শেহতীয়া দিল্লী বৈঠকৰ ৰূপৰেখা

নিবাৰণ বৰা

১৯৮১ চনৰ ২২ জুলাই তাৰিখে প্ৰকাশ পোৱা নিবাৰণ বৰাৰ ‍‘‍‘শেহতীয়া দিল্লী বৈঠকৰ ৰূপৰেখা’’ শীৰ্ষক এটা উল্লেখযোগ্য প্ৰবন্ধ দাঙি ধৰা হ’ল…

১৯৮০ চনৰ অক্টোবৰ মাহৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত ভাৰত চৰকাৰে পুনৰবাৰৰ বাবে দমনমূলক কাৰ্য অনুষ্ঠিত কৰি আন্দোলন মষিমূৰ কৰাৰ সিদ্ধান্ত কৰে। ডিচেম্বৰ মাহৰ ৩১ তাৰিখলৈকে সত্যাগ্ৰহৰ কাৰ্যসূচীসমূহে চৰকাৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, বহুজন শ্বহীদ হ’বলগীয়া হয়। আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়, কিন্তু আন্দোলনৰ কাৰ্যসূচী নানা অত্যাচাৰেৰে স্থগিত কৰা হ’লে চৰকাৰী পৃষ্ঠপোষকতাত কিছু কিছু ধ্বংসাত্মক আৰু কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হয়। গুৱাহাটী-দিল্লীৰ মাজত কটকীয়ে মাকো মাৰিবলৈ ধৰে। মে’ মাহৰ ১৬ তাৰিখ (১৯৮১)ৰপৰা সাত মাহৰ বিৰতিৰ পিছত আকৌ আলোচনা আৰম্ভ হয়। ৩০ মে’লৈকে আলোচনা চলাৰ পিছত ১৬ জুনলৈকে আলোচনা স্থগিত ৰখা হয়। কিন্তু স্থগিত আলোচনা পুনৰ আৰম্ভ হয় ২৯ তাৰিখেহে। এইলানি আলোচনা ১৫ তাৰিখলৈকে চলে। আলোচনা আক্টোবৰ মাহৰ দৰে সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি ভাবিবলৈ থল থকা স্বত্ত্বেও ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ মন্ত্ৰী গিয়ানি জাইল সিঙৰ অনুৰোধমতে দুনাই ভাবি চাবৰ বাবে সময় বিচৰা হয় আৰু এইলানি আলোচনা স্থগিত ৰাখি পুনৰবাৰ আলোচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হয়। প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ থল নথকাৰ বাবে গ্ৰহণ কৰা হয়, কাৰণ চৰকাৰে বিষয়টোৰ ওপৰত নতুনকৈ চিন্তা কৰাৰ কথা সদৰি কৰে আৰু বিকল্প পন্থা উদ্ভৱ কৰিবলৈ চেষ্টা কৰাৰ কথাও কয়। তেওঁলোকৰ এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত প্ৰতিনিধিসকলৰ তৰফৰপৰা এইকথাও কোৱা হৈছিল যে আলোচনা গুৱাহাটীত হ’ব লাগে। নতুন দিল্লীৰ পৰিৱেশতকৈ এই আলোচনাৰ বাবে গুৱাহাটী বা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ অধিক সুস্থ। চৰকাৰে সেই পৰামৰ্শ যত্নসহকাৰে বিবেচনা কৰিব বুলিয়ে জনাইছিল।

মে’ মাহৰ আলোচনাত ভাৰত চৰকাৰে ১৯৬১-৭১ চনৰ কালছোৱাত যিসকল বিদেশীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰিলে সেইসকলৰ সম্বন্ধে এটা প্ৰস্তাৱ ১৩ মে’ তাৰিখে দাঙি ধৰে। সেই প্ৰস্তাৱৰ ওপৰত ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ তৰফৰপৰা ২৫ তাৰিখে লিখিতভাৱে জনাই দিয়া হয়। প্ৰস্তাৱটোৰ ওপৰত ৪ টা প্ৰশ্নৰ অৱতাৰণা কৰা হয়। এই ৪ টা প্ৰশ্নৰ ওপৰত নিজস্ব ব্যাখ্যা বিশ্লেষণ দাঙি ধৰি দাবী কৰা হয় যে চৰকাৰে যেন তেওঁলোকৰো নিজা ব্যাখ্যা আৰু বিশ্লেষণ দাঙি ধৰাৰ ব্যৱস্থা কৰে।

এটা প্ৰশ্নৰ ওপৰত তথা নাগৰিকত্ব প্ৰদান কৰা প্ৰস্তাৱটোৰ ওপৰত আমাৰ পিনৰ পৰা কৰা ব্যাখ্যাৰ বিপৰীতে ভাৰত চৰকাৰৰ আইন সচিবৰ তৰফৰপৰা এক লিখিত ব্যাখ্যা কৰা হ’লত ৩০ মে’ তাৰিখে তেওঁলোকে আটাইকেইটা প্ৰশ্নৰ ওপৰত ব্যাখ্যা দিয়াৰ প্ৰতিশ্ৰুতিৰে আলোচনা স্থগিত ৰাখে। স্থগিত আলোচনা পুনৰ আৰম্ভ হয় ২৯ জুন তাৰিখে। পিছে মিনি কমিটীতহে বিষয়বস্তুসমূহ আলোচনা হ’ব লাগে বুলি গৃহমন্ত্ৰী ডাঙৰীয়াই কৰা অনুৰোধমৰ্মে আমাৰ সদস্যসকলে ১ জুলাইত মিনি কমিটীত উপস্থিত হয়। চৰকাৰে লিখিত ব্যাখ্যা দিবলৈ ৰাজী নহ’ল। লিখিত ব্যাখ্যা নিদিলে ব্যাখ্যাসমূহ যথাযথভাৱে বিবেচনা কৰা সম্ভৱ নহ’ব। সেইবাবে প্ৰতিনিধি দলটোৱে চৰকাৰৰ ওচৰত পুনৰ দাবী জনায়। কিন্তু চৰকাৰৰ তৰফৰপৰা লিখিত ব্যাখ্যাৰ ঠাইত মৌখিক ব্যাখ্যা দিবলৈহে ৰাজী হয়। ফলত এক অচল অৱস্থাৰ সৃষ্টি হয়। বাতৰি-কাকতৰ জৰিয়তে বাক-বিতণ্ডা চলে। শেহত মন্ত্ৰী মহোদয়ৰ লগত সমূহ প্ৰতিনিধি দলৰ সাক্ষাতৰ ব্যৱস্থা কৰা হয় আৰু সেই সভাত মন্ত্ৰী মহোদয়ে ব্যক্ত কৰে যে গৃহ মন্ত্ৰণালয় আৰু আইন মন্ত্ৰণালয়ৰ তৰফৰপৰা এবাৰ নহয় আৱশ্যক হ’লে দহবাৰো ব্যাখ্যা কৰা হ’ব, কিন্তু লিখিত ব্যাখ্যা দাবী কৰিব নালাগে। মূল ব্যাখ্যাসমূহৰ বিতং ব্যাখ্যা দাঙি ধৰা হ’ব আৰু মিলি কমিটিৰ সদস্যসকলে লিখি ল’ব পাৰিব। আলোচনালৈ গৈ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাকে গ্ৰহণ কৰি ৬ জুলাই (১৯৮১) তাৰিখে মিনি কমিটীত ভাগ ল’বলৈ স্থিৰ কৰা হয়।

আলোচ্য বিষয় আছিল ১) অবৈধ বিদেশী নাগৰিক কোন?, ২) (ক) পাকিস্তানী নাগৰিকক ভাৰতীয় নাগৰিকত্ব আইন অনুসাৰে ভাৰতীয় নাগৰিকত্ব অৰ্পণ কৰা সম্ভৱ হ’বনে নহয়? (খ) যদি হয় কোন বিধি-বিধান অনুসৰি, ৩) অবৈধভাৱে প্ৰৱেশ কৰা লোকসকলৰ ভাৰতভূমিত ভূমিষ্ঠ হোৱা সন্তানসমূহ ভাৰতীয় নাগৰিকত্ব আইনৰ ৩ নং ধাৰা অনুসাৰে আৰু ভাৰতীয় জাতি গঠন আৰ্হি আৰু মূল গাঁঠনি অনুসাৰে ভাৰতীয় হয় নে নহয় সেই বিষয়ে আলোচনা কৰা, ৪) ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত অসমৰ ভূমি ৰাজহ বিধিৰ দশম অধ্যায়ৰ বিধান ভংগ কৰি ভগনীয়া পুনৰ সংস্থাপন কৰাটো বৈধ হৈছে নেকি?

প্ৰথম প্ৰশ্নটোৰ ওপৰত চৰকাৰী ব্যাখ্যা হ’ল। পুব পাকিস্তানৰপৰা সেই দেশৰ যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোক ভাৰতলৈ আহিছে তেওঁলোক পঞ্জীভুক্ত ভগনীয়া হওকেই বা নহওকেই, পাৰপত্ৰ লৈ অহা লোক হওঁকেই বা নহওঁকেই—তেওঁলোক বৈধভাৱেই ভাৰত ভূমিত আছে। অৰ্থাৎ বঙালী-হিন্দু মাত্ৰেই সাতখুন মাফ, তেওঁলোক নাগৰিক হোৱাৰ আৱশ্যক নাই, সমানাধিকাৰ পাব। অকল পাকিস্তানৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোককহে অবৈধভাৱে ভাৰতভূমিত থকা বুলি বিবেচনা কৰা হ’ব। দ্বিতীয় প্ৰশ্নটোৰ ওপৰত আমি ভাৰত চৰকাৰক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৮/৪/১৯৫৮ তাৰিখৰ মুখ্য ন্যায়াধীশ ৱাঞ্চু আৰু ন্যায়াধীশ জগত নাৰায়ণে যুটীয়াভাৱে প্ৰদান কৰা ৰায় আৰু ন্যায়াধীশ উনিয়ালে এলাহাবাদ উচ্চ ন্যায়ালয়ত ১৯৬২ চনত প্ৰদান কৰা ৰায়ৰ কথা উল্লেখ কৰিছিলো। তেখেতসকলে আমাক উচ্চতম ন্যায়ালয়ৰ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত ১৯৬৭ চনত দিয়া আপীল শুনানি ৰায়, আৰু পঞ্জাৱ, হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাৱাট্ৰে বনাম পঞ্জাৱ চৰকাৰ সম্বন্ধীয় ১৯৭৮ চনৰ ৰায়ৰ প্ৰতি দৃষ্টি আকর্ষণ কৰে। এই আটাইকেইটা ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি আমি আমাৰ মত দাঙি ধৰি কওঁ যে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায় বা উচ্চতম ন্যায়ালয়ৰ আপীল শুনানি ৰায়ে ৰাজস্থান ন্যায়ালয়ৰ মূল বিষয়বস্তু নাকচ কৰা নাই। অৰ্থাৎ পাকিস্তানী নাগৰিক হ’লে ভাৰতীয় নাগৰিকত্ব আইনৰ ৫(১)(ঙ) ধাৰামতেহে নাগৰিকত্ব প্ৰদান কৰিব পৰা হ’ব, এই উক্তি অক্ষত। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ আৰু উচ্চতম ন্যায়ালয়ৰ আপীলৰ ৰায়ৰ মাজত যি সামান্য দন্দ্ব আছে তাৰ বাবে ভাৰত চৰকাৰে সুবিধা গ্ৰহণ কৰিব নোৱাৰে। আইনত দন্দ্ব উপস্থিত হ’লে উচ্চ ন্যায়ালয়ৰ ৰায় নিজ নিজ এলেকাত প্ৰযোজ্য হ’ব। চৰকাৰে এই কথাৰ বিৰোধিতা কৰিব পৰা নাছিল।

চৰকাৰৰ আন এটা যুক্তি হ’ল যে গৃহ মন্ত্ৰণালয়ে ১৬/০৬/১৯৬৫ তাৰিখে এখন গোপন চাৰ্কুলাৰ জাৰি কৰি এই কথা বান্ধি দিছিল যে পূব পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোক পঞ্জীভুক্ত শৰণাৰ্থী হওকেই বা নহওকেই পাৰ পত্ৰ লৈ অহাজন হওক বা নলৈ অহাজন হওক সকলোকে পাইকাৰী হাৰে নাগৰিকত্ব প্ৰদান কৰিব লাগে। আৰু এই ‍‘নীতি-নিৰ্দেশমূলক আদেশ’ (Policy Instruction) আজিও বলবৎ আছে। আৰু সেয়ে এই চাৰ্কুলাৰ সকলোকে সামৰি ধৰি আছে।

তৃতীয় প্ৰশ্নটো সম্বন্ধে তেওঁলোকৰ মতামত আছিল যে ভূমি বিষয়টো ৰাজ্য চৰকাৰৰ আয়ত্বৰ বিষয়। এতেকে এই বিষয়ে ৰাজ্য চৰকাৰৰ ওচৰতহে ধৰ্ণা দিয়া উচিত হ’ব। ইয়াৰ বাবে ভাৰত চৰকাৰ দায়ী নহয়। আলোচনা আমনি লগাকৈ দীঘলীয়া হৈছিল। যিসকলে আলোচনাত লিপ্ত তেওঁলোকৰ বাদে আনসকলৰ বাবে বোধগম্যও নহয়, দিল্লীত পোন্ধৰ দিনৰ বাবে ইমান দীঘলীয়াকৈ কি খাৰ খাই থাকিবলগীয়া হৈছে। চৰকাৰৰ তৰফৰপৰা দাঙি ধৰা ব্যাখ্যাসমূহ খৰধৰকৈ দাঙি ধৰা হোৱা নাই। দাঙি ধৰা হৈছে যত্নসহকাৰে। দাঙি ধৰিবৰ সময়ত আলোচনা, বিলোচনা, পৰামৰ্শ গ্ৰহণ কৰা হৈছে। বিভিন্ন বিভাগৰপৰা, বিভিন্ন কমিটিসমূহৰপৰা আৰু সেই ব্যাখ্যা আৰু বিশ্লেষণ দাঙি ধৰাৰ লগে লগেই মৌখিকৰ উত্তৰ দিয়াৰ দৰেই আমি উত্তৰ দিবলগীয়া হৈছে। উচ্চ ন্যায়ালয়সমূহ চাৰিটা আৰু উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ সামূহিক ব্যাখ্যা আৰু বিশ্লেষণ কৰিবলৈ সময় দিয়া হৈছে মাত্ৰ এদিন। তথাপিও এই কথা ক’ব পাৰো যে আমাৰ পিনৰপৰা যত্নসহকাৰে যুক্তি নিৱেদন কৰা হৈছিল আৰু সেই যুক্তি প্ৰদর্শন অকাট্য আছিল বুলিয়ে আমি ভাবো।

চৰকাৰৰ ফালৰপৰা প্ৰথম প্ৰশ্নৰ ব্যাখ্যা দাঙি ধৰাৰ পিছত আমাৰ প্ৰত্যুত্তৰ আছিল এনেধৰণৰ যে চৰকাৰী ব্যাখ্যা শুদ্ধ নহয়, ভাৰত চৰকাৰে পূব পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ বাবে ভাৰতভূমিত প্ৰৱেশৰ বাবে অবাৰিতদ্বাৰ মুকলি কৰি থৈছিল, সকলো সময়ৰ বাবে এই কথা সঁচা নহয়। দেশ বিভাজনৰ সময়ত সাম্ৰাজ্যবাদী ইংৰাজসকলে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ৰদবদল কৰি ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। সেই প্ৰস্তাৱ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰত্যাখ্যান কৰিছিল (ভাৰতীয় জাতীয় কংগ্ৰেছ দল তেতিয়া অন্তৱৰ্তী চৰকাৰত অধিষ্ঠিত)। কিন্তু দেশ বিভাজনৰ আগে পিছে সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিয়ে। ভাৰতৰপৰা লাখৰ হাৰত মুছলমান সম্প্ৰদায়ৰ লোক বিতাড়িত হয়, লাখৰ হাৰত পাকিস্তানৰপৰা হিন্দু বিতাড়িত হয়। এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে ভাৰতৰ নতুন শাসনকৰ্তাসকল প্ৰস্তুত নাছিল। এতেকে ১৯/০৭/১৯৪৮ তাৰিখে মাজনিশা এখন অধ্যাদেশ জাৰি কৰা হ’ল। (Influx from Pakistan (control) Ordinance, 1948) পাকিস্তানৰপৰা প্ৰব্ৰজন ৰোধ কৰিবৰ বাবে প্ৰযোজ্য কৰা অধ্যাদেশ। এই অধ্যাদেশ অনুসৰি অকল পাৰ্মিট লৈহে ভাৰতত প্ৰৱেশ কৰাৰ অধিকাৰ দিয়া হয়। অন্যথাই শাস্তিৰ ব্যৱস্থা কৰা হয়। অধ্যাদেশখনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বেই সেইখনক আইনত পৰিণত কৰা হয় ১৯৪৯ চনত। ৮/০১/১৯৫০ তাৰিখে নেহৰু-লিয়াকৎ চুক্তি সম্পন্ন কৰা হয় আৰু ৩১/১২/১৯৫০ তাৰিখলৈকে ভাৰতৰপৰা পূব পাকিস্তান আৰু পূব পাকিস্তানৰপৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সুবিধা দিয়া হয়। তাৰ পিছৰপৰাই ‍‘পাচপোৰ্ট প্ৰথা’ জাৰি কৰা হয়। পাকিস্তানৰপৰা অহা ভগনীয়াসকলক শৰণাৰ্থীৰূপে পঞ্জীয়ন কৰাৰ কাম ৩১/০৩/১৯৫৮ তাৰিখে বন্ধ কৰা হয়।

১/০৪/১৯৫৮ তাৰিখৰপৰা ৩১/১২/১৯৬৩ তাৰিখলৈকে কোনো প্ৰব্ৰজন ঘটিছে বুলি ভাৰত চৰকাৰে স্বীকাৰ নকৰে। ১/০১/১৯৬৪ তাৰিখৰপৰা পুনৰ ভাৰতলৈ পূব পাকিস্তানৰ ভগনীয়াৰ সোঁত ব’বলৈ ধৰে। তাৰে কিছু অসমত প্ৰৱেশ কৰে। অসমে ৩১/০৩/১৯৫৮ তাৰিখলৈ ৯০ হাজাৰ ভগনীয়া পৰিয়ালক শৰণাৰ্থীৰূপে আশ্ৰয় দিছে। সেয়েহে পুনৰবাৰ ভগনীয়া পুনৰ সংস্থাপন কৰিবলৈ স্বীকাৰ কৰা নাছিল। কিন্তু বলেৰে কাগজে-পত্ৰই ৩২ হাজাৰ ভগনীয়া পৰিয়াল জাপি দিয়া হ’ল। পিছত দেখা গ’ল ১৩২৮ টা পৰিয়াল হ’লগৈ। তাৰোপৰি ২৪৭০টা পৰিয়াল, ৩৪৫৮টা পৰিয়াল আৰু ৩৬৬টা পৰিয়াল অসমত ৰৈ গ’ল। ৪/০৬/১৯৬৬ তাৰিখে ভাৰতৰ লোকসভাত অসমৰ তাহানিৰ সংসদ সদস্য প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ৩২০৫ নম্বৰ প্ৰশ্নৰ উত্তৰ দি তাহানিৰ বিদেশ মন্ত্ৰী চৰ্দাৰ চৰণ সিং ডাঙৰীয়াই পোনপটীয়াকৈ কৈছিল যে ভাৰত চৰকাৰে সিদ্ধান্ত কৰা অনুযায়ী ১/০৪/১৯৬৫ তাৰিখৰ পিছত বিনা পাৰপত্ৰই পূব পাকিস্তানৰপৰা কোনো লোককে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এতেকে এই পৰম্পৰা অনুসৰি পুব পাকিস্তানৰপৰা অহা সকলৰ বাবে জাহিৰ কৰা ‍‘অবাৰিত দ্বাৰ’ৰ দর্শন সঁচা নহয়।

১৯/০৭/১৯৪৮ তাৰিখে জাৰি কৰা অধ্যাদেশৰ হেতুকে ভাৰতীয় জাতি গঠনৰ আৰ্হি নিৰ্ণয় কৰাত ভাৰতৰ গণ পৰিষদে ভাৰতীয় সংবিধানৰ ৬(১) ধাৰাত এই তাৰিখটো সন্নিবিষ্ট কৰিছিল। এই তাৰিখৰ আগেয়ে অহা সকলক ভাৰতীয় বুলি গণ্য কৰিছে আৰু পাছৰসকলক পঞ্জীভুক্ত নহ’লে ভাৰতীয় নাগৰিকত্ব অৰ্জন নকৰিলে বা অৰ্জন কৰা নহ’লে ভাৰতীয় বুলি গ্ৰহণ কৰা নহ’ব বুলি প্ৰবন্ধ কৰিছে। ভাৰতীয় সংসদৰ ভাৰতীয় সংবিধান মৌলিক গাঁথনি সালসলনি কৰাৰ অধিকাৰ নাই। এই কথা উচ্চতম ন্যায়ালয়ে সাব্যস্ত কৰিছে। সেই একেই সূত্ৰ ধৰি এইকথাও পুনৰ প্ৰতীয়মান হয় যে ভাৰতীয় জাতি গঠনৰ মৌলিক গাঁথনি সালসলনি কৰাৰ অধিকাৰ ভাৰত চৰকাৰ বা ভাৰতৰ সংসদৰ নাই। ২৬/০১/১৯৫০ তাৰিখে এটা জাতি হৈছিল, যাৰ নাম ভাৰতীয় জাতি। ভৱিষ্যতে এই জাতিৰ যিসকল নাগৰিক হ’বলৈ বিচাৰে তেওঁলোকৰ বাবে সংবিধানৰ দহ অনুচ্ছেদত ভাৰতীয় সংসদক ক্ষমতা দিয়া হৈছে। সেই ক্ষমতা অনুসৰি ভাৰতৰ সংসদে ১৯৫৫ চনত ভাৰতীয় নাগৰিকত্ব আইন প্ৰণয়ন কৰিছিল। ১৯৫৬ চনত এই আইনৰ বিধিসমূহ প্ৰণয়ন হৈছে আৰু এতিয়ালৈকে অসমত ১,৬১,৩১৮ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে দৰ্খাস্ত কৰি নাগৰিকত্ব অৰ্জন কৰিছে। যিসকলে ভাৰতীয় নাগৰিকত্ব অৰ্জন নকৰিলে, কৰিবলৈ ইচ্ছা নকৰিলে ২৬ বছৰে, সেইসকল ভাৰতীয় নহয়—বিদেশী হৈয়ে ৰৈ গ’ল। তেনেজন লোক হিন্দুৱেই হওক, মুছলমানেই হওক বা নেপালীয়ে হওক, সংবিধান আৰু আইনৰ চকুত বিদেশী। দেশৰ বাবে, জাতিৰ বাবে তেওঁলোক বিদেশী। এইকথা সত্য যি চৰকাৰে সংবিধানত হাত থৈ শপত খাই ক্ষমতাত অধিষ্ঠিত হৈছে, আইনৰ এই সূত্ৰ মানি ল’বলৈ সেই চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰে।

(অঞ্জন শৰ্মাৰ ‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস’ গ্ৰন্থৰ পৰা)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!