শ্ৰীমহাকাল–ড০ খনীন পাঠক

বিভিন্ন পৱিত্ৰ তীৰ্থস্থানবোৰ বিভিন্ন আদৰ্শ আৰু মহানতাৰ নিদৰ্শনস্বৰূপ। অৱন্তী চহৰৰ ক্ষিপ্ৰা নদীৰ তীৰত অৱস্থিত শ্ৰীমহাকাল জ্যোতিৰ্লিংগও পৱিত্ৰ তীৰ্থস্থানবোৰৰ অন্যতম। ই এক পৱিত্ৰ চিন্তাৰ প্ৰতীক। অৱন্তীৰ ইতিহাস বৰ গৰিমামণ্ডিত। এই চহৰখনত ইতিহাসে ঢুকি নোপোৱা কালৰপৰাই বহুতো মহান আৰু প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। এই চহৰখন বিভিন্ন সময়ত বিভিন্ন ঋষি-মুনিৰ অৱদানেৰেও পূত-পৱিত্ৰ। প্ৰতিভাময়ী শিল্পী আৰু পণ্ডিতৰ অৰিহণাৰেও ইয়াৰ ইতিহাস ঐশ্বৰ্যমণ্ডিত। এসময়ত এই চহৰখন ভাৰতৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে জনা গৈছিল।

শ্ৰীমহাকালৰ গুৰুত্ব জানিবলৈ হ’লে আমি ইয়াৰ ইতিহাসৰ পাত লুটিয়াই চাব লাগিব। এটা সময়ত ঈশ্বৰৰ প্ৰতি আসক্তি বা ভক্তি বিভিন্ন অন্ধবিশ্বাস আৰু ৰীতি-নীতিৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। ফলস্বৰূপে এনে ধৰণৰ ৰীতি-নীতি আৰু কু-সংস্কাৰে আৱৰা ভক্তিয়ে মানুহক কোনো ভাল কামৰ বাবে অনুপ্ৰাণিত কৰিব পৰা নাছিল। পৰা নাছিল তেওঁলোকক এক নিৰ্ভয়, নিৰ্মল প্ৰশান্তিৰ সোৱাদ দিবলৈও। মানুহে যি ভক্তিৰ মাজত নিমজ্জিত হৈ আছিল, তাত আছিল মাত্ৰ উপৱাস, ভজন-কীৰ্তনৰ গান গোৱা, আৰু মন্দিৰ দৰ্শন কৰা। তেওঁলোকে প্ৰকৃত পূজা কেনেদৰে কৰিব লাগে তাৰ বিষয়ে সমূলি অজ্ঞ আছিল। নাস্তিকতাবাদো ক্ৰমাৎ বৃদ্ধি পাব ধৰিছিল। যেতিয়াই যথাৰ্থ পূজা-পাতলৰ অভাৱ হয়, পূজাৰ নামত অন্ধ ৰীতি-নীতি, কু-সংস্কাৰে গা-কৰি উঠে, নাস্তিকতাও বৃদ্ধি পায়। ‍‘‍‘বিপদত পৰিলেহে ভগৱানৰ নাম লোৱা, নহ’লে খাই-বৈ মস্তি কৰা’’—এনে ধৰণৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি পাই আহিছিল।

সেই সময়ত ক্ষিপ্ৰা নদীৰ পাৰত এজন ব্ৰাহ্মণে বাস কৰিছিল। তেওঁ বৈদিক চিন্তা-চৰ্চাৰে আৰু দৰ্শনশাস্ত্ৰৰ অধ্যয়ন কৰি নিষ্ঠাৰে ভগৱান শিৱৰ পূজা-অৰ্চনা কৰিছিল। তেওঁ ধৰ্ম-কৰ্মক যিভাৱে বুজিছিল সেইদৰেই পূজা-অৰ্চনা কৰিছিল। তাৰ ফলত সর্বসাধাৰণৰ কু-সংস্কাৰেৰে ভৰা নিৰৰ্থক পূজা-পাতলৰ প্ৰতি তেওঁ অলপো আকৃষ্ট হোৱা নাছিল আৰু নিজৰ পাণ্ডিত্য জহাই ফুৰা আন পণ্ডিতসকলৰ সৈতেও মিলিব নোৱাৰিছিল। এনেদৰে অকলশৰীয়াভাৱে জীৱন নিৰ্বাহ কৰাটো তেওঁৰ বাবে দুখ আৰু অশান্তিৰ কাৰণ হৈ উঠিছিল।

শিৱ হ’ল জ্ঞান আৰু কুশলতাৰ প্ৰতীক। জ্ঞান কেৱল ভালদৰে জীৱন যাপন কৰাৰ বাবেই প্ৰয়োজন নহয়, ভক্তিৰ ভাবনা জাগ্ৰত কৰিবলৈও জ্ঞানৰ প্ৰয়োজন। সেই সময়ত মানুহৰ মাজত ভুক্তি, আৰু মুক্তিৰ বিষয়ে জ্ঞানৰ অভাৱ আছিল। ভুক্তি হ’ল পাৰ্থিৱ সম্পদ ভোগ কৰা, ভক্তি মানে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু মুক্তি হ’ল নিৰ্বাণ লাভ কৰা। ব্ৰাহ্মণজন দুখী হোৱাৰ মূল কাৰণ আছিল জানি-শুনিও তেওঁ এই মানুহবোৰৰ মাজৰপৰা অন্ধবিশ্বাসৰ মোহাবৰণ খুলিব পৰাকৈ জ্ঞান বিলাবলৈ সমৰ্থ হোৱা নাছিল।

ব্ৰাহ্মণজনে সংস্কৃত ভাষাটো ভাল পাইছিল আৰু তাক কষ্ট কৰি শিকিছিল। তেওঁ ভক্তিৰ আচল অৰ্থ বুজি পাইছিল। কিন্তু তেওঁৰ মাজত সেই ক্ষমতা নাছিল যি ক্ষমতাৰদ্বাৰা বৈদিক সাহিত্যত সোমাই থকা মহান ভাবনা আৰু ধাৰণাবোৰ ৰাইজৰ মাজলৈ আনি ৰাইজক তাৰ প্ৰতি আকৃষ্ট কৰিব পাৰি। সাময়িকভাৱে ধ্যানমগ্ন হৈ তেওঁ সান্ত্বনা লভিবৰ যত্ন কৰিছিল। কিন্তু পুনৰ বাস্তৱ জীৱনৰ স’তে মুখামুখি হ’লেই তেওঁক হতাশাই ঘেৰি ধৰিছিল। তেওঁ ঈশ্বৰক খাটিছিল, ‍‘‍‘হে প্ৰভু, মই মানুহৰ এনে অজ্ঞতা আৰু চাই থাকিব নোৱাৰো। তুমি মোক বুদ্ধি, জ্ঞান আৰু ভক্তি দিলা হয়, কিন্তু আনক শিকাই তেওঁলোকক সু-পথলৈ আনিব পৰাৰ শক্তি নিদিলা কিয়? যিহেতু তুমি মোক সেই শক্তি নিদিলাই সেয়ে তুমি মোক এনে এজন পুত্ৰ সন্তান দিয়া যাক মই শিকাই-বুজাই তোমাৰ সমীপলৈ আনিব পাৰো। আৰু তোমাৰ কৃপাৰে তাৰ হতুৱাই মানুহৰ অজ্ঞান, অন্ধকাৰে আৱৰা ধাৰণাবোৰ নিঃশেষ কৰিব পাৰো।’’ দৰাচলতে আনৰ অজ্ঞতাই বহু সময়ত মানুহৰ উৎসাহ হ্ৰাস কৰিব পাৰে। সেয়েহে তেওঁ সদায় এই বিষয় লৈ চিন্তিত আছিল আৰু এজন পুত্ৰ সন্তানৰ প্ৰাৰ্থনা কৰিছিল।

সদাশিৱৰ কৃপাত এটা সময়ত এই ব্ৰাহ্মণজনে চাৰিজন পুত্ৰ সন্তান লাভ কৰিলে। তেওঁ তেওঁলোকৰ নাম ৰাখিলে যথাক্ৰমে—দেৱপ্ৰিয়, প্ৰিয়মেধা, সুব্ৰত, আৰু সুকৰ্মা। তেওঁ নামবোৰ বৰ সাৱধানেৰে দিছিল। এই নামবোৰেই তেওঁৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়ে।

প্ৰথম সন্তানজনৰ নাম আছিল দেৱপ্ৰিয়। যাৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰিয়। ঈশ্বৰৰ প্ৰিয়পাত্ৰ হ’বলৈ হ’লে তেওঁ মূৰ্খ, অজ্ঞানী বা ধূৰ্ত হ’ব নোৱাৰে।

দূৰদৰ্শী আৰু জ্ঞানী হ’বলৈ হ’লে মানুহ প্ৰিয়মেধা হ’ব লাগিব। মেধা মানে হ’ল পৱিত্ৰ আৰু স্বৰ্গীয় বুদ্ধি। যি কোনো ব্যক্তিকেই মহান কিবা এটা কৰিবলৈ হ’লে প্ৰথমে প্ৰয়োজন হ’ব মেধা বা প্ৰকৃত বুদ্ধি আহৰণ কৰাটো।

তেওঁৰ তৃতীয়জন সন্তানৰ নাম আছিল সুব্ৰত। ইয়াৰ অৰ্থ হ’ল ভাল, পৱিত্ৰ, ব্ৰত বা প্ৰতিজ্ঞা। অৱশ্যে কেৱল সংকল্প, চিন্তা বা প্ৰতিজ্ঞা সুন্দৰ আৰু পৱিত্ৰ হ’লেই নহ’ব, সেয়া কাৰ্যত ৰূপান্তৰিতও হ’ব লাগিব। সেয়েহে তেওঁ তেওঁৰ চতুৰ্থ পুত্ৰৰ নাম থ’লে সুকৰ্মা অৰ্থাৎ ভাল কাম বা ঈশ্বৰৰ কাম কৰা।

ব্ৰাহ্মণজনে তেওঁৰ পুতেককেইজনক ল’ৰালি কালৰপৰাই বৈদিক সংস্কৃতিৰ শিক্ষা দিছিল। অৱশ্যে কেৱল বিদ্যা হ’লেই পৱিত্ৰ কামবোৰ কৰি অঁটাব নোৱাৰি। তাৰ বাবে লাগে পূৰ্বজন্মৰ সু-চিন্তাৰদ্বাৰা আহিত কৰ্মফল। সেয়েহে গীতাত কৈছে, ‍‘‍‘শ্যাচনাম্ শীনতম গেহে যোগভ্ৰষ্টভি জায়ত।’’

ব্ৰাহ্মণজনে ভাবিছিল যে তেওঁ গোটেই পৃথিৱীকে সু-শিক্ষা দিব নোৱাৰিলেও অন্ততঃ নিজৰ ল’ৰাকেইজনক সুস্থ ধাৰণা, সু-চিন্তা আৰু প্ৰকৃত শিক্ষা দিব পাৰিব। সেয়েহে তেওঁ ল’ৰাহঁতক সদায় সৎ চিন্তা কৰিবলৈ, সু-সংকল্প ল’বলৈ উদগনি দিছিল আৰু সু-কামত আত্মনিয়োগ কৰিবলৈ তৎপৰ হ’বলৈ শিকাইছিল। কালক্ৰমত তেওঁলোকো বিদ্যা আৰু পাণ্ডিত্যেৰে পৰিপূৰ্ণ ব্যক্তি হৈ উঠিল।

ব্ৰাহ্মণজনৰ মৃত্যুৰ পাছত তেওঁৰ ল’ৰাকেইজনে তেওঁৰ নিৰ্দেশৰ কাম-কাজবোৰ কৰিবলৈ ধৰিলে আৰু শিৱ পূজাৰো অৱহেলা নকৰিলে। তেওঁলোকে জনসাধাৰণক মূৰ্তি পূজাৰ প্ৰকৃত অৰ্থ বুজাবলৈ চেষ্টা কৰিলে। অৱশ্যে নাস্তিক আৰু অজ্ঞ মানুহবোৰে তেওঁলোকৰ ক্ৰিয়া-কলাপক লৈ ঠাট্টা-মস্কৰা নকৰাকৈ নাথাকিল। সেয়েহে তেওঁলোকে আৰু কেইজনমান ব্ৰাহ্মণক লগত লৈ বৈদিক চিন্তা-চৰ্চা আৰু ধ্যান-ধাৰণা অক্ষুণ্ণ ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। লাহে লাহে ক্ষিপ্ৰা নদীৰ পাৰত জনমানসত ভক্তিৰ ৰস বিয়পাই দিবলৈ সমৰ্থ হৈছিল আৰু মানুহবোৰৰ জীৱন যাত্ৰাতো পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল।

মানুহ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল হৈ চলিব নোৱাৰে। সময়ে সময়ে মানুহে দিহা-পৰামৰ্শ আৰু শান্তিৰ বাবে আনৰ আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰে। এই নিৰ্ভৰতা হ’ব পাৰে শ্ৰীকৃষ্ণৰ দৰে ভগৱানৰ ওপৰত নতুবা লেনিনৰ দৰে মানুহৰ ওপৰত। কাৰোবাৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁৰ ওপৰত নিৰ্ভৰশীল হোৱাটো মানুহৰ স্বভাৱ। ব্ৰাহ্মণজনৰ পুতেককেইজনে এই সত্যটো ভালদৰে জানিছিল আৰু সেয়েহে তেওঁলোকে নিজে ভাল কাম কৰি মানুহবোৰৰ জীৱনলৈ পৰিৱৰ্তন অনাত সক্ষম হৈছিল। দুৰ্ভাগ্যবশতঃ আজিৰ মানুহে এই চাৰিজন ককাই-ভাই তথা আৰু তেনে বহুতো মহান ব্যক্তিৰ কথা নাজানে। এই ব্যক্তিসকলে ঈশ্বৰৰ নামত জনহিতকৰ কাম কৰি নিজৰ জীৱন উছৰ্গা কৰি গৈছে। এনে কিছুমান ব্যক্তিৰ কাম আৰু ত্যাগৰ বাবেহে আজিকোপতি আমাৰ ঐতিহ্যৰ ধ্বজা অম্লান হৈ আছে। এই মহান ব্যক্তিসকলক নজনাটো, তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ নকৰাটো আমাৰ অকৃতজ্ঞতাৰ নিদৰ্শন। আজিও হাজাৰ হাজাৰ মানুহ অৱন্তীৰ মহাকালৰ মন্দিৰলৈ যায়। কিন্তু অৱন্তীৰ পাৰত একালত ধৰ্মোদ্ধাৰ কৰা এই চাৰিজন ককাই-ভাইৰ কথা কমেইহে জানে। তেওঁলোকে ক্ষিপ্ৰাৰ দুয়োপাৰৰ মানুহৰ মাজত ভক্তিৰ ভাবনা জগাই তুলিছিল। সেয়া কৰিবৰ বাবে তেওঁলোকৰ হাতত একো যাদুৰ দণ্ড নাছিল। সম্ভৱ হৈছিল বছৰৰ পাছত বছৰ জোৰা তেওঁলোকৰ আশাশুধীয়া চেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত। কেনে ধৈৰ্য আৰু অটুট মনোবলৰ অধিকাৰী হ’লেহে এনে কাম কৰিব পাৰি সেয়া ধাৰণা কৰা বৰ সহজ নহয়। কেৱল এজন মানুহক উৎসাহিত কৰিবলৈকে বহু সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। কিন্তু সেই উৎসাহ চিৰদিনলৈ অক্ষুণ্ণ ৰখাৰ বাবে আৰু অধিক কঠিন কৰ্মসূচীৰ প্ৰয়োজন হয়। এই ব্ৰাহ্মণ-পুত্ৰকেইজনে শ শ মানুহৰ জীৱনলৈ স্থায়ী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। তাৰ ফলত ক্ষিপ্ৰা নদীৰ পাৰত এক ঐশ্বৰিক শান্তিয়ে বিৰাজ কৰিছিল। তাৰ দুয়োপাৰে প্ৰকৃত ভক্ত লোকে বসবাস কৰিবলৈ ল’লে।

এই ল’ৰাহঁতে যেতিয়া এনে কামত আত্মনিয়োগ কৰিছিল সেই সময়ত ৰত্নমাল পৰ্বতত দূষণ নামৰ ৰজা এজনে ৰাজত্ব কৰিছিল। দূষণ শব্দটোৰ অৰ্থই হ’ল যাৰ মাজত বহুতো বদগুণ আৰু দোষ ভৰি আছে। তেওঁৰ ঈশ্বৰ সম্পৰ্কে কোনো ধাৰণা নাছিল। তেওঁৰ বেয়া গুণৰ কোনো অভাৱ নাছিল। সেয়েহে মানুহে তেওঁক দূষণ বুলিছিল। তেওঁ ‘‘খোৱা’’, গান গোৱা আৰু আনন্দ কৰা’’ দৰ্শনত বিশ্বাসী আছিল। তেওঁ ঋষি-মুনিবিলাকক ভাল নাপাইছিল, কিন্তু গুণী আৰু বুদ্ধিমান মানুহক সন্মান কৰিছিল।

লাহে লাহে এই ব্ৰাহ্মণ-পুত্ৰকেইজনে তেওঁলোকৰ কৰ্মক্ষেত্ৰ ৰত্নমাললৈকে প্ৰসাৰ কৰিলে। কম সময়ৰ ভিতৰতে তাৰ সাধাৰণ ৰাইজ তেওঁলোকৰ প্ৰতি আকৃষ্ট হ’ল। দূষণে ঈশ্বৰৰ ভক্তসকলক মূৰ্খ বুলি ভাবিছিল। কিন্তু এই ব্ৰাহ্মণ-সন্তানকেইজনৰ খ্যাতিৰ বিষয়ে অৱগত হৈ ভাবিলে এওঁলোকক ইয়াত থাকিবলৈ দিয়াটো উচিত নহয়। মাতি অনাই তেওঁলোকক ক’লে, ‘‘তোমালোকে শীঘ্ৰে মোৰ ৰাজ্য ত্যাগ কৰি গুচি যোৱা।’’ কিন্তু ইতিমধ্যে তেওঁলোকে জন-হৃদয়ত স্থান দখল কৰি বহিছিল। সকলোৱে তেওঁলোকক এনেদৰে আঁকোৱালি লৈছিল যে দূষণৰ দৰে প্ৰতাপী ৰজাৰ নিৰ্দেশ সত্ত্বেও তেওঁলোক তাতে থাকিল। সেয়েহে দূষণে এওঁলোকক খেদিবৰ বাবে উপায় চিন্তা কৰিবলৈ ধৰিলে। সৰ্বসাধাৰণ ৰাইজৰ ব্ৰাহ্মণকেইজনৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা, ভক্তি আৰু প্ৰেম দেখি দূষণে প্ৰকাশ্যে তেওঁলোকক বন্দী কৰাটো কঠিন আছিল। দূষণে ব্ৰাহ্মণকেইজনৰ অপপ্ৰচাৰ কৰাত লাগিল। কেইজনমান অনুচৰৰ হতুৱাই বাটে-পথে তেওঁলোকক ইতিকিং কৰাব ধৰিলে। কিন্তু দূষণৰ এই ব্যৱস্থায়ো তেওঁলোকৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰিলে। দূষণৰ অনুচৰকেইজনে কৈ ফুৰিছিল যে এই ব্ৰাহ্মণকেইজন প্ৰকৃততে চোৰ। তেওঁলোকে ৰাইজক আভুৱা ভাঁৰি সুবিধা পালেই ধন-সোণ লৈ পলাই পত্ৰং দিব। কিন্তু মানুহবোৰৰ এওঁলোকৰ ওপৰত ইমানেই আস্থা জাগিছিল যে দূষণৰ অপপ্ৰচাৰেও তেওঁলোকৰ মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা নাছিল। সকলো প্ৰকাৰৰ চেষ্টাত ব্যৰ্থ হৈ দূষণে পোনপটীয়াকৈ ৰাইজক ক’বলৈ ধৰিলে, ‘‘চোৱা, এই বিদেশী মানুহকেইজন দুশ্চৰিত্ৰৰ। তেওঁলোকক ঘৰত সোমাবলৈ নিদিবা।’’ কিন্তু এইবাৰো কোনো ফল নধৰিল।

আচলতে দূষণ আছিল অতি নীচ আৰু দুষ্টপৰায়ণ ব্যক্তি। তেওঁৰ ব্ৰাহ্মণকেইজনক ৰত্নমালৰপৰা খেদিবৰ বাবে কৰা সকলো প্ৰচেষ্টা ব্যৰ্থ হোৱাত তেওঁলোকৰ জন্মস্থান অৱন্তীক আক্ৰমণ কৰাৰ সিদ্ধান্ত ল’লে।

দুষ্ট হ’লেও দূষণ আছিল প্ৰতাপী আৰু ঐশ্বৰ্যৱান। তেওঁৰ এটা ডাঙৰ সৈন্যবাহিনীও আছিল। এই সৈন্য-সামন্ত লৈ অৱন্তী আক্ৰমণ কৰি তেওঁ তাৰ জনসাধাৰণৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিলে। তেওঁৰ এনে দুৰন্ত আক্ৰমণত উপায়ান্তৰ হৈ ব্ৰাহ্মণ-ভাতৃকেইজনে মহাকালৰ মন্দিৰত গৈ শিৱক আৰাধনা কৰিবলৈ ধৰিলে। তেওঁলোকে ভ্ৰষ্টাচাৰী ৰজা দূষণক প্ৰতিৰোধ কৰাৰ ক্ষমতাৰ বাবে শিৱৰ আৰাধনা কৰিলে।

ব্ৰাহ্মণ-ভাতৃসকলৰ অনুগামীসকলৰ হাতত মাত্ৰ দুটা পথ আছিল, হয় অৱন্তীলৈ পলাই যোৱা নহয় দূষণৰ ওচৰত আত্মসমৰ্পণ কৰা। এনে বিপদৰ সময়তো তেওঁলোকে ধৈৰ্য হেৰুওৱা নাছিল। ৰাইজক বুজনি দি শান্ত কৰিছিল। ভগৱানক প্ৰাৰ্থনা কৰিছিল, ‘‘হে প্ৰভু, আমি নিস্বাৰ্থভাৱে তোমাৰ সেৱা কৰিছো আৰু কাৰ্যত আত্মনিয়োগ কৰি আহিছো। পিতাই দিয়া শিক্ষানুসৰি সজ্ঞানে একো ভুল নকৰাকৈ আমাৰ পৰম্পৰা আৰু মহান সাহিত্য অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা কৰি আহিছো। এনে ক্ষেত্ৰত আমাৰ সন্মুখত এনে দুৰ্দিন আহিছে কিয়? আমি যে এতিয়া সম্পূৰ্ণ বিপৰ্যয়ৰ সন্মুখত। তোমাৰ অবিহনে আমাৰ আৰু গতি নাই। এই সংকটত তুমিয়েই আমাক ৰক্ষা কৰা প্ৰভু।’’

অৱন্তীৰ চাৰিওফালে অশান্তিৰ ছাঁ পৰিছিল। সুন্দৰ তৰাভৰা নিশাৰ শান্ত, নীৰৱ নিস্তব্ধতাৰ মাজতো অৱন্তীবাসীৰ চকুত টোপনি নাহিল। তেওঁলোক দূষণৰ ভয়ত ত্ৰস্তমান। নিৰুপায়, ক্লান্ত নাগৰিকসকল উপায়ান্তৰ নেদেখি ক্ষিপ্ৰাৰ পাৰত একগোট হ’ল। সকলোৱেই সিদ্ধান্ত ল’ব নোৱৰা দোমোজাত পৰিছিল। তেওঁলোক অৱন্তী এৰি যাব নে দূষণে বিচৰা ধৰণে চলিবলৈ আৰম্ভ কৰিব। এক বুজনসংখ্যক নাগৰিক দূষণৰ কথা মতে চলি সহজভাৱে জীৱন নিৰ্বাহ কৰাৰ পক্ষপাতী আছিল। কিন্তু ব্ৰাহ্মণ-পুত্ৰকেইজনে তেওঁলোকক বুজনি দি তেওঁলোকৰ প্ৰাণত সাহসৰ সঞ্চাৰ কৰাত প্ৰবৃত্ত হ’ল। তেওঁলোকে ক’লে, ঈশ্বৰে দুৰ্বল আৰু নিশকতীয়া মানুহক কদাপি সহায় নকৰে। সৰ্বশক্তিমান ভগৱানে তেনে মানুহক পছন্দ নকৰে, যি অতি সহজেই হাৰ মানে। ‘‘ৰুটে শ্ৰান্তস্য না সখ্যয়া দেবাঃ।’’ সহজতে পৰাজয় স্বীকাৰ কৰি লোৱাটো হ’ল ভীৰু আৰু কাপুৰুষৰ লক্ষণ। আমি জানো ভীৰু? কাপুৰুষ? আমি ঈশ্বৰত আৰু বৈদিক চিন্তা-ভাবনাত বিশ্বাস ৰখা উচিত। আমি ঈশ্বৰৰ নিৰ্দেশত কাম কৰিছো। তেওঁ নিশ্চয় আমাক সহায় কৰিব।

এই বুজনিয়ে জনতাৰ প্ৰাণত পুনৰ ঈশ্বৰৰ প্ৰতি আস্থা ফিৰাই আনিছিল। অন্তৰৰ গভীৰতাৰপৰা তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰিলে, ‘‘হে প্ৰভু, আমি কঠোৰ পৰিশ্ৰম কৰিছো। কিন্তু নিশ্চয় আমাৰ এই প্ৰয়াস দূষণক পৰাস্ত কৰিব পৰাকৈ পৰ্যাপ্ত নহয়। এতিয়া হয় তুমি আমাক ৰক্ষা কৰা নতুবা আমাক ধৰি ল’বলৈ দিয়া যে আমি যি পথে চলি আহিছো এয়া ভুল পথ।’’

‘‘ভাবানি শংকৰৌ বন্দে শ্ৰদ্ধা বিশ্বাস ৰূপিনৌ।’’ (ভগৱান শিৱ, তুমি হ’লা বিশ্বাস আৰু আস্থাৰ প্ৰতীক) ব্ৰাহ্মণ-পুত্ৰকেইজনে জনতাৰ প্ৰাণত গভীৰ দৃঢ়সংকল্প আৰু ঈশ্বৰ-নিষ্ঠা স্থাপিত কৰিছিল। সেয়েহে ৰাইজে অলপো শংকা নৰখাকৈ অন্তৰেৰে সৈতে ধৰি লৈছিল যে ঈশ্বৰে ন্যায় আৰু শুদ্ধতা প্ৰতিপন্ন কৰিবই। তেওঁলোকৰ এনে বিশ্বাসত মুগ্ধ হৈ ঈশ্বৰে নিজে সোঁশৰীৰে ৰাইজৰ মাজত আবিৰ্ভাৱ হৈছিল আৰু সমস্ত সৈন্যবাহিনীৰে সৈতে দূষণক নিঃশেষ কৰিছিল। জনতাই বিনম্ৰভাৱে এই আগন্তুক সহায়কাৰী যোদ্ধাজনক সুধিছিল, ‘‘আপুনি কোন?’’

‘‘মই মহাকাল।’’

‘‘আপুনি নিজকে কিয় মহাকাল বুলি কৈছে?’’

কাৰণ মই আহিছো সেইসকলক সহায় কৰিবলৈ যাৰ প্ৰাণত আনৰো ভাগ্য নিয়ন্ত্ৰণ কৰিব পৰাৰ সাহস আছে। মই আহিছো অন্যায়-অসূয়া মষিমূৰ কৰাৰ উদ্দেশ্যে।

ৰাইজে তেওঁৰ প্ৰতি শ্ৰদ্ধাৰে মূৰ দোঁৱাই ক’লে, ‘‘হে প্ৰভু মহাকাল, এই পৃথিৱীত সুৰ-অসুৰ শক্তিৰ সংঘৰ্ষ চিৰদিন লাগিয়েই থাকিব। ভৱিষ্যতেও নিশ্চয় মানুহে আমাৰ দৰে এনে দুখ-যন্ত্ৰণা ভুগিব লগা হ’ব। সেয়েহে প্ৰভু, আমি আপোনাক বিনম্ৰ মিনতি জনাইছো আপুনি যেন চিৰদিন আমাৰ ৰক্ষক হৈ ইয়াতেই থাকে।’’

তেওঁলোকৰ প্ৰেম-ভক্তিপূৰ্ণ আৱেদনত অভিভূত হৈ ভগৱান মহাকালে অৱন্তীতেই থাকিবলৈ মান্তি হ’ল। ক্ষিপ্ৰা নদীৰ তীৰত ভগৱান মহাকালৰ প্ৰতীক হৈ এটা জ্যোতিৰ্লিংগৰ উদয় হ’ল আৰু সেয়া আজিলৈকে প্ৰেৰণা আৰু উদ্দীপনাৰ উৎস হৈ আছে।

মহাকালৰ কৃপাত অৱন্তীবাসীয়ে ধৰ্মত মতি ৰাখি, সৎপথত চলি ঈশ্বৰানুগ্ৰহ লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰত্যেক ৰাষ্ট্ৰৰে ইতিহাস পৰিৱৰ্তনৰ ইতিহাস। অৱন্তীও তাৰ ব্যতিক্ৰম নাছিল। প্ৰায় দুহাজাৰমান বছৰৰ পাছত অৱন্তীৰ গৌৰৱ-গৰিমাও অৱনতিৰ কৱলত পৰিল। তাৰ সাংস্কৃতিক, বৌদ্ধিক, আৰু ধাৰ্মিক মূল্যবোধ সলনি হৈ গ’ল। একালৰ ন্যায়নিষ্ঠ, ধৰ্মপৰায়ণ ব্যক্তিৰ বংশজসকল হৈ পৰিল ঘোৰ বস্তুবাদী আৰু ভোগবাদী।

ৰজা চন্দ্ৰসেনৰ আমোলৰ কথা। তেওঁ এজন ধাৰ্মিক ৰজা আছিল আৰু পৰম্পৰা অনুসৰি চলি অহা মহাকালৰ মন্দিৰৰ পূজা-অৰ্চনা বৰ আড়ম্বৰতাৰে সৈতে পালন কৰিছিল। অৱশ্যে এনে মহাপয়োভৰ আৰু জাক-জমকতাৰে পতা পূজা উৎসৱৰ গুৰুত্ব তেওঁ বুজিছিল নে নাই বা তেওঁ প্ৰকৃত ভক্তি কি সেয়া যথাৰ্থভাৱে জানিছিল নে নাই কোৱা টান।

সেই সময়ৰ মানুহবোৰ আছিল ধনী। জীৱন নিৰ্বাহ আছিল সহজ। কিন্তু তেওঁলোকৰ এটা প্ৰধান দুৰ্বলতাও আছিল। সেয়া হ’ল আধ্যাত্মিক গুণৰ অভাৱ। সংস্কৃতি সম্পৰ্কে কেতবোৰ ভ্ৰান্ত ধাৰণাই গা-কৰি উঠিছিল। ভুক্তি, ভক্তি আৰু মুক্তিৰ ধাৰণা প্ৰকৃত জ্ঞান থাকিলেহে সম্ভৱ। প্ৰকৃত আহৰণ নকৰাকৈয়ে তেওঁলোকে একোটা ধাৰণা লৈ আঁকোৰগোঁজ হৈ থাকিছিল। তাৰ ফলত সমাজৰ মৰ্যাদা ক্ষুণ্ণ হৈছিল। মানুহবোৰ স্বাৰ্থপৰ আৰু বস্তুবাদী হৈ পৰিছিল। পৰম্পৰানুসৰি চলি অহা পূজা-পাতলবোৰ কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ বাবেহে উদযাপিত হৈছিল। তাৰ বৌদ্ধিক আৰু মননশীল দিশটো ক্ৰমাৎ লোপ পাই আহিছিল।

গোপপুত্ৰ নামৰ এজন আঠবছৰীয়া ভেড়াৰখীয়া ল’ৰাই বিধৱা মাকৰ সৈতে অৱন্তীত বাস কৰিছিল। যথেষ্ট কষ্টৰ মাজেৰে হ’লেও মাকে ল’ৰাটোৰ সকলো প্ৰকাৰৰ যত্ন লৈছিল। আৰু বৰ উদ্বেগেৰে বাট চাই আছিল, কেতিয়া সি ডাঙৰ হ’ব আৰু তেওঁক খুৱাই-বুৱাই সুখেৰে ৰাখিব।

এদিনাখন গোপপুত্ৰই মাকৰ সৈতে মহাকাল মন্দিৰলৈ গৈছিল। প্ৰকৃততে কোনো এজন মানুহে কোনো এটা বিশেষ সময়ত ক’ত যায়, ক’ত থাকে সেয়া নিৰ্ভৰ কৰে ঈশ্বৰৰ ইচ্ছাৰ ওপৰত। কিছুমানে তাকে বিধাতাৰ লিখন বুলি কয়, কিন্তু প্ৰকৃততে ইমানবোৰ মানুহৰ ভিতৰত কাৰ লগত কাৰ সম্পৰ্ক ঘটে কোনেও তাৰ কাৰণ উলিয়াব নোৱাৰে। মন্দিৰত গৈ তেওঁ ৰজা চন্দ্ৰসেনক ধ্যানস্থ হৈ পূজা কৰি থকা দেখা পালে। মন্দিৰৰ এই পৰিৱেশে তেওঁক আপ্লুত কৰি তুলিলে। গোপপুত্ৰৰ পূৰ্বজন্মৰ সুকৰ্মৰ ফলস্বৰূপে প্ৰাণত এক উৎসাহৰ সঞ্চাৰ হ’ল। মহাকালৰ মন্দিৰে তেওঁৰ হৃদয়ত এক দ সাঁচ বহুৱালে।

সেইদিনাৰপৰা গোপপুত্ৰৰ খেলা-ধূলা বা আন পাৰ্থিৱ কাম-কাজবোৰ ভাল নলগা হ’ল। মন্দিৰৰ দৃশ্যই তাৰ হিয়া-মন আৱৰি ৰাখিলে। সময় পালেই সি চন্দ্ৰসেনে ধ্যানস্থ হোৱাৰ দৰে ধ্যানমগ্ন হ’বলৈ ধৰিলে। এদিন সি তেনেদৰে ধ্যানত মগ্ন হৈ বহি আছিল। দুপৰীয়া খোৱাৰ সময়। মাকে তাক কেইবাবাৰো মাতিলে। কিন্তু গভীৰ ধ্যানত মগ্ন সি একোকে শুনা নাপালে। ৰান্ধনিঘৰৰপৰা মাকে খঙতে তাক বিচাৰি আহি দেখিলে সি ধ্যানমুদ্ৰাত বহি মৌন হৈ আছে। সন্মুখত আছে বালিৰে সাজি লোৱা শিৱলিংগ এটা। মাক ইতিমধ্যেই ল’ৰাটোৰ মতি-গতি দেখি, তাৰ একোতে আগ্ৰহ নেদেখি অসন্তুষ্ট হৈ আছিল। আজি তাক এনেদৰে বহি থকা দেখি মাকৰ খং দুগুণে চৰিল। তাক চোঁচৰাই আনি গালি পাৰিবলৈ ধৰিলে, ‘‘জধামূৰ্খ ক’ৰবাৰ! তই কি কৰিম বুলি ভাবিছ? মই তোৰ ওপৰতেই ভৰসা কৰি আছো। পঢ়া-শুনা কৰি বিদ্যা আৰ্জি এদিন ডাঙৰ মানুহ হ’বি, ধন-সোণ আৰ্জিবি, মোকো ধৰ্ম-কৰ্ম কৰিবলৈ দি সুখত ৰাখিবি! তাৰ সলনি তই কৰিছ কি? বলিয়াৰ দৰে যেতিয়াই তেতিয়াই শিৱলিংগৰ সন্মুখত বহি চকু মুদি থাক? ইয়াৰদ্বাৰা জীৱনত একো কৰা নহ’ব। তোক লৈ মোৰ বহুত আশা আছিল।’’

এই ঘটনাৰ পাছৰপৰা গোপপুত্ৰৰ মন বৰ অস্থিৰ হৈ পৰিল। ভিতৰি ভিতৰি তাৰ বৰ খং উঠিল। মাকৰ প্ৰতিও সি বৰ বিৰক্ত হ’ল। কিয়নো তেওঁ কেৱল তাকেই নহয় খঙৰ ভমকতে ভগৱানকো যিহকে পাইছে তিহকে বলকিছে। বহু সময়ত বহুতো মাক-দেউতাকে অতি ঘনিষ্ঠভাৱে থাকিও ল’ৰা-ছোৱালীৰ মহানতা বুজিব নোৱাৰে। গোপপুত্ৰৰ ক্ষেত্ৰতো সেয়াই ঘটিছিল।

গোপপুত্ৰৰ মাকৰ তেনে ব্যৱহাৰত বৰ বিমৰ্ষ হ’ল আৰু তেনে মাকৰ গৰ্ভত ওপজা বাবে নিজকে পুতৌ কৰিলে। তাৰ অৱস্থা ৰামায়ণৰ ভৰতৰ দৰে হৈছিল। ভৰতেও মাকৰ প্ৰতি তেনে খং প্ৰকাশ কৰিছিল, ‘‘মই ৰামৰ দৰে আদৰ্শ ভাতৃক বনবাসলৈ পঠিয়াই ৰজা হোৱাৰ কথা ভাবিবই নোৱাৰো। এনে এটা ষড়যন্ত্ৰ কৰাৰ আগতে তুমি মোক ন’কলা কিয়? সম্ভৱতঃ মোৰ পূৰ্বজন্মৰ পাপৰ ফলতহে মই তোমাৰ গৰ্ভত জন্ম লৈছো। মোৰ পাপৰ মুক্তিৰ বাবে মই আত্মহত্যা কৰাহে উচিত হ’ব।’’ মাকক তেনেদৰে কৈ তেওঁ নিজকে নিজে ক’লে, ‘‘মই যদি মৰিও যাওঁ তথাপি তেওঁ ভৱিষ্যতেও আনৰ প্ৰতি অন্যায় কৰিব। গতিকে মই নহয় তেওঁহে মৰা উচিত। কিন্তু মই তেওঁক কেনেকৈ মাৰিব পাৰো যেতিয়া ৰামে নিজেই তেওঁক মাতৃ হিচাপে ইমান সন্মান কৰে!’’ গোপপুত্ৰৰ অৱস্থাও তেনেকুৱাই হৈছিল। এনে মাতৃৰ ঘৰত ওপজাটোৱেই ঈশ্বৰক অসন্মান কৰাহে। তাৰ আৰু একো খাব-ল’বলৈ মন নোযোৱা হ’ল। সকলো এৰি সি বিছনাতে শুই থাকিল। ঘটি যোৱা ঘটনাবোৰে তাক আমনি কৰিব ধৰিলে। শেষত মাকৰ টোপনি আহিলত সি হাতত সাৰে ভৰিত সাৰে ঘৰৰপৰা ওলাই গ’ল। কিছুদিন অ’ত-ত’ত অনাই-বনাই ঘূৰি ফুৰি এটা সময়ত সি এখন আশ্ৰমত উপস্থিত হ’লহি। সম্ভৱতঃ সেয়া আছিল ঋষি আয়ুৰৰ আশ্ৰম।

সেই সময়ত আশ্ৰমবোৰ বৰ প্ৰশস্ত আছিল। শ শ একৰ জোৰা ভূমি আশ্ৰমৰ অধীনত আছিল। আশ্ৰমবোৰ আছিল নানা গছ-লতিকাৰে ভৰা। ছাঁয়া দি থকা বিশাল গছৰ তলত ডাঙৰে বহি ধ্যান কৰিছিল আৰু সৰুবোৰে বিদ্যা চৰ্চা কৰিছিল। ইয়াতে গোপপুত্ৰই আয়ুৰ ঋষিৰপৰা জ্ঞান অৰ্জন কৰিবলৈ ধৰিলে। একে সময়তে তেওঁৰ শিৱৰ পূজা-অৰ্চনাও অকপট ভক্তিৰে চলাই থাকিল।

এদিনাখন গোপপুত্ৰই আয়ুৰ ঋষিক সুধিলে, ‘‘গুৰুদেৱ, মই বাৰু ভগৱান শিৱক দেখা পামনে?’’ শিৱৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰি আয়ুৰ ঋষিয়ে ক’লে, ‍‘‍‘শিৱ সকলোতে থাকে। গতিকে তেওঁ তোমাৰ মাজতো আছে। আচলতে তুমি নিজেই শিৱ, যি শক্তিৰ বলত তুমি কথা কৈছা সেই শক্তিয়েই শিৱ।‘’ তাৰ পাছত ঋষিয়ে তেওঁক এই মহান সত্যটো জনসাধাৰণৰ মজাত প্ৰচাৰ কৰিবলৈ উপদেশ দিলে। ঋষিৰ এই উপদেশে গোপপুত্ৰৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আনিলে। সৰুৰেপৰা তেওঁৰ হৃদয়ত থকা ভক্তিজ্ঞান আৰু বোধশক্তিয়ে পৈণতা পালে। তেওঁৰ আন্তৰিক ভক্তি কৰ্তব্যমুখী ভক্তিলৈ পৰিৱৰ্তিত হ’ল। বিদায় পৰত তেওঁ গুৰুক ক’লে, ‍‘‍‘হে গুৰুদেৱ মই আপোনাৰ কৃপাত বহুতো জ্ঞান অৰ্জন কৰিলো। বহু বছৰ ধৰি মই ধ্যানস্থ হৈ ঈশ্বৰৰ ভক্তি কৰিছোঁ। এতিয়া মই আপোনাৰ নিৰ্দেশমতে তাক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব খোজো।’’

প্ৰিয় ছাত্ৰজনক বিদায় দিওঁতে গুৰুও আৱেগিক হৈ উঠিছিল। এক আৱেগবিহ্বল পৰিৱেশত বিদায় লৈ গোপপুত্ৰই এক উদ্দেশ্য পূৰণৰ সংকল্পত নতুন যাত্ৰা আৰম্ভ কৰিলে। কিছুদূৰ গৈ তেওঁ এজোপা গছৰ তলত বিশ্ৰাম ল’লে আৰু তেওঁৰ নতুন কাৰ্যাৱলী কি হ’ব সেই বিষয়ে চিন্তা কৰিলে। তেওঁ মনে-প্ৰাণে নিজক ঈশ্বৰৰ কামত আত্মনিয়োগ কৰাৰ বাবে দৃঢ়সংকল্প, কিন্তু কেনেবোৰ কামনো ঈশ্বৰৰ কাম তাকে ভাবি বিমোৰত পৰিছিল। কি কাম হাতত ল’ব এই ভাবি তেওঁ ধ্যানত মগ্ন হ’ল। ধ্যানৰ মাজতেই তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ মাজতো এক ঐশ্বৰিক শক্তি আছে। এনে উপলব্ধিয়ে তেওঁৰ প্ৰাণত এক শিহৰণ তুলিছিল। তেওঁ অনুভৱ কৰিছিল ঈশ্বৰো তেওঁক লৈ পুলকিত আৰু তেওঁৰ বুদ্ধিমত্তা, ভক্তি, আৰু কৰ্ম-কৌশলতাক ভাল কামত লগাবলৈ বিচাৰি আছে। কিন্তু কেৱল ইচ্ছা আৰু বুদ্ধি থাকিলেই সমাজ-হিতকৰ কাম কৰিব নোৱাৰি। তাৰ বাবে ধনবল আৰু জনবলৰ দৰকাৰ। তেওঁ জনতাৰ প্ৰাণত যথাৰ্থ ভক্তি ভাবৰ উদয় কৰি সমাজখনক নিকা আৰু লোকহিতকৰ কামত লগাবৰ উপায় বিচাৰি মহাকালক স্মৰণ কৰিলে। ‘‘হে প্ৰভু মানুহৰ মাজত ভক্তিৰ অভাৱ দেখি মোৰ বৰ কষ্ট হৈছে। মোৰ মন যায় মই নিজকে আপোনাৰ কামত নিযুক্ত কৰো আৰু ৰাইজৰ প্ৰাণত পুনৰ শ্ৰদ্ধা, ভক্তি জাগ্ৰত কৰো। কিন্তু তাকে কৰিবলৈ কি পথ ল’ব লাগিব নাজানি মই বৰ বিমোৰত পৰিছো।’’

গোপপুত্ৰৰ কৰ্ম যোগৰ প্ৰতি প্ৰগাঢ় ইচ্ছাত মুগ্ধ হৈ ভগৱান শিৱ স্বয়ং আবিৰ্ভূত হৈছিল। তেওঁৰ হেঁপাহ দেখি ভগৱান শিৱই নিজহাতে তেওঁক এটা চিন্তামণি দান কৰিলে। এই চিন্তামণিয়েই তেওঁক সকলো কামৰ মাৰ্গ দৰ্শন দিব।

গোপপুত্ৰই চিন্তামণিটো লৈ মহাকালৰ মন্দিৰলৈ গ’ল। এই মন্দিৰতেই তেওঁ প্ৰথমে ঈশ্বৰ ভক্তিৰ প্ৰতি অনুপ্ৰাণিত হৈছিল। সেই মন্দিৰলৈ আহি আৱেগ-বিহ্বলতাত অভিভূত হৈ তেওঁ শিৱৰ ধ্যানত মগ্ন হৈ তেওঁৰ সম্ভাব্য কৰ্মসূচীৰ কথা ভাবিলে।

এদিন তেওঁ তাত প্ৰাৰ্থনা কৰি থকা সময়তে ৰজা চন্দ্ৰসেনেও তালৈ পূজা দিবলৈ আহিছিল। ৰজাই গোপপুত্ৰৰ কথা জানিছিল কিন্তু তেওঁৰ সন্মুখত থকা গোপপুত্ৰ সেই আগৰ দুৰ্বল গোপপুত্ৰ যেন নালাগিল। তেওঁ যেন জ্ঞানৰ আলোকেৰে জ্যোতিষ্মান হৈ আছে। সম্পদৰ অধিকাৰী কুবেৰৰ হাততো নথকা চিন্তামণিৰ দৰে সম্পদ হাতত ৰখা গোপপুত্ৰৰ প্ৰতি এতিয়া সকলোৱে আকৃষ্ট হোৱাৰেই কথা। ৰজা চন্দ্ৰসেনে এনে এজন সাধুপুৰুষ নিজৰ ওচৰতে পাই বৰ আনন্দিত হ’ল আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিলে। গোপপুত্ৰই ৰজাক ক’লে, ‘‘চন্দ্ৰসেন, মহাকাল মানুহৰ অদৃষ্ট সলনি কৰিব পৰা দেৱতা। এনে এজন দেৱতা তোমালোকৰ বংশৰ ইষ্টদেৱতা। তৎসত্ত্বেও তুমি পাৰ্থিৱ ভোগ বাসনাৰ বাবেহে ভক্তি প্ৰদৰ্শন কৰি আহিছা। সৰ্বসাধাৰণ ৰাইজে প্ৰচলিত ৰীতি-নীতি মানি অৰ্থহীন পূজা-অৰ্চনা কৰাটো সহজে গ্ৰহণ কৰিব পাৰি, কিন্তু তোমাৰ দৰে ৰজা এজনে, যাৰ বংশ মহাকালৰ যথাৰ্থ পূজাৰ বাবে আজিও শ্ৰদ্ধাৰ পাত্ৰ, কেৱল পাৰ্থিৱ ভোগৰ বাবে প্ৰাৰ্থনা কৰি পূজা কৰাটো জানো শোভা পায়? মহাকাল সেইসকলৰ প্ৰতিহে সন্তুষ্ট হয় যিয়ে সোঁতৰ বিপৰীতে সাঁতুৰিব পাৰে। সকলো বাধা মূৰ পাতি লৈও নিজৰ আৰু আনৰ ভাগ্য পৰিৱৰ্তন কৰিব পাৰে। আজি বহুবছৰ ধৰি আপুনি বৰ আড়ম্বৰেৰে নিয়মিতভাৱে পূজা-অৰ্চনা কৰি আহিছে। দৰাচলতে আপোনাৰ ভক্তি আৰু পূজা-অৰ্চনাইহে মোক সত্য অন্বেষণলৈ অনুপ্ৰাণিত কৰিছিল। সেই সূত্ৰে মই আপোনাৰ প্ৰতি কৃতজ্ঞ। কিন্তু আপুনি বাৰু নাভাবেনে যে আপোনাৰ ভক্তিত এটা গতিশীলতাৰ অভাৱ আছে। আপোনাৰ ভক্তিৰ বৃদ্ধি হোৱা নাই। ইয়াৰ কাৰণ হ’ল আপুনি আপোনাৰ ভক্তিৰ পৰিপূৰক হিচাপে ধাৰ্মিক কাম-কাজবোৰ হাতত লোৱা নাই। সেয়ে আপুনি এই দিশত মন দিয়া উচিত।

চন্দ্ৰসেনৰ হৃদয়ত প্ৰকৃত ভক্তিৰ মুকুল আছিলেই। গোপপুত্ৰৰ আপডালৰ সাৰ-পানী পাই সেই মুকুল এতিয়া পূৰ্ণ প্ৰস্ফুটিত পুষ্পলৈ পৰিণত হ’ল। ধৰ্মীয় কাম-কাজ ঈশ্বৰৰ কাম-কাজ বুলি কৰিব লগা কৰ্তব্য সম্পৰ্কে হোৱা নতুন উপলব্ধিয়ে তেওঁক এক নতুন ধাৰণা দিলে। তেওঁ গোপপুত্ৰক সুধিলে, ‘‘আপোনাৰ কথাত সত্যতা আছে। কিন্তু মোৰ কৰ্মমুখী ভক্তি কেনে হোৱা উচিত?’’

গোপপুত্ৰই ক’লে, ‘‘আজিৰ সমাজত মানুহে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ বৰ কষ্টেৰে আছে। অধিকাংশ মানুহেই হয় দুৰ্ভগীয়া নহয় নিৰুপায়। ভক্তি এতিয়া মাত্ৰ এটা প্ৰচলিত ৰীতি হৈ পৰিছে। যদি এয়া এনেদৰেই চলি থাকে ভৱিষ্যৎ বৰ দুখময় হ’ব।‘’

ৰাইজক সহায় কৰিবলৈ উৎসুক চন্দ্ৰসেনে কথাৰ মাজতে সুধিলে, ‘‘আপুনি ঠিকেই কৈছে। এতিয়া কওক মই কি কৰা উচিত। তাৰ বাবে যদি প্ৰয়োজন হয় মই মোৰ সমস্ত সম্পত্তি দিবলৈকো সাজু আছো।’’ ৰজা চন্দ্ৰসেনৰ দানৰ প্ৰতি থকা আগ্ৰহৰ মাজত কিছু অহংকাৰৰ গোন্ধ আছিল। গোপপুত্ৰই ক’লে, সম্ভৱতঃ আপোনাৰ জীৱন ধন-সম্পত্তিৰ পাছতেই ব্যস্ত। সেয়েহে আপুনি ধন-সম্পত্তিৰ কথাই ভাবিছে। কিন্তু আপুনি এই মায়াৰপৰা ওলাই আহক। মোৰ হাতত আপোনাৰ সকলো ধন-সোণতকৈও বহুত বেছি ঐশ্বৰ্য আছে। এইবুলি তেওঁ চিন্তামণিটো উলিয়ালে। লগে লগে গোটেই মন্দিৰটো আলোকিত হৈ উঠিল। তেওঁ চন্দ্ৰসেনলৈ চিন্তামণিটো আগবঢ়াই দি ক’লে, ‘‘আপুনি এই চিন্তামণিটো লওক আৰু তাক যত্নেৰে ৰাখক। ইয়াৰ প্ৰভাৱত আপোনাৰ ঐশ্বৰ্যৰ একো অভাৱ নহয়। গতিকে এতিয়া আপুনি সমাজৰ মাজত ঐশ্বৰিক কাম-কাজত আত্মনিয়োগ কৰক।’’ এইবুলি তেওঁ সমৰ্থৱান ৰজা চন্দ্ৰসেনক মণিটো দি দিলে। চন্দ্ৰসেনে গোপপুত্ৰক গুৰু মানি লৈ তেওঁৰ মাৰ্গ দৰ্শনত সমাজৰ কাম কৰাৰ বাবে কৃত সংকল্প হ’ল।

ইয়াৰ পাছত গোপপুত্ৰই মাকক দেখা কৰিলেগৈ। তেওঁ মাকক ক’লে, ‘‘তুমি বহুতো সম্পদ বিচাৰিছিলা। ঐশ্বৰিক যাদুসম্পন্ন চিন্তামণিৰ সহায়ত মই সকলো সম্পত্তি তোমাক আনি দিব পাৰো। তুমি সোণৰ পালেং আৰু ৰথ বিচাৰিছিলা নেকি?’’ পুতেকৰ কথা মাকে একো বুজি পোৱা নাছিল। তেওঁ শুনিছিল তেওঁৰ পুতেকে বহু সম্পত্তি আৰ্জি ঘৰলৈ আহিছে।

গোপপুত্ৰৰ চিন্তা আৰু জ্ঞান, ৰজা চন্দ্ৰসেনৰ পাৰদৰ্শিতা আৰু ঈশ্বৰৰপৰা পোৱা সম্পদৰ গুণত ভক্তি সংস্কৃতি পুনৰ স্থাপিত হ’ল।

কিছুদিনৰ ভিতৰতেই ওচৰ-চুবুৰীয়া ৰাজ্যবোৰে চিন্তামণি আৰু তাৰ যাদুশক্তিৰ খবৰ পালে। গতিকে চিন্তামণিটো পাবৰ বাবে তেওঁলোকে একগোট হৈ চন্দ্ৰসেনক আক্ৰমণ কৰিলে। চন্দ্ৰসেনেও তেওঁৰ সমৰ্থ সৈনিকশক্তিৰে সেই আক্ৰমণ প্ৰতিৰোধ কৰাৰ কথা ভাবিলে। কিন্তু গোপপুত্ৰই আক্ৰমণকাৰীসকলৰ স’তে শান্তিপূৰ্ণ আলোচনাৰ ব্যৱস্থা কৰিলে। তেওঁ গৈ তেওঁলোকক ক’লে, ‍‘‍‘মই জানো, আপোনালোক আটায়ে চিন্তামণিটো পাবৰ বাবে যুদ্ধলৈ উদ্যত হৈছে। কিন্তু আপোনালোকে জনাৰ প্ৰয়োজন যে এই যাদুৰ মণিটো কেৱল উপযুক্ত ব্যক্তিয়েহে পাবৰ যোগ্য। তদুপৰি তাক কেৱল যথাৰ্থ কামতহে ব্যৱহাৰ কৰিব পাৰি। আপোনালোকে যি ঐশ্বৰ্যৰ বাবে যুঁজলৈ ওলাইছে সেই সম্পদেই হ’ল নিৰৰ্থক! ‍‘‍‘সন্মিলনে নয়নাৰ নাহি কিঞ্চিদস্ত।’’ চিৰদিনলৈ চকু মুদ খালে একোৱেই বাকী নাথাকে।

গোপপুত্ৰৰ জ্ঞান, বাগ্মিতা আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগীয়ে আক্ৰমণ কৰিবলৈ ওলোৱা ৰজাসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলালে। তেওঁলোকে নিজৰ ভুল বুজি পালে। গোপপুত্ৰই তেওঁলোকক সা-সম্পত্তিৰ প্ৰতি থাকিব লগা আধ্যাত্মিক ধাৰণাবোৰ ব্যাখ্যা কৰি বুজালে। তেওঁৰ ব্যাখ্যাত আস্থা ৰাখি সেই ৰজাসকলে সংঘবদ্ধ হৈ ৰজা চন্দ্ৰসেনক তেওঁলোকৰ নেতা নিৰ্বাচন কৰিলে। ভগৱান মহাকালৰ আশীৰ্বাদপ্ৰাপ্ত গোপপুত্ৰই এনেদৰে সমাজৰ এক আমূল পৰিৱৰ্তন অনালে। সেই সময়ৰ সকলো পৰাক্ৰমী ৰজাই উপলব্ধি কৰিছিল যে ৰজা চন্দ্ৰসেন আৰু গোপপুত্ৰৰ পক্ষত ভগৱান মহাকাল আছে। সমাজৰ এনে বিশ্বাস আৰু পৰিৱৰ্তনত সন্তুষ্ট হৈ মহাকাল স্বয়ং আৱিৰ্ভূত হৈ সকলোৰে জীৱন ধন্য কৰিছিল।

এই গোপপুত্ৰজনাৰ আচল নাম আছিল শ্ৰীকৰ। তেওঁৰ বংশৰেই নৱম প্ৰজন্মত শ্ৰীকৃষ্ণই জন্ম গ্ৰহণ কৰিছিল। ভগৱান মহাকালৰ শক্তিয়ে মানুহক সবল কৰিব পাৰে আৰু নিৰ্ভীকো কৰিব পাৰে। যিবোৰ মানুহৰ কু-অভিপ্ৰায় থাকে আৰু কেৱল পাৰ্থিৱ আনন্দৰ প্ৰতি অনুৰাগী হৈ থাকে সেইসকল লোকে তেওঁক ভয় কৰে। আনহাতে যিবোৰ মানুহে আনৰো অদৃষ্ট সলনি কৰাৰ সাহস কৰি প্ৰকৃত চিন্তা আৰু কামত নিজকে নিযুক্ত কৰে মহাকালে তেওঁলোকৰ প্ৰাণত নিৰ্ভীকতাৰ সঞ্চাৰ কৰে। অৱন্তী চহৰক কেন্দ্ৰ কৰি এই পৰিৱৰ্তন ঘটিছিল। সম্প্ৰতি উজ্জয়িনী বুলি জনাজাত এই অৱন্তী তেতিয়াৰপৰাই গৌৰৱ-গাথাৰে মহীয়ান হৈ আহিছে। বহুতো মহান ৰজাই তাত ৰাজত্ব কৰিছিল। সাধু-মহন্তৰ আধ্যাত্মিক শিক্ষাই সকলো ৰাইজৰ জীৱন ধন্য কৰিছিল। সেয়েহে অৱন্তী চহৰ আৰু তাত থকা ভগৱান মহাকাল আমাৰ নমস্য।

মহাকালৰ মন্দিৰত বেলপাতেৰে পূজা কৰাৰ প্ৰথা চলি আহিছে। মানুহে হাজাৰ হাজাৰ বেলপাত দি আহিছে। কিন্তু সময়ৰ সোঁতত এয়া কেৱল প্ৰচলিত প্ৰথা হৈ পৰিছে। কিন্তু প্ৰকৃত ভক্তি জাগ্ৰত কৰিব পাৰিলে এখিলা বেলপাত অৰ্পণেই শিৱপূজাৰ বাবে যথেষ্ট। ভাৰতত এনে বহু পৱিত্ৰ স্থান আছে যাৰ সেই প্ৰাচীন মাহাত্ম্য পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজন হৈছে।

ভগৱান মহাকালৰ মন্দিৰৰ অস্তিত্বই আমাক সোঁৱৰাই দিয়ে যে বৰ্তমান আমাৰ সমাজক পৰিৱৰ্তনৰ প্ৰয়োজন। কিন্তু বাস্তৱ ক্ষেত্ৰত এয়া বৰ কঠিন কাম। বৰ্তমান বস্তুবাদৰ সোঁত ইমানেই প্ৰবল যে সদিচ্ছা লৈ কামত আগবঢ়া ব্যক্তিও সহজেই পতিত হয়। (এসময়ত সমাজৰ বাবে আন্দোলন কৰি নেতা হৈ মন্ত্ৰী হোৱা আমাৰ বহুতো ব্যক্তিৰ নৈতিক, আধ্যাত্মিক আৰু সামাজিক অধঃপতনে সমাজক অন্ধকাৰলৈ ঠেলি পঠিওৱা উদাহৰণেই আমাক সকীয়াই দিয়ে যে ধাৰ্মিক আৰু আধ্যাত্মিক আদৰ্শত অনুপ্ৰাণিত নহ’লে সমাজত পৰিৱৰ্তন আহিব নোৱাৰে। ভক্তি এক সামাজিক শক্তি। সেয়েহে ভক্তি অবিহনে সমাজৰ যথাৰ্থ বিকাশ সম্ভৱ নহয়।) অৱশ্যে ভগৱানে আমাক এতিয়াও শক্তিমান কৰি তুলিব যদিহে মানৱতাৰ অনুভূতিৰে মন-মন্দিৰ সজাই আমি সৎ কামত নিষ্ঠাৰে সৈতে যত্নৱান হওঁ। এই উদ্দেশ্য সাৰোগত কৰা ব্যক্তিসকলহে ভগৱান মহাকালৰ পূজা-অৰ্চনা কৰিবৰ যোগ্য।

চাৰিজন ককাই-ভাই ক্ৰমে দেৱপ্ৰিয়, প্ৰিয়মেধা, সুব্ৰত, আৰু সুকৰ্মই মহাকালক অৱন্তীলৈ আহিবলৈ বাধ্য কৰাইছিল। তেনেদৰেই শ্ৰীকৰ আৰু চন্দ্ৰসেনে আৰু হৃত মাহাত্ম্য ফিৰাই আনিবলৈ সক্ষম হৈছিল। সেয়েহে এই বংশোদ্ভূত শ্ৰীকৃষ্ণই ধৰ্মক ৰক্ষা আৰু অধৰ্মক মষিমূৰ কৰিবলৈ যুগে যুগে জন্ম লোৱা বুলি কৰা ঘোষণাটো একো আচৰিত নহয়।

আমাৰ ইতিহাস গৌৰৱময় ইতিহাস। ভগৱান মহাকালৰ মন্দিৰ দুষ্টৰ বাবে ভয়ৰ আৰু শিষ্টৰ বাবে নিৰ্ভয়ৰ কাৰক হৈ আজিও বিৰাজমান। আহক আমিও মহাকালৰ প্ৰতি প্ৰণিপাত জনাই কওঁ, ‍‘‍‘হে প্ৰভু যদি কোনো সৎ ব্যক্তিয়ে সমাজৰ পৰিৱৰ্তন বিচাৰি আপোনাৰ ওচৰলৈ আহে আপুনি যেনে তেনে সাহসী ব্যক্তিৰ প্ৰতি সদয় হয়।’’

Related Articles

Check Also

Close
Close