শ্বাহেনশ্বাহ আৰু বীণাবাদক

মূল: জয় গোস্বামী :- অনুবাদ: অঞ্জন শৰ্মা

বতাহ দেখা পোৱা নেকি? নাপাও, খোদাবন্দ্। কিন্তু উশাহ-
নিশাহ লৈয়েই তো আছা, অৰ্থাৎ বতাহ আছে। আছে হুজুৰ-
এ-আলম। বুজি ঠিকেই পাইছা, কিন্তু সন্দেহো আছে। সন্দেহ হ’ল
উশাহ-নিশাহৰ দৰেই। নহয় নে বাৰু? হয় জাঁহাপনা। শুনা,
যেতিয়া গছৰ ডাল ভাঙে, ঘৰৰ চাল উৰি গৈ পৰে
কোনো খেতিয়কৰ মূৰত, চৰাইৰ বাহ তলত পৰি থেতেলা খাই
মৰে পোৱালি – তেতিয়া বুজিব পাৰি যে বতাহ আছে। বতাহৰ
শক্তি আছে। একেদৰেই সন্দেহৰো শক্তি আছে। আছে নে ?
খোদাবন্দৰ কথাৰ ওপৰত কথা কবলৈ ময়েই বা কোন ?
নিশ্চয় আছে হুজুৰ। কিন্তু, অপৰাধ ক্ষমা কৰিব,
সন্দেহ কৰা কাম হ’ল গুপ্তচৰসকলৰ, উজীৰসকলৰ, আমিৰ –
উমৰাহসকলৰ। আনকি, যিজনা তখত্-এ- তাউচত আছে –
অৰ্থাৎ আপুনি – আপোনাৰো কাম হুজুৰ। কি কাম ? কি
কাম? কোৱা? এই যে এইমাত্ৰ আপুনিয়েই ক’লে হুজুৰ, সন্দেহ কৰা।
হয়, ঠিকেই, ময়ো সন্দেহ কৰো, ঠিকেই কৈছা, মছনদত
থাকিবলৈ হ’লে সেয়াও মোৰ কাম। কিন্তু জাঁহাপনা, মই
বীণাবাদক – আপোনাৰ সভাগৃহত, আপুনিয়েই মোক সুৰৰ
বাবে নিয়োগ কৰিছ। সুৰৰ সৈতে সন্দেহৰ সম্পৰ্ক কি
জাঁহাপনা?
মূৰ্খ ! তুমি কাকো সন্দেহ নকৰা বাবেই কোনেও তোমাক
সন্দেহ নকৰিব – সেয়াও হ’ব পাৰেনে? সভাসদসকল তোমাৰ ৰাগ-
ৰাগিণী নেকি? শুনা, তোমাৰ বিষয়ে বহু কথা মোৰ
কাণত পৰিছে। তোমাক এতিয়া যি যি প্ৰশ্ন কৰিম সেইবোৰৰ সঁচা
উত্তৰ দিবা, বুজিছানে?
খোদাবন্দ্, মই এক সামান্য বীণাবাদক। আপুনি দয়া
কৰিছে বাবেই আপোনাৰ সভাত মই বীণা বজাইছো,
সুৰবাহাৰ বজাইছো। আপুনি যেতিয়াই যি সুধিছে –
আজীৱন সেইবোৰৰ উত্তৰ দিছো। আপুনি সঙ্গীতৰ শিক্ষা
গ্ৰহণ কৰিছে মোৰ পৰাই। আপুনি কৰা প্ৰশ্নবোৰ আছিল সঙ্গীতক
লৈ, ৰেৱাজ আৰু তালিমক লৈ, ৰাগৰ বৈশিষ্ট্যক
লৈ। আপোনাৰ পিতৃয়েও মোক চিনি পাইছিল হুজুৰ। তেখেতেই
মোক ইয়ালৈ আনিছিল। তেখেতে কোনোদিনে কোৱা নাছিল
যে, সঁচা উত্তৰ দিবা। তেখেতে জানিছিল, মই সদায় সঁচা
উত্তৰেই দিও জাঁহাপনা।
বন্ধ কৰা কথা, যি যি সুধিম সকলোৰে সঁচা ক’বা নে কোৱা
আগতেই? খোদাবন্দ্, আপুনি সন্দেহ কৰে যে, মই সঁচা নকবও
পাৰো। এইখিনিয়েই এই ‘বান্দা’ৰ পক্ষে যথেষ্ট চাহেব-এ-
আলম। কি পাকলগোৱা কথা কৈছা? পাকলগোৱা নহয় হুজুৰ। আপুনি বহি
আছে মছনদত, হিন্দুস্থানৰ সিংহাসনত। মই বহি আছো
মাটিত, হাতত লৈ সুৰবাহাৰ। আপোনাৰ ধৰ্ম সন্দেহ, মোৰ ধৰ্ম সুৰ।
সন্দেহৰ উত্তৰ দি মই কিদৰে ধৰ্মচ‍্যুত হও কওক জাঁহাপনা?
তুমি জানো নাজানা তুমি কাৰ সৈতে কথা কৈ আছা? তোমাৰ চাল
মই বখলিয়াই পেলাব পাৰো, জানানে? আৰু ইয়াকো নিশ্চয় জানা,
সমস্ত দিল্লীবাসীয়ে মোক কিমান ডাঙৰ বাদ‍্যশিল্পী বুলি মানে। তুমি
দেখা নাইনে, কিমান ভীৰ হয় মোৰ বাজনা শুনিবলৈ?
জাঁহাপনা, আপুনি কলাকাৰ হিচাপে বিখ্যাত হৈছে সেয়া মাত্ৰ
তখত্-অত বহি আছূ বাবেই। প্ৰজাসবে দল বান্ধি আহে। কাৰণ, নাহিলে
যদিহে আপোনাৰ বিষদৃষ্টিত পৰি যায়। আপোনাৰ
ঘাতকসকলে ঘৰে ঘৰে গৈ জনাই দিয়ে, চুবুৰীয়ে চুবুৰীয়ে
ঘোষণা কৰে – ক’ত কেতিয়া হুজুৰে বাজনা বজাব। সেই বাজনা
শুনিবলৈ নাযাব এনে কলিজা আছে কাৰ? আপুনি মোক
বাসস্থান দিছে হুজুৰ, মোক পাৰিতোষিক দিছে – লৈ
লওক, সকলো লৈ লওক। যি যি দিয়া নাই সেয়াও লৈ লওক। যেনে এই
শিৰ।
তুমি কাৰ সন্মুখত কি কৈছা পাহৰি গৈছা বোধহয়। শিৰ যদি
নাথাকে, হা: হা:, শিৰহীন কৱন্ধই বীণা বজাব পাৰিব নেকি?
হয় হুজুৰ। নোৱাৰিম। আপুনি সত্য উত্তৰ বিচাৰিছিল, নহয় নে?
তেন্তে শুনক, সন্দেহ যাৰ ধৰ্ম, সুৰে তাক আশীষ নিদিয়ে।
আপোনাৰ হাত খুব নিপুণ, আপোনাৰ সৃষ্টি শুনিলে ক’বই লাগিব
লা-জবাব। কিন্তু সঙ্গীত ক’ত আপোনাৰ? বাজনাত মাথো
আপুনি শক্তি প্ৰদৰ্শন কৰে হুজুৰ। শক্তি প্ৰদৰ্শন – কোনো ৰাগৰেই অন্তৰ
আপুনি ষ্পৰ্শ কৰিব পৰা নাই কেতিয়াও। জাঁহাপনা, আপুনি ডাঙৰ।
আপুনি বহুত ডাঙৰ। কিন্তু আপোনাতকৈও ডাঙৰ কোনো কোনো
আছে, যাৰ ওচৰত মই গোলামৰো গোলাম।
কোন তেওঁলোক? কোন? কোন? নামবোৰ কোৱা? এতিয়াই কোৱা! হয়, হয়,
এনেধৰনৰ কথাই মই শুনিছিলো আমিৰ – ওমৰাহবোৰৰ মুখত।
কোৱা? কোৱা? কোন মোতকৈও ডাঙৰ কলাকাৰ? কাশিম শ্বেখ?
কাশিম ! নে হাইদৰ? দিলদৌলত হাইদৰ? নে চেলিম
মহম্মদ? কোন ? কোন ? কোৱা ? আৰু কাক কাক দিছা তোমাৰ
ঘৰাণাৰ প্ৰকৃত সম্পদ ? যাৰবাবেই তেওঁ মোতকৈও ডাঙৰ? কোন?
কোন তেওঁলোক ?
ক’লোৱেই দেখোন হুজুৰ, আপুনি মছনদত আছে, সন্দেহ আপোনাৰ
স্বভাৱ। আপোনাৰ ধৰ্ম মছনদত বহি থকা। সঙ্গীতৰ সৈতে থকাটো আপোনাৰ
কাম নহয়। সেয়ে সঙ্গীত আপোনাৰ স্বভাৱো নহয়।
পুনৰ সেই পাকলগোৱা কথা ! তোমাক শেষবাৰলৈ সাৱধান কৰি দিছো,
মোতকৈ ডাঙৰ কোন? মই কাৰদৰে ডাঙৰ নহয়? কোৱা
এতিয়াই !
জাঁহাপনা, মই পুৱা- গধূলি আপোনাক কুৰ্নিশ কৰো আপুনি ডাঙৰ
বুলিয়েই। কিন্তু আপুনি ৰাগ ভৈৰৱীতকৈও ডাঙৰ নে ? যেতিয়া প্ৰভাত হয়
তেতিয়া খৰজ, আলাপৰ সময়, অৱৰোহণত ভৈৰৱৰ যি – কোমল
ঋষভ আহে, আপুনি তাতকৈও ডাঙৰ নে? আপুনি দৰবাৰী
কানাড়াতকৈও ডাঙৰ নেকি? মিয়াঁ কি মলহাৰতকৈও ডাঙৰ আপুনি?
এইবোৰ শ শ বছৰ ধৰি ডাঙৰ আৰু আপুনি ডাঙৰ পাঁচ-দহ বছৰৰ বাবে।
মই এইবোৰৰ সন্মুখতেই সঁচা উত্তৰ দিয়াৰ চেষ্টা কৰি থাকো হুজুৰ।
তাকেই কৰি যাম। আপুনি বৰং আমিৰ – উমৰাহৰ কথাকেই বিশ্বাস
থাকক। মই আপোনাৰ পদতলত বহি থকা নাই জাঁহাপনা। বহি আছো
ৰাগ – ৰাগিণীৰ পদতলত। জীৱনৰ এটা এটা বয়সত এইবোৰে
এটা এটা ৰূপ লৈ আৱিৰ্ভূত হয়। মই এওঁলোকৰ খিদমৎ খাটো। মোক
বহুত মেহেৰবানি কৰিছে হুজুৰ-এ-আলমে, আপুনি শ্বাহেনশ্বাহ,
আৰু এটা মেহেৰবানি কৰক। আপোনাৰ জল্লাদসকলক মাতক এইবাৰ।
                                   [২৪/০৭/২০১৮]

Related Articles

Close