মাহেকীয়াৰ সময়ত হোৱা মহিলাসকলৰ পেটৰ বিষ বা কষ্টাৰ্তৱ (Dysmenorrhea)

ডাঃ মুকুল শৰ্মা 

মহিলা আৰু ছোৱালীৰ বাবে কষ্টাৰ্তৱ এটা ডাঙৰ সমস্যা। প্ৰত্যেক মাহত এটা নিৰ্দিষ্ট সময়ত যেতিয়া মহিলাসকলৰ তলপেটত এটা খামোচ মাৰি ধৰা বিষৰ উৎপত্তি হয়, তেওঁলোকৰ বাবে সেয়া এটা অসহনীয় সমস্যা আৰু ভয়ৰ কাৰণ হৈ পৰে। সমীক্ষামতে প্ৰায় ৯০ শতাংশ ছোৱালীয়ে নিজৰ যৌৱনপ্ৰাপ্তিৰ সময়ত এই সমস্যাটোৰদ্বাৰা আক্ৰান্ত হয়। যেতিয়া সদ্য কন্যাকালপ্ৰাপ্ত ছোৱালী এজনীয়ে নিজৰ পেটত অসহ্য বিষ অনুভৱ কৰিব, তেতিয়া সেই ছোৱালীজনীৰ পৰৱৰ্তী মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ সময় অহাৰ লগে লগে কেনেকুৱা মানসিক অৱস্থাৰ সৃষ্টি হ’ব পাৰে এবাৰ ভাবি চাওকচোন।

কষ্টাৰ্তৱ দুই ধৰণৰ হয়।

১) প্ৰাথমিক (Primary) কষ্টাৰ্তৱ আৰু

২) গৌণ (Secondary) কষ্টাৰ্তৱ।

# প্ৰাথমিক কষ্টাৰ্তৱ প্ৰাথমিক কষ্টাৰ্তৱত ছোৱালী এজনীয়ে নিজৰ ৰজোদৰ্শনৰ আদি অৱস্থাত পেটত খামোচ মাৰি ধৰা বিষ অনুভৱ কৰে আৰু এই বিষটো মাহেকীয়া ঋতুস্ৰাৱৰ ঠিক আগে আগে হয়। তেওঁ কে’বামাহ ধৰি এই বিষটো ঋতুস্ৰাৱৰ আগে আগে অনুভৱ কৰে। সাধাৰণতে এই অৱস্থাটোৰ ক্ষেত্ৰত ছোৱালীগৰাকীৰ প্ৰজনন-অংগবিলাকত কোনো অস্বাভাৱিকতা দেখা নাযায়। প্ৰষ্টাগ্লেণ্ডিন নামৰ হৰমন বিধে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।

# গৌণ কষ্টাৰ্তৱ – মহিলাসকলৰ প্ৰজনন-জীৱনৰ যি কোনো সময়তে এই সমস্যাটো দেখা দিব পাৰে। সাধাৰণতে এনে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মিত হয় যদিও গৰ্ভাশয় বা প্ৰজননতন্ত্ৰৰ অন্য অংগবিলাকত হোৱা কোনো বেমাৰ বা সমস্যাৰ ফলত এনেকুৱা ধৰণৰ কষ্টাৰ্তৱ দেখা যায়। এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ যেনে – এণ্ডমেট্ৰায়ছিছ, গৰ্ভাশয়ৰ ফাইব্ৰইড্ ইত্যাদিৰ ফলত এনেকুৱা গৌণ কষ্টাৰ্তৱ হোৱা দেখা যায়।

# এই সমস্যাটো কিমান গম্ভীৰ?

সাধাৰণতে বিশ্বৰ প্ৰায় ৫০ শতাংশ মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰজনন-জীৱনত এই সমস্যাটো হোৱা দেখা যায়। এইসকলৰ ভিতৰত আকৌ ১৫ শতাংশ মহিলাৰ অতিপাত পেটত খামোচ মাৰি ধৰা বিষ দেখা যায়। প্ৰাথমিক কষ্টাৰ্তৱৰপৰা সাধাৰণতে এণ্টিস্পাজমোডিক, গৰ্ভাশয়ৰ টনিক, আইৰণ ফলিক এচিড ইত্যাদি ঔষধৰ সহায়ত মুক্তি লাভ কৰিব পাৰি যদিও গৌণ কষ্টাৰ্তৱৰ ক্ষেত্ৰত সঠিক কাৰণ নিৰ্ণয় কৰিহে চিকিৎসা কৰিবলগীয়া হয়। তলত উল্লেখ কৰা লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত; যেনে – তলপেটৰ বিষ, সামান্যৰপৰা তীব্ৰ জ্বৰ (যিয়ে আমাক হৈ থকা কোনো সংক্ৰমণৰ সংকেত দিয়ে), বহু দিনৰপৰা হৈ থকা শ্বেতপ্ৰদৰ, ঋতুস্ৰাৱৰ সময়ত তীব্ৰ পেটৰ বিষ, যৌনাংগৰপৰা দুৰ্গন্ধ ওলোৱা বা অস্বাভাৱিক স্ৰাৱ ওলোৱা ইত্যাদি আৰু লগতে এসপ্তাহৰ বেছি পেটৰ বিষৰ লগে লগে ৰক্তস্ৰাৱ হৈ থকা।

# পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষা

*তেজৰ সামান্য পৰীক্ষা

*পেচাপৰ সামান্য পৰীক্ষা

*পেটৰ আল্ট্ৰাছ’ন’গ্ৰাফী

*পেটৰ চি টি স্কেন

*যৌনাংগৰপৰা ওলোৱা স্ৰাৱৰ বিশ্লেষণাত্মক পৰীক্ষা

*তেজৰ শৰ্কৰাৰ পৰীক্ষা

# ঘৰত লবলগীয়া যতন

*যথেষ্ট পৰিমাণে জুলীয়া পদাৰ্থ সেৱন কৰিব লাগে

*কম পৰিমাণে আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব লাগে

*তলপেটত বৃত্তাকাৰ চক্ৰৰ আকাৰত কিছুমান ঔষধি গুণেৰে ভৰপূৰ তেলেৰে মালিচ কৰিব লাগে

*সাগৰীয় মাছ খাব লাগে, কাৰণ সাগৰীয় মাছ যথেষ্ট পৰিমাণে অ’মেগা-৩-ফেটি-এচিডসমৃদ্ধ হয়

*সেউজীয়া, সজীৱ শাক-পাচলি আৰু ফল-মূল সেৱন কৰিব লাগে কাৰণ এনে ধৰণৰ খাদ্য খনিজ পদাৰ্থ আৰু এণ্টি-অক্সিডেণ্টসমৃদ্ধ হয়

*মানসিক চাপ পৰিত্যাগ কৰিব লাগে

*গুৱা-মৰি সেৱন কৰিব লাগে কাৰণ গুৱা-মৰি বায়ুৰোগ হৰণকাৰী আৰু এণ্টিস্পাজমোডিক গুণসম্পন্ন ঔষধি

*কেঁচা হালধিৰ ৰসো ফলপ্ৰসূ হয়

*সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে।

*পৰিষ্কাৰ-পৰিচ্ছন্নতাত মনোযোগ দিব লাগে আৰু ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী পেড ব্যৱহাৰ কৰিব লাগে

*কোষ্ঠকাঠিন্য আঁতৰাই ৰাখিব লাগে

আয়ুৰ্বেদ চিকিৎসা-পদ্ধতিতো কষ্টাৰ্তৱৰ বহু ফলপ্ৰসূ ঔষধ যেনে – ৰজপ্ৰৱৰ্তিনী বটী, নষ্টপুষ্পান্তক ৰস, অশোকাৰিষ্ট ইত্যাদিৰ বৰ্ণনা আছে। লগতে কষ্টাৰ্তৱৰ কাৰণ অনুযায়ী উচিত চিকিৎসাৰো ব্যবস্থা আয়ুৰ্বেদিক চিকিৎসা-পদ্ধতিত আছে। কিন্তু এই ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰ কৰা উচিত।

#যোগাসন – জানু শীৰ্ষাসন, পাশাসন, উষ্ট্ৰাসন, শুপ্ত পাদাংগুষ্ঠাসন, শৱাসন, বালাসন ইত্যাদি।

Related Articles

error: Content is copy right protected !!
Close