লেখক, লিখনি আৰু গদ্য সাধনা

পুষ্পাঞ্জলী শিৱম শৰ্মা

মানুহে পৃথিৱীত জন্ম লয়, ইয়াৰ পৰিৱেশ, বাতাৱৰণৰ লগত সমযোজন কৰি সহবাস কৰে, হেজাৰ-বিজাৰ অভিজ্ঞতাৰে সমাহাৰিত জীৱন হৈ পৰে প্ৰত্যেকৰে বাবে অলিখিত কিতাপসদৃশ। সংঘটিত ঘটনাই দি যায় অপৰিসীম শিক্ষা, যাৰদ্বাৰা পৰিপুষ্টিত হৈ মানুহে ‍‘মানুহ’ হয়। শৈশৱ কালৰপৰাই মানুহে নিজক আটোম-টোকাৰিকৈ প্ৰতিষ্ঠা কৰাৰ যত্নত লাহে লাহে লিপ্ত হয়। শিশুবোৰৰ শব্দৰ ভঁৰাল কম থাকে, তথাপি সিহঁতৰ মানসিক জগতখন কিন্তু নানা প্ৰতিচ্ছবিৰে ভৰপূৰ হৈ থাকে। সিহঁতে ছবি আঁকি তাক প্ৰতিফলিত কৰাৰ চেষ্টা কৰে। চিন্তাধাৰাক বাস্তৱ মূৰ্ত ৰূপ দিয়াৰ প্ৰয়াস কৰে আৰু বয়স্কসকলৰ ক্ষেত্ৰত, যাৰ নেকি নিজ নিজ পৃথিৱীত, মন মস্তিষ্কত নানা অভিজ্ঞতাৰে পুষ্ট হোৱা এক বিশাল আত্মদৰ্শনৰ ছবি চিত্ৰিত থাকে। ‍‘গদ্য সাধনা’ হৈছে এনে এক মাধ্যম যাৰদ্বাৰা এনে বিমূৰ্ত ছবিবোৰক মূৰ্ত কৰাত সক্ষমতা লাভ কৰিব পাৰি আৰু যিজনে এই বিশেষ দক্ষতা অৰ্জন কৰি সফলভাৱে উপস্থাপন কৰিব পাৰে, তাকেই হয়তো ‍‘লেখক’ হিচাপে চিহ্নিত বা নামকৰণ কৰা হয়। এইখিনিতে উল্লেখনীয় যে লেখকসকলে যে কেৱলমাত্ৰ নিজৰ বাবেই নিজস্ব কথা-চিন্তাবোৰকেই অৱতাৰণা কৰে এনে নহয়; সৰ্বসাধাৰণেও যেতিয়া লেখকৰ লিখনিত নিজকে বিচাৰি পায়, সেয়াই যেন প্ৰকৃতাৰ্থত সাৰ্থক লিখনি আৰু লিখাৰ পৰিপূৰ্ণতা। যাৰ বাবে কোৱা হয়—“A writer is a professional observer for all and himself too”.

       লেখকৰ লিখনিত স্পষ্ট আৰু মূৰ্ত শব্দৰ ব্যৱহাৰে ব্যক্তিবিশেষক আৰু বেছি বিশেষ কৰি তুলিব পাৰে। শব্দৰ জ্ঞান আৰু ভঁৰালৰ প্ৰাচুৰ্যতাই মানুহৰ চিন্তাধাৰাক সফলভাৱে উপস্থাপন কৰাত খোৰাক যোগায়। বিষয়বস্তুৰ ভিন্নতা, শিল্পগুণৰ নতুনত্বৰ দিশবোৰ যেতিয়া কোনো এজন লেখকৰ গদ্যত প্ৰতিফলিত হয়, সমাজৰ ৰূপান্তৰত ই সফল ভূমিকা পালন কৰিব পাৰে। কল্পনাসমৃদ্ধ কাব্যিকতা প্ৰলেপো কেতিয়াবা কেতিয়াবা কোনো কোনো লিখনিত প্ৰতিফলিত হয় আৰু কাৰণ হিচাপে লেখকজনৰ এটা মহৎ উদ্দেশ্য তাত নিহিত থাকে আৰু সেয়া হৈছে পাঠকৰ মনত ৰোমাণ্টিক ভাবাদৰ্শেৰে অনুপ্ৰাণিত কৰি সত্য-সুন্দৰৰ ধাৰণাক উন্মেষিত কৰা। লেখক এজনৰ লিখনিত যেতিয়া প্ৰকৃত শব্দ নিৰ্বাচন, ধ্বনি, ব্যঞ্জনা, নিভাঁজ অনুভূতি, বাস্তৱিকতা আদি গুণৰ সমাৱেশ ঘটে তেতিয়াই সেই লিখনি হৈ পৰে বাস্তৱমুখী।

       লেখকৰ মননশীলতাই অন্তৰ্মুখিতাৰে জীৱনৰ বাস্তৱিক দৃশ্যবোৰ সাৰ্থকভাৱে তুলি ধৰাৰ প্ৰচেষ্টাত অহৰহ নিমগ্ন হৈ থাকে। লিখনি একোটা আৰু তাৰ ব্যাপ্তিৰ সম্পৰ্কত গাঢ়তা আৰু ব্যাপ্তিৰ মিলনতেই ৰচনা একোটাৰ স্বৰূপাৰ্থ প্ৰকাশিত হয়। সমাজৰ প্ৰত্যক্ষ অভিজ্ঞতাবোৰেই দৰাচলতে এটা লিখনি আৰু পাঠকৰ আপ্লুতাৰ প্ৰধান সাঁকো। লিখনিক কেতিয়াবা আস্বাদনীয় কৰি তোলাৰ স্বাৰ্থত অনুচিত দাৰ্শনিকতা আৰু নিৰস সংস্কাৰকামী বক্তৃতাও দেখিবলৈ পোৱা যায় কিন্তু। এজন লেখকে স্বাভাৱিকতেই সূক্ষ্ম বিশ্লেষণ তথা গভীৰ অন্তর্দৃষ্টিৰে আপোন বৈশিষ্ট্যসমৃদ্ধ লিখনি পাঠকৰ অৰ্থে আগবঢ়াবলৈ যত্ন কৰে, কথা মাত্ৰ ইমানেই যে এই লিখনিবোৰেই কিন্তু পাঠকৰ মানসপটত একো-একোটা ভাবক এক সাৰ্থক চিত্ৰত চিহ্নিত কৰে। গতিকে এই লিখনিবোৰে অজানিতেই বা প্ৰতক্ষ্যভাৱেও বহন কৰিব লাগে এক গুৰুদায়িত্ব, অন্তর্দৃষ্টিৰে সিক্ত বাবেই পঢ়ুৱৈয়েও বিচাৰি পায় নিজকেই প্ৰতিটো লিখনিত।

       লেখকসকলে কিছু পৰিমাণে সকাহ পোৱাৰ দিশ এটা বিচাৰি যায় তেওঁলোকৰ লিখনিবোৰৰেই হাতত ধৰি। আচলতে যদি প্ৰকৃত দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলগীয়া হয় ব্যক্তিগত হৃদয়খনেই তেওঁলোকৰ চিন্তাৰ বা নিজ নিজ দৃষ্টিভংগীৰ জন্ম-উৎসত পৰিণত হয়গৈ। য’ৰপৰা অন্তর্মুখী চিন্তাধাৰাৰ প্ৰলেপেৰে জীৱনটোক চাই নিৰীক্ষণ কৰি সম্ভৱযুক্ত সকলো অনুভূতি প্ৰকাশ কৰি শান্তি লাভ কৰে। অনুভূতিবোৰ যেতিয়ালৈ হৃদয়ত গুজৰি-গুমৰি থাকে আৰু তাক সহজ-সৰল ৰূপত প্ৰকাশৰ বাটেদি উলিয়াই দিব নোৱৰাৰ একপ্ৰকাৰৰ প্ৰসৱবেদনাৰেই ভুক্তভোগী হোৱাৰ দৰে অনুভৱ হয় লেখকৰ। কেৱলমাত্ৰ নিজ নিজ ব্যক্তিকেন্দ্ৰিক অনুভূতিৰে বাহ্যিক প্ৰকাশ নহয় লেখকৰ লিখনিবোৰ, বৰঞ্চ তাত নিহিত হৈ থাকে আন আন মানৱীয় উভিজ্ঞতাবোৰৰো স্বাক্ষৰ। কাৰণ, মানুহ সামাজিক জীৱ আৰু সমাজক কেন্দ্ৰ কৰি সেই এটা সামাজিক দিশক প্ৰতিনিধিত্ব কৰা লিখনিৰ জন্ম হয় লেখকৰ কলমেৰে।

       লিখনিবোৰত যেন এজন লেখকৰ ব্যক্তিগত অনুভৱবোৰে ক্ৰমান্বয়ে গতি কৰে, ধাৱিত হয় ব্যাপকতাৰ পিনে; সামাজিক ব্যাপকতা, ব্যক্তিগত অনুভূতি অভিজ্ঞতাৰ প্ৰাঞ্জলৰে বহল ব্যাপকতালৈ। য’ত অন্যান্যসকলেও বিচাৰি পাব পাৰে স্বকীয়তা, নিজৰ লগত সামঞ্জস্যতা থকা কিছুমান ব্যক্তিগত যেন লগা কথা।

সুখৰ সংজ্ঞা বিচাৰি প্ৰত্যেক জীৱমাত্ৰেই হাবাথুৰি খাবলগীয়া হয় প্ৰতিটো জীয়াই থকা মুহূৰ্তত। প্ৰকৃত সুখৰ সংজ্ঞা কি? মানুহবোৰ বা জীৱ সুখী কেনেদৰে হ’ব পাৰে বা হ’ব পাৰি, চিৰশাশ্বত কথা যে সুখৰ সংজ্ঞা সকলোৰে বাবে বেলেগ, কিন্তু সুখী কোন, কোনোবা সুখী হয়নে এই পৃথিৱীত, সুখৰ সংজ্ঞা ব্যাখ্যা কৰিবলৈ কোনোবাই পাৰিছেনে উৎকৃষ্ট শব্দেৰে উৎকৃষ্ট বিন্যাসেৰে সুপ্ৰয়োগ? মানুহৰ মানসিক জগতখন আজিৰ সময়ত নানা ধৰণৰ খেলিমেলিৰে পৰিপূৰ্ণ হৈ থাকে। কোনো কোনো সময়ত কোনোৱে বোধহয় সঠিক ব্যাখ্যা আগবঢ়াবলৈ অপাৰ হয় নিজৰেই সংজ্ঞা নিৰূপণত। যেতিয়ালৈ ব্যক্তিজনে প্ৰথমে নিজে নিজক চিনি পাবলৈ সক্ষম নহয়, তেতিয়ালৈ বোধহয় সমস্যাসমূহৰ সমাধানো বিচাৰি উলিয়াবলৈ কেৱলমাত্ৰ পাকঘূৰণিয়েই খাই থাকিবলগীয়া হয়। এজন প্ৰবন্ধকাৰে এটা প্ৰবন্ধত সুশৃংখল সুসংহতভাৱে ভাষাৰ বিন্যাসেৰে বিষয়বস্তুৰ ওপৰত নিজস্ব মতামত, অনুভূতিৰ লগত যুক্তিৰ সংযোগেৰে নিজস্বতা অতি সুন্দৰকৈ প্ৰতিফলিত কৰে। যেতিয়া তাত্ত্বিক যুক্তিৰে বিষয়বস্তু এটা প্ৰতিষ্ঠিত হয়, প্ৰচলিত অন্ধবিশ্বাসসমূহকো তেতিয়া খণ্ডন কৰি সুস্থ মতবাদ এটা প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হোৱা দেখা যায়। ইমানেই শক্তি থাকে লিখিব পৰা ক্ষমতাত। মননশীলতাক জুমুঠি কৰি ভাবাৱেগৰ সংযোজনেৰে প্ৰবন্ধ এটাক পূৰ্ণত্ব প্ৰদান কৰা তথ্য পৰিৱেশনৰ নৈপুণ্য প্ৰকাশিত হয় লেখকজনৰ লেখনীৰ মাজেৰে। লেখক এজনৰ লিখনিবোৰ তেতিয়া আৰু বেছি সাৰ্থক হয় যেতিয়া কোনো বিষয়ৰ ওপৰত বিচাৰ-বিশ্লেষণৰ তাত্ত্বিক ব্যাখ্যাৰ লগতে চিন্তাৰ গভীৰতাৰে সমস্যাৰে সমাধানৰ বাবে নিজা বক্তব্যৰে তাক সমাধানৰ দিশে আগবঢ়াই নিয়ে। স্ব-মতাদৰ্শৰ প্ৰতি গভীৰ আস্থা লেখকৰ বাবে অতিকৈ প্ৰয়োজনীয়।

লেখক এজনৰ লিখনিত প্ৰকৃষ্ট বন্ধন থাকিব লাগে আৰু এই প্ৰকৃষ্ট বন্ধন হৈছে ভাবৰ সংযত ৰূপ, তথ্যপূৰ্ণ যুক্তি, ভাষাৰ বলিষ্ঠ প্ৰয়োগৰদ্বাৰা লিখিত যুক্তিৰ বন্ধন।

       জীৱন মানেই বাৰে-ৰহণীয়া সুখ-দুখৰ সমষ্টি প্ৰত্যেকৰে বাবে কিন্তু কথা হ’ল দৃষ্টিভংগীৰ। মানুহৰ মাজত পাৰ্থক্য নিৰ্ধাৰিত কৰে এই দৃষ্টিভংগীয়েই। সেই মানুহৰ সমান দুৰ্ভগীয়া আৰু বোধহয় মূৰ্খ কোনো নাই, যিসকলে কেৱলমাত্ৰ নিজৰ মন-মস্তিষ্কৰদ্বাৰা আৱিষ্কৃত কথাবোৰেই চিৰন্তন শুদ্ধ আৰু সঁচা হিচাপে গণ্য কৰে আৰু দ্বিতীয় এজনৰো যে সেই একেই কথাত দ্বিমতীয় বা অন্য দৃষ্টিভংগী থাকিব পাৰে তাক নুই কৰে। কেৱলমাত্ৰ নিজস্ব চিন্তাভংগীৰে নিজক সঁচা আৰু শুদ্ধ বুলি দেখুৱাব খোজা মানুহৰ ভিৰৰ অভাৱ নাই বর্তমান সংসাৰত। কিন্তু বাস্তৱিক এয়া নহয়। সকলো কথা আৰু বিষয়ৰে ব্যক্তি বিশেষে নিজস্ব দৃষ্টিভংগী থাকে আৰু থকাটো স্বাভাৱিক বুলি মানি লৈ বিষয়বস্তুক চাৰিওপিনৰপৰা তুলাচনীত জাৰি-জোকাৰি চাই সিদ্ধান্তত উপনীত হ’ব পৰাটোৰেই দৃষ্টিভংগীৰ সঠিক সাৰ্থকতা বুলিব পাৰি। কিয়নো…

 ‘‍‘A man should look for

what is,

and not for what he

thinks should be.”

“Men are mortal, so are ideas. An idea needs propagation as much as a plant needs watering otherwise both will wither and die’’.

       মৰণশীলতাই পুষ্ট কৰা প্ৰত্যেক মানুহেই এদিন মৰিব লগাটো ধুৰুপ আৰু এইখন পৃথিৱীত যদি মানুহেই মৰণশীল তেনেহ’লে সেই মানুহৰ চিন্তা-ধাৰণাবোৰ স্থায়ী কেনেকৈ হ’ব? স্বাভাৱিকতেই চিন্তাধাৰাবোৰো পৰিস্থিতি পৰিৱেশ অনুসৰি সলনি হোৱাটো নাইবা অন্ত হৈ যোৱাটোও এই যুক্তিৰেই অধীন। কোনো প্ৰকাৰত স্থায়িত্বৰ ভ্ৰমে মাত্ৰ কেৱল ব্যক্তিবিশেষক অন্ধ কৰি এক অন্ধবিশ্বাসৰ পিনেহে ঠেলি দিয়াৰ পৃষ্ঠপোষকতা কৰে। প্ৰত্যেক মানুহৰে কলমৰ জৰিয়তে নিজৰ মনৰ সংবাদ প্ৰকাশ কৰাত কলা নাথাকিব পাৰে, কিন্তু এজন লেখকৰ লিখনিত কিন্তু তেওঁলোকে নিজকে বিচাৰি পাব পাৰে আৰু সেই ধৰণৰ লিখনিয়েই তেতিয়া সাৰ্থকতা প্ৰাপ্তিত উত্তীর্ণ হয়। তেনে ধৰণৰ লেখনিবোৰত লিখকে সাধাৰণতে ধ্ৰুৱবাদী মনোভাবক প্ৰাধান্যতা প্ৰদান কৰে অৰ্থাৎ জীৱনৰ লগত জড়িত সকলোৰে লগত মিল থকা ভাব-চিন্তাৰ নিয়মৰ মাজেৰে। সংযমৰ মাজেৰে ধীৰ-স্থিৰভাৱে প্ৰত্যক্ষ কৰি স্বকীয়তা ঢালি তাত প্ৰত্যেকজন মানুহৰেই যেন আত্মকথা সেই ধৰণে প্ৰস্তুত কৰে। ক্লাছিক এই কল্পনামিশ্ৰিত ব্যাখ্যাই, চিন্তাধাৰাই পাঠককো সংযত-সংহত কৰে, শান্ত, সমাহিত সাধনাৰ পৃথিৱীখনলৈ লৈ যোৱাত সহায়ক হৈ উঠে। লেখকৰ হাতত তথা মন-মস্তিষ্কত থকা কল্পনা তথা চিন্তাধাৰাত অবাধ স্বাধীনতাই তথাকথিত প্ৰচলিত জগতৰ কিছুমান অবাস্তৱিক আৰু ৰুক্ষ মনোভাবক দৃঢ়তাৰে প্ৰতিবাদ কৰিবলৈ প্ৰেৰণা লাভ কৰে।

সৌন্দৰ্যৰ প্ৰকৃত ব্যাখ্যা আৰু মানুহমাত্ৰেই সৌন্দৰ্যপিপাসু হোৱাৰ মনস্তাত্ত্বিকতাই লেখক এজনক বহু দিশত, বহু সময়ত প্ৰেৰিত কৰে এটা লেখনীৰ জন্মৰ বাবে। কীটছৰ বিখ্যাত আপ্তবাক্যশাৰী—

“Truth is Beauty, Beauty is truth” ইয়াৰেই প্ৰতিফলন। কিন্তু লেখকসকলে প্ৰকৃতাৰ্থত সৌন্দৰ্যৰ ব্যাখ্যা আগবঢ়ায় কিদৰে? নাইবা তেওঁলোকৰ মনত সৌন্দৰ্যৰ প্ৰকৃত সংজ্ঞা কি? দৰাচলতে লিখনিত পৰির্স্ফুট হোৱা সুন্দৰতাৰ ব্যাখ্যাত স্পষ্টতঃ দেখা পোৱা যায় যে বস্তু বা ব্যক্তিৰ বাহ্যিক সুন্দৰতাই শাশ্বত নহয়, বস্তু বা ব্যক্তিৰ অন্তর্নিহিত সুন্দৰতাৰ সংজ্ঞা অলপ বেলেগ ধৰণৰ হয়—য’ত লুকাই থাকে এজন ব্যক্তি বা বিষয়ৰ ব্যক্তিত্বৰ বা প্ৰকৃত সত্তাৰপৰা উদ্ভাসিত, উৎসাৰিত হয় আৰু যাক প্ৰকৃততে প্ৰত্যক্ষ কৰিব পাৰি কেৱলমাত্ৰ কল্পনা মনীষাৰে। উদাহৰণস্বৰূপে, জগতখ্যাত কবি ৱৰ্ডছৱৰ্থৰ নাম ল’ব পাৰি, তেওঁৰ ৰচনা ‍‘‍‘লিৰিকেল ৱেলাড’’ৰ মাইকেল, দি ৱাগনাৰ, দি এক্সকাৰচন আদিত ৰোমাণ্টিচিজিমৰ স্থায়ী ভাবোচ্ছ্বাসৰ সৃষ্টিত অনৱদ্য অৱদান আগবঢ়াইছিল।

কথা হ’ল লিখক আৰু লেখনি—ইয়াৰ শেষ বা সমাপ্তি বুলিবলৈ কোনো দিনে নহ’ব, মানুহৰ সভ্যতাৰ প্ৰতিটো অগ্ৰগামী খোজৰেই নৱ্য-নতুন লেখকৰ লিখনিৰ সমাহাৰ ঘটিয়েই গৈ থাকিব। মানুহৰ ভাব, বিষয় আৰু ৰূপনীতিত ঘটা পৰিৱৰ্তনৰ বাবেই লেখক ওলায়েই থাকিব, লিখনিও ওলাই থাকিব। ইয়াৰ সমাপ্তি নাই। প্ৰতিটো পল, ছেকেণ্ড, মিনিট, দিন, ৰাতি, বছৰ বা দশকে ঘটোৱা পৰিৱৰ্তনৰ সাক্ষী হৈ ৰ’ব লিখকৰ লেখনি, যিবোৰ প্ৰকৃততে সভ্যতাৰ পৰিচায়ক, মানুহ নামৰ প্ৰাণীবিধৰ পৰিচায়ক, ই মানুহৰ চিৰগতিশীল, চিৰপ্ৰৱাহমান জীৱনৰ নতুন নতুন ৰূপক প্ৰতিনিধিত্ব কৰিব। দাপোণস্বৰূপ হৈ স্বৱাস্তৱক পৰিচিত কৰাব। কিন্তু এইটোও সঁচা যে লিখনি মাত্ৰেই সকলোবোৰ গ্ৰহণীয় নহ’বও পাৰে। তাৰ মাজৰপৰা বৰ্জনীয় বহুত ওলাব পাৰে। তথাপি ক’ব পাৰি লেখকসকলৰ লিখনিয়ে গ্ৰহণ-বৰ্জনৰ মাজেদিয়েই সভ্যতাৰ স্বাক্ষৰ বহন কৰি নিত্য নতুনত্বৰ সম্ভেদ দি যোৱাৰ চিৰন্তন দায়িত্বও বহন কৰি যাব লাগিব অহৰহ, অসীমলৈ।

জীৱন বাটৰ নানা কেঁকুৰি ঘূৰি অভিজ্ঞতাপুষ্ট জীৱনৰ সৰু-বৰ ঘটনাই লিখনিত এক স্বাক্ষৰ বহন কৰে জীৱন জীয়াই থকাৰ সংগ্ৰামৰ। সংগ্ৰামটো থাকিবই প্ৰতিটো পল, প্ৰতিটো ক্ষণত প্ৰতিজনৰে বাবে পাৰ্থক্য এটায়ে যে লেখকে শব্দব্যঞ্জনাৰে তাক আটোম-টোকাৰিকৈ শৃংখলাবদ্ধ কৰি প্ৰকাশ কৰে, আৰু পাঠকসমাজে যেন বিচাৰি ফুৰে সেই লিখনিবোৰত ক’ৰবাত যেন কেনেবাকৈ নিজৰেই কথাবোৰ। লিখনি এটাৰ সাৰ্থকতা তাতেই বুলি ক’লেও অত্যুক্তি কৰা নহয় আৰু আত্মানুসন্ধান, ক’ৰবাত যেন ক’ৰবাত নিজৰো আৰু পাঠকৰো হৈ পৰে।

আন্ধাৰ কাম্য কোনো কাৰণতে কাৰোৰে বাবে নহয়। আন্ধাৰক প্ৰতিটো ক্ষেত্ৰতে বিনাশি ক্ৰমান্বয়ে পোহৰৰ জয়যাত্ৰা কৰিব খোজে লেখকে, তিমিৰ ত্ৰাসক দূৰ কৰি দীপ্তিমান হোৱাৰ সকলো প্ৰচেষ্টাত নিমগ্ন হোৱাত অহৰহ প্ৰচেষ্টাত ব্যস্ত থাকে, দাৰ্শনিক চেতনালব্ধ এটা লিখনিয়ে জীৱনৰ সুকুমাৰ ৰূপক প্ৰতিফলিত কৰিব পাৰে নিশ্চয়েই।

গতিকে প্ৰকৃত লেখক আৰু লিখনি ‍

‘চৰৈৱতী চৰৈৱতী’।

Related Articles

Check Also

Close
Close