মিজোৰাম, পানী সংকট আৰু কুৰুঙৰ মেলা – কুমাৰ মধু তালুকদাৰ

মহাবাহুৰ প্ৰথম সংখ্যাৰপৰা (১৯৮০ চন)

কলিকতা, দিল্লী নাইবা বোম্বাইৰ নিচিনা আধুনিক চহৰবোৰ চাবলৈ ভাৰতবাসীসকল অতি আগ্ৰহী, কিন্তু কম সংখ্যক ভাৰতীয় লোকেহে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ উত্তৰ-পূব অঞ্চলৰ ক্ষুদ্ৰ জাতিৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ অৱহেলিত ঠাইবোৰ চোৱাৰ আগ্ৰহ দেখুৱায়। চাকৰি আৰু ধন উপাৰ্জনৰ বাবেহে এইবোৰ ঠাইৰ গুৰুত্ব ভাৰতীয়সকলে দিবলৈ বিচাৰে।

বিশেষ বেংক এটাৰ নতুন শাখা খোলাৰ কাৰণে গুৱাহাটীৰপৰা দুজন কৰ্মচাৰী তিনি মাহৰ কাৰণে মিজোৰামলৈ নিবলৈ বিচৰা হ’ল, বেংকিং বিষয়ত অৰ্হতা সম্পন্ন অভিজ্ঞ কোনো কৰ্মচাৰী মিজোৰামলৈ যাবলৈ খোজা দেখা নগ’ল। মিজোৰাম অশান্ত অঞ্চল, মিজোৰাম বিদ্ৰোহীৰ ঠাই, মিজোসকল বিদ্ৰোহী, অতি নিষ্ঠুৰ, মানুহ হত্যা কৰাটো সিহঁতৰ কাৰণে অতি সহজ কাম, আদি নানা কথা নানাজনৰপৰা শুনিছিলো; মিজোৰামত খাদ্য বস্তুৰ অভাৱ, পানীৰ অভাৱ। বৰ্ষাকালত জমা কৰা পানীৰে গোটেই বছৰ চলাব লগা হয়। সেই পানীত মহে কণী পাৰে, তাকেই মানুহে খোৱা পানী হিচাপে ব্যৱহাৰ কৰে। এই পাহাৰী জংগলী ঠাইখন চোৱাৰ লোভ সামৰিব নোৱাৰিলো। ইচ্ছা কৰিয়ে মিজোৰামলৈ ৰাওনা হ’লো। মিজোৰাম ইমান ওচৰত, কিন্তু ইমান দূৰ যেন লাগে। মানুহে মৰুপ্ৰান্তলৈ যাত্ৰা কৰিলেও হয়তো ইমান চিন্তা নকেৰ। মোৰ বন্ধু কেইজনমানে মোক তাচ্ছিল্য কৰাত কৈছিলো, মানুহ মংগল গ্ৰহলৈ যাবলৈ ওলাইছে, মই মিজোৰামলৈ ওলাইছো; একো ডাঙৰ কাম কৰিবলৈ ওলোৱা নাই। বহুকেইজনে কাশ্মীৰৰপৰা ঘূৰি আহিবলৈকে উপদেশ দিছিল। অসমৰ শিলচৰ চহৰৰ পৰা ১৮০ কিঃ মিটাৰ দূৰত্বত মিজোৰামৰ ৰাজধানী আইজাল চহৰ। শিলচৰ চহৰত ইনাৰ লাইন পাচ দিয়ে মিজোৰামৰ যাত্ৰীৰ বাবে। মিজোৰাম ষ্টেট ট্ৰেন্সপোৰ্ট বাছত উঠিলো। অতি দুখ লগা ৰাস্তা, সুদক্ষ মিজো গাড়ীচালক। দাৰ্জিলিঙৰ ৰে’ল যাত্ৰাৰ বিষয়ে বহুতো ৰচনা পঢ়িছো আৰু নিজেও এই দৃশ্য উপভোগ কৰিছো, কিন্তু মিজোৰামৰ দৃশ্যও যো দাৰ্জিলিঙতকৈ কোনো গুণে কম নহয় এই কথা এতিয়াহে অনুভৱ কৰিলো। ইয়াকে কয় শামুকৰ পেটত মাণিক। উত্তৰ-পূব অঞ্চলৰ অৱহেলিত জাতিবোৰৰ এই ঠাইবোৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মূল্য ভাৰতবাসীয়ে এতিয়াও দিব পৰা নাই। ভাৰতবৰ্ষৰ বৃহৎ ৰাজ্যবোৰত এনেকুৱা পৰিবেশ থকাহেঁতেন চুইজাৰলেণ্ড নাইবা টাইগাৰ হিলচতকৈও অধিক আকৰ্ষণীয়ভাৱে বিশ্বৰ মানুহক আকৰ্ষিত কৰিবপৰাকৈ ভাৰত চৰকাৰে যে যত্ন ল’লেহেঁতেন তাৰ অকণো সন্দেহ নাই। কিন্তু জংগলী ঠাইৰ ‘জংগলী’ জাতিৰ প্ৰতি ইমান যত্নপৰ হোৱাটো ভাৰতীয় ৰাজনীতিৰ বাহিৰত! সেইবাবেই দাজিলিঙতকৈও অধিক া-সুবিধা থকা স্বত্বেও আইজল-শিলচৰ চহৰৰ একমাত্ৰ সংযোগ পথৰ অৱস্থা দেখিলে সঁচাকৈয়ে বেয়া লাগে। এই পথচোৱাত মাহে কমেও চাৰিটা মটৰ দুৰ্ঘটনা ঘটে, অনেক মানুহ মৰে। আলিবাটৰ দুয়োকাষে পাহাৰৰ টিলাৰ ওপৰত বেছিভাগেই মিলিটাৰী, চি. আৰ. পি. কেম্প দেখিবলৈ পোৱা যায়। চিৰসেউজ পাহাৰৰ বুকুত মিজোৰাম ৰাজ্য। বাটৰ কাষে কাষে সু-সজ্জিত গীৰ্জাঘৰ আৰু তাৰ লগতে ঠাইয়ে ঠাইয়ে একোটা পাহাৰৰ টিলাত আদা খেতি আৰু মাটিকঁঠাল খেতি দেখিবলৈ পাইছিলো। আদা খেতিৰ কাৰণেও মিজোৰাম বিখ্যাত। ৰং-বিৰঙৰ সাজ-পোছাকেৰে সুন্দৰ সুঠাম দেহৰ ল’ৰা-ছোৱালীবোৰ লক্ষ্য কৰিছিলো। সিহঁতৰ চলন-ফুৰণ জীৱন-ধাৰণৰ প্ৰণালীবোৰ ভাৰতীয় যেন নালাগে, ভাৰতীয় সকলতকৈ বহুত উন্নত যেন লাগে। বাছৰ ৫০ জন যাত্ৰীৰ ভিতৰত মই কেৱল অসমীয়া, ৮ জনমান মিজোলোক আৰু বাকীবোৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোক। প্ৰতিজন যাত্ৰীৰ হাতত খোৱাপানীৰ ফ্লাক্স। যেন এইখিনি পানীৰে তেওঁ মিজোৰামত থকা দিন কেইটা কটাই দি আহিব—এনে এটা ভাব। বহুতো পাহাৰ-পৰ্বত, গাঁও-ভূঁই অতিক্ৰম কৰি ৰাতিপুৱা ৭ বজাৰপৰা আৰম্ভ কৰা যাত্ৰা যেতিয়া শেষ হ’ল, তেতিয়া আইজল চহৰৰ বুকুত সন্ধিয়া নমাৰ আয়োজন। অৰ্থাৎ, পশ্চিম আকাশত পাহাৰৰ বুকুত বেলিটোৱে আমাক আইজল চহৰত প্ৰথমবাৰৰ কাৰণে বিদায় জনোৱাৰ প্ৰস্তুতি। বাছৰ ভিতৰৰ পৰাই এই দৃশ্য উপভোগ কৰিলো। আইজল চহৰ ভূ-পৃষ্ঠৰ পৰা প্ৰায় পাঁচ হেজাৰ ফুট ওখত অৱস্থিত। তেতিয়া ৫-৩০ বাজিছিল। এইখিনি সময়তেই আইজল চহৰৰ দোকান-পোহাৰ বন্ধ হয়। এনেকুৱা লাগিছিল মিজোৰামত যেন যুদ্ধকালীন পৰিৱেশ। হাতত ষ্টেনগান, মেচিনগান লৈ মিলিটাৰী, চি.আৰ.পিএয় ৰাস্তাত টহল দি আছে! বৰ বজাৰা আইজল চহৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ আৰু মূল ব্যৱসায়ীৰ কেন্দ্ৰ স্থল। ইয়াতে অফিচৰ কোঠা এটাত আমি থাকিবলৈ ল’লো। প্ৰথমবাৰৰ কাৰণে পানীৰ অভাৱ অনুভৱ কৰিলো। ৫ লিটাৰ মান পানী মুখ-হাত ধুবলৈ আমাক দিয়া হৈছিল। যিহওক, পৰিৱেশৰ লগত খাপ খাবলৈ একো নামাতিলো। পানীও যে মূল্যৱান সম্পত্তি হ’ব পাৰে প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলো। আমি থকা ঘৰৰ মালিকহঁত পানীৰ ফালৰপৰা আইজল চহৰৰ ভিতৰতে আটাইতকৈ বেচি ধনী। তেওঁলোকৰ প্ৰায় ১৫ হেজাৰ লিটাৰ জমা কৰিবপৰা পানীৰ জলাধাৰ আছে। মিজোৰামত যিঘৰ মানুহ সা-সম্পত্তিৰ ফালৰপৰা ধনী, সেইঘৰ মানুহ পানীৰো ধনী। তেওঁলোকে পানীৰ অভাৱ বেছিকৈ অনুভৱ নকৰে। কিন্তু মধ্যবিত্ত লোকৰ পানীৰ কাৰণে হাহাঁকাৰ অৱস্থা।

মিজোসকলে তিনিটা উপায়েৰে পানী সংগ্ৰহ কৰে। প্ৰথমটো হ’ল মিজোৰামৰ ঘৰৰ চালবোৰৰ পানীপছাৰ ফালে কাষে কাষে চাৰিওফালে কলগছৰ দোনা সদৃশ টিনপাত এছটা ভাঁজ কৰি চালৰ লগত লগোৱা থাকে। এই ভাঁজ লগোৱা টিনপাত পাঁচ ছটা এধলীয়া অৱস্থাত একোটা ডাঙৰ টিনপাতৰ চুপিত লগলগোৱা থাকে আৰু চুপিটোৰ নলীডাল একো একোটা ডাঙৰ পানীৰ পাত্ৰত লগলগোৱা থাকে। বৰষুণ আহিলে ঘৰৰ ছালেৰে পানী বাগৰি আহি ভাঁজ লগোৱা টিনপাত ছটাৰে বাগৰি গৈ চুপিটোত পৰে আৰু চুপিৰপৰা গৈ পানী জমা ৰখা পাত্ৰটিত জমা হয়। তদুপৰি আৰ চি চি ঘৰবোৰৰ ছালবোৰৰ চাৰিওফালে এফুট-দুফুটকৈ পানী সৰকিব নোৱাৰাকৈ বান্ধি লোৱা হয় আৰু তাত বৰষুণৰ পানী জমা কৰা হয়। পাছত নলীৰে এই পানী পাত্ৰত জমা কৰা হয়। পাছত নলীৰে এই পানী পাত্ৰত জমা কৰা হয়। এই প্ৰণালীৰে প্ৰায় সকলো মিজোলোকে পানী সংগ্ৰহ কৰে, সেয়ে বৰষুণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিবলগীয়া হয়। এদিন অফিচলৈ আহোতে দেখিলো আলিবাটৰ কাষত হাতত পাত্ৰলৈ মানুহে কিউ পাতিছে। ভাবিছিলো কেৰাচিন তেল বিতৰণ কৰিছে। কিন্তু তেলৰ কোনো ডিপো নোহোৱাত পৰিৱেশটোত আৰু অলপ বিসদৃশ যেন দেখি সুধি গম পালো ওচৰতে পানীৰ টেপ আছে, চৰকাৰৰ ফালৰপৰা পানী যোগান ধৰিব! প্ৰতিজনে পৰিয়াল পৰিচয়-পত্ৰ যোগে পানী পাব—একোজনৰ দিনত দহ লিটাৰকৈ। আচৰিত লাগিছিল, পানীৰ কাৰণেও পৰিচয় পত্ৰ! আমাৰ অসমত চাউল, চেনী সুলভমূল্যৰ দোকানৰপৰা পাৰলৈহে পৰিচয় পত্ৰৰ দৰকাৰ হয়। মিজোৰামত জনস্বাস্থ্য বিভাগ এটা আছে। গভীৰ নলীনাদ আদি উপায়েৰে চৰকাৰী কাৰ্যালয়ত আৰু চৰকাৰী বাসভৱন কেইটামানত এই বিভাগৰ যোগেৰে বহু বেছি খৰছত পানী যোগান ধৰা হয় আৰু ৰাজহুৱা বিতৰণো কৰা হয়। আইজল চহৰৰপৰা ১৫ কিঃমিঃ মান দূৰত তৈৰুল নামৰ এখন নদী আছে। সেই নদীৰ পৰা পানী যোগান ধৰাৰ আঁচনি বহুত দিন আগতে কৰা হৈছিল যদিও এতিয়ালৈকে কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা হোৱা নাই। এইয়ে হ’ল—মিজোৰামত জনস্বাস্থ্য বিভাগে পানী যোগানৰ বাবে লোৱা ‘‘ব্যৱস্থা’’!! বহুত দিন ধৰি পানীৰ অভাৱত গা-ধোৱা নাছিলো। চৰকাৰে যোগান ধৰা পানী আমিও পামনে বুলি সোধাত পৰিয়াল পৰিচয় পত্ৰৰ কথা ক’লে। নিজৰেই য’ত পৰিচয় নাই তাত আকৌ পৰিয়াল পৰিচয় পত্ৰ—এই আশা ইমানতে বাদ দিলো। গমপালো আমি থকা ঠাইৰপৰা প্ৰায় দুমাইল মান দূৰত ডাক-তাঁৰ বিভাগৰ কাৰ্যালয়ত এটা পানী সংৰক্ষণ কৰা ডাঙৰ জলাধাৰ আছে, চিনাকি হ’ব পাৰিলে অন্তত সপ্তাহত এবাৰকৈ গা-ধোৱাৰ ব্যৱস্থা কৰিব পাৰি! প্ৰতি দেওবাৰে তিনি সপ্তাহমান তাকে কৰিলো। মিজোৰামৰ হাৱা-পানী ভাল। গ্ৰীষ্ম কালীও বৰ গৰম নহয়। অধিক খোজ কাঢ়িলেও দেহাত ঘাম নোলায়। সেয়ে বেছি দিনলৈ গা-নোধুলেও বৰ বেছি অনুভৱ কৰা নাযায়।তথাপিতো ভৈয়ামত থাকোতে এদিনলৈ গা-নোধুৱাকৈ আহাৰ নোখোৱা মানুহজনে দুসপ্তাহলৈ গা-নোধোৱাকৈ থকাটো কেনেকুৱা হ’ব পাৰে চিন্তাৰ বিষয়। প্ৰতিদিনে আহাৰ খোৱা হোটেলখনৰপৰা বহুত তোষামোদ কৰি পুৱা গধূলি এক লিটাৰকৈ পানী আনো। তাৰে ৰাতিপুৱা মুখ-হাত ধোৱা কামখিনি হৈ যায়। পায়খানাত ব্যৱহাৰৰ কাৰণে মালিকৰ ঘৰৰপৰাই অলপ যোগান ধৰে। পানী কিনিবলৈ পোৱা যায় প্ৰতি ভাৰত তিনি টকাকৈ, কিন্তু সকলো ঠাইতে সকলো সময়তে পোৱাটো বৰ কঠিন। ট্ৰাকেৰে দূৰৰ নদীৰ পৰা পানী আনিও বহুতে কাম চলায়।

মিজোৰামত পানী সংগ্ৰহ কৰা তৃতীয় বিধ উপায় হ’ল নিজৰা (কুৰুং)। চহৰৰ পৰা তিনি চাৰি মাইলমান দূৰত পাহাৰৰ পাদদেশত এই নিজৰাবোৰ অৱস্থিত। গাত শক্তি নাথাকিলে আৰু পাহাৰ বগোৱা অভ্যাস, নাথাকিলে এই কুৰুঙৰ ওচৰলৈ যোৱাটো বিপজ্জনক। আমাৰ অফিচত পহৰা দিয়া চি.আৰ.পি দলটোৱে সদায় ৰাতিপুৱা চাৰি বজাত গা ধুবলৈ কুৰুঙলৈ যায় আৰু আমি টোপনিৰ পৰা সাৰ নৌ পাওঁতেই আহি ওলায়। আমাকো তালৈকে যাবলৈ বহুত দিন লগ ধৰি কুৰুঙৰ বিষয়ে তেওঁলোকে ইতিমধ্য বহুতো গল্প কৰিছিল। আমাৰো যাবলৈ ইচ্ছা হয়। বহুত দিন ৰাতি আমাক মাতি মাতি সঁহাৰি নাপাই চি. আৰ. পিৰ দলটো গুচি যায়। ডিচেম্বৰ মাহ, হাড়কঁপোৱা টাণ্ডা। কুৰুঙলৈ যাবলৈ ইচছা থাকিলেও লেপৰ তলৰপৰা ওলাবলৈ ইচ্ছা নাযায়। সেয়ে চি.আৰ.পিহঁতে মাতিলেও আমি মনে মনে থাকো। তথাপিতো এদিন মৰসাহস কৰি যাবলৈ ওলালো। ৰাতিপুৱা চাৰি বজাতে নগলে কুৰুঙ পোৱাৰ আগতে পানী শেষ হৈ যায়। পুৱাই পুৱাই অকোৱা-পকোৱা পাহাৰীয়া সুৰ সুৰীয়া ৰাষ্টাৰে আমি একেলগে কুৰুঙলৈ বুলি আগবাঢ়িলো। কেৱল পাহাৰৰ তললৈকে নামিছিলো। আগে আগে চি.আৰ.পিৰ দল, পিছে পিছে আমি দুজন। কেতিয়াবা উজুটি খাই খাই পৰি যাও, পৰি যাও যেন লাগে। চি.আৰ.পিৰ দলে কেৱল ‘বেছি দূৰ নাই, পাই গ’লো’; ‘পাই গ’লো’ কৈ কৈ আছিল। অৱশেষত প্ৰায় ১-৩০ ঘণ্টা খোজ কৰাৰ পাছত আমাৰ লক্ষ্যস্থল আমি পালো। দৃশ্য দেখি চকু থৰ লাগিল। প্ৰায় ১ হাজাৰমান মানুহ গোট খাইছে। বেছিভাগেই ৰূপহী। মিজো গাভৰু, কমসংখ্যক মিজো ডেকা আৰু লামৰিক বাহিনীৰ জোৱানসকল। এখন সুন্দৰ মেলা যেন অনুভৱ হ’ল। কুৰুঙৰ মেলা!! প্ৰায় ৫ মটাৰ বহল, ২০ মিটাৰ দীঘৰ আৰু ১-৩০ মিটাৰমান ওখ ইটাৰে গঁঠা এটা পানীৰ জলাধাৰ। গোটেই ৰাতি নিজৰাৰ পানী অলপ অলপকৈ জমা হৈ এই জলাধাৰত গোট খাইছে আৰু এতিয়াই হাজাৰ হাজাৰ মানুহে এই পানী শেষ কৰিব। অলপ পাছত জলাধাৰ শূন্য হ’ব। সেয়ে কালৈকে চোৱাৰ সময় নাই। গা ধুৱাই গা ধুইছে, কাপোৰ ধুৱাই কাপোৰ ধুইছে আৰু পানী কঢ়িওৱাই বিভিন্ন পাত্ৰৰে পানী কঢ়িয়াইছে। বিৰাট ব্যস্ততা। কোনোৱে কালৈকে লজ্জাবোধ কৰা নাই। গাভৰু ছোৱালীবোৰে পানীৰ ভাৰ কঢ়িয়াব লাগিছে, আচৰিত লাগিল। খালী মানুহজনেই খোজ কাঢ়িব নোৱাৰি তাতে আকৌ পানীৰ ভাৰ লৈ ইমান দূৰ পাহাৰীয়া পথ! মই ভেবা লাগি ৰ’লো। চি.আৰ.পি জোৱান এজনে অৰ্থ-পূৰ্ণ হাঁহিৰে মোক ক’লে যে কাপোৰ সলাওক, লাজ কৰিলে কাম নহ’ব, ইয়াত বাথৰূমৰ দৰকাৰ নাই। ইমানবোৰ গাভৰু ছোৱালীৰ মাজত গা ধুবলৈ অলপ অসুবিধা অনুভৱ কৰাটো স্বাভাৱিক। এজন জোৱানে জলাধাৰৰ পৰা পানী আনি মূৰত ঢালি দিলে। বহুকেইজনী গাভৰুৰ মুখে মোক আমনি দিলে। মোৰ অৱস্থা দেখি অনামিকা কোনোবা মিজো গাভৰুৱে মুখ টিপি হাহিছে, কোনোবাজনীয়ে অৰ্থ-পূৰ্ণ হাঁহিৰে আনজনী ৰূপহীৰ পিঠিত থপৰিয়াই কিবা এটা কৈছে। লাজ লাগিলেও কিবা এটা মিঠা আমেজ লভিলো। এলাহাবাদৰ ত্ৰিবেণী সংগমৰ কুম্ভ মেলালৈ মনত পৰিল। কুম্ভ মেলাতকৈ যেন এইখন মেলাৰ আকৰ্ষণ বহু বেচি। গাধোৱা পৰ্ব শেষ কৰি কাপোৰ সলাই ঘৰৈল উলটিলো। নতুন অভিজ্ঞতা আৰু কুৰঙৰ মেলাৰ আকৰ্ষণে মনটো ৰোমাঞ্চিত কৰিছিল। এতিয়াও গুৱাহাটী চহৰৰ স্নানাগাৰত সোমাই কেতিয়াবা কুৰুঙৰ মেলাৰ স্মৃতি ৰোমন্থন কৰো।

ধন্য মিজোৰাম, ধন্য মিজো জাতীয় জীৱন। প্ৰকৃতিয়ে যাৰ ভূষণ, সহজ-সৰলতাই যাৰ জীৱনৰ মূল ধন। কিন্তু কুৰি শতিকাতো, বিজ্ঞানৰ ইমান প্ৰগতিৰ দিনতো ভাৰতবৰ্ষৰ এটা ক্ষুদ্ৰ অঞ্চলৰ এটা ক্ষুদ্ৰ জাতিয়ে মানৱ জীৱনৰ অত্যাৱশ্যকীয় সহজলভ্য পানীৰ কাৰণে ইমান জীয়াতু ভুগি থকাটো সহ্য কৰিব পাৰিনে? মোৰ মন ‘বুৰ্জোৱা’ সমাজৰ ‘বুৰ্জোৱা’ ভাৰ ধাৰাৰে সমৃদ্ধ। সেয়ে কেন্দ্ৰীয় শাসিত এই অঞ্চলটোৰ মিজোৰাইজৰ হৈ প্ৰশ্ন কৰিব খোজো যে দিল্লী, বোম্বাই, কলিকতা আদি আধুনিক চহৰবোৰত থাকি ভাৰতৰ গণতন্ত্ৰ ৰচোঁতাসকলে মিজোসকলৰ এই সাধাৰণ অভাৱ অনুভৱ কৰিব পাৰিছে নে? এইখিনিতে শান্তিপ্ৰিয় মিজো ৰাইজে বিদ্ৰোহীদলৰ অভাৱ অনুভৱ কৰে।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close