মৃত্যু সঁচাই শিল্প জানো ?

সঙ্গীতা দাস

কেইমাহ মান আগৰ কথা। কলেজৰ ওচৰৰ গাঁওখনত খুব হৈ-হাল্লা হোৱাত মনটো খূ-দুৱাই আছিল উৎস্যুকতাত। মানুহৰ জুমবোৰ, পুলিচ-চিপাহী ভালেমান দেখি অলপ ওলাই চকিদাৰ দাদাজনক সুধিলো ঘটনা কি? তেওঁ সেইখন গাঁৱৰে বাসিন্দা বাবে তেওঁকেই সোধাটো যুগুত বুলি ভাবিলো।

‍‘‍‘দাদা কি হৈছে? কিয় ইমান মানুহ? ইমান কন্দা-কটা কাৰ?…’’

মোৰ এজাউৰি প্ৰশ্নৰ শেষত তেওঁ নিৰুদ্বেষভাৱে ক’লে, ‍‘‍‘গাঁৱত বেয়া মাইকী এজনী আছিল, সকলোকে ঔষধ কৰি ফুৰে, সেয়ে গাঁৱৰ মানুহে মাৰি পেলালে।’’ মোৰ মূৰটো হঠাৎ যেন আচন্দ্ৰাই কৰি উঠিল, মানুহ এগৰাকী হত্যা কৰি পেলোৱাটো কেনেকৈ ইমান সহজ কথা হ’ব পাৰে। জীৱন ইমান মূল্যহীন নে? কিমান কলুষিত মনোবৃত্তি লৈ জীয়াই আছো আমি! যিখন পৃথিৱীত ভাৰতীয় নাৰী মহাকাশত দপদপাই ফুৰিছে, বহুজাতিক কোম্পানী একোটা পৰিচালনা কৰিছে, পুৰুষৰ সমানে সমানে মল্লযুদ্ধত নামিছে সেই একেই দেশতে নাৰীক কোবাই-ঘপিয়াই হত্যা কৰা হৈছে। কাৰণ তাই ডাইনী!

মুমূৰ্ষ অৱস্থাত পুলিচে গণপ্ৰহাৰৰপৰা উদ্ধাৰ কৰা তেজে তুমৰলি ডাইনীজনী (!) উঠাই আনিলে, ডিঙি কাটি চুলিকোছাত ধৰি ছেদ কৰা ডাইনীৰ (!) মুণ্ড লৈ উত্তাল আনন্দত বলিয়া হৈ পৰা মানুহজাক দেখিলে মোৰ কষ্ট হয় আমি সভ্য দেশৰ নাৰী বুলি ক’বলৈ।

ডাইনী ধাৰণাৰ উৎস যদিও নতুন নহয় তথাপি একবিংশ শতিকাটো ক্ৰমবৰ্ধমান ডাইনী হত্যা, নৰবলিৰ ঘটনা সভ্য সমাজৰ বাবে চৰম লজ্জাজনক। অসমৰ জনজাতি অধ্যুষিত অনগ্ৰসৰ অঞ্চলত যদিও ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি তথাপি গুৱাহাটীৰ তেনেই দাঁতি-কাষৰীয়া অঞ্চলতো এনে কুকাণ্ড কম বুলিব নোৱাৰি। পুতৌজনক স্বাস্থ্যব্যৱস্থা, অন্ধবিশ্বাসৰ দুৰাৰোগ্য শিপা, অশিক্ষা তথা নাৰীৰ প্ৰতি সন্মানবোধৰ অভাৱৰ বাবে ডাইনীৰ দৰে বিভ্ৰান্ত ধাৰণা আমাৰ সমাজত এতিয়াও বিৰাজমান।

চৰকাৰে উন্নয়নৰ ঢাক-ঢোল যিমানে নবজালেও এই কথা ধুৰুপ যে ভালেসংখ্যক গ্ৰামাঞ্চল উপযুক্ত চিকিৎসাসেৱাৰপৰা বহুযোজন নিলগত। চিকিৎসাৰ ন্যূনতম সুবিধাখিনিৰপৰাও বঞ্চিত এই ঠাইসমূহত মানসিক ৰোগ-সচেতনতা প্ৰায় শূন্য। বিজ্ঞানসন্মত জ্ঞানৰ অভাৱৰ বাবেই তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে সহজলভ্য আচাৰ্য, বেজ, অথবা কোনোবা ফকীৰ বাবাই। এইজাতে বিভিন্ন জন্ম বিসংগতি মানসিক ৰোগ ইত্যাদিক ধৰ্মৰ প্ৰলেপ দি বিকৃত কাহিনী কিছুমান ৰচনা কৰি সৰ্বসাধাৰণ মানুহখিনিক বিপথগামী কৰে। ব্যক্তিগত আখেজ, লোভ ইত্যাদিয়েও কাৰোবাক ডাইনী সজোৱাৰ অন্তৰালত থকাৰ কথা নুই কৰিব নোৱাৰি।

চিকিৎসাসেৱাৰ লগত শিক্ষাব্যৱস্থাও ভালেমান ঠাইত ভেকো ভাওনাহে মাথোঁ। নাৰীশিক্ষাৰ অমনোযোগিতা চাবলৈ হ’লে চৰাঞ্চল, চাহ জনগোষ্ঠী অধ্যুষিত ঠাইবোৰত অলপ চকু দিলেই গম পোৱা যায়। কিশোৰী-মাতৃৰ সংখ্যা চালেই গম পোৱা যায় শিক্ষাৰ প্ৰতি কিমান আগ্ৰহ জন্মোৱা হৈছে। অৱশ্যে এচাম মানুহৰ শিক্ষাতকৈ জীৱিকা বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। দাৰিদ্ৰ্যতাৰ তলত বাস কৰা এনে পৰিয়ালসমূহৰ বাবে কিতাপতকৈ ভাতৰ মূল্য বেছি বাবেই তেওঁলোকে নিজে নিজেই শিক্ষা বিলাসিতাৰ (!) পৰা আঁতৰি আহে।

বহুত ঠাইত নাৰীৰ প্ৰতি ন্যূনম সন্মানবোধ নাই মানুহৰ। ছোৱালী সন্তান বোজাস্বৰূপ। পৰিয়ালৰ অমনোযোগিতা, অপুষ্টিৰ গ্ৰাসত জৰাজীৰ্ণ এই অৱহেলিত নাৰীয়েই শৰীৰ, মনৰ ভাৰসাম্য হেৰুৱাই কেতিয়াবা ডাইনী ৰূপ লয়।

প্ৰত্যক্ষ ৰূপত ধৰ্ম জড়িত হৈ থকা বাবে জনজাতীয় আৱেগিক সমাজখনত ডাইনী ধাৰণা নিৰ্মূল কৰাটো যথেষ্ট কষ্টসাধ্য হৈ পৰিছে। যদিও কষ্টকৰ তথাপি কিছুমান বিশেষ পদক্ষেপ, যেনে—গাঁওবোৰত উন্নত চিকিৎসা সজাগতা, দৰকাৰ হ’লে ঘৰে ঘৰে গৈ দলবদ্ধভাৱে চিকিৎসা সম্পৰ্কীয় সজাগতা বঢ়োৱা, শিক্ষাৰ প্ৰসাৰ, কুসংস্কাৰ বিৰোধী সজাগতা বৃদ্ধি, লগতে প্ৰিণ্ট তথা টেলিভিছন মেডিয়াৰ সক্ৰিয় সহযোগ অতি গুৰুত্বপূৰ্ণ। চৰকাৰৰ কৰণীয়ৰ ভিতৰত আন এক উল্লেখযোগ্য কাম হ’ল দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে কাৰ্যকৰী হোৱা আইন প্ৰণয়ন কৰা। এই বিষয়ত কাম কৰা সমাজকৰ্মীসকলক আৰ্থিক তথা মানসিকভাৱে উৎসাহ জনোৱাটো আমাৰ নৈতিক কৰ্তব্য। তদুপৰি ভিত্তিহীন অন্ধবিশ্বাস লৈ ফুৰা মানুহক উপযুক্ত শিক্ষা আৰু জ্ঞান যোগান ধৰা কামতো আমি নিজৰ মাজৰপৰাও যিকোনো সময়ত সম্পন্ন কৰিব পাৰো।

Related Articles

error: Content is copy right protected !!
Close