‘মোদীগুহা’ আৰু পৰ্যটন ব্যৱসায়

মহাবাহু

ডেৰাডুন দিনটো আছিল ১৮ মে’। সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম দফাৰ প্ৰচাৰ সমাপ্ত। নৰেন্দ্ৰ মোদী ৰাওনা হ’ল কেদাৰনাথৰ উদ্দেশ্যে। আবেলি ২ বজাত ভাৰতৰ সকলোবোৰ সংবাদ মাধ্যমে এখন বিশেষ ছবি লাভ কৰিলে। ছবিখনত দেখা গ’ল শৰীৰত ৰঙা কম্বল মেৰিয়াই গুহা এটাৰ ভিতৰত ধ্যানমগ্ন স্বয়ং মোদী। ছবিখনক কেন্দ্ৰ কৰি আলোচনা-সমালোচনা সকলো ফালে বিয়পি পৰিল।

বিৰোধী পক্ষই মোদীৰ ধ্যানমগ্ন ছবিখনক কেন্দ্ৰ কৰি সমালোচনাত সৰব হৈ পৰিল। আকৌ, মোদীক দেখি ‍‘আদাক দেখি উঠিল গা—কেঁতুৰিয়ে বোলে মোকো খা’ৰ দৰে পশ্চিমবংগৰ যাদৱপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনুপম হাজৰাইও ভোটগ্ৰহণৰ পিছদিনা নিজৰ ধ্যানমগ্ন ছবি প্ৰচাৰ কৰিলে।

কিন্তু মোদী গৈছিল কেদাৰনাথলৈ ধ্যান কৰিবলৈ আৰু অনুপম হাজৰাই নিজৰ বাসভৱনতেই মোদীৰ ‍‘ষ্টাইল’ত ধ্যান কৰিছিল। কিন্তু কোনোবাই যদি ভাবে যে মোদীয়ে ভি-ভি-আই-পি বুলিয়েই কেদাৰনাথৰ গুহাত ধ্যান কৰিবলৈ সুযোগ পালে, তেওঁলোক নিৰাশ হ’ব নালাগে, কাৰণ তেওঁলোকেও ‍‘মোদী গুহা’ত মোদী বহা স্থানত বহি ধ্যান কৰিবলৈ সুযোগ পাব, নিজৰ ছবিও তেওঁলোকে ‍‘পোষ্ট’ কৰিবলৈ সক্ষম হ’ব আৰু ‍‘লাইক’ৰ সংখ্যা গণিব পাৰিব। কেদাৰনাথৰপৰা মাত্ৰ ১ কিলোমিটাৰ উচ্চতাত গাড়োৱাল মণ্ডল বিকাশ নিগমৰ উদ্যোগত তৈয়াৰ হোৱা সেই ধ্যানকক্ষৰ চৰকাৰী নাম হ’ল ‍‘ৰুদ্ৰ মেডিটেছন কেম্প’।

গাড়োৱাল মণ্ডল বিকাশ নিগমে কৈছে যে সেই গুহা তৈয়াৰ কৰাৰ অন্তৰালত আছিল স্বয়ং মোদীৰ অনুপ্ৰেৰণা। যোৱা বছৰৰপৰাই ধ্যান গুহা মুকলি কৰি দিয়া হৈছিল আৰু এটা বছৰত ১৩২ জনে সেই গুহাত বহি ধ্যান কৰিছিল। কিন্তু সেই সময়ত ধ্যানগুহাৰ ‍‘বুকিং’-ৰ খৰচ বেছি আছিল, ৩ দিনত ৩০০০ টকা।

কিন্তু পৰ্যটকৰ সংখ্যা কম হৈ থকা হেতুকে ধ্যানগুহাৰ খৰচ একেবাৰতেই এক-তৃতীয়াংশ কৰি দিয়া হ’ল, অৰ্থাৎ মাত্ৰ ৯৯০ টকা দিলেই ধ্যানগুহাৰ এখন আসন ‍‘বুক’ কৰিব পৰা যায়। পিছে যোৱা এবছৰে যি গুহালৈ সৰ্বসাধাৰণে কেৰাহিকৈও চোৱা নাছিল, সেই গুহা এতিয়া হৈ পৰিছে পৰ্যটকসকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

যোৱা ২০ মে’ৰপৰা সমগ্ৰ জুন মাহলৈ হঠাৎ ধ্যানগুহা ‍‘বুক’ হৈ গ’ল। ধ্যানগুহাত একেলগে ৬ ঘণ্টাৰ বাবে ৩০জন মানুহে বহি ধ্যান কৰিব পাৰিব—নাৰী-পুৰুষ নিৰ্বিশেষে। কিন্তু ৯৯০ টকা দিলে মাথোঁ বিলাসবহুল ধ্যানগুহাত ধ্যানৰ সুযোগৰ বাহিৰেও লাভ কৰিব খোৱাপানী, দুবাৰকৈ চাহ, শৌচালয় ব্যৱহাৰ কৰাৰ সুযোগ। দুপৰীয়া ২ বজাত আহাৰ লাভ কৰিব। খোৱা-বোৱাৰ বাবে অতিৰিক্ত ২৫০ টকা ধাৰ্য কৰা হৈছে।

মোদীৰ ছবি ছ’চিয়েল মেডিয়া আৰু সকলো সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই পৰ্যটকৰ ধল বৈছে অমৰনাথৰ গুহা অভিমুখে। ৬ ঘণ্টাৰ বাবে ধ্যান কৰিবলৈ দলে-বলে মানুহ গৈ আছে ‍‘মোদী গুহা’লৈ। ধ্যান কৰি থাকোতে অস্বস্তি অনুভৱ কৰিলে বিপদ ঘণ্টা বজাই দিয়াৰ ব্যৱস্থাও আছে, আৰু লগে লগেই সেৱকৰ ব্যৱস্থাও কৰা হৈছে। ধ্যানৰ বাবে নিজে গৰম পোছাক লৈ নগ’লে ভাৰাত ল’ব পৰাৰ সুবিধা দিয়া হৈছে; কিন্তু যদিহে মোদীয়ে নিজৰ শৰীৰত মেৰিয়াই লোৱা ৰঙা কম্বল কাৰোবাক লাগে—সেইখনৰো ব্যৱস্থা কৰা হৈছে ৬ ঘণ্টাৰ ভাৰা ৫০০ টকা হিচাপে।

Related Articles

Close