যিদিনা মোক হত্যা কৰিব খোজা হৈছিলঃ জীৱনৰ সচাঁ কথাবোৰ!

ডা° সুকৃতি চৌধুৰী

কিইত কিইত খেৰেৰে….ঘেত ঘেত…কিইত….থিক এনেকুৱা এটা শব্দই কৰিছিল ৰিক্সা খনৰ চেইন ডালে ৷ দাদাই এখন ৰিক্সাত বহুৱাই আন দিনাৰ দৰেই  উজান বজাৰৰ মই থকা হোষ্টেলৰ পৰা লৈ গৈছিল পাণ বজাৰলৈ ৷ উদ্দেশ্য কিতাপ কিনিম ৷ দাদাই ইচ্ছা কৰিয়েই কোনোদিনেই তেওঁৰ গাড়ীখনেৰে নিয়া নাছিল ৷ কৈছিল –“তই বুজিব লাগিব ছাত্ৰী জীৱনৰ মধুৰতা বিলাক কি ৷ আকাশত উৰিব খুজিলে প্ৰথমে ভৰি দুখন মাটিত ভালদৰে থ’বলৈ শিকিব লাগিব ৷”  এই কথাটো হয় যে মোক ক’ৰ’বালৈ নিলে দাদাৰ পকেটত কিবা এটা সৰু আগ্নেয়াস্ত্ৰ ৰাখিছিল যিটো তেওঁ মোক কোনো দিনেই দেখুওৱা নাছিল ৷ ইতিমধ্যে মোক মাৰি পেলাবলৈ উগ্ৰপন্থীয়ে এটা চেষ্টা কৰিছিল ৷
ঘটনাটো আছিল এনেধৰণৰ —কটনৰ পৰা ক্লাচ কৰি মই ‘পেয়িং গেষ্ট’ হৈ থকা ঘৰখনলৈ গৈ থকাৰ পথত হঠাতে এজন ল’ৰাই দীঘলী পুখুৰীৰ ওচৰতে বাট আগচি ধৰিলে ৷ মই ভয় খোৱা নাছিলো যদিও বৰ অপ্ৰস্তুত হৈছিলো ৷ তেওঁক মই কোনোবা বলিয়া প্ৰেমিক বুলিহে ভাবিছিলো। কিন্ত মই কিবা ক’বলৈ পোৱাৰ আগতে তেওঁ –“চাল্লা, তুইৰ কাৰণে xxxx ছাৰ মৰিল ৷ তুই না খবৰ দিছা আৰ্মীক “, এইবুলি কৈয়েই পকেটৰ কৰা এটা সৰু ৰিভলভাৰ উলিয়াই গুলীয়াবলৈ উদ্যত হ’ল।মই সৰ্বশক্তিৰে ল’ৰাটোক গতা মাৰি দিলো ৷ গুলিটো লক্ষ্যভ্ৰষ্ট হৈ ক’ৰ’বাত লাগিল ৷ সি আৰু এজাই গুলি এৰিলে ৷ কিন্ত যিহেতু মই আচম্বিতে তাক মৰা গতাটোত সি বেলেন্স হেৰুৱাইছিল সেয়ে এইবাৰো তাৰ গুলিটো আন ক’ৰ’বাত লাগিল ৷ খুব তড়িৎ ভাৱে মই এইবুলিয়েই ভাবিছিলো যে মই যিহেতু মৰিমেই গতিকে মোৰ প্ৰাণবায়ু উৰি যোৱালৈকে তাকো প্ৰতি আক্ৰমণ কৰিম ৷ ইতিমধ্যে গুলিৰ শব্দ আৰু দৌৰাদৌৰি তথা চিঞৰ-বাখৰত বিৰাট হুৱাদুৱা লাগি গ’ল ৷ সেই সময়তে মোৰ ত্ৰাণকৰ্তা হৈছিল এজন ফাষ্টফুডৰ দোকানী ৷ তেওঁ দোকানৰ পৰা পানী ভৰ্তি এটা জাৰ ল’ৰাটোলৈ মাৰি পঠিয়ালে ৷ জাৰটোৱে তাৰ মুৰত আঘাত কৰাত ল’ৰাটো  বাগৰি পৰিল ৷ তীব্ৰ খং আৰু উত্তেজনাত মই কঁপি গৈছিলো ৷ মোৰ কিতাপৰ বেগটোৰেই তাক কেইবা কোব মাৰিলো ৷ মাত ভাঙি যোৱাকৈ চিঞৰি চিঞৰি কৈছিলো –“ক কি ক্ষতি কৰিলো মই তহঁতৰ ? মোক তহঁতেই আজি অঘৰী কৰিলি ৷ তোৰ xxxxছাৰ কোন, তেওঁৰনো কি হ’ল মই একোৱেই নেজানো ৷ এবাৰো জনাৰ চেষ্টা কৰিছিলি নে মোৰ সত্যতা কি!” বহুত মানুহ গোট খাইছিল ৷ মানুহ বিলাকে এয়া কোনোবা প্ৰেমিক যুগলৰ কাজিয়া বুলিহে ভাবিছিল ৷  ভিৰৰ মাজৰ পৰা কোনোবাই কমেণ্ট দিছিল –“তুমি নো কিয় ঠগাব লাগে তাক ! ” লাজ আৰু ঘৃণাত মই কোঁচ খাই গৈছিলো ৷ অৱশেষত পুলিচ আহিছিল ৷ ল’ৰাটোক বান্ধি লৈছিল ৷ তাৰ মুৰ ফাটি তেজ বৈ গৈছিল ৷ মইয়ো তাৰ লগতে পুলিচ থানালৈ যাব লগা হৈছিল ৷ মই বুজাই কোৱাৰ পিছতো কোনেও বিশ্বাস নকৰে ৷ এয়া হেনো প্ৰেমৰ কাজিয়া ৷ দাদালৈ থানাৰ লেণ্ডলাইন ফোনটোৰ পৰাই ‘কল’ কৰিছিলো ৷ দাদা সদলবলে দৌৰি আহিছিল ৷ ইতিমধ্যে দাদাৰ কলেজীয়া বন্ধু IPS বিষয়া এজনৰ থানালৈ ফোন আহিছিল।  দাদা আহি পোৱাৰ পিছতে সমস্ত কথাবোৰ জানি পুলিচৰ চকু কপালত উঠিছিল ৷ দাদাই মোক লগতে লৈ গৈছিল ৷ এগৰাকী প্ৰসিদ্ধ ডাঙৰ লেখিকাৰ ঘৰলৈ নি মোক দুদিনমানৰ বাবে থৈছিলগৈ ৷ এই শ্ৰদ্ধাৰ মহিলা লেখিকা গৰাকীয়ে দাদাৰ পৰা মোৰ বিষয়ে আগতেই জানিছিল ৷ মোক হাতমুখ ধোৱাৰ বাবে ভিতৰলৈ  যাবলৈ কোৱা হৈছিল ৷ মই উঠি গৈছিলোহে ৷ হঠাতে শুনিলো, দাদা কান্দোনত ফাটি পৰিছিল ৷  “অকাৰণতে মাৰি পেলাব নে তাইক তাঁহাতে”,  এইবুলি কৈ কৈ তেওঁৰ সজোৰে কান্দিছিল ৷ ইমান শান্ত হৈ থকা মানুহজন এনেকৈ অস্থিৰ হৈ উঠাত মোৰ বৰ দুখ লাগি গৈছিল ৷ দৌৰি আহি কিবা ক’বলৈ লওঁতেই শ্ৰদ্ধাৰ বাইদেউ গৰাকীয়ে বাধা দি কৈছিল –“তেওঁক কান্দিবলৈ দিয়া ৷ অন্যথা দুখবোৰে মানুহটোক নিঃশেষ কৰি দিব ৷” মোৰ বিশ্বাসকে হোৱা নাছিল, যাৰ গল্প উপন্যাসৰ কিতাপে আৰু সম্পাদনা কৰা কাকত তথা আলোচনীয়ে মোৰ দৰে অজস্ৰ জনক ৰোমান্সিত কৰিছিল, আজি তেওঁ আমাক প্ৰবোধ দিছে ৷ দাদা গৈছিল গৈ ৷ নিশা বিচনাত পৰি মোক হত্যাৰ চেষ্টা কৰা ল’ৰাটোৰ মুখ খনেই দেখি আছিলো ৷ এই ল’ৰাটোক কেৱল মোক হত্যা কৰাৰ বাবেই জানো মাক দেউতাকে জন্ম দিছে ? মইতো তাক চিনিকে নেপাওঁ ৷ তাৰো আছে নিশ্চয় অপাৰ সম্ভাৱনা ৷ তাক বাৰু থাৰ্ড ডিগ্ৰীত মৰিয়াই মৰিয়াই মাৰি পেলাব নে কি ? এজনী নাৰীয়ে দহমাহ পেটত লৈ কত কষ্টৰে এটা সন্তান জন্ম দিয়ে ৷ তিল তিল কৈ ডাঙৰ কৰে ৷ তাৰ পিছত একো একোটা জীৱন এনেদৰে শেষ হয় ৷ নাই নাই, মই তাক ধ্বংসৰ বাটৰ পৰা ঘুৰাই আনিম ৷ এনেকৈয়ে ভাবি ভাবি শুই পৰিছিলো ৷ আমি নাৰীসকলৰ এনে মমতা থাকে যে ইমান যন্ত্ৰণা দিয়াৰ পিছতো মায়া জাগে ৷ খুবেই কম পুৰুষেহে মাথো বুজি পায় নাৰীৰ মমতাৰ ৰহস্য ৷ এয়া যে ঈশ্বৰ প্ৰদত্ত ৷ সেয়ে সহজে বোধগম্য নহয় ….পিছদিনা খন দিনৰ দিনটো কল কৰি কৰিও দাদাক পোৱা নাছিল ৷ পিছতহে গম পাইছিলো দাদাই ইচ্ছা কৰিয়েই ফোন উঠোৱা নাছিল ৷ তেওঁ মোৰ মনৰ ভাৱ অনুভৱ কৰিছিল ৷ ল’ৰাজনক মই ক্ষমা কৰি দিছিলো ৷ কেচটোও উঠাই লৈছিলো ৷ কিন্ত ইতিমধ্যে তাক বহুত মাৰ পিট কৰা হৈ গৈছিল ৷ তাক মাৰিয়েই পেলাব বুলি সি বৰ ভয় খাইছিল ৷  বেণ্ডেজ লগোৱা শৰীৰটোৰে সি চৰকাৰী হস্পিতালৰ বিচনাত পৰি কেকাই আছিল….তাক যাতে আৰু একো যাতনা দিয়া নহয় সেই কথা নিশ্চিত কৰি মই গুচি আহিছিলো …..
ইতিমধ্যে গোটেই কথাটো প্ৰেমৰ ৰহন সানি দুখনমান কাকতত প্ৰকাশ হৈছিল ৷ কলেজতো দুৰ্ণাম হৈছিল ৷ বহু কেইজন ভাল বন্ধু-বান্ধবীয়ে কথা ক’বলৈকে এৰি দিছিল ৷ ল’ৰাৰ হোষ্টেলৰ আগেৰে গ’লেই “চনম বেৱফা” আদি ইয়াৰ্কি ভাহি আহিছিল। অথচ গোটেই প্ৰসংগটোত দুৰ-দুৰলৈকে প্ৰেমৰ একো কথাই নাছিল ৷ এয়া আছিল কোনো উগ্ৰপন্থী পুলিচ বা আৰ্মীৰ হাতত মৰাৰ বাবে তেওঁলোকে মিছাতে ধৰি লৈছিল যে মইয়েই লগাই দি মৰালো ৷ কাৰণ সেই উগ্ৰপন্থীজন মোৰ দেউতাৰ হত্যাৰ লগত জড়িত আছিল আৰু আনহাতে  দাদা এজন সেনা  বিষয়া আছিল ,যি মোক এটা নতুন জীৱন দিছিল ৷ বোধকৰো এয়াই তেওঁলোকৰ সন্দেহৰ আধাৰ আছিল ৷  মই কাকো একো কোৱা নাছিলো ৷ মই নাৰী যে ! নাৰীক দুৰ্ণাম কৰি ৰং চোৱাটোৱেই আমোদ লোৱাৰ এই পৃথিৱীৰ আটাইতকৈ  সস্তীয়া উপায় …….!
আৰম্ভণিতে আপোনালোকক মই কৈ আছিলো – দাদাৰ সৈতে ৰিক্সাত বহি  পাণবজাৰলৈ বুলি গৈ থকাৰ কথা ৷  সেয়া আছিল ঘটনাটোৰ ছমাহ মান পিছৰ কথা ৷ ইতিমধ্যে মোৰ থকা ঠাই এটা প্ৰাইভেট হোষ্টেললৈ সলনি কৰা হৈছিল য’ত চিকিউৰিটি গাৰ্ড আদিৰ ব্যৱস্থা ভাল আছিল ৷ কটনৰ ওচৰ পালেই দাদা নষ্টালজিক হৈ পৰে ৷ চা  চা, মই এই হোষ্টেলত আছিলো ৷ চা চা, এইখিনিতে বন্ধু নামৰ চাহ দোকানীটো আছিল ৷ চা চা, হেন্দিকৰ ছোৱালীবোৰ এই ৰাস্তাৰে যাওঁতে যাওঁতে মুখস্থ হৈ গৈছিল কোনজনীয়ে কি ৰঙৰ ছাটি লয় ৷ চবৰে ফেভাৰিট একোজনী আছিল ৷ হোষ্টেলৰ আগেৰে গ’লেই লগৰ বোৰে ৰূমৰ ভিতৰত থকা কেইজনক মাতি দিব –“ঐ ৰঙা ছাতি গ’ল ৷ সোণকালে আহ ৷ ঐ বেঙুনীয়া ছাতি আহিছে জল্দি আহ” ৷ শান্ত মানুহজন এইখিনি পালেই সদায় চন্ঞ্চল কলেজীয়া হোষ্টেলত থকা ল’ৰাটো হৈ পৰে ৷ দাদাৰ এই ৰূপটো মইয়ো খুব উপভোগ কৰো ৷ সেয়ে কেনেকৈ কি আদি সুধি কথা ক’বলৈ আৰু উৎসাহিত কৰো ৷ সিদিনাখনো ব্যতিক্ৰম হোৱা নাছিল ৷  কিন্ত চন্দ পতন হ’ল যেতিয়া মোক হত্যাৰ চেষ্টা কৰা ল’ৰাটোৱে হঠাতে “ভন্তি, এই ভন্তি শুনাছোন” বুলি ৰিক্সা খনৰ ফালে দৌৰি আহিল ৷ দাদা সষ্টম হৈ উঠিল ৷  “নাই ছাৰ মই একো নকৰো ” বুলি সি হাত দাঙিলে ৷
“মোক ক্ষমা কৰি দিয়া ভন্তি ৷ মোৰ বৰ ডাঙৰ ভুল হৈ গ’ল ”  বুলি কৈয়েই সি মোৰ ভৰিত ধৰি হুক- হুকাই কান্দিবলৈ ধৰিলে ৷
 মই তাক ক’লো —“আপুনি মোক চিনিকে নেপায় ৷ অথচ মাৰি পেলাব খুজিছিল ৷ কিন্ত জানে নে আপুনি মোৰ কি ভয়ানক ক্ষতি কৰিলে ? আপোনাৰ xxxx ছাৰ কোন আৰু ক’ত থাকে বা  কিয় বিখ্যাত একোৱেই নেজানো মই ৷ অথচ আপুনি মোক….যাওঁক যাওঁক আৰু কাকো এনে নকৰিব ৷ “
 “ নাই নাই ভন্তি, মই এইবোৰ চব এৰি গুচি আহিলো ”—ইমানকে কৈ সি আঁতৰি গৈছিল।
আৰু একো ক’ব পৰা নাছিলো তাক মই ৷ মোৰ সৰসৰাই চকুৰ পানী নিগৰিছিল ৷ কাৰণ মোৰ শৰীৰটো হত্যা কৰিব নোৱাৰিলেও সি মোৰ ইমেজটো হত্যা কৰি দুৰ্ণামী কৰিলে ৷ তথাপিও ক্ষমা কৰি দিছিলো তাক ৷ শুনামতে এতিয়া সি আদাবাৰী বাছ ষ্টেণ্ডৰ ওচৰত এখন সৰুকৈ দোকান দি পৰিয়ালৰে সৈতে সুখে-সন্তোষে আছে ৷ হয়,  সেইদিনা নিশ্চিত মৃত্যুৰ পৰা মই ৰক্ষা পৰিছিলো ৷ কিন্ত যেন জন্ম হৈছিল এজনী নতুন সুকৃতিৰ ৷৷
•••মহাবাহু•••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!