শিক্ষা আৰু নৈতিকতা

দ্ৰোণালী তালুকদাৰ

বৰ্তমান সমাজ ব্যৱস্থাত সকলোতকৈ চিন্তনীয় আৰু স্পৰ্শকাতৰ বিষয়টোৱেই হৈছে আমাৰ শিক্ষাব্যৱস্থা আৰু ইয়াৰ লগত জড়িত কিছুমান আনুষংগিক বিষয়বস্তু। অতীজতে মনীষীসকলে কৈ গৈছে যে শিক্ষাৰ ঘাই শিপাডাল তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা। এই বাক্যশাৰী যদি আমি বিশ্লেষণ কৰি চাওঁ, তেন্ত মূলতঃ দুটা অভিধাৰণাৰ কথা ব্যক্ত কৰিব পৰা যায়। প্ৰথমতে, শিক্ষাৰ লগত জড়িত অথবা শিক্ষা গ্ৰহণ কৰিবলৈ আমি যে অশেষ ঘাত-প্ৰতিঘাত, কষ্ট সাধনা, একাগ্ৰতাৰ দুৰ্গম বাট অতিক্ৰম কৰিবলগীয়া হয় সেই কথাবোৰকেই সোঁৱৰাই দিয়ে। অন্যহাতে, ইয়াৰ ‍‘‍‘সোৱাদ মিঠা’’ এই কথাষাৰিৰ হয়তো অন্তৰ্নিহিত ভাবধাৰা বহুজনৰ মতে ভিন্ন ভিন্ন হ’ব পাৰে। কোনোৱে যদি এটা চাকৰি পোৱাটোকে ইয়াৰ গূঢ়াৰ্থ হিচাপে গ্ৰহণ কৰে, কোনোৱে আকৌ উচ্চ শিক্ষা, ডিগ্ৰী লোৱাতেই ইয়াৰ পুৰস্কাৰ হিচাপে গণ্য কৰিব খোজে, কোনোৱে আকৌ স্বাৱলম্বী হোৱাতেই ইয়াৰ মিঠা সোৱাদৰ ভাবধাৰা বুলি প্ৰকাশ কৰিব বিচাৰে।

বাৰু, এই গোটেই প্ৰক্ৰিয়াখিনিৰ মাজত আমি এটা কথা পাহৰি গৈছো নেকি? যিয়ে অতীজৰেপৰা আমাক (প্ৰাচ্যক) পাশ্চাত্য সমাজৰপৰা পৃথক কৰি, নিজৰ এক সুকীয়া আধাৰ গঢ়াত সহায় কৰি আহিছে। হয়, মই ‍‘নৈতিকতা’ শীৰ্ষক সংকল্পনাটোৰ কথায়েই ইয়াত উদ্ধৃত কৰিব বিচাৰিছো। প্ৰকৃততে আমি কিমানজনে পঢ়াশালিৰ পঢ়া-শুনা সাং কৰি, জীৱনৰ তিতা, কেঁহা অভিজ্ঞতাবোৰ গ্ৰহণ কৰি নৈতিকতা আৰু জীৱনবাদক আঁকোৱালি, তাৰ আদর্শেৰে অনুপ্ৰাণিত হৈ কৰ্ম কৰিছো। আজি আমাৰ ব্যস্ত জীৱনবোৰত নৈতিকতাৰ গ্ৰহণযোগ্যতাই বা কিমান? মোৰ দৰে আৰু বহুজনে হয়তো আজি ভাবিবলৈ বাধ্য হৈছে যে একবিংশ শতিকাত এই প্ৰসংগটো হৈ পৰিছে এক চিন্তনীয় বিষয়বস্তু।

আমাৰ কাৰিকৰী শিক্ষাৰ লগতে ব্যৱহাৰিক জ্ঞান, নৈতিকতা, আদৰ্শবাদ, ভাতৃত্ববোধ, একাত্মতাবোধৰো যে সেই একেই প্ৰয়োজনীয়তা আছে, হয়তো আমি আজি পাহৰাৰ উপক্ৰমত। যদিও আজি আমি মানৱ সভ্যতা সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা বুলি দম্ভ মাৰিছো, তথাপি আমি অসম্পূৰ্ণ। যি সফলতাৰ চিৰি আমি বগাই আহিছো সেয়া অসম্পূৰ্ণ। কোৱা বাহুল্য যে আজি শিক্ষিতসকলৰেই মাজত অপৰাধ প্ৰৱণতা, ঈর্ষা, বিদ্বেষ ইত্যাদিৰ মাত্ৰা খুবেই বেছি আৰু তাৰ উত্তৰ বিচাৰি, দৰব বিচাৰি আমি দিনে-ৰাতিয়ে টেলিভিছনৰ পৰ্দাত, ৰেডিঅ’ৰ বুলনিত, খবৰ-কাগজৰ পাতত আলোচনা-বিলোচনাত মছগুল হৈছো। কিন্তু, তাৰ উত্তৰ আজি আমাৰ হাততেই অন্তৰ্নিহিত হৈ আছে, আৰু সেয়া হ’ল নৈতিকতাবাদৰ হোৱা প্ৰচুৰ স্খলন, যিয়ে মানুহক মানুহ গণ্য নকৰি পশু আৰু মন্ত্ৰসদৃশ কৰি তুলিছে আৰু যাৰ বাবে হয়তো আজি আমি নিজৰ পৰিয়াল, ভাতৃত্ববোধ, সমাজ সকলোকে আওকাণ কৰি, এক শেষ নোহোৱা যাত্ৰাৰ প্ৰতিযোগিতাৰ ফালে অক্লান্ত পথিকৰূপে অহৰ্নিশে ধাৱিত হৈছো। কিন্তু, ইয়াৰ শেষ ক’ত, সেয়া হয়তো আমি অনুধাৱন কৰিবলৈ সক্ষম নহয়।

আমি সৰুৰেপৰা ল’ৰা-ছোৱালীক বৃত্তিমুখী, কাৰিকৰী শিক্ষাৰ লগতে নৈতিক শিক্ষাৰ বীজ ৰোপণ কৰা উচিত। নিজৰ পৰিয়াল কিম্বা ঘৰখনৰ পিছতেই পঢ়াশালিৰ মজিয়াখনতেই ল’ৰা-ছোৱালীয়ে বেছি সময় পাৰ কৰা পৰিলক্ষিত হয়। সেয়েহে বিদ্যালয় বাছনি কৰাৰ ক্ষেত্ৰত আমি সদায় সতৰ্ক হোৱা উচিত। কিয়নো বৃত্তিমুখী, কাৰিকৰী শিক্ষাৰ লগতে নৈতিক শিক্ষা প্ৰদান আৰু গ্ৰহণ কৰাটোও নিতান্তই আৱশ্যকীয়। এই ক্ষেত্ৰত মই মহাপ্ৰভু শ্ৰীশ্ৰীকৃষ্ণগুৰু মহাপ্ৰভুৰ ঔৰসত জন্ম লাভ কৰা ‍‘‍‘কৃষ্ণগুৰু’’ অনুষ্ঠানটিৰ কথা অলপ বিশ্লেষণ কৰিব বিচাৰিছো। যিহেতু যোৱা এবছৰ সময়ৰপৰা ময়ো এই পৰিয়ালৰে এগৰাকী সদস্যা, সেয়েহে এই ক্ষেত্ৰত মই যোৱা এবছৰে ব্যক্তিগতভাৱে লাভ কৰা কিছু অনুভৱ মই ব্যক্ত কৰিব বিচাৰিছো।

‍‘‍‘It is the way of life to purify are sauls.’’ ইয়াত কোনো জাতিক নহয়, জ্ঞাতিক নহয়, গোষ্ঠীক নহয়, জড়ক নহয়, মাত্ৰ আত্মাকহে উচ্চ জ্ঞান কৰা হয়। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো আত্মাক ইয়াত উচ্চস্থান দিবলৈ প্ৰতিজ্ঞাবদ্ধ। ভক্তিভাব দেখুৱাই স্বাৰ্থ সিদ্ধিৰ বাবে কোনো বস্তু আগবঢ়ালে সি গ্ৰহণযোগ্য বুলি ধৰা নহয়। স্বাৰ্থৰক্ষাৰ বাবে কাৰোপৰা দান বিচৰাও গ্ৰহণযোগ্য নহয়। সমাজত ঘৃণা কৰা বুভুক্ষুজনক ঘৃণা নকৰি খাবলৈ দিয়া ইয়াৰ অন্যতম এক আদৰ্শ। জগতত শান্তি স্থাপনৰ মূল কৰ্মই হৈছে আত্মা প্ৰেম। কিয়নো, আধ্যাত্মিক জ্ঞানে মানুহক সংযমী আৰু আয়ুস বৃদ্ধি কৰে, ই মানুহক একাত্মা বোধত বিশ্বাসী হ’বলৈ শিকায়। ইয়াত কোৱা হয় যে ধৰ্মনিন্দা, নাম নিন্দা, ভক্ত নিন্দা, অসত্য প্ৰচাৰ কৰোতাসকলে বায়ু প্ৰদূষিত কৰে। দূষিত বায়ু লোকসমাজত ব্যাপক হয় আৰু সেই বায়ু পান কৰি মানুহ অজ্ঞানী হৈ জগতৰ ক্ষতিসাধন কৰে। সংখ্যাগৰিষ্ঠ লোকে কু-কৰ্মৰত হৈ জগতৰ শান্তি স্থাপনত বাধাৰ সৃষ্টি কৰে। এই আদৰ্শত তিনি গুৰুৰ কথা কোৱা হয়—

(১) আদিগুৰু পিতৃ-মাতৃ,

(২) দ্বিতীয় গুৰু শিক্ষক-শিক্ষয়িত্ৰী আৰু

(৩) তৃতীয় গুৰু হ’ল শৰণদাতা গুৰু।

এই গুৰু শব্দত দুটা অক্ষৰ নিহিত হৈ আছে, ‍‘‍‘গু’’ আৰু ‍‘‍‘ৰু’’। ‍‘‍‘গু’’ অক্ষৰে অন্ধকাৰক বুজায়। এই অন্ধকাৰ হ’ল অজ্ঞানতাৰ অন্ধকাৰ, নজনাৰ অন্ধকাৰ। আৰু ‍‘‍‘ৰু’’ অক্ষৰ অৰ্থ হ’ল পোহৰ। এই পোহৰ হ’ল জ্ঞানৰ পোহৰ, নজনাক জনাৰ পোহৰ, নিচিনাক চিনাৰ পোহৰ। অৰ্থাৎ যিজনে অজ্ঞান অন্ধকাৰৰপৰা মানুহক জ্ঞানৰ পোহৰলৈ বাট দেখুৱাই লৈ যায়, সেইজনায়েই হৈছে গুৰু।

যাৰ জৰিয়তে মানুহে দেহাৱয়ৱ লৈ পৃথিৱীত জন্মগ্ৰহণ কৰে, সেই পিতৃ-মাতৃয়েই হ’ল আদিগুৰু। এই আদিগুৰুৰ লগতে শিশুৱে শৈশৱকাল অতিবাহিত কৰে। মাতৃভাষাৰ প্ৰাথমিক জ্ঞানৰপৰা আৰম্ভ কৰি চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, সমাজ ব্যৱস্থা, প্ৰচলিত ধৰ্মীয় ব্যৱস্থা ইত্যাদিৰ জ্ঞান শিশুৱে পোন প্ৰথমে নিজৰ অভিভাৱক বা পৰিয়ালৰপৰাই আহৰণ কৰিবলৈ আৰম্ভ কৰে।

সাধাৰণ শিক্ষা, কাৰিকৰী শিক্ষা, বৃত্তিমুখী শিক্ষা, নৈতিক শিক্ষা প্ৰদান কৰা দ্বিতীয়বিধ শিক্ষাগুৰু হ’ল আমাৰ শিক্ষকসকল। শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীক ব্ৰহ্মৰ জ্ঞান দি জীৱনক আগুৱাই লৈ যায়। ছাত্ৰ-ছাত্ৰীসকলৰ ৰুচি অনুসৰি সাহিত্য- সংস্কৃতি, কলা বিজ্ঞান আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভৰিত থিয় হ’বলৈ শিকায়, উপযুক্ত কৰি তোলে, যাতে সমাজৰ বিভিন্ন কামত নিজৰ পাৰদৰ্শিতা অনুযায়ী সেৱা আগবঢ়াই, একো-একোজন দক্ষ নাগৰিকৰ ভূমিকা পালন কৰাত মনোনিৱেশ কৰিব পাৰে। সেয়েহে সমাজৰ প্ৰতিজন মানুহৰ প্ৰয়োজনীয় বিভিন্ন কৰ্মৰ বাবে উপযুক্ত কৰি তোলাৰ দায়িত্ব আমাৰ শিক্ষকসকলৰ ওপৰতেই ন্যস্ত কৰা হৈছে।

আৰু তৃতীয় গুৰু হৈছে সকলোৰে গুৰু, জীৱন পৰম জ্ঞান প্ৰদান কৰোতা, শৰণ দাতা, যুগাৱতাৰী গুৰু, যিয়ে বাহ্যিক অৱয়ৱক নহয়, জাতি- ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আত্মাক (sow) সন্মান আৰু উচ্চস্থান দিয়াৰ কথা উল্লেখ কৰিছে। এইজনাই পৰম ব্যক্তি যিয়ে আমাৰ আত্মাৰ লগত যোগসূত্ৰ স্থাপন কৰাত সহায় কৰে, যি আত্মাৰ কোনো পাপ, পুণ্য নাই, উচ্চ-নীচ নাই, বৰ্ণ-বৈষম্য নাই, যি আত্মাই নাৰীক সন্মান কৰাৰ আদৰ্শত ব্ৰতী হয়।

আমি বৃত্তিমূলক শিক্ষাৰ লগতে যদি সৰুৰেপৰা ল’ৰা-ছোৱালীক আধ্যাত্মিক নৈতিক শিক্ষাতো দীক্ষিত কৰিব পাৰো, তেন্তে আমি মানুহ হিচাপে, জীৱশ্ৰেষ্ঠ হিচাপে পূৰ্ণতা লাভ কৰিম। আজি বিশ্বৰ সৰ্বত্ৰতে দেখা দিয়া নানান ধৰণৰ অশান্তি, কুচিন্তা, কু-কাৰ্যই মানুহক বিপথে পৰিচালিত কৰিছে, কেৱল জড় চিন্তা আৰু অৰ্থ সম্পদকে জীৱনৰ সৰ্বস্ব বুলি ধাৰণা পোষণ কৰাৰ মানসিকতাৰ বীজ ৰোপণ কৰিছে, মিথ্যাচাৰত নিৰ্ভৰশীল হোৱা বাবে দিনক দিনে মানুহৰ মাজত বিৰোধ ভাবে গা-কৰি উঠিছে। সেয়েহে, মানুহক এই অশান্তি, আহুকালৰপৰা উদ্ধাৰ কৰিবলৈ নৈতিক জ্ঞান, ভাবাদৰ্শৰ নিতান্তই আৱশ্যক। সেয়েহে এই ক্ষেত্ৰত মই এক নিৰপেক্ষ ভাবাদৰ্শত দৰ্শিত ‍‘‍‘কৃষ্ণ গুৰু বিশ্ববিদ্যালয়’’ৰ নৈতিক, সুস্থ নিকা বাতাৱৰণে ল’ৰা-ছোৱালীৰ এক সুস্থ মানসিকতা গঢ়াত এক সুনাগৰিক দেশে গঢ় দিয়াত এক বিশেষ ভূমিকা লৈ আহিছে আৰু ভৱিষ্যতেও ল’ব বুলি মই দৃঢ়বিশ্বাসী।

(লেখিকা দ্ৰোণালী তালুকদাৰ ‍‘কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত সহকাৰী অধ্যাপিকা)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!