শিহঁৰণকাৰী ষ্টিলৱেল পথ

বিশ্বজিৎ বৰুৱা

মাৰ্ঘেৰিটাৰ হোটেল অৰুনাচলত ৰাতিটো কটাই পুৱতি নিশাই ওলাইছিলো আমি লিডু যেতিয়া পাইছিলোগৈ তেতিয়া পূৰ্বাকাশত সুৰ্যই ভুমুকি মাৰিছিল। এটা ফৰকাল ৰাতিপুৱা। লিডুৰ পৰা আৰম্ভ হৈছে ষ্টিলৱেল পথ। ৰহস্যময় ষ্টিলৱেল পথ। এৰা, ক’ত যে ৰহস্যময় কাহিনী যুক্ত হৈ আছে এই নামটোৰ সৈতে। এহাতেদি যি ৰহস্যময়, সিহাতেদি ঐতিহ্যমণ্ডিতও।পঞ্চাশ বছৰৰ বৰষুণে ধুই নিয়া ষ্টিলৱেল পথ আজিও আছে। আধা শতিকাৰ ইতিহাস বুকুত বান্ধি অসম-ব্ৰক্ষ্মদেশ সীমান্তৰ পৰা চীনৰ ৰেংগুণ পৰ্টলৈকে আজিও নিৰবে শুই আছে এই ষ্টিলৱেল পথ। পাংচু গিৰিপথৰ সিপাৰে থকা ষ্টিলৱেল পথৰ বাকীচোৱা হয়তো পাৰ হৈ যোৱা ৫০ বছৰে কোনো ভাৰতীয়ই চাবলৈ যোৱা নাই। হয়তো পৰিত্যক্ত হৈ পৰিছে । হয়তো হাবিগজি নেদেখা হৈ পৰিছে। হয়তো অৰ্দ্ধশতিকাৰ বৰষুণে খহাই পেলাইছে বহু অংশ। হয়তো দীৰ্ঘসময়ৰ অৱহেলাই জৰাজীৰ্ণ কৰি পেলাইছে কোনো অংশ। তথাপিও জীয়াই আছে ষ্টিলৱেল পথ। ঐতিহ্য-ৰহস্য বুকুত বান্ধি। ইতিহাসৰ বুকুৱেদি পিচুৱাই যাওঁচোন কেইটামান বছৰ।মহাযুদ্ধৰ সময়ৰ কথা। হঠাৎ ৰণাংগণ পৰিত্যাগ কৰিলে মিত্ৰ বাহিনীয়ে। মিত্ৰ বাহিনীৰ আক্ৰমনত ৰেংগুন চহৰ পতন হোৱাৰ পিচত জাপানী বাহিনী আগুৱাব নোৱাৰা হ’ল। হিৰোশ্বিমা-নাগাচাকিত বোমা পেলোৱাৰ পিচত জাপানৰ ককাঁল ভাগিল। বিশ্বযুদ্ধ শেষ হ’ল। ভাৰতবৰ্ষৰ জোৰদাৰ হৈ উঠিল স্বাধীনতা আন্দোলন। এদিন ভাৰতবৰ্ষ এৰি গুছি যাব লগা হ’ল বৃটিছ ৰাজ শক্তি। দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাবেএই অঞ্চলক গঢ়ি তুলিব খোজা বৃটিছৰ পৰিকল্পনা কাৰ্যক্ষেত্ৰত ফলপ্ৰসু হোৱাৰ সকলো সম্ভাৱনা নিঃশেষ হৈ গ’ল। ট্ৰান্স-এছিয়ান ৰেলপথ ডিব্ৰুগড়-লিডু-ষ্টিলৱেল পথ হৈ ৰেংগুন পৰ্টলৈ আগুৱাই যোৱাৰ পৰিকল্পনা কল্পনা হৈয়ে ৰ’ল। শোকাকুল স্মৃতি বুকুত সাৱটি মৰাসুঁতি হৈ পৰি থাকিল ষ্টিলৱেল পথ।
লিডু নগৰৰ সমীপৰ কয়লাৰ দম এটাৰ কাষত গাড়ী ৰখালে মন্টুৱে। আমাৰ সৈতে যোৱা ডিব্ৰুগড়ৰ আগ্ৰহী নাগৰিক শ্ৰীজিয়াউদ্দিন আহমেদে আঙুলিয়াই দেখুৱালে এখন প্ৰকাণ্ড ফলকলৈ। পথৰ কাষত থকা ফলকখনে নীৰৱে ঘোষনা কৰিছে-ষ্টিলৱেল পথেদি ব্ৰক্ষ্মদেশ আৰু চীনলৈ পৰা ঠাইসমূহৰ নাম আৰু দূৰত্ব। মুঠ ১০ খন ঠাইৰ নামে স্থান পাইছে এই ফলকত। চীনদেশৰ কুওনসিং চহৰত গৈ এই পথৰ এটা অংশ শেষ হৈছে। কুওনসিঙলৈ আমি থিয়হৈ থকা ঠাইখনৰ পৰা দুৰত্ব ১০৭৯ মাইল। টিংৱাইঙলৈ ১০৩, ৱাৰজপলৈ ১৮৯, মিটকুইনালৈ  ২৬৮, ডামোলৈ ৩৭২, ৱানটিঙলৈ ৫০৭, লুংলিঙলৈ ৬০৬, পাংচুলৈ ৬৬২, ইংয়পঙলৈ ৭৫৫, য়ুনান প্ৰদেশলৈ ৮৭৯, আৰু চুয়াঙলৈ৯৫৯ মাইল।চীনদেশ বা ব্ৰক্ষ্মদেশৰেই নহয়, বৰঞ্চ দক্ষিণ-পূব এছিয়াৰ ব্যস্ত বন্দৰ বাণিজ্য কেন্দ্ৰসমূহ অসমৰ নিচেই গাতে লাগি আছে অথচ এইবোৰ ঠাইৰ বজাৰলৈযাবলৈ হ’ল আমি অতিক্ৰম কৰিব লগা হয় হাজাৰ হাজাৰ মাইলৰ সাগৰীয় অথবা আকাশী পথ। মনত ভাব হ’ল – এই পথ যদি এদিন খোল খায় তেন্তে অসমৰ উৎপাদিত সম্পদ অনায়েসে লৈ যাব পৰা যাব বিশ্ব বাণিজ্য কেন্দ্ৰসমূহলৈ। অসমৰ বাবে খোল খাই পৰিব বিশ্ববাণিজ্যৰ এখন সহজদ্বাৰ। শ্ৰীআহমেদে ক’লে- এই পথটো যদি মুকলি কৰা হয় তেনেতে ব্ৰক্ষ্মদেশ হৈ চীন দেশ চুই কোৰিয়া জাপানলৈকে আনি ব্যৱসায় বিস্তৃত কৰিব পাৰিম। সন্দেহ নাই, এই পথটো মুকলি হ’লে কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰো বাণিজ্যিক বিকাশৰ এক নতুন যুগ আৰম্ভ হ’ব আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ সৈতে ভাৰতবৰ্ষৰ বৈদেশিক সম্পৰ্কও বৃদ্ধি পাব।
বিচাগাম চিংফৌৱে তুলি দিছিল চাহপুলি  লিডুৰ পৰা জাগুন হৈ জয়ৰামপুৰলৈকে ৩২ কিঃ মিঃ। জয়ৰামপুৰ নগৰ পোৱাৰ আগেয়েই পোৱা যায় অসম-অৰুণাচল সীমান্ত। এই সীমাতে অৰুণাচল প্ৰদেশৰ চেকগেট। ইনাৰ লাইন পাৰ্মিট নহ’লে অৰুণাচলত প্ৰবেশ কৰিব পৰা নাযায়। ডিব্ৰুগড়ৰ মোহনবাৰীত আৰু গুৱাহাটী বাণিজ্য মহাবিঃৰ কাষত থকা ‘অৰুণাচল হাউচ’ৰ সংশ্লিষ্ট বিষয়াৰ পৰা ইনাৰ লাইন-পাৰ্মিট উলিয়াব পৰা যায়। ষ্টিলৱেল পথৰ অসমৰ ভিতৰত থকা অংশ জৰাজীৰ্ণ, কিন্তু সীমান্ত পাৰ হলেই পায় সুন্দৰ পথ। অৰুণাচল চৰকাৰে সুন্দৰকৈ মেৰামতি কৰি ৰাখিছে এই পথ। শ্ৰীআহমেদে জয়ৰামপুৰ নগৰত প্ৰবেশ কৰাৰ মুহূৰ্ততে ক’লে- ‘এয়ে সেই জয়ৰামপুৰ য’ত বৃটিছ সেনাবাহিনীৰ কেপ্তেইন চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচৰ হাতত বিচাগাম চিংফৌৱে তুলি দিছিল চাহগছৰ পুলি।’
হয়, ডেৰশ বছৰীয়া ইতিহাস।@@@ যি ইতিহাসে আজি বিশ্বৰ বাণিজ্য দৰবাত অসমক গৌৰৱেৰে চিনাকি কৰি দিছে। অসম মূৰ তুলি থিয় হ’ব পৰা হৈছে। গঢ়ি উঠিছে অসমৰ চাহ অৰ্থনীতি। দূৰদেশৰ পৰা অহা এজন বৃটিছ লোকে অসমকে আপোন বুলি লৈ শেষ নিশ্বাস ত্যাগ কৰিলে। অসমক দি গ’ল এক গৌৰবোজ্জল ইতিহাস। চকুত ভাঁহি উঠিল তেজপুৰত দেখা ব্ৰুচৰ সমাধিৰ এপিটাফলৈ -“The first explorer of Tea-tracts in this province Mr. C. A. Bruce”  চালৰ্চৰ স্মৃতি সাৱটি তেওঁৰ পত্নী- এলিজাবেথো থাকি গৈছিল অসমতে। পদুমপুখুৰীৰ পাৰৰ এটা কাঠৰ চাং বঙলাতে ১৮৮৫ চনত মৃত্যু হৈছিল এলিজাবেথৰ। এলিযাবেথৰ নশ্বৰ শৰীৰ মিলি গৈছিল অসমৰ মাটিত। অসমৰ মাটি সাৰুৱা কৰি তুলিছিল যেন এওঁলোকৰ দেহদানে।জয়ৰামপুৰৰ মাটিত খোজ কাঢ়ি চাইছিলো। এৰা, এয়াইতো সেয়া মাটি য’ত ডেৰশ বছৰৰ আগেয়ে বাঁহৰ টুপী পিন্ধি, কাঠৰ পাইপ হুপি হুপি ব্ৰুচ চাহাবে বিচাগাম নিৰুংলাৰসৈতে পাহাৰ ভাঙি ভাঙি বিচাৰি ফুৰিছিল উন্নত জাতৰ চাহগছৰ পুলি। মনটো পুলকিত হৈ উঠিছিল। সমগ্ৰ দেহৰ মাজেদি যেন এক অনামী শিহৰণ বৈ গৈছিল।
জয়ৰামপুৰৰ পৰাই প্ৰকৃত অৰ্থত সৰু বৰ পাহাৰৰ মাজেদি আগবাঢ়িছে ষ্টিলৱেল পথ। জয়ৰামপুৰৰ-নামপঙৰ মাজত সৌ সিদিনা মাত্ৰ আৱিস্কৃত এহেজাৰৰো অধিক সৈনিকৰ গণকবৰ। বিশ্বৰ বিভিন্ন দেশৰ যুঁজাৰুৰে গঠিত হৈছিল মিত্ৰ বাহিনী। পৃথিৱীৰ সিকোণত কোনো এক ঘৰৰ পিতৃ-মাতৃ, পত্নী অথবা প্ৰেয়সীক এৰি অহা চফল ডেকা ল’ৰাটো হয়তো নাইকিয়া হৈ গৈছিল এই ষ্টিলৱেল পথতে। সি ঘুৰি যাব বুলি ভাবি ভাবি হয়তো এদিন আপোনজনেও এই ধৰা এৰি গুচি গৈছিল, হয়তো আজিও কোনো আপোনজন জীয়াই আছে তাৰেই স্মৃটি বুকুত সাৱটি।এটা-দুটা নহয়, হাজাৰ হাজাৰ পৰিয়ালৰ ভবিষ্যত বংশধৰ যেন শেষ হৈ গৈছিল এই ষ্টিলৱেল পথতে। এই পথৰ বিশাল বুকুৱে যেন সামৰি লৈছিল এই সকলক। এজন চিংফৌ ব্যক্তি পৰদুমে ক’লে-‘পিতৃ পুৰুষৰ পৰা শুনিছো আমি। এই পথটো সাজোতে যে কিমান বনুৱা, স্থানীয় মানুহ মেলেৰীয়া আৰু অচিন জ্বৰত পৰি পৰি মৰিল তাৰ হিচাব ৰাখিছে কোনে• আমাৰ উপৰি পুৰুষে হেনো ভাবিছিল মহাযুদ্ধ লাগিছে যেতিয়া এদিন পৃথিৱী নিঃশেষ হবই। তেতিয়াও মৰা এতিয়াও মৰা একেই কথা। ৰাস্তাটো সাজি গ’লে অন্ততঃ পুত্ৰ-কন্যা কোনোবা জীয়াই থাকিলে সিহঁতি পাৰ পাব।’পৰদুমৰ সৈতে থকা এজন স্থানীয় শিক্ষকে ক’লে- ‘এই পথটো হোৱাৰ পৰা আমাৰ বিশেষ লাভ হোৱা দেখিবলৈ পোৱা নাই যদিও ব্ৰক্ষ্মদেশৰ ফালৰ মানুহৰ অৱশ্যে লাভ হৈছে। সিহঁতি অসুখ-বিসুখ দেখুৱাবলৈ আমাৰ এই ফালৰ হস্পিতেললৈকে আহে। আমি স্বাভাবিকতে উচপ খাই উঠাৰে কথা। কিয়• সীমান্তৰক্ষী নাথাকে নেকি• স্থানীয় মানুহে হাঁহি মাৰি ক’লে-‘সিহঁতো আমাৰে মানুহ, দেশহে বেলেগ। অন্য এজনে ক’লেঃ মিয়্যানমাৰৰ সীমান্তচকী অসমৰ গড়কাপ্তানী বিভাগেই সাজি দিছিল। সেই দেশৰ চৰকাৰে খৰচ দি দিছিল। আৰিগান নামৰ ডেকাজনে ক’লেঃ আমাৰ গাতে লাগি থকা সীমান্ত অঞ্চলৰ মানুহখিনিৰ এই দেশৰ সৈতেহে সম্পৰ্ক। সিহঁতি সিফালে যোৱাৰ পথ নাই। ইয়াৰ পৰা এশকিলোমিটাৰৰ সিপাৰে পথ নাই। হাবিজংঘলে আৱৰি পেলাইছে। ৰাস্তা ঘাট ভাঙি গৈছে। ৰাস্তা হয়তো নাইকিয়া হৈ গৈছে। তাতে এই পথতেই পৰে সেই অভিশপ্ত জলাশয়- লেক অৱ ন ৰিটাৰ্ণ। লেক অৱ ন ৰিটাৰ্ণ• পুণৰ বাৰ উচপ খাই উঠিলো আমি।
কি??? লেক অৱ ন ৰিটাৰ্ণ, অভিশপ্ত জলাশয়••??
এই পথতে আছে অভিশপ্ত জলাশয়,অভিশপ্ত জলাশয়।য’ৰ পৰা আজি পৰ্যন্ত কোনো মানুহেই ঘুৰি আহিব পৰা নাই। যদিও জলাশয় বুলি কোৱা হৈছে- তথাপিও ই জল নে স্থল কোনেও স্পষ্টভাৱে কব নোৱাৰে। ব্ৰক্ষ্মদেশ চৰকাৰে এই ভূ-খণ্ড পৰিত্যক্ত বুলিয়ে ঘোষনা কৰিবলৈ বাধ্য হৈছে আৰু ইয়াৰ উন্নতিকল্পে একোৱে কৰা নাই। এই ঠাইডোখৰ বিষয়ে কোনো কথা কবলৈও তেওঁলোক ই২৬ুক নহয়, যেন কোনো কৌতুহল নাই। ইয়ে আনৰ চকুত কথাটো অধিক ৰহস্যময় হৈ ধৰা দিছে।
১৯৪৩-৪৪ চনৰ কথা। তেতিয়া পৃথিৱীত দ্বিতীয় মহাসমৰ চলিছে। ইয়াৰ পৰা ভাৰত আৰু ওচৰ-চুবুৰীয়া ৰাজ্যবোৰো ৰক্ষা নপৰিল। তেতিয়া ভাৰত বৃটিছৰ পৰাধীন। সেয়েহে মহাসমৰৰ এছাটি বা ভাৰত তথা অসমৰ ওপৰেদি বৈ গৈছিল। বৃটিছৰ আয়ত্বাধীন অসম তথা উত্তৰ পূবাঞ্চলৰ ওপৰত চকু পৰিল জাপানীসকলৰ। জাপান আৰু জামান মিত্ৰশক্তিয়ে বৃটিছৰ গা কঁপাই তোলে। বেছিভাগ ঠাইতে বৃটিছে পৰাজয় বৰণ কৰিবলগীয়া হ’ল। জাপানে পৃথিৱীৰ এমুৰৰ পৰা ৰাষ্ট্ৰবোৰ দখল কৰি যাবলৈ ধৰিলে। এনেদৰেই জাপানী শক্তি আহি প্ৰবেশ কৰিলেহি ব্ৰক্ষ্মদেশত। জাপানে অনায়েসে ব্ৰক্ষ্মদেশক নিজৰ আয়ত্বলৈ আনি আগবাঢ়িল অসমৰ পিনে। সীমান্তৰ মানুহখিনিয়ে বৃটিছৰ সংগ দিলে। জাপান উদ্ধাৰৰ বাবে বৃটিছৰ বিশাল বাহিনী একত্ৰিত হ’লহি তেতিয়াৰ নেফা জয়ৰামপুৰত। লিডুলৈকে সৈন্য ৰেলগাড়ীৰে আহি ব্ৰক্ষ্মদেশ সীমান্তৰ দিশলৈ অগ্ৰহৰ হ’ল। ইতিমধ্যে ষ্টিলৱেল ৰ’ড হৈ উঠিছিল । এই পথেৰেই বৃটিছ আগবাঢ়িল ব্ৰক্ষ্মদেশৰ দিশলৈ।
সিপিনে জাপানী সৈন্য বাহিনীয়ে ঠিক কৰিলে-এই দিশেৰেই আগবাঢ়ি আহি বাটভেটা দিবহি বৃটিছ সৈন্যক। কিন্তু আশ্চৰ্যৰ কথা – দুইপিনৰ পৰা শত্ৰু সৈন্যৰ দল এই পথেৰে আগবাঢ়ি আহিছিল যদিও দুয়ো সৈন্যৰ দলেৰে কেতিয়াও মুখামুখি নহ’ল। এইপিনৰ পৰা আগবাঢ়ি যোৱা ৫ হাজাৰ বৃটিছ সৈন্য আৰু ব্ৰক্ষ্মদেশৰ পৰা অহা ৩ হাজাৰ জাপানী সৈন্যৰ দল যেন অদৃশ্য হৈ গ’ল। বতাহৰ সৈতে মিলি গ’ল। একেদৰেই পৰি ৰ’ল ষ্টিলৱেল পথ। যুদ্ধশাম কটাৰ পিচত দুয়োপক্ষৰ বাবেই এই ৰহস্য ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ ৰ’ল। লৰ্ড মাউন্টবেটেনে উদ্যোগ লৈ বিষয়টো অনুসন্ধান কৰোৱাইছিল। স্থানীয় লোকৰ ভাষ্যৰ পৰা জানিব পৰা গ’ল -হেলুচিনেচনৰ প্ৰভাৱত দুয়ো সৈন্য দলেই বাট ভূল কৰি অভিশপ্ত জলাশয়ৰ  ফালে গুচি যোৱা বাবেই এয়ে হ’ল। লৰ্ড মাউন্টবেটেনে এই জলাশয়ৰ নাম দিছিল ‘লেক অৱ ন ৰিটাৰ্ণ।’ ষ্টিলৱেল মেপতো এই অংশটোক জলাশয় বুলিয়ে চিহ্নত কৰা হৈছে।
########
এতিয়া প্ৰশ্ন হ’লঃ এই ঠাইডোখৰত এনে কি বস্তু আছে যাৰ হাতৰ পৰা কোনো সাৰি আহিব নোৱাৰে• মিত্ৰবাহিনীয়ে এই পথটো নিমাণ কৰি আগবাঢ়ি যাওঁতে হয়তো জলাশয় দেখি আৰু আগনাবাঢ়ি পথটো অন্য ফালেদি উলিয়াইছিল। কিন্তু বৃটিছ আৰু জাপানী বাহিনীয়ে এই কথা নজনাৰ বাবেই প্ৰকৃতিৰ এই ৰহস্যময় ফান্দত ভৰি দি চিৰদিনলৈ নাইকিয়া হৈ গ’ল। যি কি নহওঁক, আৰিগানে ক’লেঃ এই অভিশপ্ত জলাশয় অতিক্ৰম কৰিব নোৱাৰাৰ বাবেই বৃটিছে ব্ৰক্ষ্মদেশ দখল কৰিব নোৱাৰিলে আৰু জাপানে অসম দখল কৰিব নোৱাৰিলে।
অন্য গ্ৰহৰ এষ্ট্ৰড’ম আছে নেকি???
আশীৰ দশকত মোৰ সম্পাদনাত ‘সত্যঘটনা’ নামৰ এখন আলোচনী প্ৰকাশ পাইছিল। এই ‘সত্যঘটনা’ৰে এটা সংখ্যাত যোৰহাটৰ এজন লেখকে লিখিছিল – ‘ষ্টিলৱেল পথতে অন্য গ্ৰহৰ জীৱই পতা এক এষ্ট্ৰড’ম আছে। বামুডা ত্ৰিভুজ এনে এক এষ্ট্ৰড’ম। যদি সঁচাই এই বিষয়টো আন্তজাতিক পৰ্যায়ত আলোচনা হয় তেন্তে বামুডা ত্ৰিভুজৰ দৰেই অসমৰ সীমামূৰীয়া এই অঞ্চলো নিশাৰ ভিতৰতে ভাবিব নোৱাৰা ধৰণৰে বিখ্যাত হৈ উঠিব। পৰ্যটকৰ সোঁত বব ইয়ালৈ।’
অন্যগ্ৰহৰ জীৱই আহি ইয়াত এষ্ট্ৰড’ম পাতিছেহি বুলি ক’লে ঘপকৈ বিশ্বাস কৰাটো টান হ’ব। কিন্তু যদি Plate techtonics মতবাদ পৰ্য্যালোচনা কৰি চাওঁ তেন্তে প্ৰাকৃতিকভাবেই ইয়াত এক ভয়ংকৰ গহ্বৰ সৃষ্টি হৈছে বুলি বিশ্বাস কৰিব পৰা যায়। এই মতবাদ অনুযায়ী পৃথিৱীখন কিছুমান গতিশীল প্লেটৰ দ্বাৰা গঠিত। এই প্লেটবোৰ সময়ে সময়ে গতি কৰি থাকে, যাৰ বাবে ভূমিকম্প সৃষ্টি হয়। বৰ বেছি ভৰ পৰিলে বা দুয়োফালৰ প্লেটৰ হেঁচা বেছিকৈ পৰিলে মাজৰ প্লেটডোখৰ তললৈ বহি যায়। বামুডা ত্ৰিভুজ অথবা এই ‘লেক অৱ ন ৰিটাৰ্ণ’ এনেদৰে সৃষ্টি হ’ব পাৰে। যি নহওঁক, এই ঠাইখিনিক লৈ যুক্তিপূৰ্ণ বৈজ্ঞানিক গৱেষণা হওক। অন্যথা ই সদায় ৰহস্যবৃতই হৈ থাকিব।

Related Articles

Close