শৌচালয়ত ১৫ মিনিটৰ বেছি থাকিলেই বাজি উঠিব ঘণ্টা!

টোকাবহীৰপৰা:-মহাবাহু

চাংহাই, ২৮ অক্টোবৰঃ শৌচালয়ত বহি মনৰ সুখত কিতাপ পঢ়া, আলোচনী পঢ়াৰ দিন শেষ ! কামত ফাকি দি বাতৰিকাকত, আলোচনীৰ পৃষ্ঠা লুটিয়াই বা ম’বাইল ফোনত চিনেমা-মনোৰঞ্জনৰ অইন চেনেল চাই থাকি ঘণ্টাৰ পিছত ঘণ্টা শৌচাগাৰত অতিবাহিত কৰিব—সেয়া আৰু সম্ভৱ নহ’ব। ইচ্ছামতে পানীও খৰচ কৰিব নোৱাৰিব। ১৫ মিনিটৰ বেছি সময় শৌচাগাৰত থাকিলেই গ্ৰেপ্তাৰ কৰিব পুলিচে, অথবা পৌৰসভাৰ কৰ্মীয়ে বুজন পৰিমাণৰ জৰিমনা কৰিব।

ৰাজহুৱা শৌচাগাৰতেই বলৱৎ কৰা হৈছে এনে নতুন নিয়ম। দোকান-বজাৰ-চিকিৎসালয়-থানা-ষ্টেছন-চিনেমা হল, য’তেই নহওক কিয়, নিজৰ ঘৰৰ শৌচাগাৰৰ বাহিৰে অইন কোনো ৰাজহুৱা স্থানৰ শৌচালয়ত ১৫ মিনিটৰ অধিক সময় অতিবাহিত কৰিব পৰা নাযাব। এক ছেকেণ্ড বেছি হ’লেও জেল-জৰিমনা। ইমান কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে চীনৰ চাংহাই চহৰত। চাংহাই চহৰৰ শৌচালয় সাধাৰণ মানদণ্ডৰ নহয়, একেবাৰে ‍‘চেন্সৰযুক্ত স্মাৰ্ট টয়লেট’। শৌচালয়ৰ বিভিন্ন কোণত লগোৱা আছে কেমেৰা, হাই-টেক চেন্সৰ। শৌচালয়ত প্ৰৱেশ কৰাৰ লগে লগেই আপোনাক মূৰৰপৰা ভৰিলৈ নিৰীক্ষণ কৰিব ‍‘ইনফ্ৰাৰেড ৰশ্মি’য়ে।

বেৰবোৰত, বেচিনত, কলৰ বহিৰ্ভাগত লগোৱা আছে চেন্সৰ। শৰীৰৰ উষ্ণতা জুখিয়েই চেন্সৰে কৈ দিব কিমান সময় শৌচালয়ৰ ভিতৰত আছে, দেৰি হ’লেই বাজি উঠিব ঘণ্টা, ‍‘বিপদঘণ্টা’! তদুপৰি চেন্সৰে এয়াও জনাই দিব যে এজন ব্যক্তিয়ে কিমান পৰিমাণৰ পানী খৰচ কৰিছে। বেছি হোৱাৰ লগে লগেই জৰিমনা ! চাংহাই চহৰত এনে ধৰণৰ ১৫০টা ‍‘স্মাৰ্ট টয়লেট’ স্থাপন কৰা হৈছে। পানীৰ অপচয় ৰোধ কৰা, কৰ্মক্ষেত্ৰৰ ফাকি ৰোধ কৰা, অনাৱশ্যকভাৱে সময় অপচয় কৰা কাৰ্যক বাধা দিয়াৰ বাবেই চাংহাই পৌৰসভাই পুলিচৰ সৈতে যৌথভাৱে এনে পদক্ষেপ হাতত লৈছে।

পুলিচেও জনাইছে যে চহৰখনৰ নানা প্ৰান্তত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈও এনে উদ্যোগ লোৱা হৈছে। বহু ক্ষেত্ৰত দেখা যায় যে জেলৰপৰা পলোৱা আচামী বা অপৰাধীয়ে ৰাজহুৱা শৌচালয়তেই আত্মগোপন কৰে বা কোনো অপৰাধৰ পৰিকল্পনা কৰে। এনে ধৰণৰ বহুজনক সম্প্ৰতি আটক কৰা হৈছে। তদুপৰি ‍‘স্মাৰ্ট টয়লেট’ৰ ভিতৰৰ বতাহো পৰীক্ষা কৰিব চেন্সৰে। শৌচালয়ৰ ভিতৰত সোমাই লৈ কোনোবাই নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰিছে নেকি—তাকো পৰীক্ষা কৰিব চেন্সৰে। চাংহাইৰ এই প্ৰকল্পত প্ৰযুক্তিগত বিষয়বোৰত সাহায্য কৰিছে এম-আই-টি বিশ্ববিদ্যালয়ৰ গৱেষক মেনড্ৰিক হ্যাচেল-এ।

Related Articles

error: Content is copy right protected !!
Close