শিল হোৱা চকুপানী – জিণ্টুমণি বৰ্মন

পুতেকৰ শেতা পৰা নিথৰ দেহটোৰ পিনে থৰ লাগি জুপুকা মাৰি বহি চাই আছে তাই অত’পৰে, পুলিচে শৱদেহটোৰ চাৰিওকাষে দিয়া ৰছীৰ বেৰটোৰ বাহিৰত। তাইৰ পিছপিনে ওচৰৰ তিনি-চাৰিখন গাঁৱৰ মানুহ আৰু পুলিচ। আৰ্মীয়ে ৰাতিয়েই গুলী কৰি গুছি গৈছে।

‍‘‍‘এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি এনেয়ে কয়নে মানুহে, হেৰৌ কষ্ট কৰি উপাৰ্জন কৰিব কোনোবাই, ইহঁতক আকৌ তাৰ ভাগ লাগিব।’’ – কোনোৱে তুমি ধৰিছে, বাকীবোৰে সমর্থন কৰি গৈছে। মানুহজাকৰ মাজত ৰাজা-ৰত্নাক লৈ বিবিধ আলোচনা। মহিলা এগৰাকীয়ে আকৌ কৈছে—‍‘‍‘হ’লেও তাৰ নিজৰ বুলিবলৈ মাকজনীয়েই আছিল, মাকজনীয়ে অলপ কান্দিলেও চাগে তাৰ আত্মা সন্তুষ্ট হ’লহেঁতেন, দেখিছা দেই আৰু এনেকুৱা দয়া-মৰম নোহোৱা মাকো।’’

তাইৰ জৱনৰ স্বাভাইকতাই হয়তো বুজাবুজি কৰি লৈছে ওলাই আহিব খোজা চকুপানীখিনিৰে সৈতে।

এৰা ! কিমান কান্দিব আৰু তাই। দুখবোৰেইতো তাইৰ খোজৰ সহচৰ, দুখৰ হুমনিয়াহবোৰেইতো তাইৰ উশাহ। ‍‘‍‘মা, মই কাম কৰিব পৰা হ’লে তই আৰু ইমান কষ্ট কৰিব নালাগে, সুখতে ৰাখিম তোক।’’ – সৰুতে স্কুলত পোৱা ফলিখনত মাটিপেঞ্চিলডালেৰে আঁক-বাক কৰি থাকোতে এইবুলি কোৱা ৰাজাই এদিন সিহঁত মাক-পুতেকহালক ৰাইজখনে কৰা শোষণ-অপমানবোৰে সহ্যৰ বেহু ফলাত উগ্ৰপন্থী সংগঠন পালেগৈ। মাজে মাজে মাজনিশা গাঁৱৰ ধনী কেইঘৰৰ পৰা ধন উঠাবলৈ আহিলে মাকক কিছু খা-খৰচ দি যায়। বাগৰি অহা মাকৰ চকুপানী মচি দি সি কয় — তই আৰু কষ্ট পাব নালাগে ৰ’ আৰু মা, সোনকালে ঘূৰি আহিম। সি যেন ৰাইজখনে সিহঁতৰ দৰে নিপীড়িত মানুহজাকৰ ‍‘জীয়াই থকাৰ বাটত কৰা আৱৰোধৰ প্ৰতিবাদ’ৰ লগতে উপাৰ্জনৰো বাট হিচাপে ল’বলৈ বাধ্য হৈছে এই পন্থাক। এনেকৈয়ে এদিন ওপৰৰ লিডাৰৰ হুকুমত দাবী কৰা ধন নিবলৈ আহোতে গুলীৰ খুন্দাত থকা-সৰকা হৈ পৰি ৰৈছিল ৰাজাৰ নিথৰ দেহ।

কান্দিবলৈ মাকৰ চকুপানীবোৰ আজি আধৰুৱা। গুৱাহাটীত লোকৰ ঘৰত কাম কৰাকৈ থাকোতেই ড্ৰাইভাৰৰ লগত পলাই গৈ আৰম্ভ কৰা যুগ্ম জীৱনৰেই সাক্ষী এই ৰাজা বুলি ৰাইজখনক সেৱা কৰি ক’লেও একো নুশুনে; সিহঁতৰ মতে মুঠৰ ওপৰত সি জাৰজ সন্তান। সি গৰ্ভত থকাৰ তিনি মাহতে মদাহী ড্ৰাইভাৰ বাপেকে পাহাৰ টিঙৰ টৰ্জাৰ ভাড়াঘৰৰ পৰা তাইক খেদি দিয়ে। অইন মাইকীৰ ওচৰ চপাত তাই উপায়হীন হৈ গাঁৱৰ ঘৰলৈ উভতি অহাৰ দুমাহ পিছতে তাইৰ নিজৰ বুলিবলৈ থকা ৰুগীয়া বৃদ্ধা মাকৰো মৃত্যুৰ পিছৰেপৰা আৰম্ভ হৈছে ৰত্নাৰ চকুপানীৰে নেদেখা বাটত জীয়াই থকাৰ সংগ্ৰাম। ৰাইজখনৰ মতে তাই কুলক্ষিনী, অঘোষিতভাৱে তাই এঘৰীয়া। মিছাতে বদনাম জাপি দিয়া বুলি ক’ব খুজিলেই যেন ৰাইজখনে ক’ব — ‍‘জহন্নামৰ বদনাম নাথাকে ও’। লোকৰ ঘৰত কাম কৰি ভাতমুঠি যোগাৰ কৰাৰ বাটটোও তাইক জাপি ল’বলৈ বাধ্য কৰোৱা ‍‘কুলক্ষিনী’য়ে বন্ধ কৰাত মাছ মাৰি, গাহৰি পুহি, মদ বনাই বেচিয়েই পুতেক ৰাজাক ডাঙৰ কৰিলে।

পোষ্টমৰ্টেমৰ বাবে নিবলৈ পুলিচে তাৰ ডেডব’ডীটো নীলা গাড়ীখনত উঠাবলৈ লৈছে। প্ৰথমবাৰৰ বাবে পুতেকৰ মৃত্যুত তাইৰ শুকাই থকা চকুহালেৰে বাগৰিছে লোটক, হলাহলে। বহি বহিয়েই ইমান পৰৰ জথৰতা ভাঙি উঠাই নিয়া পুতেকৰ শৱদেহৰ পিনে চাই বলিয়াৰ দৰে কান্দি কান্দি চিঞৰিছে — ‍‘‍‘আমাৰ অমাৱস্যাৰ জীৱনৰ চকুপানীবোৰ কাহানিবাই শিল হ’ল অ’। বুকুখনত শিলটোৰ হেঁচাত ময়ো মৰি থাকিম কেতিয়াবা।’’ মানুহজাকৰ মাজৰ অত’পৰৰ ক্ষীণকায় গুণগুণনিটো উদং হৈ যায়।

গোট বান্ধি শিল হৈছে তাইৰ অমাৱস্যাৰ জীৱনৰ চকুপানীবোৰ। তাই দেখে সাঁকোখনৰ সিপাৰৰ পোহৰজাক। সাঁকোখন পাৰ হ’বলৈ তাইৰ অমাৱস্যা অপাৰগ। নিজৰ উশাহবোৰেৰেই নিজক তাই শান্ত্বনা দি যায় – তথাপি জীয়াই আছো !

Related Articles

Close