মোদী,কৰ্মসংস্থাপন ক’ত?

দীপজ‍্যোতি গগৈ

২০১৪ চনৰ বিজেপি আৰু মোডীৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি,বিজেপিৰ মেনিফেষ্টোৰ সৰ্বাটোতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ২ কোটি(ভালকৈ পঢ়ক)লোকক প্ৰতিবছৰে কৰ্মসংস্থাপন প্ৰদান কৰিব,সেই অনুসৰি ২০১৪ৰ পৰা ২০১৯ লৈকে প্ৰায় ১০ কোটি লোকে কৰ্মসংস্থাপন পাবই লাগিছিল।চিধা কথা,আজি আমাক কৰ্মসংস্থাপন লাগে; গতিকে দিয়ক,বেলেগ কথা শুনিবৰ সকাম নাই,আজি আমি হিন্দু-মুছলমানৰ কথা নোসোধো,ক’ম মোদীয়ে কিমানক কৰ্মসংস্থাপন দিলে।আমাৰ ৫৬ ইঞ্চি তথাকথিত সাহসী প্ৰধানমন্ত্ৰী জন ইমানেই ভীৰু যে ২০১৭-১৮ বৰ্ষৰ চৰকাৰী নিবনুৱা হাৰৰ তথ্য প্ৰকাশ কৰিব সাহস নাই।কিন্তু ৰাষ্ট্ৰীয় পৰিসাংখ্যিক আয়োগৰ দুজন পদত্যাগী চিনিয়ৰ বিষয়াই মোদী চৰকাৰৰ গোমৰ ফাঁক কৰি দিলে,তেওঁলোকৰ দ্বাৰা ফাদিল হোৱা তথ্য মতে ভাৰতবৰ্ষৰ ১৯৭২-৭৩ চনৰ পৰা যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা হাৰ মোদীৰ দিনত ৬.১% চুলেগৈ। আকৌ CMIE(Centre for Monitoring Indian Economy) মতে ২০১৪ চনত নিবনুৱা হাৰ আছিল ৩.৪% আৰু ২০১৮ত সি হ’লগৈ ৬.২৩%। আজিম প্ৰেনজি বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি ভাৰতৰ ৩০% শিক্ষিত লোকৰ কোনোধৰণৰ কাম নাই,লগতে ১৩.৭% স্নাতক, ১২.৫% স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ কোনো কৰ্মসংস্থাপনেই লাভ কৰা নাই। আজি ভাৰতত মুঠ প্ৰাপ্তবয়স্কৰ মাত্ৰ ৩৯% হে কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে।বৰ্তমানৰ দিনত কৰ্মসংস্থাপন পোৱা ৮২% পুৰুষ আৰু ৮২% মহিলাই মাহেকত ১০,০০০তকৈ কম টকা উপাৰ্জন কৰে,(CMIEৰ তথ্য) বিজেপি চৰকাৰে কিমানক কৰ্মসংস্থাপন দিলে? আন্তৰাষ্ট্ৰীয় শ্ৰম সংগঠন(International Labour Organization)ৰ অনুসৰি ২০১৪-১৭(অক্টোবৰ লৈকে)ভিতৰত মাত্ৰ ৮.২৩ লাখ লোকে কৰ্মসংস্থাপন পাইছে। মোদী শাসন কালত কিমান লোকে কৰ্মসংস্থাপন হেৰুৱালে? সৰ্বভাৰতীয় নিৰ্মাতা সংস্থা(All India Manufacturer’s Organization) মতে ২০১৭ বৰ্ষত ৩.৫ মিলিয়ন(৩৫ লাখ) লোকে কৰ্মসংস্থাপন হেৰুৱালে। CMIE ৰ তথ্য মতে ২০১৮ বৰ্ষত ১১ মিলিয়ন(১ কোটি ১০ লাখ) লোকে কৰ্মসংস্থাপন হেৰুৱাই।ভাৰতৰ কিমানক কৰ্মসংস্থাপন লাগে? আজি দিনত প্ৰতিমাহে প্ৰায় ১৩ লাখ লোকক কৰ্মসংস্থাপন লাগে। ২০১৭ বৰ্ষত ২ কোটি ৬০ লাখ লোকক কৰ্মসংস্থাপন দৰকাৰ আছিল, ২০১৮ত ২ কোটি ৯৫ লাখ লোক আৰু আজি তাৰিখত ৩ কোটি ১০ লাখ লোকক কৰ্মসংস্থাপন প্ৰয়োজন(CMIE ৰ তথ্য) ,সৌ সিদিনা বিশ্ববেংকে ভাৰত চৰকাৰক নিবনুৱা সমস্যা স’তে যুঁজিবলৈ প্ৰতি বছৰে ৮১ লাখ লোকক কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ অনুৰোধ কৰিছে,ইয়াৰ পৰা আপুনি নিবনুৱা সমস্যা ভাৰতত কিমান ভয়ংকৰ বুজিব পাৰিব।মোদী চৰকাৰে কৰ্মসংস্থাপন সৃষ্টি কৰিব নোৱাৰিলেও কিন্তু কৰ্মসংস্থাপন ধ্বংস কৰাত পাকৈত।শেহতীয়া উদাহৰণ এটা দিওঁ ৰ’ব, ৰাফেল স্কেমৰ সময়তে ভাৰতীয় চৰকাৰী প্ৰতিষ্ঠান ‘হিন্দুস্তান এৰনেটিক্স'(যাক ৰাফেলৰ অফচেত(offset)প্ৰদান নকৰি অনিল আম্বানীৰ ৰিলায়েন্সক প্ৰদান কৰিছিল)ৰ ৪০,০০০ কৰ্মচাৰীয়ে দৰমহাৰ অভাৱত চাকৰি হেৰুৱাইছে(The Hindu কাকতত প্ৰকাশিত), কিবা বুজিলেনে? বিমুদ্ৰাকৰণ আৰু জি এছ টি দৰে ভয়ংকৰ নীতি ফলত একে নিশাতে লাখ লাখ লোকৰ কৰ্মসংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ হ’ল। আটাইতকৈ পৰিতাপৰ কথা যে বিমুদ্ৰাকৰণৰ ফলত ভাৰতৰ অৰ্থনৈতিক অৱস্থা ভাগিছিগি গ’ল যদিও কিন্তু বিমুদ্ৰাকৰণৰ ঠিক কেইমাহৰ পিছতেই অনিল আম্বানী আৰু আদানিৰ বছেৰেকীয়া উপাৰ্জন ক্ৰমে ৭৭% আৰু ১২৫% বৃদ্ধিহে পালে,এতিয়া গম পালে কাৰবাবে বিমুদ্ৰাকৰণ কৰিছিল? যিসময়ত কৰ্মসংস্থাপনেই নাই,১০% সাধাৰণ শ্ৰেণীৰ বাবে চাকৰি সংৰক্ষণ কৰাতকৈ ডাঙৰ জুমলা পৃথিৱীত নাই। তেন্তে  অনবৰতে হিন্দু হিন্দু,মুছলমান,পাকিস্তান,ৰাম মন্দিৰ চিঞৰিলে যদি আপোনাৰ পেট ভৰে,তেন্তে ক’বলগা নাই!
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close