মোদী চৰকাৰৰ ভুৱা উন্নয়ন ফাদিল!

দীপজ্যোতি গগৈ

শেহতীয়াকৈ মোদীৰ চৰকাৰৰ এক বৃহৎ ফাঁকি ধৰা পৰিছে।ধৰা পৰিছে কেনেকৈ দেশৰ মুঠ ঘৰুৱা উৎপাদন(GDP)ৰ প্ৰকৃত সংখ্যাক কাৰচাজি কৰি কৃত্ৰিমভাৱে বৃদ্ধি কৰা হৈছিল চৰকাৰৰ দ্বাৰা। NSSO, National Sample Survey Officeৰ দ্বাৰা ১২ মাহজোৰা সমীক্ষা ২০১৭ চনৰ জুন মাহত সমাপ্ত হৈছিল,ই দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত অন্যতম বৃহৎ সমীক্ষাৰূপে পৰিগণিত হৈছে।সেই সমীক্ষাৰ তথ্য যোৱা সপ্তাহত প্ৰকাশ পাইছে। প্ৰকাশ হোৱা লগে লগে কেনেকৈ এইখন চৰকাৰ মাত্ৰ কাগজে-পত্ৰইহে উন্নয়নৰ ফটাঢোল বজাই চমক দি আহিছে,বাস্তৱত যে তেনে কোনো উন্নয়ন হোৱা নাই,তাৰে প্ৰমাণ পোৱা গল! GDP গণনা বাবে Ministry of Corporate Affairs,MCAৰ দ্বাৰা স্বীকৃতি দিয়া যি কোম্পানীসমূহৰ তথ্য লোৱা হৈছিল;যিবোৰ MCA-21ৰ অংশীদাৰীত্ব বুলি স্বীকৃতি দিছিল, ইয়াৰে ৩৬% কোম্পানীৰ প্ৰকৃতাৰ্থত অস্তিত্বহীন বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।  সমীক্ষাটোৰ ৰিপৰ্টত কোৱা হৈছে ,১৫% কোম্পানী ইতিমধ্যেই বন্ধ হৈছিল আৰু ২১% কোম্পানী গোপনীয় আছিল(Out of coverage) তেন্তে দেখদেখকৈ চৰকাৰে GDP গণনাৰ বাবে ভুল তথ্য প্ৰদান কৰিছিল।সেই কথা ইতিমধ্যেই ৰঘুৰাম ৰাজনৰ দৰে অৰ্থনীতিবিদেও সন্দেহ কৰি আহিছিল,সেইবাবে তেওঁ মোদী চৰকাৰৰ দ্বাৰা টাৰ্গেটো হৈ পৰিছিল। কিয়নো দেশত GDPৰ বৃদ্ধি সৈতে সংস্থান সৃষ্টিৰ কোনো সামঞ্জস্য নাছিল,অৰ্থাৎ ভাৰতবৰ্ষত দৈনিক নিবনুৱা সমস্যা অধিক ঘনীভূত হ’বলৈহে ধৰিছে। মই মাৰ্চ মাহত মোদী চৰকাৰে কেনেকৈ বিভিন্ন তথ্য লুকুৱাইছে আৰু মিছা তথ্যৰ মায়াজাল সৃষ্টি কৰিছে,এই সমন্ধে কাকতলৈ এটা প্ৰবন্ধ পঠাইছিলোঁ যদিও প্ৰকাশ পোৱা নাছিল, মই লিখিছিলোঁ,”আমি জানো যে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় আৰ্হি সমীক্ষা কাৰ্যালয়(National Sample Survey Office)ৰ দ্বাৰা চালিত ‘নিযুক্তি আৰু অমকৰল সমীক্ষা'(Employment& Unemployment Survey)জৰিয়তে চৰকাৰে প্ৰতিবছৰে নিযুক্তিৰ তথ্য প্ৰকাশ কৰিব লাগে,ইয়ে একমাত্ৰ চৰকাৰী তথ্যৰ সম্বল।ইয়াতে অতি পৰিতাপৰ কথাটো হৈছে যে নিজকে ৫৬ ইঞ্চিৰ বুকুৰ সাহসী বুলি জহাই ফুৰা নৰেন্দ্ৰ মোদীয়ে এই চৰকাৰী তথ্য প্ৰকাশ কৰিবলৈ অসমৰ্থ অথবা অপাৰগ।এই অপাৰগতাই তেওঁৰ ভীৰুতাকে প্ৰতিফলিত নকৰে নে?এটা কথা স্পষ্টকৈ জানি থওঁক যে মোদীৰ চৰকাৰ ‘তথ্য লুকুৱাত’ আৰু বিভিন্ন তথ্যৰ ‘গণনা পদ্ধতি’ সলোৱাত সাংঘাতিকভাবে পাকৈত। মোদী চৰকাৰে এতিয়ালৈকে প্ৰকাশ নকৰা কেইটামান বিভাগৰ তথ্যসমূহ হ’ল,(বান্ধনী ভিতৰত শেষ কেতিয়া প্ৰকাশ পাইছিল দিয়া হৈছে)
১)কৰ্মসংস্থাপনৰ তথ্য(২০১২-১৩),২) ২) FDI,বিদেশী প্রত্যক্ষ বিনিয়োগৰ তথ্য(জুন২০১৮,আংশিক),  ৩)NCRB,ৰাষ্ট্ৰীয় অপৰাধ নিৰীক্ষক বিভাগৰ তথ্য(২০১৫-১৬), ৪)পৰিপুষ্টিৰ তথ্য(২০১৩-১৪), ৫)কৃষিজনিত মজুৰিৰ তথ্য(২০১৫-১৬) ,আনহাতে মোদী চৰকাৰে,’গণনা পদ্ধতি'(Calculation Methodology) সলনি ক’ত কেনেকৈ কৰিছে,তাৰ দুটা উদাহৰণ দিওঁ:১)দেশৰ GDP,মুঠ ঘৰুৱা উৎপাদন গণনা পদ্ধতি একেবাৰে সলাই প্ৰকৃত তথ্যতকৈ বেছি দেখুৱা পদ্ধতি প্ৰচলন,পূৰ্বৰ পদ্ধতি অনুযায়ী গণনা কৰিলে মনমোহন সিঙৰ দিনতকৈ কম GDP হ’ব,ইতিমধ্যে যশোৱন্ত সিনহাই Indian Express কাকতত তাক ফাদিলো কৰিছে।২) NRCB(National Crimes’ Records Bureau)ৰ তথ্য প্ৰস্তুত কৰণৰ নিয়ম সলনি কৰি কৃষকৰ আত্মহত্যা সংখ্যা কমাবলৈ মোদীৰ নতুন নিয়ম প্ৰৱৰ্তন।” এতিয়া আমি কোৱা কথাবোৰ যে তথ্য ভিত্তিক আছিল,ইয়ে প্ৰমাণ নকৰেনে?

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close