মোৰ জীৱন সোঁৱৰণ-১০

লক্ষ্মীনাথ বেজবৰুৱা

॥ চতুৰ্থ আধ্যা ॥
 (এই আধ্যা আৰম্ভ কৰাৰ আগতে আৰু এটা শুধৰণী ব্যাপাৰ সমুৰ্পস্থিত। এইবাৰ আমাৰ গৃহিণীৰ ফালৰপৰা। তেওঁ ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয় আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বহি মই লিখিবলৈ কাপ ধৰিছোঁ মাথোন, এনেতে তেওঁ মোৰ পিঠিৰফালে থিয় দি, “মেঘৰ গভীৰ ধ্বনি দিলে সমিধান”—“তোমাক কোনে ক’লে আমাৰ ‘পুণ্য’ কাকতখন মাথোন এবছৰ চলিছিল বুলি? ‘পুণ্য’ তিনি বছৰ ভালকৈ চলাৰ পিছতহে বন্ধ হৈছিল।” কথাষাৰ শুনি প্ৰথমতে মই উচাপ খাই উঠিছিলোঁ। তাৰ পিছত ভালকৈ ভাবি দেখিলোঁ হয়, তেওঁৰ কথাই ঠিক। মই মোৰ ভুল স্বীকাৰ কৰি সেইটো শুধৰাই দিবলৈ তেওঁক প্ৰতিশ্ৰুতি দিলোঁ। তাৰ পিছত, তেওঁৰপৰা প্ৰশ্ন আহিল, “তোমাৰ জীৱন-সোঁৱৰণত আমাৰ ভিতৰৰ ঘৰুৱা কথাবোৰ লেখিছা কিয়? যেনে—সপ্তপদী গমনৰ পিছত?”
 মই সুধিলো, “সেই হাস্যৰসফেৰিৰ কথা কৈছানে? তুমি মোৰ তেনে দায় মাজে-সময়ে মৰিষণ কৰিব লাগিব। লেখিবৰ সময়ত মই ঘৰুৱা আৰু পৰুৱা কথা বাছি সুকীয়াকৈ উলিয়াব নোৱাৰোঁ, এয়ে মোৰ দোষ। সেইদেখি এনে বিভ্ৰাট ঘটিছে; আৰু আগলৈকো যে নঘটিব, সেইটো গা দাঙি মই ক’বও নোৱাৰোঁ। সেইবাবে বতৰৰ কথাষাৰ বতৰতে কৈ থলো। তোমালোকে মোৰ ভুল শুধৰাই দিলেই, আলহীও ৰব, চাউলো সিজিব আৰু গহস্থৰ অধৰমো নহব; এই কথা।)।
 মই বি-এল, পৰীক্ষাত “সসম্মানে ফেল” হোৱা কাৰণটো কওঁ “আমি পৰীক্ষা দিয়াৰ পিছত “ছিণ্ডিকেটে মিটিং” কৰি বি-এল, পৰীক্ষাৰ “পাছ” মাৰ্কৰ থোপটো আৰু ওখ কৰি দিলে। আমি পৰীক্ষাত পোৱা নম্বৰে সেই থোপটো ঢুকি নোপোৱা হ’ল। অৱশ্যে পুৰণি নিয়মমতে আমি যি মাৰ্ক পাইছিলো সি আগৰ থোপটোত উঠিছিলগৈ আৰু সেই দেখি পৰীক্ষাত উঠিছিলোও। মোক লৈ প্ৰায় ৩০ জন ছাতৰ সেইদেখি ন নিয়মমতে “ফেলৰ” গাঁতত পৰিছিল। এই ৩০ জনৰ ভিতৰত কেইবাজনো ভাল ছাতৰ আছিল আৰু তেওঁলোক কলিকতাৰ অতি সাম্ভ্ৰান্ত ধনী মানুহৰ ঘৰৰ সন্তান। কলিকতা বিশ্ববিদ্যালয়ৰ ছিণ্ডিকেটৰ এনে মইমতালি দেখি আমি জঁকি উঠিলোঁহক। দিনৌ ভবানীপুৰত সেই ছাতৰ কেইজনৰ দেউতাক সকলৰ ঘৰত বৰ-চৰাত আমাৰ মেল বহিবলৈ ধৰিলে। ‘ছিনেট’ৰ সভ্য স্যৰ ৰমেশচন্দ্ৰ মিত্ৰ, ডবলিউ,চি বানুৰ্জ্জী, মনোমোহন ঘোষ বেৰিষ্টাৰ প্ৰভৃতিয়ে আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি আমাক সহায় কৰিছিল। আমাৰ বিপক্ষে ছিণ্ডিকেটৰ মেম্বৰ স্যৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোষ মুখুৰ্জ্জী (পিছত স্যৰ) প্ৰভৃতি। আমি কলিকতা হাইকোৰ্টত কলিকতা য়ুনিভাৰ্ছিটিৰ ওপৰত মোকাৰ্দ্দমা কৰিবলৈ থিৰ কৰিলো, যাতে য়ুনিভাৰছিটিয়ে আমাক ‘পাচ কৰা’ ছাতৰৰ তালিকাৰ ভিতৰত সুমাই [ ১২৯ ]লবলৈ বাধ্য হয়। কঁকালত টঙালি বান্ধি আমি দুগুণ উৎসাহেৰে এই যুদ্ধত লাগি গলোহঁক। স্যৰ ৰমেশচন্দ্ৰ মিত্ৰৰ পুতেক বিনোদচন্দ্ৰ মিত্ৰ (পিছত স্যৰ আৰু এডভোকেট জেনেৰেল) আমাৰ কৰ্ণধাৰ হ’ল। বিনোদ মিত্ৰ যদিও আমি ফেল মৰা দলৰ ভিতৰৰ নহয়, কাৰণ তেওঁ আগৰ বছৰতে বি-এল পৰীক্ষাত উঠি তেতিয়া হাইকোৰ্টত ওকালতি কৰিছিল, তথাপি তেওঁ আৰু তেওঁৰ ভায়েক প্ৰভাস মিত্ৰ (পিছত স্যৰ) আমাৰ সহায়ক হৈ উঠিল। ভৱানীপুৰতে এজনৰ ঘৰত এটা ডাঙৰ ভোজৰ আয়োজন হ’ল। তালৈ আমাৰ ফলীয়া অনেক ডাঙৰ ডাঙৰ লোকক নিয়ন্ত্ৰণ কৰা হৈছিল—ভোজ বৰ সমাৰোহেৰে সম্পাদিত হ’ল, আৰু আমি ভোজ-ভাত খাই গাত বল বান্ধি ললোহক।
 আৰ্জ্জিপত্ৰ (Plaint) প্ৰস্তুত হ’ল। আমাৰ ফালৰপৰা বেৰিষ্টাৰ এল্ পি পিউ, এ-চৌধুৰী, এছ-পি সিংহক নিযুক্ত কৰিবলৈ থিৰ হ’ল। শেহান্তৰত এটা বিষম সমস্যা উপস্থিত। আৰ্জ্জিপত্ৰত চহী কৰিবলৈ আমাৰ ভিতৰৰপৰা এঘাৰজন ছাতৰক ঠিক কৰা হ’ল। কিন্তু চহী কৰিবৰ সময়ত অ’ হৰি! কোনেও চহী কৰিব নোখোজে। এজন এজনকৈ আটাইকেইজনে পুলুকা মাৰিলে। কোনোৱে কয়, “বাবা মানা কৰেছেন,” কোনোৱে কয়, “মামা বলেছেন নৰেন খবৰ্দ্দাৰ। তুমি সহ্য কৰবে না” ইত্যাদি। ইমান দুখকৈ তৰি অনা তাঁতখন সেইখিনিতে সামৰিবলগীয়া হ’ল। মই আগবাঢ়ি ওলাই ক’লো, “আনে চহী দিয়ক বা নিদিয়ক, মই দিম।” চাৰিওফালৰপৰা মোৰ ওপৰত সাধুবাদৰ বৰষুণ পৰিবলৈ ধৰিলে। মোৰ অকলশৰীয়া চহীৰ ওপৰতে মোকৰ্দমাটো থিয় হৈ পৰিল। মোৰ চহীৰে সেই “প্লেইন্ট”খন দেখি বেৰিষ্টাৰ এ-চৌধুৰীয়ে কৈছিল, “দেখছি, একলা আমাদেৰ লক্ষ্মীনাথেৰই সহি।” তেওঁৰ ওচৰলৈ সেইখন লৈ যোৱা ছাতৰসকলে তাৰ উত্তৰত কি কৈছিল মই নাজানো। সেই বিষয়ে চৌধুৰীয়ে পিছত মোক এটা কথাও কোৱা নাছিল। তেওঁৰ দেশৰ বঙ্গালী ভাইসকলৰ তেনে ব্যৱহাৰ দেখি তেওঁ লজ্জিত আৰু দুঃখিত যে হৈছিল তাত সংশয় নাই। বিনোদ মিত্ৰই (স্যৰ বিন্দোদে) তেওঁৰ স্বদেশী ভ্ৰাতাসকলৰ এনে ব্যৱহাৰৰ কথা অনেক দিনলৈকে কিন্তু কৈ আছিল। আনকি, কিছুদিনৰ পিছত তেওঁ বিলাতলৈ গৈ বেৰিষ্টাৰ হৈ অহাৰ পিছতো, এদিন তেওঁ মোক ইণ্ডিয়া ক্লাবত দেখা পাই, আগবাঢ়ি আহি মোক কৰমৰ্দ্দন কৰি সেই কথা কৈ দুখ কৰিছিল।
 আমাৰ মোকৰ্দ্দমাটো হাইকোৰ্টত জষ্টিছ ছেলৰ (Sale) আদালতত উঠিছিল। আমাৰ ফালৰ বেৰিষ্টাৰ আছিল—বেৰিষ্টাৰ পিউ চৌধুৰী আৰু সিংহ। সিফালত আছিল ষ্টেডিং কাউঞ্চিল ফিলিপ্স প্ৰভৃতি। ছিণ্ডিকেটৰ মেম্বৰ হিচাপে আমাৰ প্ৰতিবাদী ডাক্তৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোেষ মুখুৰ্জ্জী প্ৰভৃতি। হাইকোৰ্টে কলিকতা য়ুনিভাছিটিৰ ওপৰত আমাৰ পক্ষে “ৰিট অব মেন্ডেমাছ”, (writ of Mandamus) “ইছু” কৰিলে, আমি আনন্দত নাচিবলৈ ধৰিলো। গোটেই কলিকতাত এটা “ছেন্ ছেছন” (sensation) অৰ্থাৎ উদ্বেগ লাগি পৰিল। তাৰ পিছত আমাৰ বিপক্ষ ক্ষমতাশালীসকলৰ ভিতৰত নানা চেষ্টা-চৰিত্ৰ চলিবলৈ [ ১৩০ ]ধৰিলে, যাতে য়ুনিভাৰ্ছিটিয়ে মোকৰ্দ্দমাত হাৰি প্ৰেস্টিজ (Prestige) অৰ্থাৎ মান নেহেৰুৱায়; ফলত জজ ছেলে আমাৰ বিপক্ষে ৰায় দিলে আৰু, আমি হাৰিলোঁ। মঠতে য়ুনিভাৰ্ছিটিৰ “প্ৰেষ্টিজৰ” আগত আমাক বলি দিয়া হ’ল। মোৰ ওপৰত মোকৰ্দ্দমাৰ খৰচো ডিগিৰি দিলে। যি হওক, আমাৰ এই আন্দোলনৰ ফলত, তিনি মাহৰ মূৰত য়ুনিভাৰ্ছিটিয়ে আকৌ এটা পুৰক বা পৰিশিষ্ট বি-এল পৰীক্ষা (Supplementary Examination) পাতিলে। সেই পৰীক্ষাত আনবোৰ ছাতৰেৰে সৈতে ময়ো পৰীক্ষা দিবলৈ বহিছিলো। কিন্তু প্ৰথমদিনাৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকতৰ উত্তৰ দি আৰু, নগলোঁ। কাৰণ পৰীক্ষাৰ ঘৰত য়ুনিভাছিটিৰ কাৰ্য্যকাৰকবোৰে মোৰ ওপৰত এনেকৈ “নজৰ” দিবলৈ ধৰিলে, যেন মই এটা ‘দাগী চোৰ” হে তাত ওলাইছোঁগৈ। প্ৰশ্নৰ উত্তৰৰ কাকতবোৰ এজন কাৰ্যকাৰকৰ হাতত দি উঠিবলৈ গৈছোঁ, এনেতে অফিচৰে মোৰপৰা মোকৰ্দ্দমাত ডিগিৰি হোৱা খৰচৰ টকা দাবী (demand) কৰিলেহি। মোৰ টিকচি-বিকচি খং উঠি সেইজনক “চলা জাও” বুলি ডাবি দি গুচি আহিলোঁ। ভাবিলোঁ, ইহ’তে মোক আৰু পৰীক্ষাত কেতিয়াও “পাছ” নকৰে। তাকে ভাবি, কলিকতা য়ুনিভাৰ্ছিটিৰ চৰণত নমস্কাৰ কৰি মেলানি মাগি আৰু পৰীক্ষা দিবলৈ নগলো। মোৰ লগৰীয়াৰ ভিতৰৰ অনেক ছাতৰ সেই পৰীক্ষাত উত্তীৰ্ণ হ’ল।
 আমাৰ সেই পুৰণি ফকৰাটো মনত পৰিল,-
খাই কাৰ্শলা ডালত উঠিল।
কাঠি চেলেকাৰ মৰণ মিলিল॥
আৰু; উকীল নহওঁ বুলি মনতে দৃঢ়সঙ্কল্প কৰিলোঁ। ভাবিলোঁ আমাৰ বংশত উকীলে নুশুজে। সেই দেখিয়েই হবলা পিতৃদেৱতাই একষ্ট্ৰা এছিষ্টেণ্ট কমিছনাৰ হৈ থাকোঁতে উকীলৰ বহীত নাম লিখি দি অনেকক উকীল পাতিছিল; কিন্তু নিজৰ পুতেক এজনকো সেই কাৰ্য্যলৈ আগ নবঢ়াইছিল। সেই কালত বি-এল বা এল-এল, পৰীক্ষা নিদিয়াকৈয়ে হাকিমৰ “চুপাৰিচতে” উকীল হব পৰা নিয়ম আছিল। উকীলৰ ব্যৱসায়টোও তেওঁৰ দ্বাৰাই বৰ সন্মানৰ বুলি বিবেচিত নহৈছিল।
[ ১৩১ ]
॥পঞ্চম আধ্যা॥
 কলিকতাৰ মোৰ জীৱনত এটি বিশিষ্ট অসমীয়া পৰিবাৰৰ প্ৰভাৱ বৰকৈ পৰিছিল। সেই পৰিবাৰৰ শিৰৰ মুকুট আৰু আসামত সৰ্ব্বজনবিদিত বুৰঞ্জীবিজ্ঞ পুৰুষ ডাঙৰীয়া ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা আছিল। তেওঁ দীৰ্ঘকাল আসামত, সৰহকৈ নগাঁৱত, একষ্ট্ৰা এছিষ্টেন্ট কমিছনাৰৰ কাম কৰি ১৮৯০ খ্ৰীষ্টাব্দত অৱসৰ লৈ কলিকতাত থাকিবলৈ আহে। কি সদানন্দময় পুৰুষ আছিল সেইজন। অৱসৰৰ দিনাৰেপৰা ঈশ্বৰৰ ইচ্ছাত তেওঁৰ কপালত এটাৰ পিছত এটাকৈ লেথাৰি নিছিগাকৈ যেন পাৰিবাৰিক দুৰ্ঘটনা ঘটিছিল, মনত পৰিলে আমঠু কলা পৰি আহে। আমি দেখি আচৰিত মানিছিলোঁ, তেওঁ এনে মহা-বিপদবোৰ প্ৰশান্ত মনেৰে সহি গৈছিল। এদিনলৈকে তেওঁৰ আনন্দময় মুখত আমি বিষাদৰ ছাঁ স্পষ্টকৈ পৰা দেখিবলৈ নাপাইছিলো। গীতাত স্থিতপ্ৰজ্ঞ মানুহৰ যি সংজ্ঞা দিছে অনেকখিনি তেওঁৰ গাতে আমি তেনে লক্ষণ দেখিবলৈ পাইছিলো; যেনে-
দুঃখেষ্বনুদ্বিগ্নমনাঃ সুখেষু বিগতস্পৃহাঃ।
বীতৰাগ-ভয়-ক্ৰোধঃ স্থিতধীৰ্মু, নিৰুচ্যতে॥
বাস্তৱিকতে, মোৰ জীৱনত এনে আনন্দময় অথচ স্থিতধী পুৰুষ মই আগেয়ে দৈৱাত্‍হে দেখিবলৈ পাইছিলো। ১৮৯০ খ্ৰীষ্টাব্দৰ ৩১ মাৰ্চত তেওঁ চৰকাৰী কামৰপৰা অৱসৰ গ্ৰহণ কৰে। সেইদিনাই কলিকতাত তেওঁৰ একমাত্ৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ মত্যু হয়। পহিলা এপ্ৰিলৰ দিনা এই শোকৰ বাতৰি আসামত তেওঁলোকৰ কাণত পৰে। তেওঁৰ অতি মৰমৰ একেজনী জীয়েক স্বৰ্ণলতা অকালতে বিধৱা হ’ল। ইয়াৰ পিছত বৰুৱা ডাঙৰীয়া সপৰিবাৰে কলিকতালৈ আহি সুখেৰে জীৱনযাপন কৰিবলৈ আশা কৰি ভাল ঘৰ এটা কেৰেয়া কৰি লৈ থাকিবলৈ ধৰিলে আৰু ল’ৰাকেইটিক স্কুলত পঢ়িবলৈ দিলে। প্ৰথমতে মই ডাঙৰীয়াৰ সহধৰ্মিণীক ল’ৰা-ছোৱালীকেইটিৰে সৈতে কলিকতাৰ মানিকতলা ষ্টীটৰ ঘৰ এটাত দেখোঁ। সেইজনা সাদৰী মিষ্টভাষিণী মহিলাৰ স্মৃতি-পট মোৰ অন্তৰত আজিও মচ নোখোৱাকৈ আছে। আমাৰ বংশৰে সৈতে তেওঁৰ সম্পৰ্ক আছিল; আৰু, সম্বন্ধত মই তেওঁৰ মোমায়েক হওঁ দেখি মোক মোমাইদেও বুলি মিঠা সম্বোধন কৰিছিল। মাণিকতলা ষ্ট্ৰীটৰ ঘৰৰপৰা উঠি আহি তেওঁলোক ২৬ নম্বৰ স্কট্চ্ লেনত থাকেহি। তাতে ১৮৯২ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৬ তাৰিখ শনিবাৰৰ দিনা এই মহীয়সী মহিলাৰ মত্যু ঘটে। মৃত্যুৰ অলপ পাছতে মই তাত উপস্থিত হৈ সেই শোকাবহ দৃশ্য দেখিবলৈ পালোঁ। মোৰ চকুৰপৰা সৰ সৰ কৰে লো ওলাবলৈ ধৰিলে। দেখিলোঁ মৃত্যুশয্যাত পৰি থকা মাকৰ শৱটোৰ ভৰিৰ ওপৰত মুৰটো দি পৰি স্বৰ্ণলতাই বিনাই কান্দিব লাগিছে আৰু ল’ৰাকেইটিয়ে ফেকুৰিব লাগিছে। ডাঙৰীয়া গুণাভিৰাম বৰুৱা নিস্পন্দ নিৰ্বাক। [ ১৩২ ]পুতেক কমলা আৰু জ্ঞান তেতিয়া সৰু ল’ৰা। স্কুলৰপৰা আহি সিহঁতে দেখিলে যে সিহঁতৰ মাতৃদেৱী আৰু ইহসংসাৰত নাই। ডাঙৰীয়াৰ অন্তৰ যদিও শােক শেলত থকা-সৰকা হৈছিল, তথাপি তেওঁ অচল অটল। ধৈর্য্য তেওঁৰ অসীম। ব্রাহ্ম সমাজৰ আচাৰ্য্য পণ্ডিত শিবনাথ শাস্ত্রী প্রভৃতি ব্রাহ্মসকলে মৃতকৰ শৱ বেঢ়ি বহি আছে। এজনে ব্রাহ্মসঙ্গীত গাইছে-
ঐ যে দেখা যায় আনন্দধাম,
 ভবজলধিৰ পাৰে।
ব্রাহ্মসকলে পৰামৰ্শ কৰি এখন গৰুৰ গাড়ীৰ ওপৰত শৱটো তুলি নিমতলা ঘাটত পুৰিবলৈ লৈ গ’ল। ডাঙৰীয়াই “নিবাত নিষ্কম্প তৰু”ৰ দৰে চাই আছিল মাথােন, সেই বন্দবস্তত একো হস্তক্ষেপ নকৰিছিল। মই বেজাৰ মনেৰে স্থানলৈ উভতি আহিলোঁ। ডাঙৰীয়াই গৃহিণীক নৰিয়াত কলিকতাৰ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু, গঙ্গাপ্রসাদ আৰু দ্বাৰকা নাথ কবিৰাজ প্রভৃতিৰ দ্বাৰাই চিকিৎসা কৰােৱাইছিল; জল-বায়ু; পৰিবৰ্তনৰ নিমিত্তে গিৰিধি প্রভৃতি ঠাইত ফুৰাই আনিছিল। কিন্তু কালৰ হাতৰ-পৰা তেওঁক তেওঁ ৰক্ষা কৰিব নােৱাৰিলে। আজিকালি য’ত বঙ্গবাসী কলেজ হৈছে সেই ২৬ নম্বৰ স্কট্চ্ লেনৰ ঘৰতে ডাঙৰীয়ানীয়ে ইহসংসাৰ পৰিত্যাগ কৰি ডাঙৰীয়াক সেই বুঢ়া বয়সত অকলশৰীয়া কৰি আৰু ল’ৰা-ছােৱালীকেইটিক নিঠৰুৱা কৰি গুচি গ’ল। আমি তেতিয়া ৩ নম্বৰ ওল্ড বৈঠকখানাত আছিলাে। সেই বিপদৰ কেইদিন সৰু ল’ৰা কমলা আৰু জ্ঞানে গধুলি আমাৰ তাত খাইছিলগৈ।
 ইয়াৰ কিছুদিন পিছত আমি ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰ এৰি দিলত ডাঙৰীয়া গুণাভিৰাম বৰুৱাই সেই ঘৰটো লৈ তাতে থাকেগৈ। মাহচেৰেক তাতে তেওঁলােক সুখেৰে আছিল, আকৌ বিপদে তেওঁলােকৰ লগ ললেগৈ। ডাঙৰীয়াৰ বৰ লৰাটি কৰুণা তাতে জৰত পৰিল। আকৌ ডাঙৰ ডাঙৰ ডাক্তৰ আৰু কবিৰাজৰ সমাৰােহ ঘটিল। ডাক্তৰ দেবেন্দ্রনাথ ৰায়, জহুৰুদ্দিন, মেকডনেন্ড ইত্যাদি। মেকডনেল্ডে কৰণাক সমুদ্রত ফৰাই আনিবলৈ পৰামৰ্শ দিলত, ডাঙৰীয়াই শ্ৰীযুত আনন্দচন্দ্র আগৰৱালাক (তেতিয়া কলেজৰ ছাত্ৰ পিছত ৰায়বাহাদুৰ) লগত দি কৰুণাক জাহাজেৰে বৰ্ম্মা লৈ পঠিয়াই দিলে। জাহাজত অহা-যােৱা কেৰেয়া আদি ২৫০ টকা দি দুইকো পঠিওৱা হ’ল। যিদিনা কৰুণাক জাহাজত তুলি দি তেওঁ বৰ্ম্মালৈ পঠিয়ালে সেইদিনা ডাঙৰীয়াৰ অপাৰ আনন্দ। আচৰিত কথা, যি কেইদিন কৰুণা জাহাজত আছিল, কৰুণাৰ জ্বৰ হােৱা নাছিল। যাওঁতে চাৰিদিন, আহোঁতে চাৰিদিন। ৰেঙ্গুনত থাকোঁতে কৰুণাৰ গা ভালে আছিল। কিন্তু উভতি কলিকতা পালত আকৌ সেই আপদীয়া জ্বৰে কৰুণাক ধৰিলে। তাৰ পিছত কৰুণাক লগত লৈ ডাঙৰীয়া পুৰুলিয়ালৈ গ’ল। সেই কালত পুৰুলিয়া বেঙ্গল-নাগপুৰ ৰেল কোম্পানীৰ এটা উঠি অহা ষ্টেচন আৰু স্বাস্থ্যকৰ ঠাই। তাতো একো উপকাৰ নােহােৱা দেখি, তেওঁ কৰণাক মধুপুৰলৈ লৈ গ’ল। ৩ নম্বৰ ওল্ড বৈঠকখানাৰ ঘৰতে তেওঁৰ বাকী ল’ৰা দুটি আৰু জীয়েক আছিল। পিছত কমলা আৰু জ্ঞানকো মধুপৰলৈ লৈ যােৱা হ’ল। কিছুদিনৰ পিছত কমলা আৰু জ্ঞান উভতি আহি, আমাৰ লগতে [ ১৩৩ ]শোভাৰাম বসাক লেনৰ ঘৰত থাকেহি! মধুপৰতে ১৮৯৩ খ্ৰীষ্টাব্দৰ ১২ জুলাইত কৰুণাৰ মৃত্যু হয়। কৰুণাৰ মত্যুৰ পিছত ডাঙৰীযা আমাৰ লগত শোভাৰাম বসাকৰ লেনত দুদিনমান থাকেহি। শ্ৰীযুত নবীনৰাম ফুকনো তেতিয়া তাতে আছিলহি। কৰুণাক যমৰ বুকুত দি ডাঙৰীয়া যেতিয়া আমাৰ কাষত ওলালহি, তেতিয়া আমি ভাবিছিলো এনে পুত্ৰ-শোক পাই অহা তেখেতৰ মুখলৈ আমি পোনে পোনে চাবই নোৱাৰিম। কিন্তু আমি দেখি অবাক হলোহক, তেখেতৰ মুখত বিষাদৰ কালিমাৰ সঁচকে নাই। সেই চিৰস্থায়ী সদানন্দ মুখ আগত বৰ্ত্তমান। তেতিয়াও তেখেতৰ মুখত কথাই কথাই হাঁহি আৰু খুহুটীয়া কথা অনৰ্গল চলিছে। কি আচৰিত সংযম! আজিও মোৰ মনত আছে, এদিন শ্ৰীযুত নবীন ফুকনৰ মুখখন তেওঁ গোমঠা দেখি ফুকনক গাড়ী এখনত তুলি লগত লৈ গৈ গ্ৰেট ইষ্টাৰ্ণ হোটেলৰপৰা পাঁচ টকা দি চাৰে পাঁচ টকা বেচৰ গোটাচেৰেক কামিজ কিনি দি তেওঁৰ মুখলৈ প্ৰসন্নতা আনিছিল আৰু, আগেয়েও হেনো কেইবাবাৰো ডাঙৰীযাই তেনে উপায়কে অৱলম্বন কৰিছিল। ডাঙৰীয়াৰ স্বভাৱ যে কাৰো মুখত তেওঁ বেজাৰৰ ভাব দেখিব নোৱাৰিছিল।
 ১৮৯৪ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহৰ ২৫ তাৰিখে, শনি কি ৰবিবাৰে, ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ৮ নম্বৰ কলেজ স্কোয়াৰৰ ঘৰত মৃত্যু হয়। তেওঁ প্ৰায় ২১ দিন জ্বৰত ভুগিছিল। চিকিৎসাৰ কোনো অপ্ৰতুল নহৈছিল। ডাঙৰ মেকডনেল্ডেও চিকিৎসা কৰিছিল। কলিকতাবাসী কোনো কোনো অসমীয়া ছাতৰে তেওঁৰ নৰিয়াত পৰ দিছিল। ময়ো এৰাতি-দুৰাতি সেই কাৰ্য্য কৰিছিলো। অখণ্ডনীয় বিধিৰ লিখন, তেওঁ আৰু আৰোগ্য নহ’ল। কলিকতাবাসী অসমীয়া ছাতৰসকলে তেওঁৰ শৱ কান্ধত লৈ নিমতলা ঘাটত দাহ কৰি আহিলগৈ। অৱশ্যে সমবেত ব্ৰাহ্মসকলে আগৰ দৰে, অৰ্থাৎ তেওঁৰ গহিণীৰ শৱটো গাড়ীত তুলি নিয়াৰ দৰে নিবৰ যে প্ৰস্তাৱ নকৰিছিল এনে নহয়; কিন্তু এইবাৰ তেনে প্ৰস্তাৱ অসমীয়া সকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। চৰকাৰী কামৰপৰা অৱসৰ লৈ এইজন পুৰুষ যদি অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকিলহেঁতেন, তেওঁৰ দ্বাৰাই অসমৰ অনেক হিতকাৰ্য্য সাধিত হ’লহেঁতেন— ঘাইকৈ সাহিত্য ক্ষেত্ৰত। “জোনাকী” আৰু “বিজুলী”ত তেওঁ নিয়মমতে প্ৰবন্ধ লিখিছিল। “জোনাকী”ত ওলোৱা “আগৰ দিন এতিয়াৰ দিন” প্ৰবন্ধ যদি আৰু কিছুদিন তেওঁ লেখি যাব পাৰিলেহেঁতেন, তেন্তে বুৰঞ্জী সম্পৰ্কীয় অনেক নতুন কথা তেওঁ আমাক দি যাব পাৰিলেহেঁতেন। তেওঁ চৰকাৰৰ ঘৰৰ কামৰপৰা অৱসৰ লোৱা কালৰ সুবিধা অসমীয়াই হেঁপাহ পলুৱাই লবলৈ নাপালে; তেওঁ অৱসৰৰ শান্তি- সুখ ভোগ কৰিবলৈ নাপালে; নিষ্ঠুৰ কাল তাৰ বাদী হ’ল। আসামৰ কপালেই এনে দুৰ্ভগীয়া। সেই কালৰ ভিতৰতে, বিলাতৰপৰা কলিকতালৈ অহা Opium Commission অৰ্থাৎ কানি-প্ৰচলন-ৰহিতৰ বিষয়ে তদন্ত কৰিবলৈ অহা কমিটিৰ হাতত তেওঁ কানি বৰবিহৰ বিপক্ষে এখন অভিমত লেখি দিছিল। অভিমতখন লেখি এই লেখকক তেওঁ এবাৰ পঢ়িবলৈকো দিছিল। তেওঁ লেখা “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা” পঢ়ি অসমীয়া কোন আছে যে আনন্দ উপভোগ নকৰাকৈ থাকিব পাৰে? তেওঁৰ আনন্দময় মনৰ সি এটা সৰু উঁহ মাথোন। তেওঁৰ উদাৰ অন্তঃকৰণে সৰু-বৰ
২য়-৩
[ ১৩৪ ]সকলোৰে সৈতে ব্যৱহাৰত পাৰ্থক্য নকৰিছিল। বিদেশত অসমীয়া মানুহ এটা দেখিলেও তেওঁ দুই হাত মেলি আঁকোৱালি ধৰিছিল— তেহেলৈ সেইজন ডাঙৰেই হওক বা সামান্য মানুহেই হওক। এবাৰ তেওঁ পশ্চিমত ফুৰোঁতে ৰেলত এজন সাধাৰণ গাৱঁলীয়া অসমীয়া মানুহ দেখি, আনন্দত উত্ৰাৱল হৈ দুই হাত মেলি সেইজনক আঁকোৱাল মাৰি ধৰি কথাবাৰ্তা হৈ আনন্দ পাইছিল আৰু সেই কথা মই তেওঁৰ নিজৰ মুখৰপৰাই শুনিছিলোঁ। সকলোৱে দেখিছে, কলিকতাৰ ঘোঁৰাৰ গাড়ীৰ মুছলমান গাৰোৱানে ভেৰোণলৈ খাপ দি গাড়ী ৰখা ঠাইত (stand) থাকোঁতে এটা মুছলমান ধপাত বেচোঁতাই দীঘল নল লগোৱা গুৰগুৰী এটাত ধপাত লগাই গাৰোৱানবোৰক খুৱাই ফুৰি সিহঁতৰপৰা একোটাকৈ পইচা লয়। এদিন আমাৰ ডাঙৰীয়াই খোজ কাঢ়ি হেৰিশ্যন ৰোডেদি যাওঁতে তেনে গাড়ী ৰখা ঠাই এখনৰ কাষ পালত, সেইদৰে ধপাত বেচোঁতা এটাই ডাঙৰীয়াৰ দীঘল ডাঢ়ি দেখি, তেওঁক তাৰ ধৰ্মাৱলম্বী বুলি ভাবি, গুৰগুৰীৰ নলটো তেওঁৰফালে আগবঢ়াই দিছিল। ৰহস্যটো ততালিকে বুজি, হাঁহি সেই নলিচাডাল হাতেৰে ধৰি মুখৰ ফালে মিছাকৈ টোঁৱাই, তাক নিৰাশ নকৰি পইচা এটা দি গুচি গ’ল। সেই ঘটনাটো তেওঁ নিজেই বঢ়িয়াকৈ ৰং দি আমাক কৈ হহুঁৱাইছিল আৰু নিজেও নথৈ হাঁহিছিল। এনেজন “প্ৰশান্ত পুৰুষ আনন্দময়” আছিল আমাৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়া।
 ৰায়বাহাদুৰ ডাঙৰীয়াৰ মৃত্যুৰ পিছত ৰজনীনাথ ৰায়ে (Mr. R. N. Ray) কমলা আৰু জ্ঞানক স্বৰ্ণেৰে সৈতে তেওঁৰ “ৰিট্ৰিট” (The Retreat) বোলা ঘৰলৈ লৈ যায়। ৰজনীনাথ ৰায় ৰায়বাহাদুৰ ডাঙৰীয়াৰ জোঁৱায়েক ডাক্তৰ নন্দকুমাৰ ৰায়ৰ ককায়েক। তেওঁ গৱৰ্ণমেণ্টৰ এজন ডাঙৰ বিষয়া আছিল। এইডোখৰ কালতে এটা গলাগোপা (rumour) ওলাই আমাৰ মনত বৰকৈ কষ্ট দিছিল—বিশেষকৈ ডাঙৰীয়াৰ বিধৱা জীয়েক স্বৰ্ণক আৰু তেওঁৰ সৰু ভায়েক দুটিক। সেই গলাগোপাত ওলোৱা কথাটো প্ৰকৃততে সঁচা নে মিছা মই ভালকৈ ক’ব নোৱাৰোঁ; কিন্তু ৰায়বাহাদুৰ পৰিয়ালৰ হিতাকাক্ষী বঙ্গালীসকলেও শুনিবলৈ পাইছিল। গলাগোপাটো হৈছে— ৰায়বাহাদুৰৰ বংশৰে গণ্যমান্য মানুহ এজনে হেনো আদালতত গোচৰ এটা কৰি চেষ্টা কৰি চাবলৈ গৈছিল, যাতে ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সৈতে তেওঁৰ গৃহণীৰ বিবাহটো আইনমতে অসিদ্ধ প্ৰমাণিত হয়। তেনেহলে ডাঙৰীয়াৰ টকা-কড়ি বিষয় সম্পত্তিৰ উত্তৰাধিকাৰী কমলা আৰু জ্ঞান নহৈ তেওঁলোক হব পাৰে। ডাঙৰীয়াই কোনো উইল কৰি যোৱা নাছিল। বোধকৰোঁ তেওঁ সমাজিকতো ভবা নাছিল যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়-সম্পত্তি লৈ এনেকুৱা কোনো কথা উঠিব পাৰে। বাবু দুৰ্গামোহন দাস ডাঙৰীয়াৰ পৰিয়ালৰ এজন বিশিষ্ট বন্ধু আছিল। তেওঁ হাইকোৰ্টৰ এজন ডাঙৰ উকীল আছিল।
 এদিন তেওঁ ৰজনী ৰায়ৰ ঘৰলৈ গৈ স্বৰ্ণলতাক ক’লে, “স্বৰ্ণ, তোমাদেৰ কোনও ভয় নেই। তোমাৰ ভাইদেও ভয় নেই। আমি তোমাদেৰ ইষ্টেটৰ এডমিনিস্ট্ৰেশনেৰ বন্দোবস্ত কৰেছি।” বাস্তৱিক তেওঁ তাকে কৰিছিলো। এনে বিষয়ত দুজন দুজন জামিন (surities) বা সাক্ষীৰ আৱশ্যক। এজন তেওঁ নিজে হৈছিল আৰু আনজন শ্ৰীযুত জগদীশ বসুকে (Sir Jagadish Bose) তেওঁ কৰি দিছিল, যদিও ছাৰ [ ১৩৫ ]জগদীশ সেই কাৰ্য্যৰ নিমিত্তে ইচ্ছুক নাছিল, কিন্তু দুৰ্গামোহন বাবুৰ অনুৰোধত মান্তি হবলগীয়াত পৰিছিল। হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ মিষ্টাৰ বেল চেম্বৰক দুৰ্গামোহন দাসে তালৈকে লৈ গৈ স্বৰ্ণক চিনাক্ত কৰি দিছিল আৰু কাকতত স্বৰ্ণৰ চহী দিয়াইছিল। দুৰ্গামোহন বাবুয়ে তেওঁৰ মৃত্যুৰ দিনলৈকে গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি সুকলমে “মেনেজ” কৰি আছিল।
 ইয়াৰ কিছুদিনৰ পিছত চিৰকাল য়ুৰোপ-প্ৰবাসী শ্ৰীযুত ৰাধিকাৰাম ফুকন কলিকতাত ওলালহি। জনশ্ৰুতি যে তেওঁ বৰুৱা ডাঙৰীয়াৰ বিষয়-সম্পত্তি “মেনেজ” কৰিবলৈ, হাতত লবলৈ আহিছিল। কিন্তু দুৰ্গামোহন দাস এনে কঁকিলা-দাৰৰ পক্ষে ম’হৰ শিং। গতিকে ডাঙৰীয়াৰ বিষয়-সম্পত্তি লৈ আৰু কোনো গোলমাল নুঠিল।
 কিছুদিনৰ পিছত স্বৰ্ণক ১৩ নম্বৰ কৰ্ণৱালিছ ষ্ট্ৰীটত থকা “ব্ৰাহ্ম গাৰ্লছ স্কুল”ত তেওঁৰ দুজনী জীয়েকৰ সৈতে থোৱা হ’ল আৰু; কমলা আৰু জ্ঞানক সাধাৰণ ব্ৰাহ্ম-সমাজৰ কাষত থকা “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থোৱা হ’ল। দুখৰ কথা যে লৰা দুটি “ব্ৰাহ্ম বইজ বোৰ্ডিং হাউছ”ত থকাৰ এসপ্তাহমানৰ পিছতে কমলা জ্বৰত পৰিল। মই সততে ল’ৰা দুটিৰ আৰু স্বৰ্ণৰ বুজ-বাজ কৰিবলৈ গৈ আছিলোঁ। মোৰ আজিও মনত আছে, এদিন মই গ’লতে মোক কমলাই কান্দোনমুৱা হৈ ক’লে, “এইবাৰ মোৰ পাল।” কথাষাৰ শুনি মোৰ হিয়া ভাগি গ’ল। তথাপি মই যি পাৰোঁ কমলাক সান্তনা দি কথাষাৰ উৰাই দি কমলাৰ মনৰপৰা সেইটো ভাব গুচাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বেচ বুজিব পাৰিলোঁ বেচেৰীৰ মনৰপৰা সেই ভাব নগ’ল। ডাক্তৰ নীলৰতন সৰকাৰ আৰু ডাক্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যৰ পৰামৰ্শমতে কমলাক আৰু জ্ঞানক দাৰ্জিলিঙলৈ পঠিয়াই দি, “লুই জুবিলি ছেনিটেৰিয়ম”ত থোৱা হ’ল। তাত কমলাৰ বিশেষ উপকাৰ নোহোৱা দেখি, দুইকো কলিকতালৈ আনি বিৰ্জ্জিতলাত বাবু পাৰ্ব্বতী দাসৰ (পুৰ্ণিয়াৰ এজন উকীল) ঘৰ এটাৰ দুটা খোঁটালী আৰু, “বাথৰুম” এটা কেৰেয়া কৰি লৈ তাতে থাকিবলৈ দিয়া হ’ল। ডাক্তৰ ক্ৰম্বিৰ (Crombie) চিকিৎসা চলিল। চিকিৎসাত কোনো উপকাৰ হোৱা নেদেখি ডাক্তৰ ক্ৰম্বিৰ পৰামৰ্শমতে কমলাক এটোৱালৈ (Etawah) পঠিয়াই দিয়া গ’ল। লগত দাৰোৱান ৰামভৰোসাক দিয়া হ’ল আৰু ব্ৰাহ্ম ভদ্ৰলোক এজনক কুৰি টকা দৰমহাত নিযুক্ত কৰি পঠিওৱা হ’ল। এটোৱাৰপৰা কমলা বম্বেলৈ গ’ল। ৰজনী ৰায়ৰ পৰামৰ্শ মতে তাত কমলা ডাক্তৰ আত্মৰাম পাণ্ডুৰঙৰ চিকিৎসাৰ অধীনত ৰ’ল। তাত তেতিয়া আমাৰ শ্ৰীযুত মথুৰামোহন বৰুৱা আৰু শ্ৰীযুত জয়কৃষ্ণ দাসে ডাক্তৰী পঢ়িছিল। তেওঁলোকেও কমলাৰ বুজ-বাজ লৈছিল। কিন্তু একোতেই একো নহ’ল। বম্বেৰপৰা কমলাক আকৌ লৈ আহি কলিকতাৰ ভবানীপুৰত জগ বাবুৰ বজাৰৰ ওচৰত ঘৰ এটাত থোৱা হ’ল। তাত প্ৰায় চাৰি মাহ থৈ কমলাক হোমিওপাথি, এলোপাথি, কবিৰাজী চিকিৎসা কৰোৱা হ’ল। কলিকতাৰ ডাঙৰ কবিৰাজ দ্বাৰকানাথ ভিষগৰত্ন সেনৰ চিকিৎসাও চলিল। কিন্তু সকলোবোৰ ব্যৰ্থ হ’ল।
[ ১৩৬ ]
॥ষষ্ঠ আধ্যা॥
 ১৮৯৪ খ্ৰীষ্টাব্দৰ ৩০ নবেম্বৰত কমলা তাতে ঢুকাল। এইদৰে দুবছৰৰ ভিতৰতে সেই জয়জয় ময়ময় পৰিবাৰটোত চাৰিটা মত্যু। ডাঙৰীয়া গুণাভিৰাম বৰুৱাৰ সন্তানৰ ভিতৰত ৰ’লগৈ জ্ঞানদাভিৰাম আৰু স্বৰ্ণলতা। এতিয়া আমাৰ সকলোৰে ঘাই চিন্তা হ’ল, কেনেকৈ জ্ঞানদাভিৰামক ৰক্ষা কৰা হব। তেওঁক সমুদ্ৰ-যাত্ৰা (sea-trip) এটা দিয়াই থিৰ হ’ল। লগত শিৱনাথ শাস্ত্ৰী মহাশয়ৰ জোঁৱাযেক ডাক্তৰ বিপিনবিহাৰী সৰকাৰক দিয়া হ’ল; কাৰণ ডাক্তৰ সৰকাৰৰো গা বেয়া আছিল। ব্ৰাহ্মসকলে ভাবিলে তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে তেওঁৰো পৰিৱৰ্তন হওক— বিশেষকৈ পৰৰ খৰচতে। জ্ঞানৰ বাঈদেৱেক কালীমাইচেনা পুতেক প্ৰিয়নাথেৰে সৈতে তেতিয়া তেওঁলোকৰ লগতে আছিল। প্ৰিয়নাথক আমি জ্ঞানৰ লগত দিবলৈ মনোনীত কৰিছিলোঁ। কিন্তু সেই দাবী ব্ৰাহ্মসকলৰ দ্বাৰাই অগ্ৰাহ্য হ’ল। বি আই এছ. এন, কোম্পানীৰ লাৱাডা (S S Lawada) জাহাজত দ্বিতীয় শ্ৰেণীৰ কেৰেয়া দি জ্ঞানক বিপিন বাবুৰ সৈতে মাদ্ৰাজেদি বোম্বাইলৈ পঠিয়াই দিয়া হ’ল। সেই যাত্ৰাত প্ৰায় এমাহ লাগিছিল। তাৰ পিছত তেওঁ মুঙ্গেৰত থাকিবলৈ আহিল।গুৱাহাটীৰ শ্ৰীযুত ৰাধাকান্ত বৰুৱা তেতিযা মুঙ্গেৰত আছিল। প্ৰথমতে তেওঁৰ লগতে জ্ঞান ৰ’লগৈ। পিছত সুকীয়াকৈ ঘৰ এটা কেৰেয়া কৰি আছিল। তাত থাকোঁতেই জ্ঞানে শুনিবলৈ পালে যে য়ুৰোপৰপৰা শ্ৰীযুত ৰাধিকা ফুকন কলিকতালৈ আহিছে, তেওঁলোকৰ বিষয়-সম্পত্তি হাতত লৈ “মেনেজ” কৰিবলৈ। ১৮৯৫ খ্ৰীষ্টাব্দৰ এপ্ৰিল কি মে’ মাহত জ্ঞান মুঙ্গেৰৰপৰা আহি শ্ৰীযুত জগদীশ বসু, আৰু তেওঁৰ পৰিয়ালেৰে সৈতে দাৰ্জ্জিলিঙলৈ যায়। তাৰ পিছত পোন্ধৰ বছৰ বয়সত ১৮৯৫ খ্ৰীষ্টাব্দত জ্ঞানে বি আই এছ এন, কোম্পানীৰ ‘ডনেৰা’ নামৰ জাহাজত উঠি বিলাতলৈ পঢ়িবলৈ যায়। বিলাতত শ্ৰীযুত জগদীশ বাবুৱে জ্ঞানৰ পঢ়া-শুনাৰ বন্দবস্ত কৰি দিয়াৰ কথা আছিল। কিন্তু বসুৱে গা লাগি সেই কাৰ্য্য কৰাতকৈ গা এৰা দি ফুৰাহে দেখা গৈছিল। ডাক্তৰৰ সূচনাতে (Suggestion) জ্ঞানে অক্সফোৰ্ড বা কেম্ব্ৰিজত পঢ়া প্ৰস্তাৱটো উলটি গৈছিল। সেইটো জ্ঞানৰ শিক্ষাৰ নিশ্চয় বিঘিনিজনকহে হৈ উঠিছিল। জ্ঞান বিলাতত থাকোঁতে এবাৰ কলিকতাত ডাক্তৰ জগদীশ বসুৱে মোক তেওঁৰ ঘৰলৈ মাতি নি, তেওঁৰ যে আৰু জ্ঞান সম্পৰ্কে কোনো কাৰ্য্য কৰিবৰ ইচ্ছা নাই, সেইটো মোক কৈ, সেই ভাৰ সম্পূৰ্ণৰূপে যে মই লোৱা উচিত, তেনে প্ৰস্তাৱ কৰিছিল।
 বিলাতত গা-ভাল নথকা বাবে, জ্ঞান ১৮৯৮ খ্ৰীষ্টাব্দত কলিকতালৈ উভতি আহে। তেওঁ কিছুদিন হাওড়াৰ ৰোজমেৰি লেনৰ ঘৰত আমাৰ সৈতে থাকে আৰু তাৰ পিছত আমাৰ ঘৰৰ ওচৰতে বেষ্টিঞ্চ লেনত সৰু ঘৰ এটা কেৰেয়াকৈ লৈ থাকে। তাতে তেওঁ চাৰি-পাঁচমাহমান আছিল। স্বৰ্ণও প্ৰায় এমাহমান জ্ঞানৰ লগতে আছিলহি। তাৰ [ ১৩৭ ]পিছত ২৫০ নম্বৰ গ্ৰেন্ড ট্ৰাঙ্ক ৰোডত ঘৰ এটা লৈ জ্ঞান থাকেহি। ইয়াৰ কিছু কালৰ আগতে হুগলী কলেজৰ প্ৰিঞ্চিপেল গুণী আৰু বিদ্বান শ্ৰীযুত ক্ষীৰোদচন্দ্ৰ ৰায়চৌধুৰীৰে সৈতে স্বৰ্ণলতাৰ পুনৰ্ব্বাৰ বিবাহ হৈছিল। শিয়ালদহ ষ্টেশ্যনৰপৰা কিছুদূৰতে হেৰিছন ৰোডত ক্ষীৰোদ বাবুৱে জ্ঞানৰ নিমিত্তে (অৱশ্যে জ্ঞানৰ টকাৰেই) এটা পকাঘৰ সজায় , তাতে ক্ষীৰোদ বাবু আৰু স্বৰ্ণ কিছু দিন আছিল। ক্ষীৰোদ বাবু, হুগলী কলেজৰ পৰা, কটকৰ ৰেভেন্সা কলেজৰ প্ৰিঞ্চিপেল হৈ বদলি হৈ যায়। এদিন হেৰিছন ৰোডৰ ঘৰটোৰ তলত এন্দুৰ মৰা দেখি, স্বৰ্ণৰ ভাত-ৰান্ধনি বামুণটোক ঘৰটোৰ ৰখীয়া কৰি থৈ স্বৰ্ণক মই আমাৰ ঘৰত থওঁহি। দুদিনৰ পিছত তাতে সেই ৰখীয়া বামুণটো প্লেগত মৰে। তাৰ পাছত স্বৰ্ণ ছোৱালী দুটিৰ সৈতে ক্ষীৰোদ বাবুৰ লগলৈ কটকলৈ গুচি যায়।
 ইয়াৰ কিছুদিনৰ পিছত জ্ঞান আসামলৈ যায়। পূজাৰ পিছত তেওঁ কলিকতালৈ উভতি আহি হাওড়াত আমাৰ ৰোজমেৰি লেনৰ ঘৰতে আমাৰে সৈতে থাকে। ১৯০৬ খ্ৰীষ্টাব্দত তেওঁ বালিগঞ্জৰ ঝাউতলা ৰোডৰ ঘৰ এটালৈ উঠি যায়। সেই বছৰতে তেওঁৰ বিয়া হয়। মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ বৰ পুতেক দাৰ্শনিক পণ্ডিত শ্ৰীযুত দ্বিজেন্দ্ৰনাথ ঠাকুৰৰ মাজু পুতেক শ্ৰীযুত অৰুণেন্দ্ৰনাথ ঠাকুৰৰ বৰ জীয়েক শ্ৰীমতী লতিকা দেৱীৰে সৈতে তেওঁৰ বিয়া হয়। মই সেই সময়ত শ্ৰীযুত ভোলানাথ বৰুৱাৰ (বি বৰুৱা) সৈতে কাশ্মীৰত আছিলোঁ।
 মোৰ ককাইদেও ডাক্তৰ গোলাপচন্দ্ৰ বেজবৰুৱাই (ডাক্তৰ জি চি বেজবৰুৱা) বিলাতত ডাক্তৰী (L R. C. P আৰু, L F. P. S.) পাছ কৰি, অনেক বছৰ দক্ষিণ আমেৰিকাৰ ডামৰাৰা নামৰ ঠাইত থকা মাৰা চহৰত চিভিল ছাৰ্জ্জন হৈ কাম কৰিছিল। ১৫৷ ১৬ বছৰৰ পিছত তেওঁ অৱসৰ লৈ তাৰ পৰা গুচি আহি হাওড়াত আমাৰ লগতে আছিল। হাওড়া মিউনিচিপেলিটিৰ তেওঁ হেলথ-অফিচাৰৰ কাম পাই কাম কৰিছিল। কিছুদিনৰ পিছত তেওঁ আমাৰ লগৰপৰা গৈ শ্ৰীমান জ্ঞানদাভিৰামেৰে সৈতে হাওড়াতে গোলাবাৰী ৰোডৰ ৩৪ নম্বৰৰ ঘৰ এটা সুকীয়াকৈ লৈ থাকেগৈ। তাতে মোৰ ককাইদেওৰ বিয়া হয়। তেওঁৰ বিয়াৰ পিছত ওপৰত কৈ অহা বেষ্টিঞ্চ্ লেনৰ ঘৰলৈ আহে। ১৯০০ চনৰ মাৰ্চ্চ কি এপ্ৰিল মাহত, মই যেতিয়া শ্ৰীযুত ভোলানাথ বৰুৱাৰে সৈতে একেলগে হাওড়াৰ ডবচন, ৰোডত ঘৰ এটা কিনি তাক আৰু ভালকৈ সজাই-পৰাই লৈ তাত থাকিবলৈ, যিদিনা “গৃহ প্ৰবেশ” উৎসৱ কৰো সেইদিনা তাত জ্ঞান আৰু তেওঁৰ ভগ্নীপতি ক্ষীৰোদ বাবু, উপস্থিত থাকি সেই উৎসৱত যোগ দি আমাৰ আনন্দ বৰ্দ্ধন কৰিছিল। আদি ব্ৰাহ্মসমাজৰ পণ্ডিত প্ৰিয়নাথ শাস্ত্ৰীয়ে সেই উৎসৱত মন্ত্ৰপাঠ আদি কৰি সেই উৎসৱৰ কাৰ্য্য সম্পাদন কৰিছিল। ১৯০৮ খ্ৰীষ্টাব্দত শ্ৰীযুত ভোলানাথ বৰুৱা যেতিয়া বিলাতলৈ যাবলৈ ওলাল, জ্ঞানক তেওঁৰ পদ-প্ৰদৰ্শক সহায়ক-স্বৰূপে তেওঁ লগত লবৰ প্ৰস্তাৱ কৰিলত জ্ঞানো লগতে বিলাতলৈ গ’ল। অৱশ্যে জ্ঞানেও জাহাজৰ কেৰেয়া ইত্যাদি নিজে বহন কৰিছিল। [ ১৩৮ ]বি বৰুৱা বিলাতত প্ৰায় ছমাহমান আছিল। জ্ঞানে তাতে থাকি এইবাৰ বেৰিষ্টাৰী পৰীক্ষাত উঠি ১৯০৯ খ্ৰীষ্টাব্দত ডিচেম্বৰ মাহত কলিকতালৈ উভতি আহে।
 মই গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে এইদৰে বহলাই লেখাৰ অভিপ্ৰায় এয়ে যে কেনেকৈ বিধিৰ বিড়ম্বনাত এনে এটা শ্ৰেষ্ঠ আৰু সুন্দৰ অসমীয়া পৰিয়াল অলপ কালৰ ভিতৰতে ভাগি-ছিগি গ’ল, সেইটো সকলোকে জনাব লাগে। আমি কত আশা কৰিছিলোঁ , আমাৰ আশা ঈশ্বৰৰ অলঙ্ঘ্য বিধানত অনেকখিনি ছেদ হ’ল। পুনৰবাৰ কওঁ, ডাঙৰীয়া গুণাভিৰাম বৰুৱাই অন্ততঃ আৰু দহ বছৰমান জীয়াই থাকি তেওঁৰ অৱসৰ কালৰ সুখ-শান্তি ভোগ কৰিবলৈ যদি পালেহেঁতেন তেওঁ অসমীয়াৰ মঙ্গলৰ অৰ্থে আৰু ঘাইকৈ অসমীয়া সাহিত্যৰ অৰ্থে কিমান কাম কৰি গ’লহেঁতেন, সেইটো সহজতে অনুমান কৰিব পাৰি। তেওঁৰ এটাইকেইটি ধুনীয়া পুতেক যদি কলিতে শুকাই নগৈ, সৰি নপৰি জীয়াই থাকিলেহেঁতেন, আমি আৰু দুটি অসমীয়াৰ আদৰৰ ধন জে বৰুৱা পালোহেঁতেন বুলি মোৰ বিশ্বাস। ঈশ্বৰৰ অশেষ কৃপা যে কোনোমতে চুকে-কোণে লাগি থাকি জ্ঞানদাভিৰাম বৰুৱা ৰ’ল যিজনেই আজি অসমীয়াৰ আদৰৰ আৰু গৌৰৱৰ বস্তু “প্ৰিঞ্চিপেল জে বৰুৱা। তেওঁ তেওঁৰ বৰণীয় পিতদেৱতাৰ ওখ মন আৰু বহল হৃদয়ৰ প্ৰকৃত উত্তৰাধিকাৰী নহয়নে? গোটেই আসামত উঠা প্ৰতিধ্বনিয়ে কৈছে, “হয়।” ঈশ্বৰে তেওঁক দীৰ্ঘজীৱি কৰি কুশলে ৰাখক, ঈশ্বৰৰ চৰণত এই জীৱন-সোঁৱৰণৰ লেখকৰ এয়ে আন্তৰিক প্ৰাৰ্থনা।
 কলিকতা য়ুনিভাৰ্ছিটিৰ হাতত শেষত এইদৰে মাৰ খাই ধিক্কাৰ লাগি সেইফালে আৰু মুখ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ , আৰু স্বাধীনভাৱে ব্যৱসায়-বাণিজ্যবৃত্তিকে ধৰি জীৱন কটাবলৈ সঙ্কল্প কৰিলো। শ্ৰীযুত ভোলা নাথ বৰুৱাক মোৰ মনৰ কথা এদিন কলতে তেওঁ মোক আকোৱাল মাৰি ধৰিলে। তেওঁৰ সৈতে লগলাগি ব্যৱসায় কৰাকে স্থিৰ কৰি একান্তমনেৰে মই কাৰ্য্যত লাগি গলোঁ। তেওঁ গা ভাল পাই (১৮৯৩ খ্ৰীষ্টাব্দত) নৰিয়াৰপৰা উঠি সৰু-সুৰা ব্যৱসায়ত ধৰিছিল। প্ৰথমতে কলিকতাৰ মেকলিউড (Mc-Leod) কোম্পানীৰ তেওঁ বাৰচেৰেক গাৰো পৰ্বতৰপৰা অলপ-অচৰপ কপাহ আনি বেচিছিল। তাৰ পিছত “বি বাদাৰ্ছ” নাম দি, কলিকতাৰ বঙ্গলা বাতৰি কাকত সঞ্জীৱনীত বিজ্ঞাপন দিছিল যে, বি. ব্ৰাদাছ কোম্পানীয়ে চেগুণ কাঠৰ চ’তি, বৰগা, চৌকাঠ ইত্যাদি যাক লাগে, সোনকালে আৰু সস্তাত যোগাব। তেওঁৰ এই উদ্যম সফল নহ’ল। তাৰ পিছত তেওঁ ই আই আৰৰ আছান্সোল ষ্টেশ্যনত সৰু দুমহলীয়া ঘৰ এটা কেৰেয়াকৈ লৈ তাতে অসমৰ চাহ খুচুৰাকৈ বিক্ৰী কৰাত ধৰিছিল। চাহৰ লগতে দুইচাৰিডাল কাঠো বিক্ৰী কৰিবলৈ লৈ থৈছিল। বঙ্কুবিহাৰী কৰ নামৰ বঙ্গালী এজনক মাহে টকাচেৰেক দৰ্ম্মহাত সেই ব্যৱসায়ৰ কাৰ্য্যত তেওঁ ৰাখিছিল। তাৰ পিছত বেঙ্গল নাগপুৰ ষ্টেশ্যন গুইলকেৰ আৰু মনোহৰপুৰত সৰু-সুৰাকৈ ৰেলৰ স্লিপাৰৰ ব্যৱসায় কৰিবলৈ মনস্থ কৰি তেওঁ গৱৰ্ণমেন্ট [ ১৩৯ ]ফৰেষ্ট ডিপাৰ্টমেন্টৰপৰা তাকৰীয়াকৈ গছ “ৰয়েলটীত” বন্দবস্ত কৰি লৈ সেই কাৰ্য্যত হাত দিছিল। সেই কাৰ্য্যত তেওঁক সহায় কৰিবলৈ তেওঁলোকৰ বংশৰে গোপীনাথ বৰুৱা নামৰ এজনক আনি, শোভাৰাম বসাকৰ লেনৰ ঘৰতে আমাৰ লগতে থৈছিল। তেতিয়াৰ “জোনাকী” কাকত পঢ়েতাসকলে দেখিছিল যে মাহদিযয়েক গোপীনাথ বৰুৱাক মই “জোনাকী”ত “জোনাকী”ৰ প্ৰকাশক বুলি জাননী দিছিলোঁ। গোপীনাথ বৰুৱাক গ্ৰাহকলৈ “জোনাক” পঠিওৱা আৰু তাৰ হিচাপ ৰখা আদি কামত নিযুক্ত কৰিছিলোঁ। তাৰ পিছত গোপীনাথক বি বৰুৱাই গুইলকেৰ আৰু তাৰ পিছত মনোহৰপু লৰৰ তেওঁৰ ব্যৱসায়ত সহায় কৰিবলৈ লৈ গ’ল। তাৰ পিছতে মই বি বৰুৱাৰ ব্যৱসায়ৰ ভিতৰত প্ৰৱিষ্ট।
 আমাৰ কাঠৰ ব্যৱসায় লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। বি বৰুৱাই সম্বন্ধত তেওঁৰ ভাগিনিয়েক একজিকিউটিভ ইঞ্জিনীযাব বলিনাৰায়ণ বৰাৰ ভায়েক শ্ৰীযুত মহীনাৰায়ণ বৰাক গুৱাহাটীৰপৰা আনিলে। মহীনাৰায়ণো মোৰ লগতে শোভাৰাম বসাকৰ ঘৰতে কিছুদিন ৰ’লহি।
  কিছুমান দিনৰ পিছত বি বৰুৱা আৰু মই শোভাৰাম বসাক লেনৰ ঘৰ এৰি দি ১৪ নম্বৰ গোপীলেনৰ ঘৰ এটালৈ উঠি গলোঁ‌। মোৰ গৃহিণীকো তেওঁলোকৰ জোড়াসাঁকোৰ ঘৰ ৬ নম্বৰ দ্বাৰকানাথ ঠাকুৰৰ লেনৰপৰা তালৈ লৈ আহিলোঁ। গোপীকৃষ্ণ পালৰ লেনৰ আমাৰ ঘৰটো দুমহলীয়া আৰু ডাঙৰ আছিল। তাত সুকীয়া দুটা ফাল বা বিভাগ আছিল। ৰাজবাটৰ ফালে সমুখৰ ফালটোত বি. বৰুৱা আৰু ভিতৰ ফালে আমি থাকিবলৈ ললোঁ। আমাৰ খোৱা-বোৱা একেলগে চলিল। ইতিমধ্যত মহীনাৰাষণ বৰাক মনোহৰ ষ্টেশ্যনত থাকি কাম কৰিবলৈ পঠোৱা হ’ল। মোৰ কাৰ্য্য হ’ল কলিকতাৰ ফালে ব্যৱসায়ৰ সকলো কাম দেখা। মাজে মাজে অৱশ্যে বি. এন. আৰ লাইনত থকা আমাৰ ব্যৱসায়ৰ ষ্টেশ্যনবোৰলৈকো মই গৈছিলোঁ। বি বৰুৱাই লাইনৰ ফালে সকলোবোৰ ঠাইত ঘূৰি ফুৰিবলৈ ধৰিলে। দিনে দিনে আমাৰ ব্যৱসায়ে ঠন ধৰি আহিবলৈ ধৰিলে। মই কলিকতাৰ “ঠাকুৰবাৰীত” বিয়া কৰাইছিলো। খুব সম্ভৱ এই বাবেই কলিকতাৰ অভিজাত শ্ৰেণীৰ সৰহ ভাগ লোকৰ ঘৰ-দুৱাৰ মোলৈ মুকলি হৈছিল। অনেকৰে সৈতে মোৰ ভালকৈ চিনা-পৰিচয়ো হৈছিল আৰু তেওঁলোকৰপৰা মই আদৰ- সাদৰো পাইছিলো। বি. বৰুৱাই মোক তেওঁৰ নিজা ভায়েক বুলি সকলো ঠাইতে চিনাকি দিছিল। প্ৰথমডোখৰত সেই কথাকে যদিও মোৰ অলপ-অচৰপ খোকোজা লাগিছিল, তাৰ পিছত সেইটো মোৰ সহজ হৈ গ’ল আৰু ময়ো সেই সম্বন্ধকে ভালকৈ মানি চলিবলৈ ধৰিলোঁ‌। সেই সূত্ৰতে ওপৰত কোৱা অভিজাত শ্ৰেণীৰ দুৱাৰো তেওঁলৈকো মুকলি হৈ পৰিল। ব্যৱসায়ৰ সম্পৰ্কত বা মানুহক এনেই দেখা-শুনা কৰা সম্পৰ্কত আমি দুয়ো সদায় একেলগে ফুৰিছিলোঁ‌। কলিকতাৰ নিমতলাও কাঠৰ গোলাবোৰৰ ঘাই ঠাই। সেই গোলাবোৰৰ সৰহ ভাগেই তেতিয়া কাঠৰ ব্যৱসায়ী গিৰীশচন্দ্ৰ বোসৰ তলতীয়া আছিল। বাস্তৱিকতে চেগুণ কাঠৰ ব্যৱসায়ত [ ১৪০ ]গিৰীশ বাবু তেতিয়া একছত্ৰী ক্ষমতাশালী ৰজা আছিল বুলিলে বঢ়াই কোৱা নহয়। গিৰীশ বাবুৰ দিহা আৰু পৰামৰ্শ আনবোৰ কাঠৰ ব্যৱসায়ীয়ে মানি চলিছিল। গিৰীশ বাবুই প্ৰথমতে কলিকতাৰ সুপ্ৰসিদ্ধ তাৰকানাথ প্ৰামাণিকৰ পুতেক কালীকৃষ্ণ প্ৰামাণিকৰ “ফাৰ্মত” সামান্য চাকৰি কৰিছিল। তাৰ পাছত লাহে লাহে সুকীয়াকৈ নিজৰ বুদ্ধি আৰু কপালৰ বলত তেনে অৱস্থা পাইছিলগৈ। বি বৰুৱাই তেওঁৰ সৈতে চিনাকি হৈ লৈ, তেওঁৰ সম্পৰ্কতে অলপ-অচৰপ কাঠৰ ব্যৱসায়ত হাত দিলে। বি. বৰুৱা আৰু তেওঁৰ লগত মই গিৰীশ বাবুৰ কাষত গিৰীশবাবুৰ কাঠৰ গোলাত বহিছিলোঁগৈ। বি বৰুৱাই মোক গিৰীশ বাবুৰ আগত তেওঁৰ নিজা ভায়েক বুলি পৰিচিত কৰিছিল। শ্ৰীযুত কালীকৃষ্ণ প্ৰামাণিকেৰে সৈতেও আমাৰ ভালকৈ চিনাকি হৈছিল। প্ৰামাণিক আন আন ব্যৱসায়ৰ লগতে জাহাজ মেৰামত কৰা “ডক্‌” এটা হাওড়াত আছিল। “ডক্‌”টোৰ নাম কেলিডনিয়া ডক্‌ (Caledonia Dock)। ডক্‌ৰ মেনেজাৰ বৰ চাহাবজন য়ুৰোপীয়। এছিষ্টেন্ট মেনেজাৰ আছিল এজন বাঙ্গালী, তেওঁৰ নাম বাবু অতুলকৃষ্ণ ঘোষ। অতুল বাবুৰ নিচিনা ওখ মনৰ অমায়িক আৰু পৰোপকাৰী মানুহ বিৰল। কলিকতাৰ সুবিখ্যাত “গাইনোকোলজিষ্ট আৰু ধাত্ৰী-বিদ্যাত অপ্ৰতিদ্বন্দী ডাক্তৰ ছাৰ কেদাৰনাথ দাস (যাৰ অলপতে মৃত্যু হ’ল) অতুল বাবুৰ নিজা ভাগিনিয়েক আছিল। অচিৰতে অতুল বাবুৰ সৈতে আমাৰ ঘনিষ্ঠ বন্ধুত্ব সঙ্ঘটিত হ’ল। সুবিধা পালেই মই কেলিডনিয়া ডকলৈ গৈ অতুল বাবুৰ কাষত বহি তেওঁৰে সৈতে কথাবাৰ্তা পাতি আনন্দ উপভোগ কৰিছিলোঁ আৰু বি বৰুৱাও কলিকতালৈ আহিলেই আমি দুয়ো লগলাগি গৈছিলো। বুঢ়া কালীকৃষ্ণ প্ৰামাণিক আৰু তেওঁৰ তিনি পুতেক আশুতোষ, প্ৰমথ আৰু, মন্মথ প্ৰামাণিকৰে সৈতেও আমাৰ বন্ধুত্ব হৈছিল। মাজে মাজে আমি কালীকৃষ্ণ প্ৰামাণিকৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ প্ৰকাণ্ড ঘৰ কলিকতাৰ কাসাৰী-পাডাৰ বাৰাণসী ঘোষৰ ষ্ট্ৰীটত। কালীকৃষ্ণ প্ৰামাণিকৰ মোৰ প্ৰতি কথাবাৰ্তা বৰ স্নেহসূচক আছিল। তেৱোঁ জানিছিল যে ভোলানাথ আৰু লক্ষ্মীনাথ দুয়ো ককায়েক ভায়েক। প্ৰামাণিকেৰে সৈতে আমাৰ অলপ-অচৰপ ব্যৱসায়ৰ সম্পৰ্ক লগাই লোৱা হ’ল।
 আমাৰ প্ৰথমডোখৰ ব্যৱসায়-জীৱনৰ পাঁচ বছৰমানলৈকে, কলিকতাত আমাৰ নিজৰ গাড়ী, ঘোঁৰা আৰু কেৰাণী-মহৰীৰ অস্তিত্ব সমূলি নাছিল। আমি “নিতাই গৌৰ দুইভায়ে” নিতৌ ট্ৰেমগাড়ীত বা পদব্ৰজে ফুৰিছিলোঁ। দুয়ো সকলোবোৰ ঠাইলৈকে একেলগে গৈছিলোঁ। বি বৰুৱাৰ গাত খাকী কোট (ডিঙ্গি নোখোলা) আৰু পট্‌লং, মূৰত ক’লা বা ছাই-বৰণীয়া টুপী এটা, হাতত ছাতি এটা আৰু মোৰ মূৰৰ পৰা ভৰিলৈকে পূৰা য়ুৰোপীয় সাজ। বি. বৰুৱাই ট্ৰেনৰপৰা নামি পদব্ৰজৰ আশ্ৰয় ললেই তেওঁৰ মুখত এই গানটো ওলাইছিল-
চল ৰে মন যাই ৰে কাশী
বাবা বিশ্বনাথকে দেখে আসি।
[ ১৪১ ]
কাশী গেলে দেখতে পাব,
কত শত যোগী ঋষি।
 মানুহক নানা কৌশলেৰে বশ কৰা বিদ্যাত বি বৰুৱা বৰ পটু আছিল। বেঙ্গল টিম্বাৰ ট্ৰেডিং কোম্পানীৰ ফৰেষ্ট মেনেজাৰ আছিল মিষ্টাৰ হুইফিন্‌ ( F D Whiffin )। তেওঁৰ হেড কোৱাৰ্টাৰ আছিল বি. এন্‌ আৰৰ ৰঘুনাথ পালী বা পানপোছ ষ্টেশ্যনত। তাত হুইফিন বব চাহাব আৰু ছোট চাহাব ৰাইট (C. H. Write) আৰু দুই-চাৰিজন যুৰোপীয় এছিষ্টেন্ট। হুইফিন, “আমীৰী মিজাজ’ৰ চাহাব আছিল। টকাটো ভঙাবলৈ দিলে, তাত যদি খুচুৰা পইচা থাকে, আনকি বাৰ আনাও, তেওঁ সেইবোৰ নুচুই তাতে এৰি থৈ সিকিটো লৈ গুচি আহিছিল। তেওঁৰ এই স্বভাৱৰ সুবিধা তেওঁৰ চাকৰ-নাকৰ আৰু কেৰাণী বাবু সকলে নলৈ নেৰিছিল। পানপোছাত তেওঁ থকা ঘৰ আৰু, টোলটো তেওঁ ৰম্যপুৰী কৰি ৰাখিছিল। বিলিয়াৰ্ড খেলা টেবুলকে আদি কৰি সকলোবোৰ বিলাতী খেলাৰ আহিলা-পাতি তেওঁ তাত ৰাখিছিল। সততে বঙালী য়ুৰোপীয়সকলৰ ভোজ আৰু নৃত্য চলিছিল। টোলৰ ভিতৰতে সৰু-সুৰা “জুৱলজিকেল গাৰ্ডেন” অথাৎ বনৰীয়া জীৱজন্তু ৰখা “চিৰিয়াখানা” তেওঁ কৰিছিল। কলিকতাৰ জাৰ্দ্দিন স্কিনাৰ কোম্পানী (Zardine Skinner & Co), বেঙ্গল টিম্বাৰ কোম্পানীৰ মেনেজিং এজেণ্টছ” কলিকতাৰ হেড্‌ অফিচত বেঙ্গল টিম্বাৰৰ বৰ চাহাব আছিল ষ্টুৱাৰ্ড (G. R. Steward )। বি বৰুৱাই লাহে লাহে হুইফিন চাহাবক সন্তুষ্ট কৰি বেঙ্গল টিম্বাৰৰ তলত ঠিকাদাৰ হৈ বেঙ্গল টিম্বাৰত স্লিপাৰ যোগাবলৈ বন্দবস্ত কৰিলে। ফাইনেন্স (Finance) অথাৎ জংঘল লোৱা আৰু; স্লিপাৰ কটোৱা প্ৰভৃতি সকলো খৰচ বেঙ্গল টিম্বাৰে সপ্তাহে বি বৰুৱা কোম্পানীক দিবলৈ ধৰিলে। চন্দননগৰ নিবাসী বাবু বটুকৃষ্ণ পাল নামেৰে বঙ্গালী এজনে বি এন আৰ লাইনত ঠিকাদাৰী কৰি কিছুদিন স্লিপাৰৰ কাম কৰি আছিল। তেওঁক বি বৰুৱা কোম্পানীৰ তলত ঠিকাদাৰ (sub-contractor) কৰি লোৱা হ’ল আৰু বি. বৰুৱা কোম্পানীয়ে “ফাইনেন্স” কৰিবলৈ ধৰিলে। বটুবাবু কৰ্মক্ষম আৰু উপযুক্ত ব্যৱসায়ী মানুহ আছিল। তেওঁক পাই আমাৰ কামৰ বৰ সুবিধা হল। মুঠতে বেঙ্গল টিম্বাৰে আমাক “ফাইনেন্স” কৰে আৰু আমি বটুবাবুক আৰু আন আন সৰু সৰু ঠিকাদাৰবোৰক “ফাইনেন্স” কৰোঁ আৰু সেইদৰে সংগ্ৰহ কৰি পোৱা স্লিপাৰ বেঙ্গল টিম্বাৰক যোগাওঁ। এনে প্ৰণালীৰে কাম চলি আমাৰ ব্যৱসায় বাঢ়ি আহিবলৈ ধৰিলে। গাংপৰ এখন “ফিউডেটেৰি ষ্টেট”। গাংপুৰৰ ৰজাৰে সৈতে ভালকৈ চিনাকি হৈ বন্ধুতা কৰি, বি বৰুৱাই তেওঁৰ ষ্টেট শাল কাঠৰ ভাল জংঘল এখন বন্দবস্ত কৰি ললে। বটুবাবুক সেই জংঘলত কাম কৰিবলৈ দিয়া হ’ল। বি বৰুৱা বি এন আৰ লাইনত দিনে-ৰাতিয়ে টাকুৰী ঘূৰাদি ঘূৰিবলৈ ধৰিলে। মই ঘাইকৈ, কলিকতাৰ য়ুৰোপীয় আৰু দেশী ব্যৱসায়ীসকলৰ “ফাৰ্ম”বোৰত ঘূৰিবলৈ ধৰিলোঁ। জাৰ্দ্দিন কোম্পানীৰ অফিচলৈ যোৱাটো মোৰ দৈনিক কাম আছিল। দুপৰীয়া একমান বজাৰপৰা কাঠৰ ব্যৱসায় কৰোঁতা দেশী [ ১৪২ ]মহাজনবোৰ জাৰ্দ্দিনৰ বেঙ্গল টিম্বাৰ অফিচত গোট খায়গৈ। বিপিনবিহাৰী দাস তাৰ হেড্‌ বাবু, আছিল। বিপিন বাবুৰ অফিচৰ খোটালীটোত বিপিন বাবুক বেঢ়ি সকলোবোৰ বহিছিল আৰু তাত কাঠ নামৰ ৰাজ-ভগনৰ কথাৰ পৰা আৰম্ভ কৰি কলথোকা বাদুলীয়ে খোৱাৰ শাৰীৰ সকলো চৰ্চা চলিছিল। বিপিন বাবুৰ কাষৰ “আড্ডা” তিনিমান বজাত ভাঙি আমি “গিলেণ্ডৰ আববুথনট কোম্পানী”ৰ কাঠৰ ডিপাৰ্টমেণ্টত বহিছিলোঁগৈ। তাৰ বৰ বাবু আছিল ক্ষেত্ৰ বাবু। তেওঁৰ ওচৰত কিন্তু বিপিন বাবুৰ কাষত হোৱাৰ নিচিনা “মজলিছ” নজমিছিল। অৱশ্যে কিছু দূৰ যে নহৈছিল এনে নহয়, কিন্তু সিমান সৰহ নহৈছিল। তাৰ পিছত জজ্জ হেণ্ডছন, মেকেঞ্জি লায়েল, ইত্যাদি কোম্পানীৰ অফিচলৈ গৈ, আমি পাঁচমান বজাত ঘৰাঘৰি গৈছিলোঁহক। তেতিযাও বি বৰুৱা কোম্পানীৰ নিজৰ নিজৰ গাডী-ঘোঁৰা নাছিল , কলিকতাৰ অফিচ নিজৰ থকা ঘৰতে আৰু আৰু অফিচ কেৰাণী-মহৰী-বিবৰ্জ্জিত।
 দুবছৰমান আমি গোপীকৃষ্ণ পালৰ লেনত থকাৰ পিছত আমি তাৰপৰা বলৰাম দেব ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি গলোঁ । কলিকতাৰ আমাৰ হেড্‌ অফিচৰ হিচাপ-কিতাপ ৰখা আৰু আন আন সৰু-বৰ সকলো কাম অকল মোৰ দ্বাৰাই সম্পাদিত হৈছিল। পানপোছৰ বৰ চাহাব হুইফিন আৰু তেওঁৰ এছিষ্টেন্টবোৰলৈ, আন কি হুইফিন চাহাবৰ হেড্‌ ক্লাৰ্ক বাবু শ্যামলাল বানুৰ্জ্জীলৈকো, সততে ফল আৰু শাক-পাচলিৰ “ডালি’ কলিকতাৰপৰা পঠোৱা হৈছিল। মই ট্ৰেমত উঠি নিউ মাৰ্কেট নাইবা বৰবজাৰৰ পোষ্ট বজাৰলৈ গৈ, কি খৰালি কি বাৰিষা, ৰাশি ফল আৰু শাক-পাচলি কিনি কুলীৰ হতুৱাই পাচিত ভৰোৱাই ওপৰত থৈলা দি সিষাই, তাৰ ওপৰত নিজ হাতে নাম লিখি, কুলীৰ মুৰত তুলি দি, কুলীৰ লগতে খোজ কাঢ়ি গৈ হাওড়া ষ্টেশ্যনত “বুক” কৰি দি ঘৰলৈ আহিছিলোঁ। এনে কাৰ্য মাহেকত মই দহ-বাৰ বাৰ কৰিছিলোঁ। একো একোদিনা সেই কাৰ্য্য কৰিবলৈ পুৱাই ওলাই গৈ, আবেলি তিনি-মান বজাতহে মই ঘৰলৈ উভতি আহিছিলোঁ। বি এন আৰৰ মুখীয়াল ফিৰিঙ্গি বা যুৰোপীয়ান কৰ্মচাৰীসকললৈকো বি বৰুৱাৰ আদেশমতে এনে “বাস্কেট” পঠোৱা হৈছিল। বৰদিন অৰ্থাৎ খ্ৰীষ্টমাচৰ সময়তে সেইটো বৃহৎ ব্যাপাৰ হৈ উঠিছিল। নিউ মাৰ্কেটৰ “কেক্‌”, ফল আৰু কবি আদি শাক-পাচলিৰ “বাস্কেট” পঠোৱাৰ অন্ত নাছিল। এইবোৰ কাৰ্য্য মই অতি আনন্দ মনেবে আৰু অদম্য উৎসাহেৰে কৰি গৈছিলোঁ , কাৰণ মোৰ দৃঢ় ধাৰণা হৈছিল যে এইবোৰ আমাৰ ব্যৱসায় গঢ়ি ডাঙৰ কৰিবৰ নিমিত্তে অত্যাৱশ্যকীয়। আকৌ কওঁ, মোক এইবোৰ কাৰ্য্যত সহায় কৰিবলৈ কেৰাণী বা চাপ্‌ৰাচী এটাও তেতিয়া কলিকতাত আমাৰ নাছিল। কম খৰচতে যাতে আমাৰ ব্যৱসায় চলে সেইটোৱেই মোৰ প্ৰধান ইচ্ছা।
 অনেকে জানে আৰু বঙ্গদেশত প্ৰত্যেক শিক্ষিত পৰিয়ালৰ মানুহে জানে যে মোৰ সহধৰ্ম্মিণী ৰন্ধন-বিদ্যাত পৰিপক্ক। সৰুৰেপৰা সেই কাৰ্য্যলৈ তেওঁৰ মনৰ ঢাল। নতুন মালমছলাৰ সংযোগ-বিয়োগ কৰি তেওঁ সেইকালত অনেক ৰন্ধন-প্ৰণালী [ ১৪৩ ]উদ্ভাৱন কৰিছিল। তেওঁ যেতিয়া আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰলৈ আহিল, স্বভাৱতে আমাৰ খোৱা-লোৱাৰ উন্নতি শ্ৰেষ্ঠৰপৰা শ্ৰেষ্ঠতম হৈ পৰিলগৈ। যদিও আমাৰ সাধাৰণ ৰকমৰ ভাত-ৰান্ধনি এটা আছিল, তাকে হাতত লৈ, তেওঁ দিনে ইংৰাজী আৰু দেশী ৰন্ধা-বঢ়াৰ সুখাদ্য আহাৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। বি.বৰুৱাই সুবিধা দেখি, আমাৰ ব্যৱসায়ৰ সম্পৰ্কীয় বন্ধুলোকসকলক নিমন্ত্ৰণ কৰি আমাৰ ঘৰত খুৱাই সন্তোষ প্ৰদান কৰিবলৈ ধৰিলে। আমাৰ ছাব-কন্ট্ৰেক্টৰ বাবু আৰু তেওঁৰ কাৰ্য্যকাৰসকলৰ ভুৰি-ভোজন মাহেকত তিনি-চাৰিবাৰকৈ আমাৰ ঘৰত চলিছিল। মুঠতে কলিকতাত আমাৰ ব্যবসায়ৰ সম্পৰ্কত মোৰ গৃহিণী সূপকাৰ; আৰু ময়েই ছোট চাহাব, ময়েই মেনেজাৰ, ময়েই একাউন্টেট, ময়েই কেৰাণী ইত্যাদি। অৰ্থাৎ বঙ্গলা ভাষাত কবৰ দৰে “জুতো সেলাই থেকে চণ্ডীপাঠ পৰ্য্যন্ত।” এদিনলৈকে তেনে কাৰ্য্যত মোৰ আৰু মোৰ গৃহিণীৰ মনত বিৰক্তিৰ ভাব নুপজিছিল। তাৰ কাৰণ, বি. বৰুৱা আমাৰ নিৰহ-নিপানী ভাই, তেওঁৰ ব্যৱসায়েই আমাৰ ব্যৱসায়, তেওঁৰ মঙ্গলেই আমাৰ মঙ্গল। মুঠতে, ভোলানাথ আৰু লক্ষীনাথ হৰি-হৰ আত্মা। বাস্তৱিকতে ব্যৱসায়ত অসমীয়াৰ নাম কলিকতাৰ ফালে সৰ্ব্বতোভাৱে যাতে ডাঙৰ হৈ উঠে, এয়েই আছিল মোৰ মনৰ প্ৰবল আকাঙ্ক্ষা।
 ওপৰত গাংপুৰৰ ৰজাৰ কথা উল্লেখ কৰি আহিছোঁ। সেই কালত এই ফালৰ উডিয়া ৰজাবোৰ ইংৰাজ আমোলৰ সভ্যতাৰ হিচাপৰ ঢাপত সিমানকৈ উঠা নাছিল। তেওঁলোকৰ যদিও ইংৰাজ আৰু ঘাইকৈ বঙ্গালীক অনুকৰণ কৰিবলৈ চেষ্টা দেখা গৈছিল, তথাপি তেওঁলোক অনেক তলত পৰি আছিল। আজি-কালি অৱশ্যে সেই অৱস্থাৰ সলনি হৈ আহিছে। গাংপুৰৰ ৰজাৰে সৈতে যেতিয়া আমাৰ জনা-শুনা হ’ল আৰু তেওঁৰ ষ্টেটৰ জঙ্ঘলত আমাৰ কাম চলিল ৰজাক আৰু তেওঁৰ পুতেকহঁতক তেওঁলোকৰ লগৰীয়া দল-বলেৰে সৈতে বি বৰুৱাৰ ইচ্ছা, ৰজাক ভালকৈ বশ কৰাটো আৰু ৰজাক ৰাজকুমাৰবোৰৰে সৈতে বৰ্তমান প্ৰণালীৰ সভ্যতা শিকোৱা। সেই কাৰ্য্যৰ ভাৰ মোৰ আৰু মোৰ গৃহিণীৰ গাত পৰিছিল। মোৰ গৃহিণী ৰান্ধনিঘৰত আৰু মই বাহিৰত। আমি প্ৰাণ টাকি অতিথি-সেৱা কৰিছিলোঁহঁক। ৰজাৰ পুতেক এজাক। ৰজাৰ বৰপুতেক, মাজু পুতেক, বৰমাজু, সৰুমাজু, ইত্যাদি। বৰপুতেক যুৱৰাজ ‘টিকাযেৎ” বোলা হৈছিল। তাৰ পিছত এজন এজনকৈ এনেবোৰ নাম যথা-“মাজনুনু”, “ভুলকুনুনু” ইত্যাদি অনেক “নুনু”। মূৰত গুণাৰ বনকৰা মখমলৰ টুপী, গাত গুণাৰ বন-কৰা মখমলৰ চোলা আৰু ঠেঙাৰে সৈতে ৰজাই সন্তানবৃন্দেৰে পৰিবৃত হৈ যেতিয়া প্ৰথমতে আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰত প্ৰৱেশ কৰিলেহি, আমাৰ ওচৰ-চুবুৰীয়া বঙ্গালীসকলে উদগ্ৰীৱ হৈ আমাৰ ঘৰৰ ফালে দৃষ্টিপাত কৰিবলৈ ধৰিলে। তেওঁলোকৰ গৃহৰ অঙ্গনাসকলে ঘৰৰ খিড়িকীৰ জিলমিলি ঘনে ঘনে মেলি আৰু জপাই, জপাই আৰু মেলি জুমি জুমি নেত্ৰপাত কৰিবলৈ ধৰিলে। ল’ৰা-ছোৱালীৰ ভিতৰৰ ডাঙৰবোৰে সৰুবোৰক এইদৰে কোৱা মোৰ কাণত পৰিছিল, “আৰে ভাই পচা! দেখছিস, না এটা যাত্ৰাৰ দল। [ ১৪৪ ]আজকে এদেৰ বাড়ীতে যাত্ৰা হবে। হৈ হৈ ব্যাপাৰ ৰৈ ৰৈ কাণ্ড হবে। আজ ৰাত্ৰে দেখা যাবে এখন।”
 এই সকলোবোৰকে খুৱাই-বুৱাই মই লগত লৈ দিনৌ কলিকতাত দেখুৱাবলগীয়া ঠাইবোৰ দেখুৱাই ফুৰিছিলোঁ। বছৰি এনেকুৱা “উৎসৱ” তিনি-চাৰি বাৰকৈ সম্পাদিত হৈছিল।
 “Out of evil cometh good” বুলি এষাৰ ইংৰাজী প্ৰচলন আছে। গৃহিণীৰ বিশাল বিপুল ৰন্ধন-কাৰ্য্যৰপৰা এটা ডাঙৰ উপকাৰ হ’ল। তেওঁৰ দ্বাৰাই “আমিষ ও নিৰামিষ আহাৰ” নামৰ বৰ তিনি “ভলিউম” অৰ্থাৎ তিনিখণ্ড ৰন্ধা-বঢ়াৰ কিতাপ ৰচিত হ’ল। আজিও গোটেই বঙ্গদেশত সেই কিতাপ প্ৰচলিত। তাৰ আগেয়ে তেনে কিতাপ বঙ্গদেশত নাছিল বুলিলেই হয়। তাৰ আগতে বিপ্ৰদাস মুখুৰ্জ্জী নামেৰে এজনে “পাক-প্ৰণালী” নামেৰে সৰু কিতাপ এখন ৰচনা কৰিছিল যদিও “আমিষ ও নিৰামিষ” কিতাপেৰে সেইখনৰ তুলনাই নহয়।
 আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থাকোঁতেই, আমেৰিকাৰপৰা ডাক্তৰ গোপালচন্দ্ৰ বেজবৰুৱা (Dr G C. Bezbaroa) আহি আমাৰ লগতে কিছুদিন আছিল। তাৰ পিছত তেওঁ S S Mersey নামৰ জাহাজত, কলিকতাৰ গাৰ্ডেন বিচপৰপৰা কুলীৰ তত্ত্বাবধায়ক ডাক্তৰস্বৰূপে কুলী লৈ আকৌ আমেৰিকালৈ যায়। প্ৰায় এবছৰ কি ডেৰ বছৰৰ মুৰতহে তেওঁ বিলাতেদি ঘুৰি আকৌ আমাৰ ঘৰলৈ আহে। অৱশ্যে তেতিয়া আমি গোপীকৃষ্ণ পাল লেনৰ ঘৰত থকা নাছিলোঁ। তাৰপৰা ২৭ নম্বৰ বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি আহি, তাতে এবছৰমান থাকি হাওড়ালৈ উঠি গলোঁ।
(ক্ৰমশঃ)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!