শিল্পীৰ আৰ্তনাদ

নিৰ্মল ডেকা

শিল্পী এগৰাকীক তেওঁৰ জীৱন কালতে প্ৰাপ্যখিনি দিবলৈ আমি অপাৰগ,ইকানে-সিকানে বিদ্ৰুপৰ খিল খিলিয়া হাঁহি|সাম্প্ৰতিক প্ৰেক্ষাপটত এয়া জানো নতুন বিষয়?পিছে এই অভিব্যক্তিবাদৰ অন্ত ক’ত?কোনো সদাশয় ব্যক্তিৰ সময় হ’বনে বিষয়টোত অভিনিৱেশ কৰাৰ?অকল সেয়াই নে ,শিল্পী এগৰাকীৰ মৃত্যুৰ পিছতো ক’ত যে ৰাজনৈতিক-অৰাজনৈতিক বিশ্লেষন,অভ্ৰভেদী অভিষেকৰ প্ৰতিশ্ৰুতি,সময়ত সেয়াও ধোবাং-বাং|অপ্ৰিয় হ’লেও ই অনস্বীকাৰ্য যে-আমি অসমীয়াই শিল্পী সকলক এটা সময়ত যেনেকৈ মনোৰঞ্জনৰ মাধ্যম  হিচাপেই হওঁক নতুবা অন্য যিকোনো কাৰনতেই বা যিকোনো প্ৰকাৰেই নলও কিয় পিছৰ সময়ছোৱাত কিন্তু সেই একেগৰাকী শিল্পীৰ প্ৰতি আমি মুখ বিদৰাও!ন’হলে এই প্ৰৱন্ধ,এই লিখনিৰ প্ৰসংগিকতাই বা কিমান |
আজি বিষয়টো যদি শংকৰ মাধৱৰ পৰা আৰম্ভ কৰি জ্যোতি-বিষ্ণু,ভূপেন-জয়ন্ত,খগেন মহন্তৰ পৰা বৰ্তমানৰ মহেন্দ্ৰ হাজৰিকা,অৰুণ দাস ,দীপালী বাইদেউলৈ শিপাই যাওঁ তেতিয়া স্পষ্ট হৈ পৰিব তেওঁলোকৰ অদম্য উৎসাহ,সাহস,ত্যাগ আৰু শেষত আৰ্তনাদ লগতে অলপ গভীৰ ভাবে ভাবিলে অনুভৱ কৰিব পাৰিম|ওৰেটো জীৱন জাতি-মাটি,কৃষ্টি সংস্কৃতিৰ মাজেৰেই সমাজ কিম্বা জাতীয় জীৱনত নতুন পৰিচয় কৰি দিয়া,”সংস্কৃতি পোহৰ-সংস্কৃতি সুন্দৰ “বুলি শিক্ষা পোহৰ বিলোৱা অতন্দ্ৰ প্ৰহৰী সকলৰ প্ৰতি আমাৰ অৱহেলাৰ দুখনি ভিন্ন ছৱিৰ জীয়া বাস্তৱ |গুৰুদুজনাৰ আদৰ্শকে শিৰোগত কৰি লবলৈ আজিলৈকে আমি চেষ্টা নকৰিলো|যাৰ ফল পাইছো সকলোৱে,আমি বুজিছো,আমি শিকিছো কিন্তু ব্যৱহাৰিক ৰূপে কিনো কৰিছো দিনক দিনে স্বাৰ্থন্বেষী হৈ পৰিছো,বৈকল্পিক মনোভাবৰ সলনি স্বৈৰাচাৰী ভাবধাৰাকে আগস্হান দিছো|তেনেকৈ আমি জ্যোতি-বিষ্ণু,ভূপেন-জয়ন্ত,খগেন মহন্তৰ পৰা বৰ্তমানৰ মহেন্দ্ৰ হাজৰিকা,অৰুণ দাসৰ দৰে দৰদী শিল্পীৰ প্ৰতিও বিৰক্তিৰ ভাব দেখুৱাইছো|আমাৰ কৰণীয় কি?কৰিছো কি?
এই বিষয়টি পৰ্যালোচনা কৰাৰ থল যথেষ্ট আছে যদিও প্ৰতিগৰাকী শিল্পীৰ কথা সীমিত পৰিসৰৰ প্ৰৱন্ধ এটিত ডাঙি ধৰাতো সম্ভৱপৰ হৈ নুঠিব|কিন্তু বিষয়টো আলোচনাৰ মজিয়ালৈ আনিবই লাগিব এয়া সময়ৰ সংকেট|
আজি যদি আমি জ্যোতি-বিষ্ণু ক্ষেত্ৰত ভাবো তেতিয়া কি পাম সুন্দৰৰ পূজাৰী,বিপ্লৱী শিল্পী গৰাকীয়ে জাতিটোৰ উত্তৰোত্তৰ কামনাৰ অৰ্থে আন্ধাৰ বিলোপকাৰী প্ৰদীপ জ্বলাবলৈ হ’লে নিজৰ জীৱনকো নেওচিবলৈ যাতে ন পুৰুষে তিলমানো ভ্ৰুক্ষেপ নকৰে যাৰ বাবে আহ্বান জনাইছিল|কি আচৰ্যকৰ জাতীয় চেতনাবোধ তেওঁৰ|’নতুনৰ পূজা’ শীৰ্ষক প্ৰৱন্ধটিত নৱ প্ৰজন্মক লৈ জ্যোতিৰ সেই আশাৰ জোৰ স্বতস্ফূৰ্তভাবে হৃদয়ঙ্গম কৰিব পাৰি|প্ৰৱন্ধটিৰ মাজৰ এফাকিত তেওঁ এনেদৰে কৈছিল-“আজি হৃদয়ে হৃদয়ে নতুনৰ পূজা হওঁক,আজি কন্ঠে কন্ঠে নতুনৰ গান হওঁক,আজি চকুৱে চকুৱে নতুনৰ ছৱি উজ্বলক,আজি সপোনে সপোনে নতুনৰ হাঁহি ইন্দ্ৰধনু সুৰক্ষিত হৈ উঠক,আজি মানুহৰ আশাই আশাই নতুনৰ অৰুন-অগ্নি দীপ্ত হওঁক,প্ৰতিভাই প্ৰতিভাই হওঁক নতুন সৃষ্টিৰ কল্পনাৰ জন্ম আৰু মনীষাই মনীষাই হওঁক নতুন পোহৰৰ নৃত্য|”
ন পুৰুষ সকলক পোহৰৰ বাট দেখুৱাই তেওঁৰ লক্ষ্য সমূহৰ ভিতৰত আন এটা|আমি তেওঁৰ আশাৰ বন্তি গোছি জ্বলাই ৰখাৰ কথা নাভাবিলোৱেই বা ভাবিলো যদিও কেইটিমান মূহুৰ্তৰ বাবেই হয়তো!বিষ্ণুৰাভাই দি যোৱা সমাজ সংস্কাৰ সেই দিশ সমূহ অবলম্বন কৰিছো জানো?কৰিছো,ৰাভা দিৱস বা তেনে উৎসৱ পাতি কেইটিমান মূহুৰ্তৰ বাবে তেওঁক স্মৰন কৰিছো,দূৰদৰ্শনৰ আগত তেওঁ কৰা সংগ্ৰামৰ আলোকপাত কৰিছো,ইত্যাদি ইত্যাদি |মুখৰহে মানুহ আমি কাৰ্যক্ষেত্ৰত কিন্তু বিৰাটকায় শূণ্য এটা|ভোগবাদী সমাজখনত বিচাৰ বিবেচনা কৰাৰো ক্ষমতা হেৰুৱাই পেলাইছো আমি মই আৰু কেনাটো তাতেই লাগিছে|
ভূপেন হাজৰিকা,খগেন মহন্তদেৱৰ কথাকে যদি সংক্ষেপে আলোচনা কৰো তেতিয়াও সেই একেই দৃশ্যপটৰ সাক্ষী হ’ব লাগিব  আপুনি-মই|অপ্ৰিয় হ’লেও নকৈ নোৱাৰো-যিটো সময়ত ভূপেন হাজৰিকাদেৱে তেওঁৰ কালজয়ী গীত সমূহ অনুবাদ কৰি বঙালী ভাষাত সুৰ লিপিবদ্ধ কৰিছিল|যেনে-
অ’ বিদেশী বন্ধু ভাগ্যহত…
প্ৰতিধ্বনি শুনি…
ভাঙ ভাঙ ভাঙৰে পাথৰ ভাঙ…
ইত্যাদি বহু অসমীয়া গীত বঙালী ভাষাতে গাই সুৰৰ কান্তি বিয়পাই সমগ্ৰ বাংলাভাষী মানুহৰ হৃদয় জিনিছিল|যিটো সময়ত হাজৰিকাদেৱক লৈ সমগ্ৰ বঙালী সমাজে গৌৰৱ বোধ কৰিছিল|সেই একে সময়তে আমি কিন্তু সংগীত সূৰ্য গৰাকীলৈ সমালোচনাৰ আঙুলি টোৱাই থাকিলো|কিমান যে কাটিহা/নিন্দা সহিলে তেওঁ|ইতিহাস সাক্ষী আছে|প্ৰতিটো পৃষ্ঠা লুটিয়াই চালে এতিয়া নিজৰেই লাজ লাগে  মানৱ সভ্যতাৰ বিশ্ব নাগৰিক বুলি ক’বলে |এয়া এটা মাথো উদাহৰণহে|
কাক এৰিম কাকনো জুৰিম খগেন মহন্তৰ বেলিকাও আজি তৃতীয় মৃত্যু বাৰ্ষিকী গৰকি চতুৰ্থ মৃত্যু বাৰ্ষিকীয়ে পৰিবৰ হ’ল অথচ যোৱা চাৰিটা বছৰত সমাধি ক্ষেত্ৰখনে আজিলৈ পূৰ্ণতা নাপালে !ঠিক তেনেদৰে কামৰূপী লোকগীতৰ ৰণুৱা ঘোৰা,প্ৰতিভাসম্পন্ন ৰামেশ্বৰ পাঠকৰ দৰে শিল্পীগৰাকীৰ প্ৰতিও আমি একোকে কৰিব নোৱাৰিলো আজি সাতটা বছৰে|সংশ্লিষ্ট মহলৰ লগতে প্ৰতিগৰাকী অসমীয়া আৰু প্ৰত্যেক গৰাকী ভাৰতীয়কে  যুৱ প্ৰজন্মৰ লগতে আমাৰ আহিব লগা নতুন চামেও যাতে শিল্পী সকলক জনাৰ সুবিধাৰ্থে কিছুমান ইতিবাচক পদক্ষেপ যেনে-ক)লোকসংগীত-কামৰূপী লোকগীতৰ সম্বন্ধে তেওঁলোকৰ ধাৰণা কেনে আছিল?
খ)তেওঁলোকৰ সৃষ্টিৰাজিৰ ওপৰত বিস্তৃত আলোকপাত|
গ)তেওঁলোকৰ সাংগীতিক যাত্ৰাৰ আলমত এক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা|
ঘ)তেওঁলোকৰ গীত-মাত সমূহক সাঙুৰি লৈ গৱেষনাৰ প্ৰশিক্ষন কেন্দ্ৰ এটি স্হাপন কৰা লগতে গুৱাহাটীৰ কোনোবা এঠাইত খগেন মহন্ত আৰু ৰামেশ্বৰ পাঠকৰ দৰে মহান শিল্পীৰ একো একোটা আৱক্ষ মূৰ্তি স্হাপন কৰা|
ঙ)প্ৰত্যেকখন সমাধিস্হলীয়েই পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰি তোলা| ইত্যাদি ইত্যাদি|
কেতিয়াবা ভাবো কোনোবা ৰাজনৈতিক নেতাৰ আবেগ বিগলিত ভাষণ,কেইটুপিমান চকুলো,পুষ্পবৃষ্টি(বিশেষ দিনটোতহে)আৰু সোৱৰণিৰ বৰপেৰাতে সীমাবদ্ধ নেকি এগৰাকী শিল্পীৰ সমস্ত সৃষ্টিৰাজি?তেওঁৰ ওৰেতো জীৱনৰ সংগ্ৰামখিনি?যোগ্যজনক যথা সময়ত তেওঁৰ প্ৰাপ্যখিনি দিয়াৰ বাবে আমি অপাৰগ|ভ্ৰুক্ষেপ নাই তেওঁৰ প্ৰয়োজনীয়তা বা অপ্ৰয়োজনীয়তাৰ ওপৰত|এয়া আমাৰ ভুল নে ভ্ৰম নে উপলুঙা?
স্বাৰ্থপৰতাৰ কৰাল গ্ৰাসত অৱনমিত হোৱা নাই জানো আমাৰ মানসিকতা?হৈছে,ভয়াৱহ ভাবে!ভয় লগা হৈছে আধুনিক সভ্যতালৈ|তথাপিতো সময় শেষ হৈ যোৱা নাই |এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ হে সময়,সুবৰ্ণ সুযোগ|শিল্পী সকলক পূৰ্ণ মৰ্যাদা দিবৰ বাবে আমি সংকল্পবদ্ধ হওঁ,মুখেৰে নহয় হাতে কামে লাগো আহঁক|অকল জন্ম আৰু মৃত্যু বাৰ্ষিকীতেই শিল্পী গৰাকীক লৈ অনুষ্ঠান পাতি ফুলাম গামোছা আৰু ফুলৰ থোপাৰে শুভকামনা নতুবা ফুলৰ বৰ মালাধাৰিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বা চাকি এগোছি জ্বলাই পিঠি দিলেই হ’ব জানো যদিহে বছৰৰ বাকী কেইটা দিন তেওঁক অবহেলা কৰিয়েই চলো|তেওঁসৱক হৃদয়ত থাপিবই যদি নোৱাৰো|তেওঁলোকৰ ঠাইত নিজকে লৈ এবাৰ ভাবকছোন কথাবোৰ ইমানো সহজ হৈ থকা নাই|আশা কৰো যন্ত্ৰণাকাতৰ দিনৰ ৰঙাবেলি আতঁৰি শিল্পীসমাজত ন সুৰুযৰ পোহৰ বিয়পি পৰক|আৰু তাৰ বাবে আমি যুৱ প্ৰজন্মই আগ ভাগ লব লাগিব,সলনি হ’ব লাগিব আমাৰ মানসিকতা|এৰিব লাগিব ভোগবাদী চিন্তাধাৰা|এই সামান্য লিখনিটিৰ উদ্দেশ্য এটাই আপোনালোকক কথাবোৰ দৃষ্টিগোচৰ কৰা|কথা দিছো সময় সুবিধা পালে আপোনালোকৰ সহাৰিয়ে উদ্বুদ্ধ কৰিলে নিশ্চিত ভাবে মোৰো দুখনি হাত আগবঢ়াই দিবলৈ সাজু|আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব,মানুহক ভাল পাবলৈ শিকিব লাগিব তেহে এই সমাজ,এই জাতি,এই মানুহ জীয়াই থকাৰ বাবে উপযুক্ত ঠাই বুলি বিবেচিত হ’ব|মোৰ বোধেৰে যিখন সমাজত মানুহৰ প্ৰতি আদৰ নাই,দয়া নাই|সেই সমাজত জীয়াই থকাৰো প্ৰয়োজন নাই|

Related Articles

error: Content is copy right protected !!
Close