শাৰদীয় চিন্তা:

অঞ্জন শৰ্মা

হিমা দাস, ৰীমা দাস, ৰঞ্জন গগৈৰ সাফল্যৰ আনন্দ আৰু শাৰদীয় দূৰ্গা পূজাৰ মহানন্দ তথা আগন্তুক দিনৰ লক্ষ্মীপূজা-দেৱালী-ৰাসলীলা-চেনেহৰ উৰুকা-ভোগালী-আবতৰীয়া ৰঙালীকে ধৰি বিভিন্ন উৎসৱৰ বাবে অসমৰ খিলঞ্জীয়া অসমীয়াই কৰিবলগীয়া আনন্দৰ পটভূমিত মহাপুৰুষ ৰামকৃষ্ণ পৰমহংসৰ বিখ্যাত উক্তি -‘ জাহাজ যিপিনেই নাযাওক কিয়, জাহাজৰ কম্পাছৰ কাঁটা সদায় উত্তৰদিশেই থাকে বাবে জাহাজৰ ভুল নহয়; একেদৰে মানুহৰ মন যদি ঈশ্বৰৰ দিশে থাকে, মানুহৰো ভয় নাথাকে’- বাৰম্বাৰ মনলৈ আহিছে বাবে আই ভগৱতীক উদ্দেশ‍্যি আজি অসুৰবধৰ নৱমীপূজাৰ দিনা তথা আজিয়েই অসমীয়াৰ কঙালী বিহুৰ দিনা প্ৰাৰ্থনা কৰিছো যে খিলঞ্জীয়া অসমীয়াই যাতে পাহৰি নাযায় যে অসমখন হিন্দু-মুছলমান নিৰ্বিশেষে বঙ্গভাষী/পূৱ পাকিস্তানী/ বাংলাদেশী তথা গুজৰাটী/বিহাৰী/নেপালী কিম্বা তথাকথিত ‘ভাৰতীয়’ৰ পৈতৃক সম্পত্তি নহয়, আৰু যেন পাহৰি নাযায় যে ১৯৭৫ চনত ৬৩.৭৭% জনজাতি থকা ত্ৰিপুৰখত আজি  খিলঞ্জীয়াৰ অস্তিত্ব নাই , ছয়/সাতলাখ কোচ-ৰাজবংশীৰ ৰাজ‍্য কোচবিহাৰক মাত্ৰ ৩০০০০ ভাটিয়া হিন্দু বাঙালীয়ে পশ্চিমবঙ্গৰ অঙ্গ কৰাত সফল হ’ল!!
         আজি একেই পৰিস্থিতি অসমত বিৰাজ কৰিছে বাবে সমূহ খিলঞ্জীয়া অসমীয়াৰ কম্পাছৰ কাঁটা সঠিক দিশত থকাৰ বাবে  তথা খিলঞ্জীয়া অসমীয়াই ‘চিলাই কাণখন নিলে’ বুলি হায়ৈ-বিয়ৈ কৰি নাথাকি এক‍্যৱদ্ধভাৱে সাহসেৰে থিয় হৈ এক নতুন শক্তিশালী ৰাজনৈতিক মঞ্চ গঠন কৰি আগবাঢ়ে – আই ভগৱতীয়ে আজি কঙালী বিহুৰ দিনা অসুৰবধৰ ব‍্যস্ততাৰ মাজতে সামান্য সময় উলিয়াই কৃপা কৰক।
         সুবোধ বিশ্বাস, ৰামদেৱৰ চেলা, শিলাদিত‍্য, মমতাৰ আস্ফালন, হিন্দু বাংলাদেশীক আশ্ৰয়দানৰ সিদ্ধান্ত, সোণোৱালৰ অবাঞ্চিত নীৰৱতা, ইত্যাদি ইত্যাদি ঘটনাবোৰ আই ভগৱতীৰে কৃপা- খিলঞ্জীয়া অসমীয়াক শ্বক্ থেৰাপী দিবলৈ- যাতে জাগ্ৰত হয় আৰু বুজি পায়!!
        তোমাৰ লীলা আমি বুজিবই নোৱাৰো আই ভগৱতী! কৃপা কৰা আই, কৃপা কৰা।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close