লক ডাউন আৰু জীৱনৰ পৰিৱৰ্তন

ডা° সুকৃতি চৌধুৰী

লকডাউনে মোৰ জীৱনলৈ এটা বিৰাট পৰিৱৰ্তন আনিলে ৷ লক-ডাউনৰ আগে আগে  মই কানপুৰৰ গণেশ শংকৰ বিদ্যাৰ্থী মেডিকেল কলেজত (GSVMC) এটা কোৰ্চ কৰিবলৈ গৈছিলো ৷ কিন্ত কোৰ্চটো শেষ হোৱাৰ পিছত মোৰ কৰ্মথলী গোৰখপুৰলৈ উলটিব নোৱাৰাকৈ দেশত সৰ্বাত্মক লক ডাউন আৰম্ভ হৈছিল ৷ চৌদিশে এক বিৰাট আতংকৰ পৰিৱেশ ৷ আমাৰ যেন মৰিবলৈ আৰু বেছি সময় নায়েই এনে এটা নিগেটিভ পৰিৱেশ সৃষ্টি হৈছিল ৷ কানপুৰতে কেইবাদিনো শুই বহি থাকি মোৰ ভাৱ হৈছিল এনেকৈ হয়তো মই বৰ বেছি দিন বাচি নেথাকিম ৷ কাৰণ টোপনিত ঢলি নপৰালৈকে বিৰাম নোলোৱাকৈ কাম কৰি নেথাকিলে মোক বিষন্নতাই এইদৰে চেপি ধৰে যে সেই সময়ত মই ভাবিবলৈ আৰম্ভ কৰি দিওঁ যে কাম নকৰো যদি মোৰ জীৱনৰ অৰ্থ কি ?? মই নিজকে এইবুলিয়েই চিনি পাওঁ যে মোক কোনো বিষাদে বা কোনো উগ্ৰপন্থীৰ গুলীয়ে হত্যা কৰিব নোৱাৰে ৷ মোক হাজাৰ দুখ দিলেও মই অকণমান কষ্ট কৰি নিজকে আকৌ সংগঠিত কৰিব জানো ৷  কিন্ত মই যদি অহৰহ কাম কৰি থাকিবলৈ নেপাওঁ, মোৰ উশাহ বন্ধ হোৱাটো নিশ্চিত…..অথচ লকডাউনে মোক কাম কৰাটোকেই বন্ধ কৰাই দিছিল….চৰকাৰী ডাক্তৰ হিচাপে মাহৰ মুৰত দৰমহা কেইটা মই ইয়াত এনেকৈ শুই বহি থাকিলেও পাই থাকিম ৷ যিহেতু চৰকাৰৰ আদেশতে এই কোৰ্চটোত আহিছিলো ৷  কিন্তু মই জানো কেবল দৰমহাৰ বাবে কাম কৰো ?  কাম যে মোৰ জীৱনী শক্তি ৷ মই বাৰু কি কৰো….ই যে এটা বিৰাট peculiar situation . তদুপৰি মই যদি ইয়াত এনেদৰেই মৰিব লাগে মোৰ হৃদয়ৰ ভিতৰত লৈ ফুৰা জীৱনৰ এসাগৰ কথা কোনেও কেতিয়াও নজনাকৈ থাকি যাব ৷
ইয়াৰ আগতে জীৱনৰ পাৰ হৈ অহা সংঘাতবোৰৰ বাবে আৰু আশংকিত বিপদবোৰৰ পৰা নিজকে বচাই চলিবৰ বাবে ফেচবুকত এটাও আপডেট দিয়া নাছিলো ৷ কেৱল ফেচবুক কিয় হায়াৰ-চেকেণ্ডেৰীৰ পিছত অসমৰ কোনো কাকত আলোচনীলৈ কোনোধৰনৰ লেখা পঠোৱা নাছিলো ৷   কাৰো লগতেই কোনোধৰনৰ সম্পৰ্ক ৰখা নাছিলো ৷ মাথো কেতবোৰ মেডিকেল গ্ৰুপত সদস্যা হৈ পঢ়াশুনা কৰিছিলো ৷
এটা দীঘলীয়া সময়ধৰি অহৰহ মোক মৃত্যুৰ ক’লা ছায়াই খেদি ফুৰিছিল ৷  কোনোবা ল’ৰাই পকেটত হাত দিলেই এনে লাগিছিল যে এইমাত্ৰ সি পকেটৰ পৰা পিস্তলটো বাহিৰ কৰি মোৰ বুকু বিদিৰ্ন কৰি দিব আৰু এডোঙা তেজত লেতি লৈ মই মৰণ যন্ত্ৰণাত চাটিফুটি কৰিম ৷ অহা আহিব ৷ যোৱা যাব ৷ হাজাৰযোৰ চকুয়ে মোক ভ্ৰকুটি কৰিব ……… ই যেন মোকেই একপ্ৰকাৰ মানসিক বেমাৰী কৰি কুটি কুটি খাইছিল ৷ মোক দ্বিতীয়বাৰ হত্যা কৰিবলৈ কৰা চেষ্টা পাহৰি যাব পৰা নাছিলো আৰু nightmare হৈ পৰিছিল ৷ মোৰ মানসিক stress buster আছিল অহৰহ কাম কৰি থাকা ৷ টোপনিত ঢলি নপৰালৈকে মেচিনৰ দৰে প্ৰফেশ্যনেলী কাম কৰি থাকা ৷
কিন্তু এতিয়া যে কামেই নোহোৱা হ’ল কৰিবলৈ ৷ গতিকে মই জীয়াই থাকিবলৈ কি কৰা উচিত ?
” তই ফেচবুকত নিজকে সম্পূৰ্ণ উদঙাই নিদিয়াকৈ আত্মপ্ৰকাশ কৰ ৷ তোৰ হৃদয়ত ইমানদিনে আতি আতি বান্ধি থোৱা আৱেগবোৰ ৰিলিজ কৰি দে ৷ ইমান বছৰে অত গোপনে থোৱা তোৰ জীৱনৰ সত্যতা ৰাইজক কৈ দে ৷ ইয়াৰ ফলত কাৰোবাৰ কিবা উপকাৰ নহ’লেও অন্ততঃ ৰাইজে গম পাব সন্ত্ৰাসবাদে একোটা জীৱনলৈ কিদৰে অমানিশা নমাই আনে ৷ কেনেকৈ পুৰি ছাৰ-খাৰ কৰি দিয়ে একোটা পৰিয়াল ” ——– দাদাৰ ফোনটো কাটি গৈছিল ৷ দাদা সেই সময়ত  কাশ্মীৰত সন্ত্ৰাসবিৰোধী অভিযানত ব্যস্ত আছিল আৰু থকা ঠাইৰ নেটৱৰ্ক বৰ দুৰ্বল আছিল ৷
দাদাৰ এই একাষাৰ কথাই মোলৈ বিৰাট সম্ভাৱনা মুকলি কৰি দিছিল ৷ মই ৰোৱা নাছিলো ৷ এটাৰ পিছত আনটোকৈ ধাৰাষাৰ লিখি গৈছিলো ৷
কিমান কি যে ক’ব খুজিছিলো আপোনাক……হৃদয়ৰ কপাটবোৰ এখনৰ পিছত আনখনকৈ খুলি গৈছিল…….কম দিনতে অসমৰ এটা মুৰৰ পৰা আনটো মুৰলৈ হাজাৰ হাজাৰ জনৰ লগত বন্ধুত্ব হ’ল ৷ অজস্ৰজনে মোক নিজৰ ভনী /বা/ জীয়ৰীৰ ঠাই দিলে ৷  মই সপোনতো ভবা নাছিলো আপোনালোকে মোক ইমান মৰম দিব ৷ বিভিন্ন গ্ৰুপটো লিখিছিলো ৷ নিমিষতে ১০ হাজাৰমানলৈ লাইক আৰু তিনি চাৰি হাজাৰলৈকে কমেণ্ট পাইছিল একো-একোটা লেখাই ৷ ডেৰ-দুই হেজাৰ মেচেজেৰে মোৰ inbox ভৰি গৈছিল ৷ অথচ মই কেতিয়াও লাইক কমেণ্টৰ বাবে লিখা নাছিলো ৷ লাইক কমেণ্টে একোটা লেখনিৰ মানদণ্ড নিৰ্ণয় নকৰে ৷ কিন্ত এয়া আছিল মোৰ প্ৰতি আপোনালোকৰ মৰমৰ প্ৰকাশ ৷  মোৰ জীৱনৰ সত্যতাক কেন্দ্ৰ কৰি মোৰ হৃদয়ৰ শব্দবোৰ মাথো লিখি গৈছিলো, আজিও লিখো আৰু সদায় লিখি যাম ৷
বিশ্বাস কৰক যিবোৰ কথা মোৰ দুঃস্বপ্ন হৈ প্ৰতিমুহূৰ্ততে মোক কুটি খাইছিল আজি আৰু সেইবোৰ নোহোৱা হ’ল ৷ আপোনালোকৰ মৰমে মোক এটা নতুন জীৱন দিলে ৷ হয় মোৰ জীৱনৰ জটিলতাৰ বাবেই নিৰাপত্তাৰ খাতিৰত এতিয়াও মই আন সকলৰ দৰে নিজকে সম্পূৰ্ণ মুক্ত প্ৰকাশ কৰিব পৰা নাই ৷ কিন্তু সেইদিনটোও বৰ বেছি দুৰ নহয় যে যিদিনা মই সোঁশৰীৰে আপোনাৰ সৈতে কথা হ’ব পাৰিম ৷ কাৰণ মই লিখা এটা শব্দও মিছা বা কাল্পনিক নহয় ৷
ফেচবুকত লিখিবলৈ লোৱাৰ পিছতে লিখা মোৰ এটা পুৰণা লেখা আজি পুনৰ আপোনালৈ আগবঢ়ালো ৷ পঢ়ি চালে বৰ কৃতাৰ্থ হ’ম ৷৷
জীৱন, যাত্ৰা আৰু কিছু অনুভৱ
•••••••••••••••••••••••••••••••••••
ৰচনাকাল : ২২ মে’ ২০২০
যেতিয়া বহুত ক্লান্ত হৈ চকুহাল মুদি সাৰসুৰ নকৰাকৈ জিৰণি ল’বলৈ চেষ্টা কৰো , জয়ন্ত হাজৰিকাৰ এই গাণটো মোৰ মনৰ মাজত সদায়েই বাজি উঠে —“কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত বুলাই যোৱা”…এক অতীন্দ্ৰিয় অনুভূতিৰে এনে ভাৱ হয় যেন মোৰ আই শুকুলা সাজেৰে সৰগৰ পৰা নামি আহি আলফুলে মোৰ মুৰটো বুকুৰ মাজত সোমোৱাই লৈ আদৰ কৰি শুৱাই দিছে …..দহৰ পৰা পোন্ধৰ মিনিট…ইয়াৰ পিছত যেন মই আকৌ নতুণ শক্তিৰে জী উঠো….এয়াই চিকিৎসকে আপোনাক কোৱা নিজকে সজীৱ কৰা চমু টোপনি বা ইংৰাজীত ক’বলৈ গ’লে ‘Power Nap’.
কাম কৰি কৰি আপোনাৰ শৰীৰৰটো যেতিয়া লেবেজান হৈ উঠিব, মনটো চিন্তা শূন্য কৰি মোবাইল টিভি বা আন সকলো ধৰণৰ মনোযোগ হৰণ কৰা বস্তু বা ইংৰাজীত ক’লে distractions ৰ পৰা নিজকে দুৰত থৈ শান্ত হৈ দহৰ পৰা পোন্ধৰ মিনিট চকু বন্ধ কৰি জিৰণি লোৱাটোৱেই খুউব সাধাৰণ ভাষাৰে “পাৱাৰ নেপ” ৰ প্ৰাথমিক সংজ্ঞা ৷ তৎক্ষণাত আপোনাৰ মনৰ পৰা সকলো চিন্তা সকলো টেনচন দুৰ কৰিবলৈ জিভাখন ওলোটাই তালুৰে দুখ নোপোৱাকৈ হেচি ধৰি থাকক ৷ আধাৰ পৰা এক এক মিনিট এনেকৈ থাকক ৷ আপোনাৰ সমস্ত মনোযোগ ইয়াতে কেন্দ্ৰিত হ’ব আৰু আন চিন্তাবোৰ নিমিষতে পাহৰিব ৷ এতিয়া চকীত হেলন দি লওঁক পাৱাৰ নেপ……
এই গোটেই কথা খিনি মোৰ মনলৈ এই বাবেই আহিল যে আজি পুৱা ৯ মান বজাতেই  কাণপুৰৰ পৰা কৰ্মথলী গোৰখপুৰলৈ বুলি মোৰ গাড়ীৰ মিটাৰত ৩৬৪ কিলোমিটাৰ দেখুওৱা যাত্ৰাত একেৰাহে চাৰে সাত ঘণ্টা ড্ৰাইভ কৰি ভাগৰি গৈছিলো আৰু পাৱাৰ নেপৰ জৰিয়তে নিজকে সতেজ কৰিছিলো ৷
কোৱা বাহুল্য যে ডেৰ বছৰমান আগতে দাদাৰ গালি-শপনি শুনি ৰেনল্ট ডাষ্টাৰ SUV  খন লোৱাৰ আগতে স্কুটীখনেই আছিল একমাত্ৰ যাত্ৰাৰ সাধন ৷ দাদাই সেইখনৰ নাম দিছিল “বাসন্তী ৷ ” ফোন কৰি ক’ব –“ঐ বাসন্তীক বতাহৰ আগত উৰাই নুফুৰিবি (😂)” ৷ হয় দাদাই বহুতৰে পৰা সঁচা ওজৰ-আপত্তি পাইছিল যে মই বোলে বৰ জোৰেৰে চলাওঁ ৷ দাদাই সদায় সেই যে ৰাস্তাৰ কাষত লিখা সতৰ্কবানী —“Speed thrills but kills” বুলি বাক্যটো, হয় টেক্সচ মেচেজ নহ’লে হোৱাটচএপ ত মোলৈ পঠিয়াই থাকিবই ৷
জোৰেৰে চলোৱা কথাটো আছিল আচলতে অৰ্ধসত্য ৷ কিয়নো দাদাক লগাই দিব পৰা মানুহ কেইটাৰ আগত মই ইচ্ছা কৰিয়েই জোৰকৈ চলাইছিলো ৷ মই আচলতে বিচাৰিছিলো যে, ইহঁতে দাদাক লগাই দিয়ক ৷ দাদাই মোক কল কৰি গালি পাৰক ৷ এই গালিবোৰৰ মাজত থকা দাদাৰ মৰম আৰু মোৰ বাবে ইমানকৈ চিন্তা কৰাটো মই অনুভৱ কৰি বৰকৈ আৱেগিক হৈ পৰিছিলো ৷ এই আৱেগ কিয় জানো বাৰে বাৰে অনুভৱ কৰিবলৈ মই যেন এডিক্টেড হৈ গৈছিলো ৷ মামণি ৰয়ছম গোস্বামীয়ে “আধা লেখা দস্তাবেজ” ত বৰ্ণনা কৰা মথুৰাত থকা তেওঁৰ মাননীয় শিক্ষাগুৰুজনৰ গাৰ পৰা যেনেকৈ দেউতাকৰ গাৰ গোন্ধ পাইছিল, মইয়ো কিবা যেন দেউতাৰ গাৰ গোন্ধটো দাদাৰ গাৰ পৰা ভাহি অহা যেন পাইছিলো ৷ সচাঁকৈয়ে নাৰীয়ে পুৰুষৰ গাৰ গোন্ধৰ পৰাই কৈ দিব পাৰে এই মানুহজন মোৰ কি হয় ৷ হয়তু এয়া ঈশ্বৰ প্ৰদত্ত কিবা অদ্ভুত শক্তি ৷ দাদা নিজৰ কৰ্মথলীত বেছিকৈ ব্যস্ত হৈ পৰি দুদিনমান মোৰ খবৰ নল’লেই সেই চুগলখোৰ মানুহ কেইটাৰ আগত মোৰ জোৰকৈ চলোৱাটো বেছি হৈছিল ৷ তাৰ পিছত কেইদিনমান শান্ত হৈ থকা মোৰ মোবাইলটোত ৰিং বাজি উঠিছিল…….
অহ্ মই কিবা ক’ব খুজি আনফালে গতি কৰিলো ৷ ক’ব খুজিছিলো ২৭ নম্বৰ নেচনেল হাইৱেৰে গাড়ী চলাই লক্ষ্ণৌ, বাৰাবংকী, ফৈজাবাদ হৈ গোৰখপুৰ পালোহি ৷ ইতিমধ্যে e-Pass ৰ ব্যৱস্থা কৰা আছিলেই ৷ গতিকে অসুবিধা নাছিল ৷ মই যাত্ৰা কৰা সময়ত দুশটা পানীৰ বটল আৰু দুহেজাৰমান টকাৰ বিস্কুট মোৰ সৈতে লৈছিলো ৷ মই ভবা মতেই সমগ্ৰ পথতেই কণ কণ শিশু, মহিলা আৰু টালি টোপোলা বান্ধি ইমান ৰ’দৰ মাজেৰে গৰম পথটোৰে খোজ কাঢ়ি যাত্ৰা কৰা  ঘৰমুখী দৰিদ্ৰ শ্ৰমিকৰ লানি নিছিগা শাৰী ৷ ঠায়ে-ঠায়ে বিস্কুটৰ পেকেট আৰু পানীৰ বটল বোৰ বিলাই গৈছিলো ৷ গোটেই পথটোতেই হাইৱে’ পুলিচৰ পেট্ৰ’লিং চলিছিল ৷ তাৰ মাজতো সুৰুঙা উলিয়াই পুলিচৰ চকু নপৰাকৈ মহিলা আৰু শিশুৰ সৰু সৰু দুই এটা দলক মোৰ গাড়ীৰে অকণমান আগুৱাই দিছিলো ৷ সজল চকুৰে তেওঁলোকে হাতযোৰ কৰিছিল ৷ মই নজনাকৈ চকুৰ পানীৰে মোৰ দুগাল তিতি গৈছিল ৷
প্ৰতিখন ডাঙৰ ঠাইৰ entry point ত মোক পৰীক্ষা কৰিহে আগুৱাই যাবলৈ দিছিল ৷ লক্ষ্ণৌত সোমোৱাৰ মাত্ৰকতে গাড়ীয়ে মানুহে একেলগে চেনিটাইজ কৰিছিল৷ কোনো শ্ৰমিক পৰিয়ালক যাতে গাড়ীত উঠাই লৈ নেযাওঁ তাৰ বাবে সতৰ্ক কৰিছিল ৷ গাড়ীখনত বিস্কুটৰ পেকেট আৰু পানীৰ বটলবোৰ দেখি বাৰাবাংকীৰ ওচৰত এজন পুলিচ বিষয়াই কৈছিল –“মেইডম্ জী য়ে টাইম চছিয়েল ৱৰ্ক কৰনে কা নেহী হ্যে ৷ ” চিকিৎসকৰ চিনাকি দিওঁতে “বৰী দিলৱালী হ্যে” বুলি যাবলৈ দিলে ৷ পথে পথে ফুলি উঠা ৰঙা আৰু হালধিয়া কাগজ ফুলবোৰ চাই চাই কেইবাবাৰো অমনোযোগী হৈ পৰিছিলো ৷ এনেকৈ এবাৰ ডিভাইদাৰত লাহেকৈ খুন্দা এটাও মাৰি আহি আহি গোৰখপুৰ পালোহি…..
গোৰখপুৰ বুলি ক’লেই মোৰ মনলৈ আহে ১৯২২ চনৰ ০৪ ফেব্ৰুৱাৰীৰ দিনা দাউ- দাউকৈ  জ্বলি উঠা জুইকুৰাত পুৰি ছাৰখাৰ হোৱা চৌৰি-চৌৰাৰ ব্ৰিটিছ পুলিচৰ থানা খন ৷ য’ত ১৯ জনকৈ পুলিচ কৰ্মী জীৱন্তে জ্বলি মৰিছিল ৷ মহাত্মা গান্ধীয়ে এই কথাত ব্যথিত হৈ স্বাধীনতা আন্দোলন থমাই দিছিল ৷ তাৰ পিছতো ইয়াৰ স্বাধীনতা পিয়াসী মানুহবোৰ থমকি ৰোৱা নাছিল ৷ গঠিত হৈছিল হিন্দুস্তান ৰিপাব্লিকান এছোচিয়েশ্যণৰ ৷ তেওঁলোকে ১৯২৫ চনৰ ৯ আগষ্টৰ দিনা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰখ্যাত ” কাকৰী কান্ড” সংঘটিত কৰিছিল ৷ এই ঘটনাৰ নায়ক ছহিদ ৰামপ্ৰসাদ বিস্মিলক ব্ৰিটিছে গোৰখপুৰ জেইলত ফাঁচী দিছিল ৷ জৱাহৰলাল নেহৰুক ব্ৰিটিছে তিনি বছৰৰ বাবে কাৰাবাসলৈ পঠোৱাৰ বিৰোধিতা কৰি ইয়াৰ জনতা তীব্ৰ আন্দোলনেৰে ৰাজপথতলৈ ওলাই অহাত ১৯৪২ চনৰ ২৩ ছেপ্তেম্বৰৰ দিনা পুলিচে গুলি চলাই ন জন কৈ স্বাধীনতা সংগ্ৰামীক হত্যা কৰিছিল ৷ ৰাপ্তী নদীৰ পাৰৰ এয়াই গোৰখপুৰ….. হিন্দী সাহিত্যৰ ৰবীন্দ্ৰনাথ বুলি মই মুন্সী প্ৰেমচান্দক বিনাদ্বিধাই ক’ব পাৰো ৷ যদিও দুয়োজন নিজ গুণ আৰু মহানতাৰে মহান আৰু নিজৰ নিজৰ ভাষাৰ সাহিত্যৰ উচ্চতম পুৰোধা ৷ এই মুন্সী প্ৰেমচান্দৰ সাহিত্য সৃষ্টিৰ কৰ্মভুমিয়েই আছিল গোৰখপুৰ ৷ কৈশোৰৰ দিনবোৰত মুন্সী প্ৰেমচান্দৰ গল্পবোৰে বৰকৈ আকৰ্ষণ কৰিছিল ৷
গোৰখপুৰ বুলিলেই গীতা প্ৰেছ ৷ গীতা, ৰামায়ণ, মহাভাৰতকে ধৰি হিন্দু ধৰ্মশাস্ত্ৰ ৰ কিতাপ সমূহ ছপাই তেনেই কম দামত  দেশে -বিদেশে সাধাৰণ মানুহৰ কাষলৈ লৈ যোৱা গীতা প্ৰেছৰ কথানো কোনে নেজানে ? এসময়ৰ জনপ্ৰিয় সংগীতজ্ঞ যুটি লক্ষ্মীকান্ত-প্যাৰেলাল গোৰখপুৰৰে ৷ কোৱা হয় যে বুদ্ধদেৱে গোৰখপুৰৰ কাষৰে কোনো এঠাইত ৰোহিনী নদীৰ পাৰতেই ৰাজকীয় বেশভূষা চিৰকাললৈ ত্যাগ কৰিছিল ৷ বাকীখিনি ইতিহাস ৷ আনহাতে জৈন সকলৰ ২৪ সংখ্যক তীৰ্থাংকৰ মহাবীৰৰ জন্ম গোৰখপুৰৰ কাষৰে কোনো এঠাইত আৰু ইয়াৰ পৰা ১৫ কিলোমিটাৰ দুৰৰ পাৱাই নামৰ এঠাইত তেওঁ আত্মজ্ঞান লাভ কৰিছিল ৷ গোৰখপুৰৰ পৰা ২০ কিলোমিটাৰ দুৰৰ মগহৰতেই সন্ত কবীৰৰ জন্ম ৷ জীৱনৰ খোজে খোজে কবীৰৰ দোহা সমূহে মানুহক কেনেদৰে অনুপ্ৰেৰণা দিয়ে এই কথা বহলাই কোৱা নিস্প্ৰয়োজন ৷ নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক বাবা গোৰক্ষনাথৰ নামতেই গোৰখপুৰ ৷ গোৰক্ষনাথ মন্দিৰৰ কথানো কোনে নেজানে ৷ সাধাৰণভাৱে তেওঁলোকক শৈৱপন্হী বুলি কৈ থ’লেও কিন্ত বিস্তাৰ ভাৱে ক’বলৈ মোক এই বিষয়ে কিছু পঢ়াৰ দৰকাৰ হ’ব ৷ আশা কৰিছো নিকট ভৱিষ্যতে এই বিষয়ে পঢ়ি, বুজি তাৰ পিছতহে লিখিম ৷৷
চিকিৎসাৰ ক্ষেত্ৰত AIIMS খন গোৰখপুৰত এতিয়াও নিৰ্মাণাধীন যদিও বাবা ৰাঘৱদাস মেডিকেল কলেজখন সুখ্যাত ৷
গোৰখপুৰৰ ৰেডিয়াচটো চালে ইয়াৰে পৰা অযোধ্যালৈ ১৩৭ কিলোমিটাৰ, বাৰানসীলৈ ১৯৩ কিলোমিটাৰ, লক্ষ্ণৌ লৈ ২৭৩ কিলোমিটাৰ আৰু পাটনা অৱস্হিত ২৬০ কিলোমিটাৰ দুৰত ৷
যোৱা ২৬০০ বছৰত আঠবাৰকৈ গোৰখপুৰৰ নাম সলোৱা হৈছে ৷ পুৰণি নামবোৰৰ ভিতৰত পিপলীবন নামটো হয়তো বুদ্ধদেৱৰ বিষয়ে জনা সকলোৱেই শুনিছে ৷ বৰ্তমানৰ গোৰখপুৰ নামটো ১৮০১ চনত হে দিয়া হৈছিল….
বহু কিবাই ক’লো ৷  জীয়াই থাকিলে এনেকৈ আপোনাৰ সৈতে বহুত কথাই পাতিম ৷ কিবাকৈ মৰিলে এইবুলিয়েই ভাবি ল’ব যে এজনী মানুহক ভাল পোৱা ছোৱালী আছিল …..যাৰ দুচকুতো বহুত সপোন আছিল গৰুৰ খোজৰ বোকাপানীত  দেখা আকাশ খনৰ দৰেই……
          ••••••••••মহাবাহু••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!