শেষ হাঁহি

অঞ্জন শৰ্মা

মায়াবী মায়াৰে মায়াময় ভূমন্ডল
প্ৰিয়-পৰিজন, আত্মীয়-স্বজন, পাৰ্থিৱ
সম্পদ, অযুত স্মৃতি, আশাৰ ৰংঘৰ
সকলোৰে পৰা মুক্ত হৈ কি এক অনন্য
অনুভৱ
অনুভূতিহীন এক অনন্য অনুভৱ
আশ্বৰ্যকৰ অস্তিত্বহীন অস্তিত্ব
যন্ত্ৰণাহীন উদ্বেগহীন মায়াহীন
পোহৰ, আ:, অনন্ত পোহৰ, অলৌকিক
পোহৰৰ পোহৰ!
মৃত্যু, তুমি এক অনন্য শিল্পী, তুমি
অৱধাৰিত সত্য, তুমি জীৱনৰ সিপাৰৰ ঘাট
জীৱনৰেই অইন এক অৱস্হা তুমি মৃত্যু
কিন্তু, তোমাৰ জয়লাভ ক’ত?
কঠোপনিষদৰ…’ন জায়তে ম্ৰিয়তে
বা বিপশ্চিন্নায়ং…..ন হন‍্যতে হন‍্যমানে
শৰীৰে।’
মৃত্যু, তুমি জানো ষ্পৰ্শ কৰিব পাৰিলা মোক? মোৰ এই অবিনাশী
আত্মাক!
শৰীৰ মানেই মই নহয়, মৃত্যু, মোৰ শৰীৰ
সৌৱা পৰি আছে মহাশ্মশানত
ছিন্নভিন্ন হৈ লাওখোলা আৰু হৃদয়
তেজ, দুটাকৈ গুলীয়ে নিৰ্গত কৰা তেজ
তেজবোৰ এতিয়া ধুই পেলোৱা হৈছে
মোৰ শৰীৰ, অভিমন‍্যুৰ নিষ্প্ৰাণ শৰীৰ
বগা কাপোৰেৰে আবৃত মহাশ্মশানত
মৃত্যু, তুমি উল্লাসিত
দলে দলে আহিছে আত্মীয়-স্বজন, শোকাহত
নিয়মমাফিক নমস্কাৰ, পুষ্পনিক্ষেপ
ক্ষতবিক্ষত অভিমন‍্যু
কিছু পিছতেই চিতাত তুলি দিয়া হ’ব
‘ৰাষ্ট্ৰবিৰোধী’ অভিমন‍্যুক, অভিমন‍্যুৰ দেহটোক।
আত্মাহীন অভিমন‍্যু এতিয়া এটা মৃতদেহ
এটা নিষ্প্ৰাণ নিষ্পন্দ মৃতদেহ, ষ্পৰ্শ কৰিলেই
স্নান কৰিবলগীয়া ‘চুৱা মৰা-শ’
মই সেই মৃতদেহত নাই মৃত্যু, মই অবিনাশী
অজন্মা অমৰ
দেহ হত হ’লেও নিহত নোহোৱা মই
আত্মা
নিত‍্য, শাশ্বত, গীতাৰ-‘ন জায়তে
ম্ৰিয়তে বা কদাচিৎ…ন হন‍্যতে
হন‍্যমানে শৰীৰে!’
ক’তেই বা তোমাৰ জয় মৃত্যু!
ইতিমধ্যে চিতাত তুলি দিয়া হ’ল মোৰ মৰা-শ
অভিমন‍্যুৰ ক্ষতবিক্ষত মৃতদেহ
ঘিউ, শুকান খৰি, অগ্নি, বতাহ
দপদপকৈ জ্বলিছে চিতা
অগ্নিয়ে গ্ৰাস কৰিছে অভিমন‍্যুৰ মঙহ, হাড়, তেজ
মোৰ মৃতদেহ
উজীৰ-এ-আজম, চুবেদাৰ, ৰায়বাহাদুৰ,
মীৰজুমলা, ৰামসিংহ
বহু ৰথী-মহাৰথীৰ চক্ৰবেহুত
দুটাকৈ গুলীৰে ক্ষত-বিক্ষত মৃতদেহ মোৰ
জ্বলি আছে, মৃত্যু, মই জ্বলা নাই
মই এক অনুভূতিহীন এক অনন্য অনুভৱ
যন্ত্ৰণাহীন, উদ্বেগহীন, মায়াহীন
অস্তিত্বহীন অস্তিত্বৰ আশ্বৰ্যকৰ অনুভূতি
মই এক অনাবিল আনন্দময়তা, যদিও
জ্বলিছে মোৰেই মৃতদেহ
অভিমন‍্যুৰ মৃতদেহ….. মৃত্যু, ময়েই আত্মা।
শ্মশানত কোনোবাই উচ্চাৰিছে-‘বাসাংসি
জীৰ্ণানি যথা বিহায়!’
জীৰ্ণানি? জীৰ্ণ!!
অভিমন‍্যুৰ সুঠাম শৰীৰ জীৰ্ণ হোৱা নাছিল
নৱশৰীৰ গ্ৰহণ কৰাৰ সময় হোৱাও নাছিল
কিহৰ ‘জীৰ্ণানি…(?)’ মৃত্যু ??
তিলতিলকৈ হত্যা কৰা হ’ল অভিমন‍্যুক
মুক্তিকামী অভিমন‍্যুক, মৃত্যু, তুমি নিৰ্দোষ
মাতৃ পৰাধীন বুলি কোৱা অভিমন‍্যুক
বহু ৰথী-মহাৰথীয়ে চক্ৰবেহুত
তিলতিলকৈ হত্যা কৰাৰ ক্ষণত ‘জয়ী’ হ’লা
‘জয়ী’ উজীৰ-এ-আজমে অট্টহাস‍্য কৰিলে
ৰামসিংহই শংখধ্বনি কৰিলে
‘ৰাষ্ট্ৰদ্ৰোহী’ অভিমন‍্যুৰ ‘দৃষ্টান্তমূলক শাস্তি’ হ’ল
সেয়াই চৰম সতৰ্কবাণী
মোমাইকটা গড়ৰ নাম লোৱাসকললৈ
ইয়ান্ডাবু নাপাহৰাসকললৈ!
অভিমন‍্যুৰ চিতা জ্বলিছে
চুলি, চাল, হাত, ভৰি, বুকু, পিঠি
অগ্নিয়ে দাহ কৰিছে সমগ্ৰ অঙ্গ
লগে লগে জ্বলিছে লাচিতৰ চিতা
জ্বলিছে গোমধৰ, জীউৰাম, পিয়লিৰ চিতা
জ্বলিছে অসমৰ অনন্য ইতিহাস
জ্বলিছে শৰাইঘাট
জ্বলিছে ভাস্কৰবৰ্মা
জ্বলিছে শত-সহস্ৰ অভিমন‍্যুৰ চিতা
সকলো জ্বলিছে, মৃত্যু, মাথো জ্বলা নাই
মাতৃঋণ জমা হৈ থকা অভিমন‍্যুৰ নাভি
মৃত্যু, অগ্নিও পৰাজিত হ’ল, পৰাজিত তুমি
মানুহবোৰ ঘৰমুৱা হ’বলৈ আৰম্ভ কৰিছে
মৃত্যু, মই জাগি আছো, জাগি আছে
অভিমন‍্যুৰ নাভিমূল
মাতৃঋণ ইমান সহজ নহয় মৃত্যু
মাতৃভূমি, ভাস্কৰবৰ্মা, লাচিত, ইয়ান্ডাবু
সাতচল্লিশৰ দ্বিতীয় ইয়ান্ডাবু
এসত্তৰ বছৰৰ ইতিহাস
থুপ খাই আছে নাভিমূলত, নাভিমূল
সহজে নজ্বলে
নাভিমূলৰ দৰেই ময়ো নজ্বলো
মই আত্মা, অবিনাশী মই, মৃত্যু
তোমাৰ দংশন ক’ত?
হে মৃত্যু, চিতাগ্নিত জ্বলি ছাঁই হোৱা
অভিমন‍্যুৰ শেষ হাঁহি মই কালাতীত।
[১ আগষ্ট,২০১৮]

Related Articles

error: Content is copy right protected !!
Close