মুখাপ্ৰেমীৰ দ্বাৰা মুখাচুৰ !!

মনোজ কুমাৰ ডেকা

যোগদলৰ নিকটৱৰ্তী কমলাঝাৰী গাঁৱলৈ গৈছিলোঁ । উদ্দেশ্য, “ভেল পূজা”ৰ সবিশেষ লোৱা । তাৰে বিষ্ণু মন্দিৰত দেখিলো কেইবাখনো আপুৰুগীয়া কাঠৰ মুখা । এসময়ত কমলাঝাৰী বা ইয়াৰ আশে পাশে থকা অঞ্চল সমূহত কাঠৰ মুখা তৈয়াৰ কৰিছিল । এতিয়া সেই কলা জীয়াই থকা নাই । নতুন প্ৰজন্মই ইয়াক আদৰি নল’লে ! এসময়ত অসমৰ বিভিন্ন অঞ্চলত মুখা তৈয়াৰ কৰা হৈছিল আৰু সেইবোৰ অঞ্চলভেদে সুকীয়া সুকীয়া বৈশিষ্টৰে পূৰ্ণ আছিল । ব্যক্তিগত বা সামূহিক চেষ্টাত মাজুলীৰ মুখ শিল্পই এক মৰ্যদা লাভ কৰিলে । কিন্তু হেৰাই গ’ল সোণাপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল  বোৰৰ কাঠত কটা মুখ শিল্প । আমি ইয়াক আকৌ জীয়াই তুলিবলৈ চেষ্টা কৰা উচিত ।
দুখৰ কথা, কোনোবা মুখা প্ৰেমী(?)য়ে মন্দিৰৰ পৰাই চুৰ কৰি নিলে পাঁচখন মান মুখা । মানে ভূতৰ ওপৰত দানহ

Related Articles

error: Content is copy right protected !!
Close