মুক্ত মতৰ চিন্তা–ৰাণাদীপ কাকতী

আধুনিক জীৱনৰ কাৰণে বিভিন্ন উপকৰণ বিজ্ঞানে মানুহক দিছে। দৈনন্দিন জীৱনৰপৰা যোগাযোগলৈকে বিজ্ঞানসৃষ্ট আহিলাই মানুহৰ জীৱন-যাপন প্ৰণালী সমৃদ্ধ কৰাই নহয়, সহজ আৰু উজু কৰি তুলিছে। বিশেষকৈ যোগাযোগ আৰু তথ্যৰ আদান-প্ৰদানৰ ক্ষেত্ৰখনলৈ বিজ্ঞানে অনা জোৱাৰ তবধ মানিবলগীয়া। দেখা যায়, বিজ্ঞানৰ কাৰণে এখন নতুন জগতৰ সৃষ্টি হৈছে, ভাবৰ নতুন পৃথিৱী তৈয়াৰ হৈছে, যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব আৰু দ্ৰুত বিধি দেখা গৈছে। বাতৰি সৰবৰাহ বা প্ৰচাৰৰ ক্ষেত্ৰখনো সাৰি যোৱা নাই। ন ন সুবিধাৰে মানুহে বিশ্বৰ বাতৰি লাভ কৰাৰ সমানেই নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈও মুক্ত সুবিধা আৰু স্বাধীনতা পাইছে। এইক্ষেত্ৰত ই-ক্ষেত্ৰখন বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। কাৰণ, প্ৰিণ্ট আৰু বৈদ্যুতিন মাধ্যমৰ লগতে সমানে ফেৰ মাৰি বৰ্তমান ই-মিডিয়াই (ছ’চিয়েল মিডিয়া) এক বিশেষ স্থান নিজৰ কাৰণে উলিয়াই লৈছে। ই-মিডিয়া দ্ৰুত গতিত সম্প্ৰসাৰণ হোৱা আৰু জনপ্ৰিয় হোৱাৰ কাৰণ হিচাপে হাতৰ টিপতে যিকোনো স্থান আৰু সময়তে ইয়াক ব্যৱহাৰ কৰিব পৰাৰ সুবিধা। সেয়ে হয়তো ফেচবুক, হোৱাটছ এপ্, টুইটাৰ আদি আজিৰ পৃথিৱীৰ একোটা অতি শক্তিশালী গণমাধ্যম। যান্ত্ৰিক পয়োভৰৰ মাজত জীৱন কটোৱা, ভাবৰ আদান-প্ৰদান কৰা, যোগাযোগ ৰক্ষা কৰাৰ পাছত মানুহৰ মানসিক জগতখনলৈও এটা বিৰাটকায় পৰিৱৰ্তন অহাটো মন কৰিবলগীয়া। এই পৰিৱৰ্তন হঠাতে হোৱা নহয়—ধীৰে ধীৰে আৰু গভীৰভাৱে হৈছে। সেয়ে হয়তো ক’ব পাৰি, সাম্প্ৰতিক সময়ত প্ৰায়বিলাক মানৱিক আচৰণতে হয় যান্ত্ৰিকতা নতুবা অতিৰঞ্জিত নতুবা বেপৰোৱা চৰিত্ৰ ফুটি উঠা পৰিলক্ষিত হয়। আৱেগৰ বহিঃপ্ৰকাশ, আন্তৰিকতাৰ আব্দাৰ মানুহ, স্থান আৰু সময়-পৰিস্থিতিভেদে অতি বেছি আৰু অতি কম দেখা পাওঁ। প্ৰকৃতিৰ ওচৰৰপৰা ক্ৰমান্বয়ে আঁতৰি অহাৰ কাৰণতে যে এনে হৈছে, ই যিদৰে বহুদূৰ সত্য, একেদৰে যান্ত্ৰিক আবহাৱাৰ মাজত থাকি নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱৰাটোও সত্যই। প্ৰধানতঃ ফেচবুকত যিবিলাক প’ষ্ট দেখা পাওঁ, তাৰ ভিত্তিতে ওপৰৰ কথাখিনি আলচ কৰাৰ প্ৰয়াস কৰা হৈছে।

 

এইখিনিতে পুৰণি প্ৰাসংগিক আপ্তবাক্য কেইটামান মনলৈ আহিছে—কথাত কটা যায়, কথাত বঁটা পায়, শব্দ ব্ৰহ্ম, মুখেৰে বাগৰি যোৱা কথা আৰু ধনুৰপৰা ওলাই যোৱা তীৰ ঘূৰাই আনিব নোৱাৰি। আটাইকেইটা আপ্তবাক্যত গভীৰ অৰ্থ সোমাই আছে, যাৰ বাস্তৱিক প্ৰতিফলন অতি স্পষ্ট আৰু তীক্ষ্ণ। আপ্তবাক্যকেইটা এই কাৰণেই উনুকিয়াব লগা হ’ল, কিয়নো বৰ্তমান সময়ত সংবাদ বা খবৰৰ জগতখনত ই-মিডিয়াই এখন নিৰ্দিষ্ট আসন লাভ কৰিছে আৰু দূৰব্যাপী প্ৰসাৰ-প্ৰভাৱ পেলোৱা দেখা গৈছে। ই-মিডিয়াৰ (অথবা ছ’চিয়েল মিডিয়া) অন্যতম মাধ্যম ফেচবুক সাম্প্ৰতিক সময়ত যোগাযোগ, ভাবৰ আদান-প্ৰদান আৰু খবৰ উৎসৰ এটা শক্তিশালী মাধ্যম হৈ উঠিছে। ইয়াত সকলোৱে থাওকতে স্বাধীন মত প্ৰকাশ কৰাৰ কাৰণে সুবিধা লাভ কৰাটো হৈ পৰিছে ‍‘আঁঠুৰ মূৰতে মাণিক বিচাৰি’ পোৱাৰ দৰে। আমি জানো যে ফেচবুক ব্যৱহাৰকাৰীসকলে ইয়াত আগবঢ়োৱা মতামতবিলাকৰ কোনো ধৰণৰ ছেঞ্চৰ নহয় বা এইবিলাক সতৰ্কতাৰে নিৰীক্ষণ কৰাৰো কোনো চৰকাৰী ব্যৱস্থা বা আইন এতিয়ালৈকে হৈ উঠা নাই। ফেচবুকত ব্যৱহাৰকাৰীসকলৰ মতামতে স্পষ্টকৈ বুজাই দিয়ে সেই ব্যৱহাৰকাৰীসকলৰ মানসিকতা, চিন্তাৰ স্তৰ, প্ৰজ্ঞাৰ গভীৰতা কিমান ইত্যাদি। অৰ্থাৎ, একোটা প’ষ্টৰ জৰিয়তে ব্যৱহাৰকাৰীগৰাকী কেনে আচৰণৰ ব্যক্তি হ’ব পাৰে, তাৰ এটা মোটামুটি আভাস ওলায়। সেয়ে, ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত নিতান্তই এটা কথা ক’ব পাৰি—চালি-জাৰি চাইহে একোটা প’ষ্ট বা মতামত আগবঢ়াব লাগে। কিন্তু, সম্প্ৰতি সমস্যাটো এইখিনিতে আহি পৰা দেখা গৈছে। কাৰণ, এই ক্ষেত্ৰত ব্যৱহাৰকাৰীগৰাকী যিহেতু কোনো নিৰ্দিষ্ট আইনসংগত ব্যৱস্থা অথবা কোনো নিৰ্দিষ্ট ঊর্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত জবাবদিহি নহয়, সেয়ে তেওঁ মনৰ ভাব প্ৰকাশ কৰাৰ ক্ষেত্ৰত হোঁহকা-পিছলা কৰিব নালাগে। সৰলভাৱে ক’বলৈ গ’লে তেওঁৰ মনৰ যিকোনো কথা নিঃসংকোচে খুলি ক’ব পাৰে। এই খুলি কোৱা কথাখিনি কেনেদৰে উপস্থাপন কৰা হৈছে, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আৰু ফল কি হ’ব পাৰে, সেয়া একমাত্ৰ ব্যৱহাৰকাৰীগৰাকীৰ চিন্তাৰ ওপৰতে নিৰ্ভৰশীল। প্ৰিণ্ট, বৈদ্যুতিন মাধ্যমৰ বিপৰীতে ইণ্টাৰনেট সেৱাই দিয়া এই সুবিধা, স্বাধীনতাক বাৰু আমি সকলো ফেচবুক ব্যৱহাৰকাৰীয়ে কেনেদৰে লৈছো, সেয়া গুৰুত্বপূৰ্ণ।

ফেচবুকত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায় বা যিকোনো সামাজিক সমস্যাৰ আলোচনা বা বিতর্কই স্থান পায়। যিকোনো বিতৰ্ক বা আলোচনা যুক্তি প্ৰতিষ্ঠিত হ’লে সমাজ আৰু ব্যক্তিৰ কাৰণে মংগলদায়ক। বিতৰ্ক হ’ব পাৰে—ডাঙৰ কথা নহয়; কাৰোবাৰ লগত মতৰ গড়মিল হ’ব পাৰে—সেয়াও ডাঙৰ কথা নহয়; কিন্তু তাৰ কাৰণে যি যুক্তি-তৰ্ক হয়, আলোচনা হয়—সেয়া কেনেদৰে কৰা হৈছে, সেইটো গুৰুত্বপূৰ্ণ। কাৰণ, অযুক্তিকৰ কথা আৰু দ্বন্দ্বৰ মনোভাবে যুক্তি আৰু সমাধানৰ দুৱাৰখন বন্ধ কৰি পেলায়। ফলত সমস্যাটো ওলমি ৰোৱাই নহয়, দুয়োপক্ষৰ মাজত আন্তৰিকতা নোহোৱাৰ দৰে হয় আৰু অদূৰ ভৱিষ্যতে আলোচনাৰ পৰিৱেশো নষ্ট হৈ যায়। ফেচবুক জগতখন ব্যৱহাৰকাৰীসকলে স্বাধীন মত প্ৰকাশৰ মঞ্চ বুলি যদি গণ্য কৰে, তেন্তে সেই মঞ্চখনৰ মৰ্যাদা ৰক্ষা কৰাৰ দায়িত্বও তেওঁলোকৰ ওপৰতে আছে। স্বাধীনতাৰ অৰ্থ এয়া নহয় যে ইয়াৰ কোনো সীমা নাই। স্বাধীনতাৰ অৰ্থই যিহেতু আন কাৰোবাৰ স্বাধীনতা খৰ্ব কৰা বা মনত আঘাত নকৰাটো বুজায়, গতিকে সামাজিক বাতাৱৰণ সুস্থিৰ ৰখাৰ স্বার্থত স্বাধীনতা আত্মনিয়ন্ত্ৰিত ৰূপত উপভোগ কৰাটো ভাল বিবেচিত হয়। সমাজবিজ্ঞানীসকলে বিশ্লেষণ কৰি দেখুৱাইছে যে মানুহ প্ৰধানতঃ তিনি প্ৰকাৰৰ মূৰ্খামিৰ দাস। প্ৰথমটো হ’ল অত্যধিক আত্মবিশ্বাসৰ কাৰণে সৃষ্টি হোৱা আত্মৰম্ভিতা বা গোঁৱাৰামি। অৰ্থাৎ নিজৰ প্ৰকৃত সামৰ্থ্যতকৈ অধিক কৰাৰ প্ৰয়াস। দ্বিতীয়টো হ’ল অন্যমনস্কতা বা আত্মনিয়ন্ত্ৰণৰ অভাৱ। অৰ্থাৎ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱৰা অৱস্থা বা কামৰ প্ৰতি অন্যমনস্কতা। আৰু তৃতীয়টো মূৰ্খামি হ’ল যিকোনো কাম কৰিবলৈ আগবঢ়া অথবা কিবা এটা কাম কৰাৰ সামৰ্থ্য হেৰুওৱাৰ পাছত হোৱা অনুভৱ। আমি পৰাপক্ষত এনে দাসত্বৰ শিকলিৰ বান্ধোনৰপৰা নিজকে ৰক্ষা কৰিব লাগিব আৰু তেনে প্ৰয়াস আদৰণীয়। মানুহে মুক্ত চিন্তাৰ পূৰক হিচাপে বাক্-স্বাধীনতা দাবী কৰে— অথচ মুক্ত চিন্তাৰ প্ৰতিফলন কমেইহে দেখা যায়। নেলছন মাণ্ডেলাৰ এষাৰ কথা ইয়াৰ লগতো ৰিজাব পাৰি—স্বাধীনভাৱে থকাটোৱে কেৱল আনৰপৰা সম্বন্ধ ছেদ কৰাটো নুবুজায়, ই আনক সন্মান জনোৱা আৰু আনৰ স্বাধীনতা প্ৰসাৰৰ জৰিয়তে জীৱন-নিৰ্বাহ কৰাটোহে বুজায়। আমাৰ দেশ যিহেতু গণতন্ত্ৰ, ইয়াত সাংবিধানিকভাৱে বহু অধিকাৰ আৰু স্বাধীনতা সকলো নাগৰিককে দিয়া হৈছে, একেদৰে নাগৰিকৰ কাৰণেও মৌলিক কৰ্তব্য ধাৰ্য কৰিছে। মন, সমাজ, সম্বন্ধ, দেশৰ পৰিৱেশ ভাল কৰি ৰাখিব পৰাটোতহে বাহাদুৰি আছে। এগৰাকী সুধী লোকে কৈছে— গণতন্ত্ৰ মুক্ত সমাজৰদ্বাৰাহে গঢ়ি উঠিব লাগে, য’ত তথ্যৰ আদান-প্ৰদান হয়। যেতিয়াই তথ্যৰ আদান-প্ৰদান হয়, তেতিয়াই বোধ শক্তিৰ জন্ম হয়। যেতিয়াই যুক্তি-তৰ্ক হয়, তেতিয়াই সমাধানসূত্ৰ ওলায়। যেতিয়া ক্ষমতাৰ আদান-প্ৰদান নহয়, তেতিয়াই দেখা যায় অশিষ্টাচাৰ, দুৰ্নীতি, বশীভূতকৰণ, ক্ষোভৰ সৃষ্টি। গতিকে, মুক্ত মানেই সম্পূৰ্ণ বাধাহীন বুলি বুজিলে ভুল হ’ব—এই মুক্ততাক সঠিক ৰূপত ব্যৱহাৰ কৰিলেহে শুভ ফল পোৱা যায়। শেষত, লৰ্ড এক্টনৰ এষাৰ কথা প্ৰণিধানযোগ্য—আমি যি ভাল পাওঁ, সেয়া কৰাটোকে স্বাধীনতা বুলি নকয়; আমি কি কৰা উচিত সেয়া কৰিবলৈ পোৱাটোহে স্বাধীনতা। আহক আমি সকলোৱে মুক্ত কিন্তু শুদ্ধ, স্বাধীন কিন্তু আত্মনিয়ন্ত্ৰিত, তৰ্ক কিন্তু যুক্তি প্ৰতিষ্ঠিত ৰূপত আমাৰ মত ব্যক্ত কৰো। কাৰণ, উপলুঙা বা ইতিকিংসূচক বা নিম্ন স্তৰৰ কথা আৰু আলোচনাই যুক্তিক কেতিয়াও পৰাজিত কৰিব নোৱাৰে।

Related Articles

Close