শিবা এতিয়া ‍‘ৰিয়েল হিৰো’

হায়দৰাবাদ : এজন যুৱক, তেওঁৰ নাম শিবা, তেওঁৰ মূল কৰ্মই হ’ল ‍‘আত্মহত্যা’ ৰোধ কৰা ! যোৱা ১৫ বছৰত তেওঁ ১০৭ জন আত্মহননকাৰী হ’বলৈ যোৱা ব্যক্তিৰ প্ৰাণৰক্ষা কৰিছে। তেওঁক কেন্দ্ৰ কৰি তেলুগু বোলছবিও নিৰ্মিত হৈছে।

২০০৪ চনৰপৰাই আৰম্ভণি। সুন্দৰ আটিল শক্তিশালী চেহেৰা, দেহৰ বৰণ ক’লা, দুটি উজ্জ্বল চকু, মুখত অনবৰতে হাঁহিৰ ৰেখা। ‍‘হুছেইন সাগৰ’ হ্ৰদৰ পানীত সেই সময়ত অস্তগামী বেলিৰ সোণোৱালী ৰং বিয়পি পৰিছে। হ্ৰদৰ পাৰত থিয় হৈ আছিল ১৫ বছৰীয়া কিশোৰ শিবা। হঠাৎ শিবাই দেখা পালে যে হ্ৰদৰ পাৰৰ ৰেলিঙত এগৰাকী মহিলা বিপদজনকভাৱে ওলমিবলৈ ধৰিছে। মধ্যবয়সী মহিলাগৰাকীক দেখি কিশোৰ শিবাই ৰৈ থাকিব নোৱাৰিলে, তেওঁ নিঃশব্দে গৈ মহিলাগৰাকীৰ পিছফালে থিয় হ’লগৈ, আৰু চূড়ান্ত মুহূৰ্তত মহিলাগৰাকীয়ে পানীত জাঁপ দিয়াৰ লগে লগেই পিছফালৰপৰা মহিলাগৰাকীক টানি ধৰে। মহিলাৰ আত্মহননৰ প্ৰচেষ্টা ব্যৰ্থ হয়।

সেই তেতিয়াৰেপৰাই ২০১৯ চন, ১৫ বছৰীয়া শিবা এতিয়া ৩০ বছৰীয়া যুৱক। বিগত ১৫ বছৰত হুছেইন সাগৰ হ্ৰদৰ সৈতে এক অদ্ভুত সম্পৰ্ক স্থাপন হয় শিবাৰ। এই হ্ৰদটো হায়দৰাবাদৰ অন্যতম পৰ্যটনস্থল। লগতে হ্ৰদটোৰ ‍‘ছুইছাইদ স্পট’ বুলি বদনামো আছে। এই হ্ৰদটোত শতাধিক মানুহে আত্মহত্যা কৰিছে আৰু তাৰে অধিকাংশই মহিলা। সেই হ্ৰদটোৱে মৃত্যুৰ বাবে আহ্বান জনোৱাসকলক ৰক্ষা কৰাটোৱেই এতিয়া শিবাৰ নিচা।

হায়দৰাবাদৰ মানুহে এতিয়া ‍‘শিবা’ বুলিলেই গম পায় দুঃসাহসী এই যুৱকজনক। লাহে লাহে তেওঁৰ পৰিচয় সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছে। গোটেই দিনটো তেওঁ হুছেইন সাগৰ হ্ৰদৰ পাৰে পাৰে নিঃশব্দে ঘূৰি ফুৰে। সৰ্বদাই থাকে সজাগ দৃষ্টি। কোনো ব্যক্তিৰ আচৰণত সামান্যতম অস্বাভাৱিকতা দেখামাত্ৰেই শিবা মুহূৰ্ততে উপস্থিত হয় সেই ব্যক্তিৰ সমীপত। শিবাৰ উপস্থিতিত আত্মহত্যা কাৰ্যতঃ অসম্ভৱ। শিবাৰ শক্তিশালী হাতৰ মুঠিৰপৰা কাৰো পৰিত্ৰাণ নাই। কেৱল প্ৰাণৰক্ষা কৰাই নহয়, পানীৰপৰা মৃতদেহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো পুলিচক প্ৰভূত সহায় কৰে শিবাই। শিবা এক সুদক্ষ সন্তৰণবিদ। সংবাদ মাধ্যমক শিবাই জনোৱা মতে যোৱা ১৫ বছৰত তেওঁ ১০৭ জনৰ প্ৰাণৰক্ষা কৰিছে—যিসকলে পানীত জাঁপ দি আত্মহত্যা কৰিবলৈ প্ৰয়াস কৰিছিল।

শিবাই নিজমুখে কোৱা অনুসৰি, ‍‍‘‘প্ৰথমাৱস্থাত খুব কষ্ট হৈছিল। মই নিজেও এক ‍‘ট্ৰ’মা’ৰ চিকাৰ হোৱা যেন অনুভৱ হৈছিল। চকুৰ সন্মুখত কোনোবাৰ মৃত্যু দেখা পালে বুকুৰ ভিতৰখন কেনে লাগে বুজাব পৰা নাযায়। কিন্তু বহুতকে দেখি দেখি আৰু উদ্ধাৰ কৰি কৰি মোৰ মনটোক এতিয়া কঠিন কৰি পেলাইছো। মানুহক উদ্ধাৰ কৰাটোৱেই এতিয়া মোৰ একমাত্ৰ লক্ষ্য।’’ কেৱল খোৱা-লোৱা, স্নান কৰা সময়খিনিৰ বাহিৰে অইনখিনি সময়ত শিবা হ্ৰদটোৰ পাৰতেই থাকে। শিবাক সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল যে সেইখিনি সময়ত, অৰ্থাৎ শিবাই খাদ্যগ্ৰহণ কৰা সময়ত যদি কোনোবাই হ্ৰদৰ পানীত জাঁপ মাৰি আত্মহত্যা কৰে? উত্তৰত শিবাই কৈছে যে—‍‘‍‘তেনে ঘটনাও ঘটি থাকে। প্ৰতিবছৰে বহুতেই হ্ৰদৰ পানীত জাঁপ দি আত্মহত্যা কৰে, কিন্তু মই উপস্থিত থকা সময়ত সেয়া সম্ভৱ নহয়। মোৰ দুচকুক ফাকি দি আত্মহত্যা কৰাটো অতি কঠিন।’’ বৰ্তমান সময়ত সৰহভাগ মানুহেই টকা, ভোগ আৰু সম্পত্তিৰ পিছত ধাৱমান হোৱা দেখা যায়, কিন্তু শিবাৰ একমাত্ৰ লক্ষ্য হ’ল মানুহৰ প্ৰাণৰক্ষা কৰা। নিজৰ জীৱনটোও মসৃণ নহয় শিবাৰ, পাৰ হৈ গৈছে বহু ধুমুহা। প্ৰকৃত শিক্ষাৰ মাপকাঠিস্বৰূপ কোনো ডিগ্ৰীও শিবাৰ হাতত নাই। নিজৰ পিতৃ-মাতৃৰপৰাও বিচ্ছিন্ন হৈছে বহুবছৰ পূৰ্বেই। জন্মদাত্ৰী মাতৃৰ দায়িত্ব অইন এগৰাকী ‍‘পালিতা’ মাতৃয়ে পূৰণ কৰিছে আৰু সেয়াই শিবাৰ একমাত্ৰ আশ্ৰয়। শৈশৱতেই এক দুৰ্ঘটনাত পিতৃ-মাতৃ দুয়োৰে মৃত্যু হয়, ট্ৰ’মাৰ বাবে ঘৰৰ ঠিকনাও পাহৰি যায় শিবাই। আশ্ৰয় লয় ফুটপাথত, ভিক্ষাবৃত্তি আৰম্ভ হয়। এইদৰে দিন অতিবাহিত কৰাৰ পিছত এগৰাকী মহিলাই শিবাক নিজৰ গৃহলৈ লৈ যায়। শিবাই কয় যে—‍‘‍‘তেখেতেই এতিয়া মোৰ মা। জন্মদাত্ৰী মাতৃৰ অভাৱ বুজিবলৈ নিদিয়া এইগৰাকী মাতৃয়ে মোক চেনেহ-মমতাৰে আৱৰি ৰাখিছে আৰু নিজৰ সন্তানবোৰৰ দৰেই পালন কৰিছে।’’

Show More

Related Articles

Back to top button
error: Content is copy right protected !!