সংগ্ৰহালয়

পাপৰি বৰ্মন

তিনি বিঘা মাটিৰ চৌহদটোৰ মাজত দুমহলীয়া কাঠৰ এটা পৰিত্যক্ত ঘৰ । চৌহদটো দেখিলে যিকোনো এজনেও কব পাৰিব যে এসময়ত এই ঘৰত অভিজাত পৰিয়াল এটাৰ বাসস্থান আছিল । চৌহদটোৰ বাওঁফালে এটা নামঘৰ । নামঘৰৰ ভিতৰত কীৰ্ত্তন ঘোষাখন থাপনাত আছে আৰু সোঁফালে এটা সৰুকৈ মন্দিৰ । মন্দিৰটোৰ মুধচত ভগৱান শিৱৰ এটা ৰূপৰ মুৰ্তি আৰু ভিতৰত হিন্দু ধৰ্মৰ মূল্যবান ধাতুৰ দেৱী দেৱী যেনে গণেশ , লক্ষ্মী , সৰস্বতী আৰু ৰাধা-কৃষ্ণ ইত্যাদি । দুমহলীয়া ঘৰটোৰ সন্মুখতে একঠা মাটিৰ চোতালখন এৰি আন এটা প্ৰায় ষাঠি বছৰীয়া পুৰণি ঘৰ । সেই ঘৰটোত আজিও সন্ধিয়া হলে এটা হেচক লাইট জ্বলি থাকে ।
           ঘৰখনত নতুন পুৰণিয়ে এদম বস্তু । পুৰণি বস্তুবোৰ বুঢ়াৰ ভাগৰ । বুঢ়া মুহিধৰৰ পূৰ্বপুৰুষৰ দিনৰ এটা পেৰা আছিল । পেৰাটো শিশু কাঠৰ । পেৰাটোৰ ওপৰতে এটা হোকা , এটা হেচক লাইট আৰু এটা তামোল পাণ খুন্দা খুন্দনা আছে । মুহিধৰ সৰু থাকোঁতে তেওঁৰ ককাদেউতাকে কোচত বহাই লৈ পূৰ্বপুৰুষৰ দিনৰ কাহিনীবোৰ শুনাইছিল । মুহিধৰে কাহিনীত গুৰুত্ব দিয়ক নিদিয়ক সেইটো পিছৰ কথা কিন্তু ককাইদেউতাকে হোকা টানিলে তাৰপৰা হোৱা “ঘুৰঃ ঘুৰঃ ” শব্দটোত তেওঁ সোমাই গৈছিল । মুহিধৰে ভাৱিছিল নিজে ডাঙৰ হৈ ককাইদেউতাকৰ দৰেই মুৰত আনাকটা চাদৰৰ পাগুৰি পিন্ধি ৰূপৰ নলা লগোৱা লাখুটি মজিয়াত মাজে মাজে কোবাই হোকা টানি টানি ভৰিৰ ওপৰত ভৰি নচুৱাই নাতিয়েকহঁতক সাধু কব । আইতাকৰ দৰেই মুহিধৰৰ হবলগীয়া জনীয়ে “খুট খুট” কৈ শব্দ তুলি খুন্দনাত তামোল খুন্দিব । মুহিধৰৰ পিতৃৰ এটা ” কান্ছন” নামৰ নোদোকা হাতী আছিল । জমিদাৰ বংশৰ হোৱা বাবেই সেই হাতীত উঠি মুহিধৰে শৈশৱৰে পৰাই আশা কৰে ককাইদেউতাক আৰু পিতাকৰ পথত আগবাঢ়ি যোৱাৰ । গোটেই চুবুৰীটোৱে হেচক লাইটটো বিচাৰি মুহিধৰৰ ককাইদেউতাক আৰু পিতৃক তেলীয়াই থকাৰ দৰেই তেওঁকো তেলীয়াই থাকিব , ” আজি আমাৰ ঘৰত কীৰ্ত্তন আছে , হেচক লাইটটো দিয়কনা । ছোৱালীৰ জন্মৰ মাহেকীয়া নামত বাটাচা দিম । সেয়ে আজি ৰাতি বাটাচা বনাম ; হেচক লাইটটো দিয়কনা । নাতি লৰা এটা জন্ম হল । নাগৰাৰ নাম পাতিম । ৰামচৰণ পাঠক আহিব সেয়ে হেচক লাইটটো লাগে ……। ” কথাবোৰ ভাৱি ভাৱি মুহিধৰে বুকুখন ফিন্দাই ককাইদেউতাক আৰু পিতাকৰ দৰেই কথা বতৰা , খোজ কঢ়া এইবোৰ আৰম্ভ কৰিব লৈছিল ।
               সময় গল । জমিদাৰী গল । মুহিধৰৰ চকুৰ সন্মুখতে বহুকেইখন চিতা হুমুনিয়াহ হল । মুহিধৰে বংশৰ সকলোৰে ভাগৰ এবিধ এবিধ বস্তু নিজৰ ঘৰটোত সংৰক্ষণ কৰিবলৈ ললে । এই ধৰক ককাইদেউতাকৰ হোকাটো , হেচক লাইটটো , আইতাকৰ খুন্দনা , মাকৰ ঢেকীঘৰটো , পিতাকৰ পুখুৰীটো ,  ডাঙৰ শৰাই , ৰূপৰ কাঁহী , তাম আৰু পিতলৰ অসমীয়া বাচন বৰ্তনবোৰ ।  কোনোবাটো খুৰাকে বাৰীতে ৰুই থোৱা ইডাল সিডাল গছ আৰু খুৰীয়েকহতে মৰমেৰে তাতশালত বুই দিয়া এৰী চাদৰ , গামোচা আদি । মুহিধৰৰ আইতাকৰ মেজাংকৰী মেখেলা চাদৰ ও আছে ।মুঠতে মুহিধৰ বুঢ়াৰ ঘৰটো এটা সংগ্ৰহালয় হল । সৰুৰ পৰাই নিজক লৈ সপোন দেখি থকা মুহিধৰে কমলাক বিয়া কৰাই আনিও বুজাই কলে বোলো পিতামহৰ দিনৰ সকলো সম্পত্তি যত্নৰে ৰাখিবি । মই একান্ত নিজৰ বস্তু ৰাখি হে ভাল পাওঁ । কমলাই ও স্বামীৰ কথা পালন কৰি গল । মুহিধৰ আৰু কমলাৰ বিয়াৰ দুইবছৰৰ পিছত এদিন হাতীটো বেমাৰত ঢুকাই থাকিল । বয়সো অলপ হৈছিল কান্চনৰ । চহৰৰ পৰা পশু চিকিৎসক আনিও সুস্থ্য কৰিব নোৱাৰা  “কান্ছন ” ঢুকোৱা দুখত মুহিধৰে সকামো পাতিলে । মুহিধৰে সকলো ক্ষেত্ৰতে পিতামহৰ দিনৰ অহংভাৱ এটা লগত লৈ ঘুৰি ফুৰিছিল । দান বৰঙণি ক্ষেত্ৰতে হওঁক বা গাঁওখনৰ সকামৰ ক্ষেত্ৰতে হওঁক তেওঁ সদায় হাত খুলি পইচা উলিয়াই দিছিল ।
              বুকুখন ফিন্দাই পুৰণি পিতামহৰ দিনৰ জমিদাৰী যুগৰ কথা গৌৰৱৰে উচ্চাৰণ কৰোঁতে কৰোঁতে মুহিধৰে সেই দিনতে আইএচ (উচ্চতৰ মাধ্যমিক) পাচ কৰিও নিজৰ উপাৰ্জনৰ পথ এটা উলিয়াব নোৱাৰিলে । তাতো কাৰণ আছিল । মুহিধৰে ভাৱিছিলে জমিদাৰী নাথাকিলে কি হল বেলেগৰ তলত গোলামী কৰা চাকৰি মই নকৰো । মুঠতে মুহিধৰৰ চাকৰি কৰা নহল । পিতামহৰ দিনৰ খেতিৰ মাটিবোৰে আৰু ৰৈ যোৱা দুখনমান চাহবাগিচাই জমিদাৰ বংশটোৰ জীয়াই থকাৰ একমাত্র সম্বল হৈ পৰিল । লৰা দুটাক পঢ়াওতে কিছু টকাৰ প্ৰয়োজন হঁওতে অলপ মাটি বিক্ৰী কৰিহে মুহিধৰে আহৰি পালে । তথাপিও কিন্তু মুহিধৰৰ ফিতাহি নকমিল । ঘৰলৈ মানুহ মাতি আনি চাহ জলপান খুৱাই লেকচাৰ আৰম্ভ কৰি দিয়ে । কমলা এতিয়া বুঢ়ী হল । খংতে বুঢ়ীয়ে গালি পাৰে , ” জমিদাৰ হোৱাহেতেন ফটা তলপৰা চাদৰেৰে ৰাতিৰ জাৰ নকমাওঁ । এইখন ঘৰলৈ আহি এইহে কপালত লিখা আছিল । গোটেই জীৱনটোত কাম এটাও নকৰাকৈ জমিদাৰ বংশৰ লেকচাৰ মাৰি মাৰি ঘৰখনত নিজৰ উপাৰ্জনৰ এক অনাৰ বস্তু ও নানিলে । ” মুহিধৰে এনেয়ে জোৰ জোৰকৈ কাঁহে যাতে বুঢ়ীয়ে গালিৰ মাজত কোৱা ফটা তলপৰাৰ কথা লোকে নুশুনে ।
             মুহিধৰ বুঢ়াই চোতালখনৰ সন্মুখত থকা নাৰিকল গছকেইজোপালৈ চাই হুমুনিয়াহ এটা কাঢ়িলে । কমলা বুঢ়ীয়ে চোতালত বাহৰ বাঢ়নিটাৰেৰে হাউলি চোতালখন সাৰি সাৰি কৈ গল , ” নাৰিকল কাকো এনে দিয়া কথা মনত নানিব । বিক্ৰী কৰিম । দাম যোৰাই শ কৈ পাম । মাঘ বিহুৰ বতৰ আহিব  । “
            ” মই মৰি গলে মোৰ সন্মান খাবা । জীয়াই থাকোঁতে তোমাৰ কথামতে খেতিৰ ধান বেচি চলিছো । এতিয়া ওচৰ চুবুৰীয়াই দেখি থকা নাৰিকল কেইটা বিক্ৰী কৰি দিলে সিহঁতক আহিবলগীয়া বিহুলৈ বুলি কি দিম ? “
                বুঢ়ীয়ে বাহৰ বাঢ়নীটাৰ বেছি গাৰ জোৰেৰে চলালে । শব্দ হল , ” চেৰেপ , চেৰেপ । ” কৈ যায় অনৰ্গল , ” বনৰীয়া হাতীয়ে জাক পাতি আহি খেতিবোৰ নষ্ট কৰে । পোৱালি জন্ম দিয়া হাতী থাকিলেতো মানুহৰ খাবলৈ নাথাকিব । সেই হাতীৰ জাকে মানুহৰ ধান খেতি খাই উদং কৰিহে এৰিব । কতো কলো মাটিবোৰ বিক্ৰী কৰি চহৰতে ব্যৱসায় কৰক গৈ । এই আঘোণ মাহত এইবাৰ হাতীৰ উৎপাতত পেটত আমাৰ খুকঢ়ি ও নপৰিব । শুনিছোঁ তিনিজনীমান গাভিনী হাতী আছে বোলে জাকটোত । “
                  বুঢ়াই বুজালে , ” হবদিয়া , খাব নাপালে নাই ।আমি অকলে নেকি গাওঁ খনত কোনেও নাপাব । পালে গাওঁৰ মানুহে আমাক লঘোণে নাৰাখে । হাতীবোৰলৈও বেয়া লাগে । সিহঁতৰ জেগা আমি দখল কৰিছো বাবেই সিহঁতৰ এই অত্যাচাৰ । আজিও বোলে পাহাৰ আৰু জংগলৰ পৰাই হাতীবোৰ জাক পাতি নামি অহা মনোজে দেখিছে । “
               দুই বুঢ়া বুঢ়ীৰ কাজিয়াখন সদায় আলোচনালৈ ৰূপান্তৰিত হৈ শাম কাটে ।
                 বুঢ়াই ৰাতিপুৱাই উঠি গাঁওখনত খোজ কাঢ়ে । গা পা ধুই পিতামহৰ দিনৰ নামঘৰটোত চাকি জ্বলাই কীৰ্ত্তন পঢ়ে । তাৰ পিছতহে ৰাতিপুৱাৰ ফিকা চাহকাপ পিতলৰ ঘটিত খায় মানে ৰাতিপুৱা দহটা বাজে । বুঢ়াক কোনেও সংশোধন কৰিব নোৱাৰিলে । বুঢ়াৰ দুয়োজন ভায়েকৰ অৱস্থা খুব ভাল । সিহঁতৰ এজনে যোৰহাট চহৰত মাটি বাৰী কিনি থকা কৰিলে আনজনে তিনিচুকীয়া চহৰত । আগতে ঘনাই আহ যা হৈছিল । যোৱাৰ সময়ত সিহঁতে ধানে , শাকে , চাহপাতে সকলো বান্ধি লৈ যায় । মুহিধৰ বুঢ়াৰো ফিতাহি লেখত লবলগীয়া । ঘৰলৈ থাকক নাথাকক ভায়েকহঁতক বেছিকৈ বান্ধি দি পঠাই । আজিকালি ভায়েকহঁতে বছৰত এবাৰ এখন্তেক দেখা দিয়ে কেতিয়াবা নিদিয়েও । তাৰো কাৰণ আছে দুই ভায়েকৰ ছোৱালীৰ বিয়াত মুহিধৰে নিজৰ জমিদাৰী বংশৰ ফিতাহি মাৰিব যাওঁতে দৰাঘৰীয়াই মানধৰা কাপোৰৰ দীঘলীয়া তালিকা এখন বঢ়াই দিলে । যাৰ ফলত দুই ভায়েকৰ অযথা বেছি খৰচ হল ।
                মন্দিৰটোত বুঢ়ীয়ে চাকি জ্বলাই পূজা কৰে । বুঢ়াই কোৱামতে মন্দিৰটো ককাইদেউতাক দিনত । তেখেতে সৰুৰ পৰাই শিৱভক্ত আছিল । পিছে এদিন মহাপুৰুষ জনাৰ কথা শুনি বনুৱা লগাই নামঘৰ বনাই দিলে । গোটেই চুবুৰীটোই নামঘৰে হওঁক বা মন্দিৰে হওঁক এই চৌহদতে তাহানিৰ পৰাই আজিলৈ নামঘৰত মাহ প্ৰসাদ আৰু মন্দিৰত সোমবাৰৰ ভগৱান শিৱৰ ভাগৰ ভোগ খায় ।
                    বুঢ়াৰ লৰা দুটাইও বাপেকৰ দৰেই পুৰণি সময়খিনিক ধৰি নাথাকি মিলিটাৰীত চাকৰি পাই গুচি গল । হওঁতে বাপেকে অলপ আপত্তি কৰিছিল । পিছত বুঢ়ীয়ে হাহাকাৰ লগাই দিলে , ” পুৰণি কথাত বৰ ফিতাহি মাৰি থাকিলে থকা ভেটি ও উচন হব । “
                 দুই পুত্ৰৰ বোৱাৰী দুইজনী প্ৰথম ঘৰতে আছিল । এমাহমান যোৱাৰ পিছত বুঢ়ীয়ে বোৱাৰীহঁতক পুতেকহঁতৰ লগত পঠাই দিলে ।
                 আজি দুদিনমানৰ পৰাই এখন চাৰিচকীয়া বাহন মুহিধৰ বুঢ়াৰ পদুলিত ৰয় । বগা কপাহীত নীলা বুটাবচা শাৰী এখন পিন্ধি বাহনৰ পৰাই নামি আহি বুঢ়াক নমস্কাৰ জনাই কয় বোলে বুঢ়াই তেওঁৰ ঘৰত থকা পুৰণিকলীয়া সম্পদবোৰ তাইক দেখাব লাগে । তাই এটা সংগ্ৰহালয়ত সেই বস্তুবোৰ থব । আমাৰ পুৰণিকলীয়া বস্তুবোৰ নতুন সমাজখনে এই সুযোগতে দেখাও পাব ।
                     বুঢ়াই প্ৰতিবাদ কৰি কলে , ” কাৰোবাৰ চাব মন গলে মোৰ ঘৰত আহি চাব । প্ৰয়োজন হলে ঘৰৰ গোটেই চৌপাশটোৱে সংগ্ৰহালয় বনাই দিম । তথাপি পিতামহৰ দিনৰ বস্তুবোৰ ঘৰৰ পৰাই নিব নিদিওঁ । “
                        মহিলাজনীয়ে বুঢ়ীৰ লগতো কথা পাতিলে । ফল নহল । বুঢ়ীয়ে কলে , ” মানুহজনক মই এনেই গালি পাৰো । মানুহজনৰ মনটো ভাল । মানুহক দি আৰু সহায় কৰি খুব ভাল পাই । নিজৰ নাথাকিলেও থকাখিনিকে ভগাই থাকে । এতিয়াও তেওঁ ককাইদেউতাকৰ দিনতে জীয়াই আছে । সেয়ে বগলী বগা ধুটি আৰু পিৰণ পিন্ধি ককাইদেউতাকৰ ৰূপৰে নাল বন্ধোৱা লাখুটি দাল লৈ মুৰত পাগুৰি মাৰি জমিদাৰ ভাবত খোজ কাঢ়ে । আপোনাক বস্তুবোৰ কোনো মূল্যত নিব নিদিব । “
                   বহুদিন চেষ্টা কৰিও সফল নহল । উপায় হীন হৈ মহিলাজনীয়ে মুহিধৰ বুঢ়াৰ জিলাৰ সদৰত এখন চৰকাৰী ফিল্ডত অনুষ্ঠান পাতিলে । এখন অটো ভেনত বুঢ়াৰ বস্তুবোৰ মহিলাজনীয়ে বনুৱা লগাই সুন্দৰকৈ যত্নৰে উঠাই দিলে ।  তিনি ঘণ্টা পিছত মহিলাজনীৰ চাৰিচকীয়া বাহনৰ পিছত চিটত বুঢ়া বুঢ়ীক বহাই ললে । বুঢ়াই কাঁহ এটা মাৰি ডিঙিটো চাফা কৰি লৈ মহিলাজনীক সুধিলে , ” পুৰণিকলীয়া বস্তুবোৰ কিয় অনুষ্ঠান পাতি দেখুৱাব লগা হল ? মই বস্তুবোৰ নিজৰ মানুহৰ প্ৰতি থকা টানটোৰ বাবেই ৰাখিছো । মই আৰু আমাৰ এওঁ থকালৈ বস্তুবোৰ আমাৰ লগতে থাকক । যিজনে অন্তিমত মৰিব চিতাত উঠাই দিলে হল । “
                   মহিলাজনীয়ে আগৰ চিটৰ পৰা পিছলৈ চালে । আজি তেওঁৰ পিন্ধনত তাতশালত বোৱা সেন্দুৰীয়া মেখেলা চাদৰ এযোৰ । গলত ( অসমীয়া গহনা ) পোৱালমণি এধাৰ । কপালত ৰঙা ফোট এটা । শিৰ উকা । ভালকৈ কথা নাপাতিলে মাগুৰবৰণীয়া ওখ লাহী মহিলাজনী অাদিবাসী বুলি কোনোৱে কব নোৱাৰে । এটা হাঁহিৰে তেওঁ ডিঙিটো আগলৈ ঘুৰাই গাড়ী চালকক ৰাস্তাৰ দিশ দেখাই গল । নিৰ্দ্দিষ্ট স্থানত গাড়ীখন ৰখোৱাৰ পিছত মহিলাজনীয়ে নিজেই গাড়ীৰ পৰাই নামি বুঢ়া বুঢ়ীক গাড়ীৰ পৰাই দৰ্জাখন খুলি হাতত ধৰি নমাই আনিলে ।
                   বুঢ়াই চচমাৰ তলেৰে চকুদুটা ডাঙৰ কৰি চালে ফিল্ডখনৰ এটা মুৰে সুন্দৰকৈ বুঢ়াৰ ঘৰৰ পুৰণিকলীয়া ভিন্ন বস্তুবোৰ সজাই থোৱা আছে আৰু সন্মুখত এখনকৈ নামফলক । তাৰে কিছুমান বস্তু আছে যাৰ শুদ্ধ অসমীয়া শব্দটো নামফলকৰ পৰাই হে বুঢ়াই জানিব পাৰিছিল । বুঢ়াৰ সেই বস্তুবোৰ সকলো বয়সৰ মানুহৰ লগতে স্কুলীয়া জাক জাক লৰা ছোৱালীয়ে ভিৰ কৰি কৰি চালে । ফটো ললে । নামবোৰ বহীত ১, ২, ৩ কৈ লিখি ললে । মহিলাজনীয়ে বাৰে বাৰে মুহিধৰ বুঢ়াক বহিবলৈ চকীখন আগুৱাই দিলে । জোৰ কৰিলে বহুত । নবহিলে বুঢ়াই । সপোনটো আংশিক পূৰণ হল । ককাইদেউতাকৰ দৰেই কোচত নাতিলৰাক বহাই পুৰণিকলীয়া সাধু শুনোৱা নহব পাৰে কিন্তু সিহঁত নিজৰ নাতি নহলেও সিহঁতৰ লগত বুঢ়া বুঢ়ীহাল মিলি পৰিল  । জাক জাক স্কুলীয়া লৰা ছোৱালীৰ জনাৰ আগ্ৰহ দেখি বুঢ়াই কৈ গল । ভাগৰ নালাগিল তেওঁৰ । আপদীয়া কাঁহটোও নুঠিল । চফল ডেকা লৰাৰ দৰেই সাধুৰ দৰেই লগা সচাঁ কথাবোৰ শুনাই গল । ককাই কৈছিল , ” বগা চাহাব আছিল তেতিয়া । সিহঁতে ৰাস্তা বনাই ললে । আমাক যাব নিদিয়ে । মই ৰাস্তা কিনি ললো । তাকো পাহাৰ সম জহা ধান দি । সিহঁতে এখন জীপ গাড়ীত যায় । অসমীয়াই জুমি জুমি চায় । বাগানৰ আদিবাসীবোৰে গাড়ীৰ শব্দৰ ভয়তে জুপুকা লাগে । সিহঁতে দেশ এৰোতে সেই গাড়ীখন ও মই কিনি ৰাখিলো । পিছত যেনিবা গাড়ীখনে দিগদাৰ দিয়ে দেখি গুৱাহাটী চহৰৰ গেৰেজ এটাত থৈ আনিবৰ নহল । বেয়া গাড়ী তাতে এৰি থৈ আহিলোঁ । দুৰ হয় তেতিয়া গুৱাহাটী । নতুন ৰাজধানী শিলং আছিল ।  বগা চাহাব সকলো বেয়া নাছিল । আমাৰ গাঁৱৰ মুৰৰ মিছনাৰী স্কুল খন সিহঁতে বনোৱা । আমাৰ চৌহদত , গাঁৱত সোমাব নিদিয়া বহুত মানুহক সিহঁতে পঢ়াই শুনাই সিহঁতৰ ধৰ্মৰ শিক্ষা দিলে । ” ককাকৰ কথাখিনি কৈ মুহিধৰ বুঢ়াই চকুপানী মুচি বুঢ়ীলৈ চালে । বুঢ়ী আৰামী চকীখনত বহি মহিলা জনীয়ে দিয়া আপেল টুকুৰা মুখলৈ নিলে ।
             কমলা বুঢ়ীয়ে মহিলাজনীক কলে , ” এই অনুষ্ঠানটো দুদিনমান বঢ়াই দিব নোৱাৰিনে আই । “
             অনুষ্ঠান এসপ্তাহ জুৰি চলিল । বুঢ়া বুঢ়ী ঘৰমুৱা নহল । তাতে ৰাতি জুহালত জুই পুৱাই বহি মহিলাজনীক আৰু তেওঁৰ লগৰ মানুহখিনিক সাধু কলে । অন্তিম দিনা বহুত অভিভাৱক আহিল । বুঢ়াক অনুৰোধ কৰিলে , ” আপোনাক আমি ব্যৱস্থা কৰি দিম । চহৰৰ মাজমজিয়াত থকা যুৱ সংঘটোত আপুনি সাধু কোৱা কৰ্মশালা পাতক । আপুনি ইমান সুন্দৰ সাধু কব পাৰে । আমাৰ সন্তানবোৰ দৌৰি আহে ইয়ালৈ । কয় ককাজনে ধুনীয়া সাধু কয় । সিহঁতে জানে এইকেইদিন খং কৰা নাই আমাক  । হয়নে ? ” সমস্বৰে অভিধাৱকে চিঞৰি উঠে , ” হয় । ”  ওপৰা ওপৰিকৈ কিছুৱে কলে , ” টি ভি আৰু ভিডিঅ গেম নিবিচাৰে । ৰিমোট কন্টল গাড়ীও । কয় ককাজনে ধুনীয়া সাধু কয় । কোলাত ভগাই ভগাই সৰুবোৰক লৈছে । ককা , ককা গোন্ধ এটা আছে । পাৰফিউমৰ গোন্ধতকৈ ধুনীয়া , ধুলি মিশ্ৰিত মাটিৰ গোন্ধ । জানে আপুনি থকা বাবেই কাঁহী খালী কৰি ভাত খাই ইয়ালৈ দৌৰিছে , সাধু শুনিব । এনেয়ে আমি ভাতৰ কাঁহী লৈ তিনি ঘণ্টা যুঁজো নাখায় হে নাখায় । “
                 বুঢ়াই চকুহাল ডাঙৰ কৰি সুধিলে , ” ইহঁতৰ ঘৰত সাধু কোৱা মানুহ নাই নেকি ? “
                  প্ৰায় ভাগৰে কাৰণ এটাই চাকৰি , ব্যৱসায় সূত্ৰে দূৰত থাকে । ঘৰতে থকাবোৰৰ কিছুমানে ককা আইতাক বোৰৰ ভাগ বতৰা কৰিছে । খুৰাকৰ ভাগত ককাক বা আইতাক  , দেউতাকৰ ভাগত ককাত বা আইতাক  । সেয়ে মনৰ দুখত সিহঁতবোৰ মৌন ব্ৰতত ব্ৰতী । একেলগে থকা ককা আইতাক বোৰৰ সিহঁতৰ বোৱাৰীৰ লগত হোৱা মতাণক্যৰ ফলত সাধু নোলায় । আন কিছুমানৰ আকৌ ফেচনে বেলেগ । ঘৰত ছবি শিকোৱা মানুহৰ পৰাই ছবি নিশিকি টিউচন লয় । তেনেকে এতিয়া সাধু শিকোৱা কৰ্মশালাতো সন্তানবোৰক নাম লগাই দিবৰ মন ।
                  মহিলাজনীয়ে শেষত মাইকত ঘোষণা কৰিলে , ” মুহিধৰ ককাই যদি মানি লয় , মই সংগ্ৰহালয়ৰ নামত খুলা অনুষ্ঠানটো চহৰৰ মাজমজিয়াত থকা যুৱসংঘটোত থোৱাৰ ব্যৱস্থা কৰিম । তাতে ককাই মোৰ গাড়ীৰে সদায় আহি সংগ্ৰহালয়টোত সাধু কবা । যাৰ মন আছে নামভৰ্তি কৰিলে হল । ভৰ্তি মাচুল এশ টকা । মাহিলী মাচুল তিনিশ টকা । “
               মুহিধৰে মহিলাজনীৰ ওচৰ পাবলৈ দুখোজ দিলে । কলে , ” আইজনী , পইচা লৈ মই একো কামে নকৰো । “
               মহিলাই বুঢ়াক বুজালে , ” ককা , ফ্ৰী দিলে কৰ্মশালাখনৰ মানদন্ড নাথাকিব । সকলো আহি হেচা থেলা কৰিব । আপুনি চিন্তা নকৰিব । সেই পইচা কেইটাৰে আপোনাক অনা নিয়া কৰা গাড়ীত পেট্ৰোল ভৰাম আৰু শিশুহতৰ বাবেই বুট , মাহ , চকলেট , পানীৰ ফিল্টাৰ এটা কিনিম । সাধু কোৱা পৰীক্ষা পাতিম । যাৰ ভাল ৰিজাল্ট হব তাক পুৰস্কাৰ আৰু চাৰ্টিফিকেট দিম । “
              ভবামতে সকলো সমাধান হল । এদিন বুঢ়াই মহিলাজনীৰ হাতত এখন লিখিত দলিল কাগজ দিলে । কাগজত লিখা আছে ,  বুঢ়া বুঢ়ীৰ মৃত্যুৰ পিছত সংগ্ৰহালয়ৰ সম্প্ৰতিৰ দায়িত্ব তেওঁক অৰ্পন কৰা হল । বুঢ়াৰ চৌহদৰ নামঘৰ আৰু মন্দিৰৰ মাটিখিনিৰে সন্মুখভাগ তেওঁৰ নামত লিখি দিলে । বাকীবোৰ সম্পত্তি বুঢ়াৰ লৰা দুজনৰ নামত ।
             মহিলাজনীয়ে আপত্তি কৰিলে , ” মোৰ নিজৰ বহুত আছে । মোক একো নালাগে । “
              বুঢ়াই হাতযোৰ কৰিলে , ” মোৰ সপোনক সন্মান দিছা তুমি । পিছে সদায় সুধি থকাৰ দৰেই আজিও সোধো , কোননো তুমি ? “
             মহিলাজনীয়ে সাউতকৈ মুহিধৰ বুঢ়াৰ ভৰিখন চুই কলে , ” আপোনালোকৰ চাহ বাগানৰ লগুৱা প্ৰেম মুন্দাৰ ছোৱালী , অন্জু মুন্দা ।  সৰুতে এবাৰ মই বাগানত গান গাই থকা শুনি আপুনি মাতি নি গান গাব দি পাচ টকা দিছিল । সেই পাচ টকাৰে মই তিনি কিলোমিটাৰ নিলগত থকা মিছনাৰী স্কুলত মনে মনে নাম ভৰ্ত্তি কৰিছিলো । “
             ” পিছে আইজনী , সংগ্ৰহালয়ত জানো মানুহে সাধু শিকাই ? ” কমলা বুঢ়ীয়ে সুধিলে ।
                অন্জুয়ে হাঁহি মাৰি কলে , ” অসম আৰু অসমীয়া জাতি এই ৰূপত ভাগ ভাগ হৈ থাকিলে গোটেইখন গৈ সুদূৰ ভৱিষ্যতে সংগ্ৰহালয়ত সোমাবয়ে আৰু আইতা সাধু কোৱা আৰু শুনাটো সংগ্ৰহালয়ৰয়ে সামগ্ৰী হল । “
              কমলা বুঢ়ীয়ে ভিতৰত গৈ তাৰ পৰাই “খুটুং খাটাং” শব্দ কৰি বাহিৰলৈ ওলাই আহি অন্জুৰ হাতত এখন কাগজ দিলে , ” চিঠি এইখন ১৯৯৬ চনৰ । ডাঙৰ লৰাই ডাকত পঠাইছিল আৰু আছে দিম সংগ্ৰহালয়ত থব পাৰিবা ।”
             অন্জুই জলপান খাই যাব ওলাল । বুঢ়ীয়ে খুব আশাৰে তাইৰ পিনে চাই কলে , ” আই ও , তোমাৰ সংগ্ৰহালয়ত সম্পৰ্ক আৰু সম্বন্ধবোৰ ৰখাৰ ব্যৱস্থা কৰিবা দেই । “
           বুঢ়াৰ চকু চলচলীয়া হল । কত দিন গল আপোন সম্পৰ্কই ভুমুকি নামাৰা আনকি লৰা দুটাইও । ইমান ব্যস্তনে সিহঁত । অন্জু যোৱাৰ পিছত বুঢ়া বুঢ়ীয়ে হেচক লাইটৰ পোহৰত সাধু উলিয়ালে , ” এসময়ত এখন অসম বুলি ৰাজ্য আছিল । তাত বাৰেবৰণীয়া জাতিয়ে বৰ সমিল মিলেৰে আছিল । এদিন এজন ধ্বংসকাৰী দানৱ আহিল । কলে , তোৰ নাক নিমিলে , তোৰ চুলি , তোৰ চকু , তোৰ ভাষা । সকলোৱে দানৱৰ কথাত ভুল গৈ নিজৰ মাজতে যুঁজ দিলে । জাতিৰ যুঁজ । সেই যুঁজত দানৱৰ কূটনীতিৰ জয় হল । তাহানিৰ সুন্দৰ অসমভূমি খন্ডিত হল । ভিন্ন ভিন্ন জাতিয়ে নিজৰ ৰাজ্য লোৱাত অসম নাইকিয়া হল । এদিন সংগ্ৰহালয়ত ” অসম ” নামটো জিলিকি থাকিল । “
            বুঢ়ীয়ে সাধুটো শুনি চকুৰ পানী মুচিলে , ” হলেও বাগিচাৰ ভিন্ন ফুলে বাগিচাৰ শোভা বঢ়ায় । মাতৃভূমিতো ভিন্ন জাতিয়ে বাৰে বৰণীয়া কৰে । বাৰেবৰণীয়ায়ে ধুনীয়া যে । “
           অন্জুয়ে ভবামতে সকলো কৰিলে । সংগ্ৰহালয়ত ” সাধু ” যোগ হল । ভাৱিলে তাই বেছি দিন নাই আৰু ” সম্পৰ্ক” আৰু ” সম্বন্ধ” ৰ লগতে ” অসমীয়া ”  জাতিকো সংগ্ৰহালয়ত স্থান দিবলৈ ।

Related Articles

Check Also

Close
Close