লুইতপৰীয়াসকল সাৱধান! আকৌ আহিছে মান!

অঞ্জন শৰ্মা

জাবৰ, বৰখামতিৰ জাবৰ

হৈছিল মান সেনাপতি মিঙিমাহা তিলোৱাৰ ভৃত‍্য

সেয়েই অসমৰ বুৰঞ্জীত জাবৰো এক চৰিত্ৰ।

প্ৰথমে অসমলৈ মান আনিছিল বৰফুকন বদনে

সহায় কৰিছিল ৰঙিলীয়ে, ৰঙিলী কুঁৱৰীয়ে

দ্বিতীয়বাৰ মান আনিছিল চন্দ্ৰকান্ত স্বৰ্গদেৱে

তহিলং হৈছিল গাঁৱৰ পিছত গাঁও, দুয়োবাৰ

মান আহিছিল আকৌ এবাৰ, তৃতীয়বাৰ

তৃতীয়বাৰ মান আহিছিল অনাহুত হৈ

কৰিবলৈ লুণ্ঠন-অত‍্যাচাৰ।

মানে পুতলা-ৰজা পাতিছিল যোগেশ্বৰ সিংহক

আৰু জাবৰ…

আৰম্ভণিতেই উল্লেখ কৰা জাবৰ…

বৰখামতিৰ জাবৰক মানে পাতিছিল বৰবৰুৱা

জাবৰ বৰবৰুৱা!

মান সেনাপতি আছিল মিঙিমাহা তিলোৱা

তিলোৱাৰ সমানেই জাবৰেও চলাইছিল অত‍্যাচাৰ,

অকল্পনীয় অত‍্যাচাৰ

উছন হৈ গৈছিল দিহিং-দিচাং-ধনশিৰি উপত্যকা

উছন হৈ গৈছিল নগাঁও, নগাঁৱৰ বহু গাঁও

নীৰৱ দৰ্শক আছিল স্বৰ্গদেউ যোগেশ্বৰ

পুতলা-ৰজা যোগেশ্বৰ সিংহ

মৰ্মন্তুদ ঘটনা—নগাঁৱৰ কাষৰি গাঁৱৰ

এখন বিশাল বাঁহৰ চাং সাজি কাষৰি গাঁৱত

কাষৰি গাঁৱৰ ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী

সকলোকে সেই চাঙত তুলি তলত জুই দিছিল

ভেদি নিবিড় অন্ধকাৰ নিজান নিশাৰ

বহুদিনলৈ

বহুদিনলৈ শুনা গৈছিল

কাষৰি গাঁৱৰ এৰাবাৰীৰ কৰুণ আৰ্তনাদ

তুংখুঙীয়া স্বৰ্গদেউ

দুঘৰ হৈ পৰিছিল

পিছলৈ হৈছিল তিনিঘৰ

চন্দ্ৰকান্ত-পুৰন্দৰ-যোগেশ্বৰ, তিনিঘৰ

বৰ কৰুণ সেইবোৰ অধ‍্যায়

বৰ কৰুণ সেই মৰ্মন্তুদ ইতিহাস…

১৮২২ চনৰ ২১ জুন

হাদিৰাচ’কিৰো অধ‍্যায় অতিকে’ কৰুণ

মানৰ হাতত পৰাস্ত হৈছিল যুঁজ দিয়া সিংহ

চন্দ্ৰকান্ত

বেলেগ ৰাষ্ট্ৰৰো লৈছিল সহায় তেওঁ

স্বাধীনতা ৰক্ষাৰ বাবে, অসমৰ!

সেই দিনটোৱেই একৈছ জুন

হাদিৰাচ’কি

শৰাইঘাটৰ গৌৰৱগাথা নিশ্চিহ্ন হৈছিল

সলনি হৈ পৰিছিল অসমৰ মানচিত্ৰ

লুপ্ত হৈ গৈছিল ইয়াণ্ডাবুৰ পূৰ্বেই

হাদিৰাচ’কিত অসমৰ স্বাধীনতা

আজি বেছিভাগেই স্মৰণ নকৰে

স্মৰণ কৰাৰ বিষয়েও স্মৰণ নকৰে

পাহৰণিৰ গৰ্ভত লীন আজি আন্ধাৰুবালি

আলাবৈ-শৰাইঘাট-ইটাখুলি

পাহৰণিৰ গৰ্ভত লীন আজি কাষৰি গাঁও

ম’হগড়-হাদিৰাচ’কি-ইয়াণ্ডাবু

পাহৰণিৰ গৰ্ভত লীন আজি গমধৰ

জিউৰাম-পিয়লি-গদাধৰ

উত্তৰ কোনে দিব পাৰে—

ক’ত শেষকৃত‍্যৰ স্থান

ক’ত লাচিত বৰফুকনৰ?

চিলাৰায়ৰ?

পাহৰণি!!

পাহৰণি নে স্বেচ্ছা-গোলামি?

সাৱধান লুইতপৰীয়াসকল, সাৱধান

বেলেগ ভেশেৰে, বেলেগ শৈলীৰে আকৌ আহিছে মান

আকৌ জাবৰ হৈছে বৰবৰুৱা

আকৌ পুতলা-ৰজা হৈছে স্বৰ্গদেউ

আকৌ সজা হৈছে বিশাল বাঁহৰ চাং

সাৱধান! সাৱধান!!

ৰচনাকাল – ১১/১০/২০১৮

Related Articles

Check Also

Close
Close