লুইতৰ হাঁহি – নিশান্ত বৰদলৈ

প্ৰস্তাৱনাঃ

ডাকচাপৰিৰ দিন-ৰাতি। অাকালো নাই, ভঁৰালো নাই। বৰলুইতৰ জলতৰংগত সিঁচৰিত হৈ আছে সেই মাটিৰ সপোন-দিঠক। ভৰ লুইতত অপূৰ্ব ভংগিমাৰে ওপৰলৈ পানী ছটিয়াই ধেমালি খেলা ইয়াৰ ঐণা অথবা লাইকু একোজনী জীৱন্ত জলকুঁৱৰী। সন্ধিয়ালৈ দহ টকাৰ সুৰা অাৰু পাঁচ টকাৰ চানা। আহা ভাই, অাজি ৰাতি অামি টুৱেন্টীনাইন খেলিম। টিক্, চাহাব, মেম, গোলাম……!
নিপাঙ! নিপাঙৰ ছন্দোবদ্ধ বাঁহীৰ সুৰত থৰ লাগে লুইতৰ বলীয়া পানী। নদীয়ে হাঁহে, নিপাঙে হাঁহে। নদীয়ে কান্দে, নিপাঙে কান্দে।

সেই নদী নিৰৱধিঃ

দেশৰ পৰা দেশ বাগৰি মোৰ এই অন্তহীন যাত্ৰা। মোৰ এই যাত্ৰাৰ এক ক্ষুদ্ৰ অংশ ডাকচাপৰি। পৃথিৱীৰ এটা কোণৰ পৰা অান এটা কোণলৈ ‘মই’ চৰিত্ৰটিয়ে বিচাৰি ফুৰিছে এখন পৌৰাণিক নদী। মোক এখন নদী দিয়া, যাৰ বুকুত ওলমি অাছিল পুৱাৰ ৰঙা বেলি! মোক এখন নদী দিয়া য’ত কিৰিলিয়াই অাছিল এজাক প্ৰেমিক চৰাই! মোক এখন নদী দিয়া য’ত জিলিকি অাছিল পিতাইৰ সেউজীয়া দুহাত! মোক এখন নদী দিয়া যিখন নদীত গা ধুয়েই মোৰ অাই ‘কইনা’ হৈছিল!
প্ৰকৃতাৰ্থত, ‘মই’ চৰিত্ৰটিয়ে চাগৈ নাজানে সেই নদীৰ স্থান-কাল-পাত্ৰ বুলি কোনো কথা নাই। সেই নদী নিৰৱধি। সেই নদী বৈ অাছে মানুহৰ বুকুৰ পৰা বুকুলৈ। তথাপি তেওঁৰ এই যাত্ৰাক অমূলক অাখ্যা দিব নোৱাৰি। নিপাঙ, ঐণা অথবা লাইকুৰ মনৰ কথাবোৰ জানিবলৈ, সিহঁতৰ সুখ-দুখৰ পৃথিৱীখনৰ মোহনীয়তাক উপলব্ধি কৰিবলৈ তেওঁ দুহাতত সপি দিলোঁ ডাকচাপৰিৰ নৈপৰীয়া ঠিকনা!

নষ্ট নদীৰ গীতঃ

লাইকুক বোলে এবাৰ গাঁৱৰ হৰমহাজনে চহৰত লগ পাইছিল। তাইৰ হেনো পেটটো ওফন্দি অাছিল। গাঁৱৰ মেলত হৰমহাজনে নাক কোঁচাই ঘোষনা কৰিছিল-
:লাইকু বিজতৰীয়া হ’ল, তাইৰ গাত লেঠা, গাত লেঠা থকা মাইকী মানুহক মই চিনি পাওঁ। তাই অামাক নৰকত পচালে, তাই অামাৰ নাম নুমুৱালে।
তিনিঅালিবোৰত লাইকুৰ ওফন্দা পেটটো দবা বজাদি বাজে। নিপাঙে বিশ্বাস নকৰে সাত জনমলৈ। তাৰ বাঁহীৰ সুৰটোৰ দৰেই সঁচা লাইকু। লোকৰ মেখেলা শুঙি ফুৰা হৰমহাজনে, মতাৰ মূৰ খাইতীকেইজনীয়ে কি জানে তাৰ লাইকুৰ কথা। লাইকু এখন নদী হ’ব পাৰে, এজোপা গছ হ’ব পাৰে, এটা ৰাতি হ’ব পাৰে! কিন্তু বেশ্যা…! চাল্লা নৰকীহঁত, তহঁতৰ মাৰ বেশ্যা, তহঁতৰ চৈধ্য পুৰুষ বেশ্যা!
লুইতৰ পাৰত নিপাঙৰ বাঁহীয়ে কান্দে, ঐণাই কান্দে, উচুপি উঠে নদীৰ ভাষা বুজি পোৱা প্ৰতিজন মানুহ!

নদীয়ে হাঁহে, নদীয়ে গুণগুণাই
ফুল ফুলাৰ দিন অথবা ৰাতিঃ

নিপাঙৰ চকুৰ অাগতে লাইকু গাভৰু হৈছিল। জুৰুলা সাজযোৰতো তাইক ধুনীয়া দেখাইছিল। তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও হাঁহিব নাজানিছিল। তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও ফুল বাচিব নাজানিছিল। তাৰ ধুনীয়া লাইকুজনীৰ দৰে কোনেও সাঁতুৰিব নাজানিছিল। তাইৰ নকৈ উঠি অহা বুকুখনত তাৰ সৰু-বৰ সপোনবোৰে গজালি মেলিছিল।
:ঐ লাইকু, তোৰ গাৰ পৰা তেজ ওলাইছে!!!
:ক’তা? মিছাকৈ ভয় খুৱাই নিদিবি কিন্তু!
লাইকুৰ সোঁফালৰ কলাফুলটোৱেদি বৈ অহা তেজৰ সোঁতাটো দেখি সি পগলাৰ দৰে তাইৰ ভৰি দুখনত সাৱটি ধৰিছিল। এক অজান অাশংকাত সি কঁপিছিল। হঠাতে কি হ’ল তাৰ মৰমৰ লাইকুজনীৰ! লাইকুৱে সকলো জানিছিল, বুজিছিল। নিপাঙে তাইক নদীৰ গৰাটোত বহুৱাই পিতপতকৈ বিচাৰিছিল সেই উৎস। লাইকুৱেও কোনো প্ৰতিবাদ কৰা নাছিল। এক অবোধ সাঁথৰ হৈ সি লুইতৰ পাৰৰ পৰা ঘৰলৈ উভতিছিল। কাকো ক’ব নোৱাৰা বেমাৰটোৰ কথা ভাবোঁতে ভাবোঁতে তাৰ ভোক-পিয়াহ সকলো নোহোৱা হৈছিল। পেট বিষাইছে বুলি সি সেইদিনা বিচনাত বাগৰ দিছিল।
কেইদিনমানৰ পিছতেই সি ঐণাৰ মুখেৰে গম পাইছিল লাইকুৰ দেহৰ পৰা পৃথিৱীলৈ বৈ অহা ৰঙাখিনিৰ ৰহস্য। লাইকুৰ সন্মুখলৈ ওলাবলৈ তাৰ লাজ লগা হ’ল।কেইবাদিনো ধৰি সি লাইকুৰ অাঁতৰে অাঁতৰে থাকিল। তাৰ মানে তাৰ লাইকুজনী এতিয়া অকণমানি ছোৱালীজনী হৈ থকা নাই। সি নিজকে লাইকুৰ লগত জুখি চায়। নাই, নাই, তাতকৈ লাইকু এবেগেত মান সৰু! লাইকু যদি গাভৰু হ’ল তেনে সিও ডেকা হ’ল। তাৰো নাকৰ তলত দুই-এডাল দাড়ি ফুটিছে। মাকৰ মাতত তাৰ তন্ময়তা ভাগে, জলপানৰ টোপোলাটো লৈ, ঐনিতমৰ কলি এটি গুণগুণাই সি পথাৰলৈ খোজ ধৰে।

নদীৰো অাছে দুখৰ সেমেকা ৰাতিঃ

ঐণাই ভালকৈ জানে নিপাঙৰ মনৰ কথা! লাইকু অবিহনে নিপাঙৰ জানো কিবা অস্তিত্ব অাছে!! অাৰু নিপাঙৰ অবিহনে…! তাই অাৰু ভাবিব নোৱাৰে। এৰা সুঁতিটোৰ কাষৰ টিঙনাটোত তাই বহি পৰে। নিপাঙ তোক মই জীয়াই ৰাখিম! মোৰ বুকুৰ ওমেৰে তোক জীয়াই ৰাখিম। লুইতৰ অাকাশত জিলিকি থকা অচিনা-অজানা তৰাবোৰলৈ চাই তাই নিজকে প্ৰবোধ দিয়ে। সীমাহীন দুখৰ মাজতো সুখ আজুৰি জীয়াই থকা ঐণাই ভালকৈ বুজে এই দুখৰ গভীৰতা। তাই জানে তাইৰ সমান নিপাঙক কোনেও ভাল পাব নোৱাৰে। ব’হাগ বিহুত তাৰ বাবেই তাই তাঁতৰ পাতত বহে। চকুৰ পানীৰে ভমকাফুলীয়া ফুল বাছে। লাইকুলৈ তাইৰ হিংসা লাগে। কিন্তু তাইৰ লগত তাইৰ মৰমৰ নিপাঙ সুখত থাকিব, ইয়াতকৈ সুখৰ কথা সহজ-সৰল  ঐণাৰ বাবে অান কি হ’ব পাৰে! লুইতপাৰৰ অাবেলিবোৰত, অান্ধাৰবোৰত ঐণাৰ বুকুত শব্দহীন কাবান বাজে।

দেওলগা নদীত বুৰ গ’ল এচেৰেঙা ৰ’দঃ

নদীৰ মানুহ বাধাহীন, মুকলি বিহংগমৰ দৰে। লুইতপাৰত লাইকুৱে সোলকাই পেলালে গাভৰু বসন। নিপাঙৰো লাজ নদীয়ে কাঢ়ি ল’লে। মিচিং গাওঁখনত অাগতে নোলোৱা কথাবোৰ ওলাল। সি মাকৰ মুখে মুখে ধৰিব পৰা হ’ল- ‘লাইকুৰ কথা বেয়াকৈ নক’বি কিন্তু ক’ৰবালৈ গুচি যাম!’ লুইতপাৰৰ কাহিনীবোৰ চুবুৰি-তিনিঅালিৰে সৰকি গৈ আকাশে-বতাহে মিলি গ’ল। লাইকুক ঘৰৰ মানুহে বাহিৰ ফুৰিবলৈ নিদিয়া হ’ল। ‘ঘৰৰ বাইজ হ’লে ভৰি কাটি দিম!’- লাইকুৰ বাপেক সিংহৰ দৰে গৰজি উঠে। তথাপি লাইকু যায়, লাইকু অাহে। তাইৰ চেনেহৰ ‘জংকী’ক এবাৰ মাথোঁ লগ পাবলৈ তায়ো হৈ উঠিব পাৰে ‘পানৈ’। বাপেকৰ ৰঙা চকু, লৌহ দুহাতেও নিপাঙৰ পৰা তাইক দূৰৈত ৰাখিব নোৱাৰে। লুইতৰ পাৰাপাৰহীন বালিত যোৰপতা খোজ সিঁচি সিহঁত অাগবাঢ়ে।
লাইকু বোলে চহৰলৈ যাব! ঐণাই অানি দিয়া বাতৰিটোৱে নিপাঙৰ নিজস্ব পৃথিৱীখনত এটা প্ৰচণ্ড বিস্ফোৰণ ঘটাইছিল। যন্ত্ৰণাক্লিষ্ট মানুহৰ দৰে তাৰ বুকুখনে কেঁকাই উঠিছিল। তাৰ অাৰু বুজিবলৈ বাকী নাথাকিল- এয়া লাইকুক তাৰ পৰা আঁতৰোৱাৰ এক গভীৰ ষড়যন্ত্ৰ। লাইকু চহৰলৈ যোৱাৰ অাগদিনা নিপাঙ ৰাতি বাৰ বজাত মনে মনে সিহঁতৰ ঘৰলৈ গৈছিল। মুকলি অাকাশৰ তলত, বুকুৰ ভাষাৰে কথা পতা লাইকুক এনেকৈ চোৰৰ দৰে লগ ধৰিবলৈ আহি তাৰ অলপো ভাল লগা নাছিল। প্ৰথমবাৰৰ বাবে নিপাঙে লাইকুৰ বুকুত মূৰ থৈছিল। সৰু ল’ৰাৰ দৰে সি ফেঁকুৰি উঠিছিল। লাইকুৱে তাক অভয় দিছিল- ‘তই চিন্তা নকৰিবি, চহৰলৈ গৈ মই বহুত ডাঙৰ ছোৱালী হৈ তোৰ কাষলৈ উভতি অাহিম!’ নিপাঙে তাইক বিশ্বাস কৰিছিল। দুখন মৌ হৃদয়ত একেলগে উথলি উঠিছিল এখন বিষাদৰ নৈ! পুৱতি নিশা সিহঁতে অাৱিষ্কাৰ কৰিছিল এখন অবিনশ্বৰ বিশাল বোৱতী নৈ, যিখন নৈ বৈ আছে নিপাঙৰ বুকুৰ পৰা লাইকুৰ বুকুলৈ। নিপাঙ নদী হৈ উঠিছিল- ‘লাইকু, তই যাগৈ, তই ডাঙৰ ছোৱালী হৈ উভতি নহালৈকে মই তোৰ বাবে বাট চাম।’ পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ লাইকু অাঁতৰি গৈছিল। এক ভয়ানক চেঁচাই অাৱৰি ধৰিছিল তাৰ বুকুৰ চৌপাশ। হিমচেঁচা বুকুখন বহু কষ্টৰে কঢ়িয়াই নিপাঙ উভতি অাহিছিল। লাইকু ডাঙৰ ছোৱালী নোহোৱালৈকে সি যন্ত্ৰণাৰ দিন কটাব, তাৰ পিছতেই সুখ, মাথোঁ সুখ!
নদীক ভালপোৱা মানুহে জীৱনটোকো ভাল পাব জানে। লাইকু এদিন ডাঙৰ হৈ ঘূৰি অাহিব- সেই অাশাতেই নিপাঙ মৰি মৰি জী উঠিছিল।। লুইতৰ মৰুময় বালিত নিপাঙে খেপিয়াই চাইছিল লাইকুৰ চকু-মুখ-বুকু। নিপাঙৰ কৰুণ বাঁহীৰ সুৰে হুৰাহুৰে কন্দোৱাইছিল ঐণাক। লুইতৰ দেওলগা পকনীয়াই নিপাঙলৈ ৰ লাগি চাইছিল। মাজে মাজে সি পগলাৰ দৰে চিঞৰি উঠে- ‘নাই, নাই, ইয়াত নদী নাই, অাছে মাথোঁ এজাক ডেউকা ভঙা বতাহ!!
লাইকুক ঘোঁৰা গাড়ী এখনত উঠাই গাঁৱলৈ লৈ অনা হৈছিল। ৰে’লে দুচেওকৈ কটা লাইকুৰ মৃতদেহটো গাওঁখনৰ বাবে একো অাচৰিত হ’ব লগা ঘটনা নাছিল। নৈপৰীয়া মিচিং গাওঁখনৰ বাবে মৃত্যু এক প্ৰাত্যহিক সংবাদ। অাজি বোলে নদীয়ে নিলে, কালিলৈ বোলে হাইজা, মৃত্যুও যে মানুহৰ বাবে ইমান সহজ-সৰল হ’ব পাৰে ভাবিলে অাচৰিত লাগে। নিপাঙে লাইকুৰ মৰাশটো হেঁপাহ পূৰাই চাইছিল। কলিজাৰ কঁৰাল বন্ধা গোটা তেজবোৰৰ মাজত সি তাৰ অাধৰুৱা ঘৰখনৰ ছবি অাঁকিছিল। মৰা মানুহৰ লগত সি নদীদেশৰ কথা পাতছিল-
:জাননে লাইকু, তোৰ গাৰ পৰা তেজ ওলাওঁতে মোৰ মৰি থাকিবৰ মন গৈছিল। তোৰ বগা কৰঙন দুটাত চুমা খাই দিবলৈ মন গৈছিল, লুইতৰ বুকুত জঁপিয়াই দিবলৈ মন গৈছিল।
অাজিকালি বাঁহীৰ যাদুকৰী মূৰ্ছনাৰে ডাকচাপৰিৰ অাবেলিক জীপাল কৰি তুলিবলৈ নিপাঙ লুইতৰ পাৰলৈ নাহে। মায়া-মোহ নথকা এখন পৃথিৱীত জীয়াই থকাৰ সংগ্ৰামী অাখৰাত সি এতিয়া ব্যস্ত। জীৱনৰ প্ৰতি তাৰ কিবা নিৰ্মোহ ভাব অাহে। অানকি তাৰ বুকুৰ এফাল লুইতৰ প্ৰতিও নাই তাৰ দুৰ্বাৰ অাকৰ্ষণ। সি অনুভৱ কৰে তাৰ বুকুৰ পৰা ক্ৰমশঃ হেৰাই গৈছে সেই সুৰীয়া নদী, যিখন নদী যৌৱনৰ দোকমোকালিতে তাক উপহাৰ দিছিল লাইকুৱে। এটা ভয়ানক পিশাচে তাৰ মূৰৰ অাকাশখন কাঢ়ি লৈ গ’ল। নিৰত্তাপ একুৰা জুইত জাহ গৈছে তাৰ নদীৰ কলিজা। তাৰ জকজকীয়া কামিহাড়বোৰে দুখৰ ভাৰ সহিব নোৱাৰি যন্ত্ৰণাত কেঁকাই উঠিছে। প্ৰচণ্ড চাবুকৰ কোবত তাৰ গাৰ পৰা চপৰা-চপৰকৈ খহিছে মঙহ।

নদীৰ পাৰত মোৰ ঘৰ
তাইৰ বুকুত মোৰ ঘৰঃ

:নিপাঙ, তোৰ লাইকু বহুত ভাল, বহুত। তোৰ নিচিনা ভাল।
প্ৰথমবাৰৰ বাবে লাইকুক কোনোবাই ভাল বুলি কোৱা শুনি নিপাঙ উচপ খাই উঠিল।
:নিপাঙ, তোৰ লাইকু বহুত ভাল, ব-হু-ত। তোৰ লাইকু কেতিয়াও বেশ্যা হ’ব নোৱাৰে। তোৰ লাইকু তোৰ বাবে ক’ৰবাত নহয় ক’ৰবাত ৰৈ থাকিব। বিশ্বাস কৰ, তোৰে শপত!
:ঐণা তই!!!
ৰঙাকৈ হেলনীয়া বেলিটো পশ্চিমলৈ খহিছে। নিপাঙৰ বাঁহীৰ সুৰত গাঁৱৰ পদূলিত দামুৰি ডিঙিৰ টিলিঙা বাজিছে। বাঁহীয়ে হাঁহিছে, ঐণাই হাঁহিছে, নদীৰ গতিৰে গাঁৱৰ পঁজালৈ খৰকৈ নামিছে জোনাক।

লুইতৰ হাঁহিঃ

অাপোনাৰ দৰেই মোৰো উৎসুকতা থাকি গ’ল চহৰীয়া পৃথিৱীত এনে কি দুৰ্ঘটনা ঘটিল যাৰ বাবে নদীৰ জীয়ৰী লাইকুৱে অাত্মহননৰ দৰে মাৰাত্মক পন্থা হাতত ল’ব লগা হ’ল!! মোৰ সকলো প্ৰশ্নৰ উত্তৰ নিয়াৰিকৈ দিয়া ‘মই’ চৰিত্ৰটিয়ে অতি চতুৰতাৰে এই বিষয়ত মৌনতা অৱলম্বন কৰিলে। সেই খেয়ালী মনৰ যাযাবৰী যুবকজনক মোৰ গাঁৱলৈও সাদৰেৰে অামন্ত্ৰণ জনাইছিলোঁ। মই তেওঁক অাঙুলিয়াই দিছিলোঁ মোৰ ঘৰৰ কাষেদি বৈ যোৱা মোৰ প্ৰাণৰ- মৰনৈক। প্ৰাপ্তিৰ হাঁহি বিৰিঙাই তেওঁ মোৰ মুখলৈ চাই ৰৈছিল। হয়তো তেওঁৰ দীনহীন-ৰাতিহীন যাত্ৰাৰ অৱসান ঘটিছিল। সুদূৰ এটা পৰিক্ৰমাৰ অন্তত তেৱোঁ গৰাকী হ’ল এখন ৰহনীয়া নদীৰ। সেই বাবেই মোৰ অাকুল অাহ্বানক নেওচি তেওঁ গুচি গ’ল। বিদায়ৰ পৰৰ কৰুণ ক্ষণত তেওঁ মোৰ শূন্য দুহাতত তুলি থৈ গ’ল – “লুইতৰ হাঁহি।”

মিচিং শব্দ
কাবান:- শোকগীত।

Related Articles

Close