যুৱতীৰ শান্তি পলমকৈ হোৱাৰ কাৰণ

ডাঃ মনোজ কুমাৰ শইকীয়া

শৈশৱ কাল অতিক্ৰমি যৌৱনৰ দুৱাৰডলিত উপনীত হোৱাৰ সময়ত এজনী যুৱতীৰ শান্তি হয়। এই শান্তি বা তোলনি বিয়াই হৈছে পৰিৱৰ্তনৰ সাক্ষী।

সচৰাচৰ ১২-১৩ বছৰীয়া এজনী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱ হোৱাকে শান্তি বা তোলনি বিয়া হোৱা বোলা হয়। ইয়াক আয়ুৰ্বেদিক চিকিৎসাবিজ্ঞানত ৰজ:প্ৰবৃত্তি (Menarche) বোলা হয়। ৰজ:প্ৰবৃত্তিয়েই হৈছে এজনী ছোৱালীৰ যৌৱন আৰম্ভণিৰ প্ৰতিষ্ঠিত লক্ষণ। ১৬বছৰ বয়সলৈকে এজনী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱ নোহোৱাক বিলম্বিত ঋতুস্ৰাৱ বোলা হয়। বিলম্বিত ঋতুস্ৰাৱৰ কাৰণে সাধাৰণতে পিতৃ-মাতৃৰ উপৰি যুৱতীগৰাকীৰ মানসিক অশান্তি হয়। তলত এই বিষয়ে থূলমূলকৈ আলোচনা কৰা হ’ল।

ৰোগৰ কাৰণ

স্থাস্থ্যৰ অৱনতি, পুষ্টিহীনতা, ৰক্তহীনতা, স্নায়ৱিক দুৰ্বলতা, বহু দিন নানা ধৰণৰ ৰোগত আক্ৰান্ত হৈ থকা ইত্যাদি কাৰণৰ বাবে কিছু যুৱতীৰ প্ৰথম ঋতুস্ৰাৱ হওঁতে পলম হয়। জৰায়ু, যোনি আৰু ডিম্বাশয়ৰ বিকাশ সঠিকভাৱে নহ’লে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়। মস্তিষ্কৰ হাইপথেলামাছ, পীয়ূষ গ্ৰন্থিৰ সন্মুখ অংশ, ডিম্বাশয়, অধিবৃক্ক গ্ৰন্থি আৰু থাইৰইড আদি অন্ত:স্ৰাৱী গ্ৰন্থিৰ বিকাশ নহ’লে তথা স্ত্ৰীহৰমন উৎপাদন আৰু নিস:ৰণ বাধাগ্ৰস্ত হ’লে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়। বিশেষকৈ ডিম্বাশয়ৰ বিকাশ নহ’লে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন হৰমন উৎপাদনত বাধা ওপজে কাৰণে ডিম্ব পূৰঠ হৈ উৰ্বৰ হ’ব নোৱাৰে। সেয়েহে প্ৰথম ঋতুস্ৰাৱ পলমকৈ হয়। আৰামত থকা যুৱতীৰ শান্তি হওঁতে পলম হয়। শাৰীৰিক শ্ৰম কৰা, খেল-ধেমালিত ব্যস্ত থকা আৰু চঞ্চল মনৰ যুৱতীৰ কম বয়সতে শান্তি হোৱাৰ উপৰি মেনোপ’জ বেছি বয়সত হয়। সেইদৰে শীতপ্ৰধান অঞ্চলত পলমকৈ শান্তি হোৱাৰ বিপৰীতে গ্ৰীষ্মপ্ৰধান অঞ্চলত সোনকালে হয়। বংশগত কাৰণতো বয়সৰ তাৰতম্য হয়।

ৰোগৰ লক্ষণসমূহ

গৌণিক লিংগলক্ষণসমূহ পলমকৈ প্ৰকাশ হয়। শ্বাসকষ্ট, শৰীৰ অৱশ, মূৰ ঘূৰণি, মানসিক চিন্তা, বুকুৰ বিষ, স্তন আৰু উৰুৰ বিষ হয়।

আহাৰবিহাৰ

মাছ, মাংস‌‌‌, কণী, গাখীৰ, চয়াবিন, উৰহি, মাহ আৰু চয়া প্ৰোটিনজাতীয় আহাৰ তথা কাচকল, কলডিল, কচু-থোৰ, পূৰৈ শাক, মৰিচা আদি তেজ বৃদ্ধিকাৰক শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব। নিতৌ গৰম পানীৰে গা ধুব আৰু টোপনি খতি নকৰিব।

গাজী মগু দিনে ৫০ গ্ৰাম খাব। গাজী মগুত ভিটামিন ই যথেষ্ট থাকে। স্ত্ৰীহৰমন উৎপাদন, নি:সৰণ আৰু সঞ্চালনত ভিটামিন ইয়ে সহায় কৰে।

চিকিৎসা

(১) ৰজপ্ৰৱৰ্তিনী বটী – ২ টাকৈ দিনে ৩ বাৰ খাব।

(২) কুমার্যাসৱ – ৪ চামুচকৈ দিনে ৩ বাৰ খাব।

(৩) EVECARE, GYNOCURE, M2TONE, FEMITONE, AMICORDIAL ইত্যাদি আয়ুৰ্বেদিক ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাব।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close