মোডীৰ ‍‘নমামি গংগে’!!

মহাবাহু

(২৭ এপ্ৰিল) : এনে বিৰল দৃশ্য ভাৰতৰ বাহিৰে অইন ক’তো দেখাৰ সুযোগ নহয়। গংগাৰ দুয়োপাৰে শাৰী শাৰী চিতা। এটাৰ পিছত আনটো মৃতদেহ আহি আছে সেই চিতাবোৰলৈ। মৃতদেহৰপৰা ফুলবোৰ আঁতৰাই চিতাত তুলি দিয়া হৈছে নিথৰ দেহ। চিতাজুয়ে বতাহত বিয়পাইছে পোৰা মাংসৰ অসহ্যকৰ গোন্ধ। গংগাৰ পাৰত স্তূপীকৃত হৈ থকা ফুলবোৰ গংগাৰ পানীত ভাহি ভাহি গৈ আছে দূৰ-দূৰণিলৈ। ফুলৰ সৈতে ভাহি গৈছে চিতাৰ আধাপোৰা খৰি। শৱদেহৰ বৰ্জনীয় সমস্ত কানি-কাপোৰ, অন্যান্য সামগ্ৰীও ভাহি গৈ আছে গংগাৰ সোঁতত!

এয়া হ’ল বাৰাণসীৰ গংগাঘাটৰ প্ৰতিদিনৰ দৃশ্য। কেৱল মণিকৰ্নিকা ঘাটেই নহয়, এনে ধৰণৰ ৮৮টা ঘাটতেই প্ৰতিদিনে অসুস্থ হৈ পৰিছে গংগা। অথচ এই অসুস্থ গংগাক সুস্থ কৰি তোলাৰ নামত বিভিন্ন নামত, বিভিন্ন প্ৰচাৰৰ সহায়ত শত শত আয়োজন চলিছে বছৰৰ পিছত বছৰ। তথাপি গংগা সুস্থ হোৱা নাই। বৰং আগতকৈও গংগা এতিয়া অধিক অসুস্থ, অধিক বিষাদগ্ৰস্ত। কেইদিনমান আগতে ভাৰতৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ সিং ডাঙৰীয়াই গংগা পৰিষ্কাৰৰ নামত ৰাজনৈতিক নাটকবোৰলৈ উনুকিয়াই কৈছিল, ‍‘‍‘আমাৰ মা-গংগাৰ হৈছে হাৰ্টৰ অসুখ, কিন্তু চিকিৎসা কৰিছে এজন দন্ত চিকিৎসকে।’’ কাক উদ্দেশ্যি তেওঁ কাঁড়পাট এৰিছে, সেয়া সমাজ সচেতন সকলোৰে বোধগম্য। অথচ আমাৰ ঐতিহ্য, আমাৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক হিচাপে যি গংগা নদীক আমি ‍‘মা’ হিচাপে প্ৰণাম কৰো, সেই গংগা এতিয়া পৃথিৱীৰ ৫খন দূষিত নদীৰ মাজৰেই এখন নদী। বাৰাণসীৰপৰা ২০১৪ চনৰ মে’ মাহত সংসদলৈ নিৰ্বাচিত হোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে কৈছিল, ‍‘‍‘মা গংগাৰ সেৱা কৰাটোৱেই হৈছে মোৰ ভাগ্যলিপি। সেইবাবেই মা গংগাৰ আহ্বানত মই ইয়ালৈ আহিছো।’’ নিউ ইয়ৰ্কৰ ‍‘মেডিছন স্কোৱাৰ’ত ভাৰতীয় বংশোদ্ভূতসকলৰ সন্মুখত মোডীয়ে ৫ বছৰ পূৰ্বে ২২০০০ কোটি টকাৰ ‍‘নমামি গংগে’ প্ৰকল্পৰ ঘোষণা কৰি অলেখ হাতচাপৰি পাইছিল আৰু তেওঁ কৈছিল যে ২০১৯-২০ বৰ্ষত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব। মোডীৰ ঘোষণাৰ পিছত গংগাৰ দূষণ দূৰ কৰিবলৈ গঠন হৈছিল ‍‘নেছনেল গংগা কাউন্সিল’ (NGC)। কিন্তু গঠন কৰাৰ ৪ বছৰ পিছতো এখনো বৈঠক অনুষ্ঠিত নহ’ল। মোডীৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ইউ-পি-এ চৰকাৰৰ দিনত ‍‘নেছনেল গংগা ৰিভাৰ বেচিন অথৰিটি’ গঠন কৰা হৈছিল আৰু ২০০৯ চনৰপৰা ২০১২ চনলৈ তিনিখন বৈঠক অনুষ্ঠিত হৈছিল। ২০১৫ চনত সেইখন কমিটি বিলুপ্ত কৰি দিয়া হয়। ‍‘নমামি গংগে’ প্ৰকল্পৰদ্বাৰা গংগাক বিশুদ্ধ কৰিবলৈ ২৫৪টা কৰ্মসূচীৰ তালিকা প্ৰস্তুত কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনত, কিন্তু যোৱা ৪ বছৰত তাৰে মাত্ৰ ৩১টাহে সম্পূৰ্ণ হৈছে। চৰকাৰী প্ৰতিৱেদনত উল্লেখ কৰা হৈছে যে ‍‘নমামি গংগে’ প্ৰকল্প অনুসৰি গংগাৰ পাৰত থকা ভাৰতৰ সাতখন চহৰৰ ১৬৩২ খন অঞ্চল চিনাক্ত কৰা হৈছে—য’ত উন্মুক্তভাৱে শৌচ কৰা হয়। এই মল-মূত্ৰই গংগাক দূষিত কৰিছে। কিন্তু ‍‘নমামি গংগে’ৰ প্ৰকল্পৰদ্বাৰাও যোৱা ৪ বছৰে সেই দূষণ ৰোধ কৰিব পৰা নাই। গংগাৰ দূষণৰ নিৰ্ণয় কৰা হয় গংগাৰ পানীত থকা ‍‘ফিকাল কলিফৰ্ম বেক্টেৰিয়া’ৰ পৰিমাণ নিৰ্ধাৰণ কৰি। এই পৰিমাণেৰে জানিব পাৰি যে পানীত মল-মূত্ৰ কিমান পৰিমাণে মিহলি হৈছে। প্ৰতি ১০০ মিলিলিটাৰ পানীত ২৫০০-ৰ কম ‍‘ফিকাল কলিফৰ্ম’ থাকিলে সেই পানীক নিৰাপদ বুলি কোৱা হয়। একমাত্ৰ গোমুখ গংগোত্ৰী, ৰুদ্ৰপ্ৰয়াগ আৰু দেৱপ্ৰয়াগত এই ‍‘কলিফৰ্ম’ৰ মাত্ৰা নিৰাপদ বুলি তথ্য পোৱা হৈছে। কিন্তু হৰিদ্বাৰত ইয়াৰ পৰিমাণ ১৬০০, এলাহাবাদত ৪৮০০০, বাৰাণসীত ৭০০০০, দক্ষিণেশ্বৰত ৮০০০০, কাণপুৰত ১ লাখ ৩০ হাজাৰ। অথচ ভাৰতৰ প্ৰায় প্ৰতিগৰাকী ধর্মপ্ৰাণ মানুহে এলাহাবাদ, বাৰাণসী, পাটনা, হৰিদ্বাৰ, বৃন্দাবন, চাহিবগঞ্জ, মথুৰা কিম্বা নৱদ্বীপলৈ যোৱাৰ সুযোগ পালে গংগাজল ঘৰলৈ আনিবলৈ অলপো ভুল নকৰে! কিন্তু গংগাৰ পানী সম্প্ৰতি বহু স্থানত মাথোঁ অপৱিত্ৰই নহয়, ক্ৰমশঃ অধিক বিষাক্ত হৈ পৰিছে। ‍‘নমামি গংগে’ প্ৰকল্প অনুসৰি ৩০০০০ হেক্টৰ ভূমিত ঘাঁহ-বন উৎপাদন, ভূ-গৰ্ভস্থ জলভাণ্ডাৰ সমৃদ্ধকৰণ, ভূমিক্ষয় ৰোধ, নদীৰ বাস্তুতন্ত্ৰৰ স্বাস্থ্য পুনৰুদ্ধাৰ আদিৰ কথা কোৱা হৈছিল। দীৰ্ঘম্যাদী হিচাপে, নদীত পৰ্যাপ্ত পানীৰ প্ৰৱাহ অক্ষুণ্ণ ৰখাৰ বাবে বৈদ্যুতিনভাৱে প্ৰৱাহমাত্ৰা নিৰ্ধাৰণ কৰাৰ কথাও কোৱা হৈছিল। কিন্তু চাৰিবছৰ পূৰ্বৰ সেইবোৰ প্ৰকল্প নিৰ্ধাৰণ, প্ৰতিশ্ৰুতিবোৰ বৰ্তমানৰ বাস্তৱতাৰ পটভূমিত আজি গংগাৰ ঘাটবোৰলৈ চকু দিলেই বুজিব পাৰি। ১৯৮৬ চনত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ছোৱাত গংগাৰ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ‍‘গংগা একছন প্লেন’ আৰম্ভ কৰা হৈছিল। সেইমৰ্মে কাম-কাজ আৰম্ভও হৈছিল। ৪৫১ কোটি টকাৰ সেই প্ৰকল্পৰ উদ্দেশ্য আছিল—প্ৰতিদিনে চহৰবোৰৰপৰা আৰু কল-কাৰখানাৰপৰা যি দূষিত পানী গংগাত মিহলি হয়, সেয়া পৰিশোধন কৰা। লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ২০০০ চন পৰ্যন্ত। কিন্তু ৰাজীৱ গান্ধীৰ আকস্মিক মৃত্যুৰ ফলত প্ৰকল্পৰো মৃত্যু হয়। কেন্দ্ৰীয় দূষণ নিয়ন্ত্ৰণ পৰিষদৰ এক পৰিসংখ্যাত দেখা গৈছে যে গংগাৰ দূষণৰ মাত্ৰা সৰ্বব্যাপ্ত। কেৱল বাৰাণসীতেই বিভিন্ন ঘাটত যিমানবোৰ শৱদাহ কৰা হয়, তাৰে ৩৫০০ৰো অধিক আধাপোৰা শৱদেহ গংগাৰ বুকুত উটুৱাই দিয়া হয়। কেৱল সেয়াই নহয়, বাৰাণসীৰ বিভিন্ন কুণ্ডলী পকোৱা নলাবোৰেৰে-নৰ্দমাবোৰেৰে প্ৰতিদিনে বিষাক্ত পানী গংগাত মিহলি হৈ গংগা ভয়ংকৰভাৱে বিপদজনক হৈ পৰিছে। ইয়াকে লৈ সমাজবিজ্ঞানী আৰু সমাজসেৱীসকল ক্ষুব্ধ হৈ পৰিছে। সমাজকৰ্মী ৰাজেন্দ্ৰ সিঙে স্পষ্টভাৱে কৈছে যে ‍‘নমামি গংগে’ প্ৰকল্পৰ ধনেৰে নদীৰ শুদ্ধিকৰণ নকৰি ঘাটবোৰৰ সৌন্দর্যকৰণ কৰা হৈছে। এয়া অতি বেদনাদায়ক। গংগাক কেন্দ্ৰ কৰি এটাৰ পিছত অইনটো পৰিকল্পনা কৰা হৈছে। পলস জমা হৈ হৈ গংগাৰ বক্ষ ওপৰলৈ উঠিছে। বাঢ়িছে বালি মাফিয়াৰ অতপালি। গংগোত্ৰীৰপৰা আৰম্ভ হৈ ২৫০০ কিলোমিটাৰৰ দীৰ্ঘ পথ অতিক্ৰম কৰা গংগাৰ বিভিন্ন স্থানত স্বাভাৱিক গতিপথ ৰুদ্ধ কৰি কৃত্ৰিম বান্ধ সৃষ্টি কৰাৰ ফলত স্ৰোতস্বিনী গংগা দুৰ্বল হৈ পৰিছে। ৰাজনৈতিক সদিচ্ছাৰ অপূৰ্ণতা, সামাজিক সচেতনতাৰ অভাৱ আদিয়ে সমস্যাটোক জটিল কৰি তুলিছে। ২২০০০ কোটি টকাৰ ‍‘নমামি গংগে’ প্ৰকাশ ঘোষণাৰ ৪ বছৰ পিছতো ২০% কামেই সম্পন্ন হোৱা নাই। কোৱা হৈছিল যে এই প্ৰকল্পৰ ক্ষেত্ৰত ইজৰাইলে ভাৰতক সাহায্য কৰিব। কিন্তু সেয়া কাৰ্যতঃ একো হোৱা নাই। মুঠতে ভোটৰ এই বজাৰত ৫৬ ইঞ্চিৰ বুকুৰ প্ৰতিশ্ৰুতি যে বিফল হৈ পৰিছে সেয়া প্ৰকল্পৰ সৈতে জড়িত সকলোৱে ভালদৰেই বুজি পাইছে। (সুজিত দে, বাৰাণসীৰপৰা, ২৭ মে’)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!