শ্ৰম দিৱসৰ প্ৰাসংগিক চিন্তা

নীহাৰিকা গোস্বামী

যোৱা ১ মে’ তাৰিখে সমগ্ৰ বিশ্বতে বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচীৰে শ্ৰমিক দিৱস পালন কৰা হয়। ভাৰতবৰ্ষত যদিও শ্ৰমিক দিৱসৰ ইতিহাস ৯৬ বছৰীয়া, কিন্তু বিশ্ব ইতিহাসত ই ১৩৩ বছৰীয়া হ’ল। অতকেইটা সোণসেৰীয়া বছৰ পাৰ কৰাৰ পিছতো শ্ৰমিকসকলে ন্যায্য প্ৰাপ্য পাবলৈ, অধিকাৰ পাবলৈ সক্ষম হৈছেনে? তেওঁলোক তেওঁলোকৰ ইতিহাস, সংগ্ৰাম আৰু অৰ্জিত অধিকাৰ সম্পৰ্কে জ্ঞাতনে? বৰঞ্চ বহু ক্ষেত্ৰত দেখা যায় যে ইতিমধ্যে অৰ্জন কৰা বহু অধিকাৰ লাহে লাহে হেৰুৱাব লগা হৈছে।

ঊনবিংশ শতিকাৰ সফল বিশ্ব প্ৰসাৰিত বিপ্লৱৰ সোণালী অধ্যায় আমি ইয়াত উল্লেখ কৰিব বিচৰা নাই। কেৱল ফঁহিয়াই চাব বিচাৰিছো স্বচক্ষুৰে প্ৰত্যক্ষ কৰা কিছু শ্ৰমিকৰ শোষিত-নিপীড়িত হোৱা বাস্তৱৰ জীয়া ছবি। সমাজৰ কিমান শতাংশ শ্ৰমিকক প্ৰকৃত অৰ্থত স্পৰ্শ কৰিব পাৰিছে শ্ৰমিক দিৱসৰ তাৎপৰ্যই। আমাৰ দৰে হয়তো আৰু বহু ব্যক্তি ওলাব যি স্বচক্ষুৰে অনুভৱ কৰিছে এচাম মালিকপক্ষই নিজৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ মুনাফা অৰ্জনৰ বাবে কিদৰে শ্ৰমিক এজনৰ শ্ৰম শোষণ কৰি হেলাৰঙে ন্যূনতম পাৰিশ্ৰমিক দি ন্যায্য প্ৰাপ্যৰপৰা বঞ্চিত কৰে। এয়া আজিৰ নহয়, তাহানিৰপৰাই মালিক-শ্ৰমিকৰ মাজত চলি অহা দ্বন্দ্ব এক বাস্তৱ ইতিহাস। তাহানিৰ সেই ১৮-২০ ঘণ্টীয়াকৈ কামত খটুওৱা পৰ্ব ঊনবিংশ শতিকাৰ মাজভাগত কাৰ্লমাৰ্ক্স আৰু এংগেলছৰ নেতৃত্বত গঢ়ি উঠা প্ৰতিবাদী কণ্ঠই ৮ ঘণ্টীয়া কৰিলে যদিও বৰ্তমান ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহৰ ওপৰত ক্ষেত্ৰ অধ্যয়ন কৰিলে সেই আইন কিমানদূৰ সফল হৈছে তাৰ বাস্তৱ ৰূপটো সম্পৰ্কে জ্ঞাত হ’ব পাৰি। শ্ৰমিক আইনক বুঢ়া আঙুলি দেখুৱাই পুঁজিপতি বা সমাজৰ শোষকপক্ষই শ্ৰমিকৰ শ্ৰম আদায় কৰিছেতো কৰিছেই, তাৰ বিনিময়ত ন্যূনতকৈ ন্যূনতম মজুৰি প্ৰদান কৰি শ্ৰমিকসকলক জীৱন-ধাৰণৰ প্ৰাপ্য মজুৰিৰপৰাও বঞ্চিত কৰিছে। তাৰ বিৰুদ্ধে কিন্তু শ্ৰমিকসকলে ঐক্যবদ্ধ সংগ্ৰামৰদ্বাৰা হৃত অধিকাৰ পুনৰ ঘূৰাই অনাৰ এক জোৰদাৰ সংগ্ৰাম থিয় কৰাব পৰা নাই। বিশ্বায়ন, মুক্ত অৰ্থনীতিৰ ব্যক্তিগতকৰণৰ ধামখুমীয়াৰ মাজত শ্ৰমিকসকলে যেন তেওঁলোকৰ সত্তাকে হেৰুৱাব লগা এক কৰুণ বাস্তৱৰ মুখামুখি হ’বলগীয়া হৈছে।

বৰ্তমান শ্ৰমিক সংস্থাসমূহে অসংগঠিত অৰ্থাৎ ফিক্সড্ পে’, আউট ছৰ্চিং কৰ্মচাৰীখিনিৰ বাবে ন্যূনতম মজুৰি ১৮,০০০ টকা ধাৰ্য কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে, অৱশ্যে সেয়া এতিয়াও কাৰ্যকৰী হোৱাগৈ নাই। পাৰিশ্ৰমিকৰ প্ৰসংগত আমি এটি আমাৰ দৃষ্টিগোচৰ হোৱা উদাহৰণ অৱগত কৰাব বিচাৰিছো। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত একেবাৰে নিম্নবৰ্গৰ কেইজনমান মজদুৰৰ লগত হোৱা আমাৰ অনানুষ্ঠানিক কথা-বাৰ্তাত আমি জ্ঞাত হ’ব পাৰিলো যে ১০-১১ ঘণ্টাকৈ প্ৰতিষ্ঠানটোত শ্ৰমদান কৰা মেহনতী মজদুৰ (দক্ষ-অদক্ষ) কেইজনৰ মাহিলি পাৰিশ্ৰমিক ৩০০০-৮০০০ টকা মাত্ৰ। এয়া মাত্ৰ এটি সৰু উদাহৰণ। আপোনাৰ-আমাৰ প্ৰাত্যহিক জীৱন-যাত্ৰাত যুকিয়ালে এনে বহু শ্ৰমিকৰ শোষণ-নিষ্পেষণৰ জীয়া দলিলৰ মুখামুখি হ’ম। সামাজিক অথবা আইনগত দিশৰপৰা নহ’লেও অন্ততঃ নিজৰ কায়িক কষ্টৰ কথা উপলব্ধি কৰি এই মেহনতী মজদুৰখিনিয়েও বুজে যে এয়া তেওঁলোকৰ উচিত পাৰিশ্ৰমিক নহয়। কিন্তু ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থাৰ আঁচোৰত তেওঁলোক আজি ক্ষত-বিক্ষত। মে’ত মজদুৰ, দিন-হাজিৰা কৰা মজদুৰৰ কথাতো বাদেই ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ মজদুৰসকলে এই ঐতিহাসিক দিনটো কিমানদূৰ উদযাপন কৰিব পাৰিলে সেয়া আজিৰ দিনত এক বিচাৰ্যৰ বিষয়।

ভাৰতৰ ইতিহাসত শ্ৰমিক বিপ্লৱে শতাব্দী গৰকিবলৈ মাজত আৰু কেইটামান বছৰ। তথাপি আজিকোপতি বহু প্ৰতিষ্ঠানৰ মেহনতী শ্ৰমিকে সঞ্চয় নিধি (Provident fund), কৰ্মচাৰী স্বাস্থ্য বীমা (Employee’s State Insurance-ESI) আদি সেৱা বা সুবিধাৰপৰা বঞ্চিত হৈ আহিছে। স্ব-অভিজ্ঞতাৰে ক’ব বিচাৰো আমাৰ ৰাজ্য কি সমগ্ৰ ভাৰতবৰ্ষৰে অধিকাংশ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত শ্ৰমিক আইন অনুসৰি থকা প্ৰতি ২৪০ দিনৰ বিপৰীতে ২০ দিন বছৰেকীয়া ছুটী ব্যৱহাৰ কোনো চিন-মোকামেই নাই। কৰ্মচাৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, প্ৰস্ৰাৱঘৰ আদি আন্তঃগাঁথনিৰ লগতে অন্যান্য আনুষংগিক বিষয়বোৰক এই আলোচনাৰপৰা দূৰতেই ৰাখিলো বাৰু।

সংগঠিত আৰু অসংগঠিত দুটা ভাগত বিভক্ত আমাৰ সমাজৰ শ্ৰমিকসকলৰ সংগঠিতৰ অন্তৰ্গত শ্ৰমিকসকলে শ্ৰমিক আইনৰ অন্তৰ্গত কিছু সুবিধা পাই আহিছে যদিও অসংগঠিত খণ্ডৰ শ্ৰমিকসকল মালিকৰ মৰ্জি আৰু দয়াৰ মাজতেই আবদ্ধ হৈ থাকিবলগীয়া হয়। আনকি অনুচ্ছেদ ৩৯(D)ৰ অন্তৰ্গত নিয়মীয়াভাৱে/সময় মতে বেতন দিয়া শ্ৰমিক আইনৰ এই ধাৰাও আনকি অৱজ্ঞা কৰি অহা হৈছে। এইক্ষেত্ৰত যেন চৰকাৰ, প্ৰশাসন, শ্ৰমবিভাগ আদি নিৰ্বিকাৰ, নিৰুদ্বেগ। আনকি চৰকাৰী খণ্ডৰ বিভাগ, উদ্যোগ আদিত কৰ্মৰত বহিঃউৎস (out source),ফিক্সড্ পে’ আদি কৰ্মচাৰীসকলৰ বাস্তৱ জীৱন যথেষ্ট পুতৌজনক।

শেষত নিজৰ দেশখনৰ প্ৰসংগতেই ক’ব বিচাৰো, ভাৰতৰ দৰে দাৰিদ্ৰ্যপীড়িত, কৃষিনিৰ্ভৰ অৰ্থনীতিৰ দেশ এখনৰ আইনেই একমাত্ৰ ন্যায্য প্ৰাপ্তিৰ সহায়ক হ’ব নোৱাৰে। তাৰ বাবে লাগিব জনমুখী বাস্তৱধৰ্মী কাৰ্যসূচী। প্ৰতিবাদৰ ভাষা হ’ব লাগিব আপোচবিহীন, নিৰ্বোধ, অশিক্ষিতজনৰ বোধগম্য হোৱাকৈ। নিম্নতকৈও নিম্ন বৰ্গৰ শ্ৰমিকজনে বুজি পাব লাগিব শ্ৰমৰ মূল্য, ভোগ কৰিব পাব লাগিব প্ৰাপ্য অধিকাৰ, সা-সুবিধা। তেতিয়াহে উলহ-মালহেৰে মে’ দিৱস পালনৰ সাৰ্থকতা ৰক্ষা হোৱাৰ লগতে দিৱসটোৰ ঐতিহ্যও ৰক্ষা পৰিব।

Related Articles

error: Content is copy right protected !!
Close