লাভ ইউ আইভান…!

মনোজ কুমাৰ ডেকা

                   (এক)
(পুৱা সোনকালে সাৰ পালো । কিয় কব নোৱাৰো ! মুঠতে সাৰ পালো । শূণ্য মনে চিন্তা কৰিলে, কৰো কি !…কিয়নো, কেতিয়াবা শীতৰ শীতল পাটীত কুহুমীয়া মনে কোনোমতে পৰি থাকিবলৈ ৰাজী নহয় । খচমচাই থাকে । অশান্তি দিয়ে ।
মই…মই মনটোৰ সৈতে ঠিক কথা পাতিবলৈ আৰম্ভ কৰিলো । কিন্তু মনটোক, হৈছে কি বুলি কবহে পালো, শুনিলোঁ চিঞৰ বাখৰ.…! এজাক মানুহে চিঞৰিছে-“আইভান আইভান…আইভান !”
মনটোৱে কলে, ও…ধৰ আইভানক । কি ? কিয় বিখ্যাত ?
…তাৰপিছত মই যি দেখিলো, যি পঢ়িলো সিয়ে মোক আইভানক ভাল পাবলৈ বাধ্য কৰিলে । মনটোৱে কৈ পেলালে- “মই তোক ভাল পাওঁ আইভান ! তোৰ কাম আৰু কথাই মোৰ মনৰ আয়ুস আৰু অকণমান বঢ়াই দিলে । …লাভ ইউ আইভান !”)
                        (দুই)
আইভানক আবিষ্কাৰ কৰিব লওঁতেই আমিৰ খান আহি উপস্থিত হ’ল । ক’লে- “ডেকা আহিবা । স্কুলৰ মিটিং এখনত মাতিছে । তুমি থাকিলে ভাল লাগিব । মনোজ যদি মেল মিটিং নাচায়, নুশুনে ভাল নালাগিব ।”
মই মিটিংখনত আমিৰে দিয়া ভাষণটো শুনিছিলো । আমিৰে কৈছিল-“আপোনালোকে গৰ্ব কৰে আমাৰ পূৰ্ণ শতাংশ ছাত্ৰ ছাত্ৰীয়ে পূৰ্ণ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয় । ইয়ে আপোনালোকক আনন্দিত কৰে । আপোনালোক সুখী হয় । ভীষণ সুখী । কিন্তু, আপোনালোকৰ কোনো এজনে কব পাৰেনে, সেই ছাত্ৰ ছাত্ৰীখিনিৰ কিমান শতাংশ প্ৰকৃতাৰ্থত সুখী !….…..আমি কিমানে কোনো এদিন সুধিছো, আজি তুমি কাৰোবাক আনন্দিত কৰিছে নে ? সহায় ? সহায় কৰিছে নে ? নাই । সাধাৰণতে নোসোধো । সোধো, নামবোৰ কিমান পালা । বা, তুমি ইমান নামবোৰ পাব লাগিব । আন কথাত মনোযোগ নিদিবা । পঢ়াত গুৰুত্ব দিয়া । জীৱন গঢ়িব লাগিব !…
জীৱন গঢ়াৰ দৌৰত আমি ক্ৰমশঃ স্বাৰ্থপৰ হব ধৰো । …মই আগুৱাব লাগে । বাকী পিছৰ কথা ভাই ! আৰু, এনেদৰেই আমি জন্ম দিওঁ একোটা মাথো নিজক জনা প্ৰজন্মক !”
মোৰ মনত পৰে- ছবিৰ বহীখনৰ পৰা, পৰিয়ালৰ পৰা ক্ৰমশঃ নিজক ফ্ৰেমৰ বাহিৰলৈ লৈ যোৱা ঈশানৰ কথা । মোৰ মনত পৰে- ক্ৰমশঃ বেয়া ইঞ্জিনীয়াৰ এজন হবলৈ গৈ থকা, ফটোগ্ৰাফী ভাল পোৱা ফাৰহানলৈ । হুকহুকাই কান্দি থকা ডেকা ফাৰহানৰ কথা কেইটা কাণত বাজি উঠে-“…মই বুজি নাপাওঁ ইঞ্জিয়াৰিং । হলেও মই বৰ বেয়া ইঞ্জিনীয়াৰ এজন হম ।…ফাটোগ্ৰাফাৰ হ’লে কম উপাৰ্জন কৰিম । গাড়ী সৰু হব । ঘৰ সৰু হব । কিন্তু মই সুখী হম দেউতা । “
(তিনি)
শেষ কৰিম আৰু দেই ! দীঘলীয়া হৈছে বোধকৰোঁ ?!
মিটিং শুনি উভতি আহি পুৰণি কেলেণ্ডাৰখন চাওঁ । বিচাৰো । শীতৰ সেমেকা ৰাতি ভঙা বেৰৰ ফাঁকেৰে মনে মনে সোমাই মোক সাৱটি কঁপাই তুলিব নোৱাৰাকৈ দুখীয়াৰ দুখৰ চেঁচা বতাহজাক ভেটিবলৈ কিমান কেলেণ্ডাৰ ব্যৱহাৰ কৰিলো । ভাল বা বেয়া দিন লাহে লাহে পাহৰিব ধৰিলো ! কিন্তু আজি আকৌ উলিয়াইছোঁ এখন পুৰণি কেলেণ্ডাৰ । দুটা তাৰিখ । জুন ১০, ডিচেম্বৰ ১২ । চন একেটাই ১৯৮৮ । দুজন তাৰকাৰ জন্ম হৈছিল । আবেল মুটাই, কেনিয়াত । আইভান ফাৰনন্দেজ, স্পেইনত । দুয়োগৰাকী পিছলৈ প্ৰখ্যাত দৌৰবিদ হিচাবে পৰিগণিত হৈছিল । দেশৰ নাম উজলাইছিল ।
…সেই যে মানুহৰ চিঞৰ বাখৰ শুনিছিলো, সেয়া আছিল মাৰথন প্ৰতিযোগিতাৰ দর্শকৰ উল্লাস । প্ৰতিযোগিতাখনি হৈছিল স্পেইনৰ বুৰলাদা নামৰ সৰু চহৰখনত । চহৰৰ প্ৰায় ওঠৰ হাজাৰ মানুহৰ গাত তত নাই । তাতে তেওঁলোকৰ প্রিয় খেলুৱৈ আইভানে দৌৰিছে । মানুহৰ প্ৰত্যাশা বাঢ়িছে । Brabhooooo…Run Ivan run !
আইভানে দৌৰিছে । সন্মুখত কেনিয়াৰ প্ৰতিদ্বন্দী আবেল মুটাই । আইভানে আবেলক চুব পৰা নাই । বহু আগত আবেল । কিন্তু হঠাৎ দেখিলে, ৰৈ গ’ল আবেল ! কেইটামান মুহুৰ্তৰ ভিতৰত আইভানে বুজিলে, ভুল কৰিছে তেখেতৰ প্ৰতিদ্বন্দীয়ে । আবেলে ভাবিলে তেওঁ সীমা চুলে । আবেল ভুল দিশত সোমাইছিল !…
…পিছৰ পৰাই দৌৰি দৌৰি আইভানে চিঞৰিলে- শেষ হোৱা নাই…শেষ হোৱা নাই । দৌৰা । শেষ হোৱা নাই । কিন্তু কেনিয়ান আবেলে স্পেনিছ বুজি নাপায় । শেষত আইভান আগুৱাই আহি আবেলক প্ৰায় ঠেলি নিলে লক্ষলৈ ।
আবেলে সোণৰ পদক পালে । কিন্তু, আইভান মানুহৰ শিৰৰ মুকুতা হ’ল !
পিছত আইভানক সাংবাদিকে প্ৰশ্ন কৰিছিল- কিয় ? কিয় এনে কৰিলে ? কেনিয়াক জয়ী কৰালে কিয় ?
আইভানে কৈছিল- “না মই শ্ৰেষ্ঠ হব পৰা অৱস্থাত নাছিলোঁ । মই দ্বিতীয় শ্ৰেষ্ঠ হব পৰা দূৰত্বত আছিলোঁ । যোগ্যতা আছিল আবেলৰ । সেয়ে মই তেওঁক তেওঁৰ প্ৰাপ্য সন্মান দিবলৈ চেষ্টা কৰিছিলোঁ । কিয়নো, তেনেকৈ জয়ী হৈ কি পাম মই ! কি মূল্য তেনে পুৰস্কাৰৰ যাক মানুহৰ মনৰ খবৰ নেৰাখি হাছিল কৰা হয় ! …মোৰ মায়ে বাৰু কি ভাবিলেহেঁতেন ! সু সংস্কাৰ প্ৰজন্মই কঢ়িয়াই প্ৰজন্মলৈ । মই বিশ্বাস কৰোঁ এদিন আমি এনে এটা মানৱ গোটৰ জন্ম দিব পাৰিম যিয়ে মনৰ খবৰ লয় ! দিয়ে !
……………..
………………..
(শান্ত হব ধৰা মনটো লৈ মই আকৌ স্পেইনৰ পৰা দৌৰিবা ধৰিলো । গুৱাহাটীলৈ । মোৰ খেলিমেলি কোঠাতোলৈ । দৌৰি থকাৰ সময়ত কাণত পৰিছিল আবেল আইভানৰ চিঞৰ-“Run Manoj run…!”
গুৱাহাটী পাওঁতে অকণমান ভাগৰ লাগিছিল । ঘড়িত তেতিয়া আঠ বাজি তেইছ মিনিট হৈছিল !)
••••••••••মহাবাহু••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!