মুক্তি

কাবেৰী গোস্বামী

তেনেই সৰু চহৰখনৰ অফিচটোত প্ৰথমে তাইৰ ভালেই লাগিছিল৷ পিছে লাহে লাহে একাংশ বিয়নি মেল মৰা মহিলা আৰু তেওঁলোকক সহযোগ কৰা পুৰুষ সহকৰ্মীৰ আলোচনাৰ নমুনাই তাইক বাৰুকৈয়ে বিৰক্ত কৰিলে৷ তাতকৈ ডাঙৰ কথা একেটা কোঠাতে চলি থকা এনে আলোচনা তাই এৰাই চলাত তেওঁলোকৰ চৰ্চাৰ অঘোষিত বিষয়বস্তুৰ তালিকাত তাইৰ নামে সঘনে ঠাই ল’বলৈ ল’লে৷ “মোবাইলটোযে পিটিকি থাকা, কি পোৱাহে তাত? নে ঠিক কৰিছা নেকি কোনোবা?” এজনে আৰম্ভ কৰাৰ লগে লগে হৈয়েই গ’ল আৰু৷ “আজিকালি এই ফে’চবুকে ধ্বংস কৰিছে চবকে৷ কি জানো বস্তু এইডাল!” ঐ আমাৰ ব’ছৰ জীয়েকৰ নামটো মাৰাচোন, কি ওলাই চাওঁ৷ ক’ৰবাত হেনো ল’ৰাই- ছোৱালীয়ে এপাল একেলগে বাহিৰত ফুৰিবলৈ যোৱাৰ ফটো দিছে৷ কালি আমাৰ বাবাই চাই মোক দেখুৱাইছে৷ ইছ্ এইবোৰ ল’ছালিক নো মাক বাপেকে কেনেকে পঠায়, প্ৰজেক্টৰ নামত ক’ত গৈ বা কি কৰি ফুৰেগৈ৷ ভাবিলেই কিবা লাগে! আমাৰ বাবাহঁত যে পঠালেও নাযাব৷” আনগৰাকীয়ে উজান দিয়ে, “লাভ জেহাদ নে কি সেইবোৰো হয় ফে’চবুকত৷ আৰু মাজতে যে ইলেকচনত জিকা একট্ৰেছজনীৰ ফটোবোৰ লৈ কম হৈ ছৈ হৈছিলনে!” তুমি সেইডাল টিপি সেইবোৰ বিপদ চপোৱাতকে আমাৰ লগতে কথা পাতিবাছোন, মনটো ভাল লাগিব, সময়ো পাৰ হ’ব৷ কেনেকে থাকাহে ইমান কম কথা কৈ! ন’ হাজৰিকানী?” “এৰা ৰুমি ঠিক কৈছা, আজি পিছে বৰবাবু কিয় নাহিলবা, ক’ৰবাত চাগে মিতিৰ ফুৰিবলৈ গ’ল, কালি ৰিটায়াৰমেণ্টত যোৱা ৰামপুৰৰ বৰাৰ আউটষ্টেণ্ডিং খনৰ কাৰণেনো সাতশ টকা ল’ব লাগেনে, পাঁছশ ল’লেও হয়৷ কামখিনি ময়ে কৰিলো৷ মোক আক’ একোৱে নিদিলেই৷ এনেকুৱাতে কাম কৰিবলৈ মন নাযায়৷ আজি চাগে বৰবাবু সেই টকাৰেই ফুৰিব গ’ল, গাঁঠিৰ ধন ভাঙি যোৱা মানুহ সেইজনা নহয়৷” “হেৰা জুনু, শইকীয়া আহিছে, দুপৰীয়া চাহকাপৰ কাৰণে আজি তেওঁকে ধৰা নেকি!” উস্ লাহে লাহে তাইৰ মূৰটো বিষাই আহে৷ ইয়াৰ মাজতে তাই কাম কৰিব লাগিব৷ নাই তাই নোৱাৰে!
পিয়নজনে লৈ অহা কাগজখনত তাইৰ নামটো দেখি খুলি চালে৷ উলাহতে তাইৰ মুখেদি চিঞৰ এটাই ওলাব খুজিলে৷ ৰক্ষা! বনবিভাগৰ মনে বিচৰা চাকৰিটোত অৱশেষত তাইৰ নিয়োগপত্ৰখন আহিল৷ পৰচৰ্চা কৰা এই পশুকুলৰ মাজতকৈ বনৰ পশুবোৰে তাইৰ নিশ্চয়কৈ মানসিক সকাহ দিব৷ এইবাৰ তাই আশাবাদী…

Related Articles

Close