁৰ আপোচবিহীন মনোভাৱৰ  পৰিচায়ক ৷ ” The Assam Tribune ” ৰ সাংবাদিক  পুনৰমল আগৰৱালা ,  ‘ আজিৰ অসম ‘ ৰ কমল শইকীয়া ,  ‘ The northeast  time ‘ ৰ পবিত্ৰ নাৰায়ন,  ‘ আমাৰ অসম ‘ ৰ ইন্দ্ৰমোহন  হাকচামা, জগজিৎ শইকীয়া ,  ‘ অসমীয়া খবৰ ‘ ৰ প্ৰহ্লাদ  গোৱালা, ‘ বড়োলেণ্ড  টিভি ‘ ৰ ব’ড’চা নাৰ্জাৰী , ‘ আজি ‘ ৰ  অনিল মজুমদাৰ  ক লৈ 1987 চনৰ পৰা বিশজনতকৈও অধিক সাংবাদিক  তথা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে ৷ ( Editorial ‘ The Assam tribune ‘ 4 the August , 2009 )
অসমৰ প্ৰতিবেশী  ৰাজ্য ত্ৰিপুৰাত ‘ ছেন্দন ‘ পত্ৰিকাৰ  সাংবাদিক  সুদীপ্ত দত্তক ত্ৰিপুৰা ৰাইফলচ ৰ 2 নং বেটেলিয়ানত সংঘটিত কেলেংকাৰী ফাদিল কৰি প্ৰকাশ কৰা  প্ৰতিবেদনৰ বাবে নীচেই ওচৰৰ পৰা গুলীয়াই  হত্যা কৰা হয় ৷ ইয়াৰ  পূৰ্বেও সাংবাদিক  শান্তনু ভৌমিকক বাতৰি সংগ্ৰহ কৰি থকা অবস্থাৰ পৰা অপহৰণ কৰি নি হত্যা কৰা হয় ৷
যিকোনো সাধাৰন বৃত্তিৰ দৰেই সাংবাদিকতা আজিৰ যুগৰ এক  বহু চৰ্চিত  বৃত্তি ৷ লোকচক্ষুৰ  অন্তৰালত থকা তথ্য বা ঘটনাৰাজী ক কেন্দ্ৰবিন্দু লৈ উলিয়াই অনা প্ৰকৃতাৰ্থত  এজন সাংবাদিকৰ  কৰ্ম আৰু এই কৰ্ম সম্পাদন কৰিবলৈ গৈ   তেওঁলোকে বিভিন্ন ধৰনৰ নিগ্ৰহ, যাতনা ভোগ  কৰিব লগিয়া হয় ৷ সাংবাদিক  নিগ্ৰহৰ ক্ষেত্ৰত  মহিলা সাংবাদিকে বিশেষ ভাবে যাতনা ভোগ  কৰে ৷ ( committee  to protect  journalist  (cpj ) , 2011) ৷যৌন নিগ্ৰহ এই ক্ষেত্ৰত  এক উল্লেখযোগ্য উদাহৰন ৷
Berdahl আৰু Racer, 2010 ৰ প্ৰতিবেদন  অনুসৰি শতকৰা 50% মহিলা আৰু 10-20% পুৰুষ এই যৌন নিগ্ৰহৰ চিকাৰ হোৱা বুলি অভিযোগ  উত্থাপন  কৰা দেখা যায় ৷ বিভিন্ন  ধৰনে সাংবাদিক সকলক শাৰিৰীক , মানসিক, আৰ্থিক  যাতনা  দিয়াৰ ঘটনা আজিৰ যুগত প্ৰকাশ্য ভাবে সংঘটিত হোৱা দেখা যায় ৷ চৰকাৰৰ কোনো জনকল্যাণ   বিৰোধী বাতৰি প্ৰকাশ কৰা,  সয়ং চৰকাৰ বাহিনী,  কাকতৰ মালিক পক্ষ, সমাজৰ  গন্য মান্য ব্যক্তি সকলে কৰা কোনো দুৰ্নীতি  প্ৰমান সহকাৰে প্ৰকাশ কৰাৰ বাবে সেই সকল গোষ্ঠী  তথা ব্যক্তিৰ দ্বাৰা সাংবাদিক সকল লাঞ্ছনা আৰু নিগ্ৰহৰ চিকাৰ  হয় ৷ সংবাদ  তথা প্ৰমাণ  সংগ্ৰহৰ বাবে   গুপ্তচৰ গিৰি কৰিও কিছুসংখ্যক    সাংবাদিকে চৰকাৰৰ উপৰত প্ৰভাৱ বিস্তাৰ  কৰি দেশৰ  ৰাজনীতি ত প্ৰভুত্ব বিস্তাৰ  কৰিবলৈ সক্ষম হয় ৷ সেই বাবেই চাগে Oscar  Wilde  এ কৈছিল—  ” In America the president  reign  for four years and journalist  .govern  forever  an ever “
গুপ্তচৰ গিৰি কৰি কিছুসংখ্যক  সাংবাদিকে ৰাষ্ট্ৰযন্ত্ৰৰ গোপনীয় তথ্য অন্য  দেশক  যোগান দি ৰাষ্ট্ৰক বিপদজনক  পৰিস্থিতি ত পোলোৱাও দেখা যায় ৷ ইয়াৰ এক উল্লেখযোগ্য  উদাহৰণ স্বৰূপে  আমেৰিকা  যুক্তৰাষ্ট্ৰৰ দুইজন সাংবাদিক  এডওয়াৰ্ড স্ৰোডেন আৰু ব্ৰাডলি মানিং এ যুক্তৰাষ্ট্ৰৰ গোপনীয় তথ্য সংগ্ৰহ কৰি বেলেগ এখন ৰাষ্ট্ৰক প্ৰদান কৰাত সাংবাদিক  সকলৰ ভুমিকাৰ প্ৰতি দেশবাসীৰ মনত সন্দিহানৰ সৃষ্টি কৰিছিল ৷
মুঠৰ ওপৰত যিয়েই নহওঁক  কিয় সাংবাদিক এজনৰ মুল ভুমিকা সমাজ কেন্দ্ৰিক ৷ সামাজিক ব্যবস্থা অটুট ৰাখি চৰকাৰৰ কাৰ্যাৱলী তথা জনগণৰ  স্বাৰ্থৰ প্ৰতি  তীক্ষ্ণ  দৃষ্টি নিক্ষেপ কৰা এজন সাংবাদিকে সমাজৰ বিকাশত প্ৰভূত  অৰিহনা আগবঢ়াব  পাৰে ৷ বৃটিছ ৰাজনীতিবিদ, সাহিত্যিক এডমণ্ড  ৱাৰ্ক  এ সংবাদপত্ৰক  ৰাষ্ট্ৰৰ  চতুৰ্থ স্তম্ভ  বুলি কলেও কৰ্পোৰেট  মিডিয়া টাইকুন সকলৰ ওচৰত  সাংবাদিক সকলৰ  নৈতিকতা  এতিয়া মাথো এক ‘পণ্য’ ত পৰিনত  হৈছে ৷ গোলকীকৰণৰ যুগত  সংবাদ পত্ৰ বা মিডিয়া হ’ল মালিক গোষ্ঠীৰ  ব্যবসায়ৰ বহুমুখী  মাধ্যমৰ  ভিতৰত এটা ব্যবসায়  মাথো ৷ এফালে মালিক গোষ্ঠীৰ  ব্যবসায়  বৃদ্ধি  আনফালে নিৰাপত্তাৰ হাতিয়াৰ স্বৰূপ ৷ গোপনীয় ভাবে মালিক পক্ষৰ প্ৰতিযোগী বা শত্ৰুক বিনাশ  কৰাৰ এক মোক্ষম মাধ্যম  ৷ অপ্ৰিয়  হলেও সত্য যে কৰ্পোৰেট  মালিকনাধীন মিডিয়া এতিয়া আৰু গনতন্ত্ৰৰ  ‘ চতুৰ্থ  স্তম্ভ ‘ হৈ থকা নাই,  তেওঁলোক কৰ্পোৰেট  স্বাৰ্থ ৰক্ষাৰ আণ্ডাৰ কভাৰ ‘ডেথ  স্কোয়াৰ্ড ‘ স্বৰূপ ৷
সমাজ  বিবৰ্তনৰ  এই ধাৰাত  মিডিয়া জগতৰ নৈতিকতাক লৈ  উঠা প্ৰশ্নৰ সঠিক উত্তৰ ভবিষ্যতে দিব   ৷ সংবাদ  মাধ্যমৰ সংজ্ঞা  নিৰ্ধাৰন আৰু সাংবাদিকৰ ভুমিকা সম্বন্ধে  সন্দিহান হৈ থকা সমাজে উপযুক্ত  ভাবে  সংজ্ঞায়িত  কৰিব ৷ এজন সাংবাদিকে তৃণমূল  পৰ্যায়ৰ পৰা তথ্যৰ উৎসমুল লৈকে অনুসন্ধান  কৰি প্ৰয়োজনত সাক্ষাৎকাৰ  গ্ৰহন কৰি গবেষণাৰ দ্বাৰা সংশ্লিষ্ট  বিষয় অধ্যয়ন কৰি প্ৰতিবেদন  প্ৰস্তুত  কৰে ৷ এই ক্ষেত্ৰত সমাজৰ বাবে প্ৰযোজনীয়  তথা সমাজত ক্ষতিসাধন  কৰিব পৰা বিষয়, ব্যক্তি আৰু কাৰক সম্বন্ধে পুংখানুপুংখ  বাবে তথ্য সন্মিলিত প্ৰতিবেদনে সমাজত প্ৰভূত   আলোড়নৰ সৃষ্টি কৰে ৷ সংবাদদাতাৰ কামেই হ’ল   সঠিক সংবাদক সঠিক  বাবে উপস্থাপন  কৰা,  তাৰ বাবে যদি গুপ্তচৰ গিৰিও কৰিব লগিয়া হয় তেতিয়া এয়াও সাংবাদিকতাৰ  এক অংগ হৈ পৰে ৷ আৰু এয়া কৰিবলৈ গৈ সাংবাদিক সকলৰ জীৱন সংশয়ৰ গৰাহত পৰা দেখা যায়  ৷ Horeace  Greeley এ সঠিক ভাবে সাংবাদিকতাৰ সংজ্ঞা  নিৰূপন কৰিছিল—  “Journalism will kill you,  but it will  keep you alive while you’re  at it “

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close