শোষিত

নমল দাস

আমি কি ভুল কৰিছিলোঁ
কেৱল নিজৰ প্ৰাপ্য বিচাৰিছিলোঁ
মূৰৰ ঘাম মাটিত পেলাই
তহঁতৰ বাবে শ্ৰম কৰিছিলোঁ ।

ক্লান্তি অৱসাদেৰে জৰ্জৰিত
দেহাটো লৈ আমি যেতিয়া
বিষন্ন মনেৰে ঘৰমুৱা হওঁ,
তেতিয়া তহঁত নিমগ্ন
বিলাসী জীৱনৰ নিচাত ।

তহঁতৰ অট্টালিকা, বিলাসী জীৱন
গঢ়ি উঠিছে আমাৰ শ্ৰমৰ বিনিময়ত
অথচ তহঁতৰ বন্দুকৰ গুলীৰে
আজি ৰাঙলী হল আমাৰ দেহ ।

সময় আহিব এদিন যিদিনা
ভাঙি চুৰমাৰ হব,
তহঁতৰ অহংকাৰ আৰু
অন্ত পৰিব শোষণৰ ।

Related Articles

Check Also

Close
Close