শিৰোনাম:অন্য এক কৰ্ণ

পৰিস্মিতা বৰদলৈ

নিষিদ্ধ এলেকাৰ কৰ্দয্যময়
গলিটোত,
গোপন অভিসাৰ চলে
তহঁতৰ ..
আদিম বাসনা বোৰে
সাৰ পায় নিঃসাৰ পৃথিৱীত ,
পাহ মেলে এটি কলিৰ…
ন মাহ দহ দিনৰ অজ্ঞাতবাস..
মনত পুঞ্জীভিত সংশয়,সন্ত্ৰাস
আৰু মই “মই” হৈ প্ৰকাশ ..
নাজানোঁ মই আইৰ বুকুৰ উম
নিচিনো মই আইৰ বুকুৰ অমৃত..
ডাষ্টবিনৰ পৰা গৈ বিচাৰি পাওঁ মোৰ আশ্ৰয়
এখনি অনাথালয়…
এইদৰেই হাজাৰ জনী কুন্তীৰ গৰ্ভত
জন্ম হয় মোৰ দৰে হাজাৰ কৰ্ণৰ।

Related Articles

Close