মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী

দীপজ্যোতি গগৈ

মানসিক স্বাস্থ্য মানেনো কি? বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ ইয়াৰ সংজ্ঞা এনেকৈ নিৰ্ধাৰণ কৰিছে,”স্বাস্থ্যসন্মত এক অৱস্থা য’ত প্ৰতিজন ব্যক্তিয়ে নিজস্ব শক্তি অনুভৱ কৰিব পাৰে,জীৱনৰ সাধাৰণ চাপৰ স’তে মোকাবিলা কৰিব পাৰে,নিজস্ব উৎপাদনশীলতা আৰু ফলপ্ৰসুতা বৰ্তাই ৰাখিব পাৰে আৰু য’ত নিজস্ব সমাজলৈ বৰঙণি আগবঢ়াবলৈ সক্ষম।” এই সংজ্ঞাটোয়ে মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্বন্ধে বহুখিনি সাঙুৰি লৈছে।মানসিক স্বাস্থ্য আজি সময়ৰ অন্যতম চৰ্চিত বিষয়;ই কোনো ব্যক্তিৰ স্বাস্থ্যকে মাত্ৰ নসূচায়,সামগ্ৰিকভাৱে এখন সমাজ,অঞ্চল অথবা দেশৰ ‘সামাজিক’ বাতাবৰণকো সূচায়। গুৰুত্বপূৰ্ণ কথাটো হৈছে,মানসিক স্বাস্থ্য কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে:পাৰিবেশিক,সামাজিক আৰু ব্যক্তিকেন্দ্ৰিক কাৰণেই মূলতঃ নিৰ্ণয় কৰে মানসিক স্বাস্থ্য। মানসিক স্বাস্থ্যৰ অদ্বিতীয় চৰিত্ৰটো হৈছে ইয়াৰ অস্বাভাৱিকতা নিৰ্ণয় কৰাটো কোনো প্ৰত্যক্ষ প্ৰণালীৰ দ্বাৰা সম্ভৱ নহয়।সেইবাবেই প্ৰায়ে মানসিক ৰোগৰ বিসংগতি ধৰা নপৰাকৈয়ে থাকি যায়,ফলস্বৰূপে বহু সময়ত ভয়ংকৰ ৰূপ পায়গৈ!
 মানসিক ৰোগৰ চিনাক্তকৰণ উপসৰ্গসমূহ হৈছে অত্যাধিক মানসিক চাপ,স্বাভাৱিক কাম-কাজত হঠাৎ যতি পৰা, নিচাজাতীয় সামগ্ৰী প্ৰতি সঘনাই আসক্তি আদি। মানসিক ৰোগৰ কাৰকো তেনেকৈ বিভিন্ন।ঘনাই লক্ষ্য কৰা যায় যে শিক্ষাৰ্থীসকল মানসিক ৰোগৰ চিকাৰ হয়,বিশেষকৈ ঘৰৰ পৰা আঁতৰত থাকি শিক্ষা গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অধিক।ই বিভিন্ন কাৰক যেনে পাঠ্যক্ৰমৰ অত্যাধিক চাপ,কৰ্তৃপক্ষৰ কঠোৰ নিয়ম, পৰিয়ালৰ পটভূমি,অভিভাৱকৰ লগত নিম্ন সম্পৰ্ক,নিজকে অলাগতিয়াল অনুভৱ কৰা,বন্ধুত্ব তথা ৰোমান্টিক সম্পৰ্কে গৌণ ধাৰণা,আৰ্থিক সংকট আদিয়ে শিক্ষাৰ্থীৰ ক্ষেত্ৰত মানসিক ৰোগৰ সৃষ্টিত মূল ভূমিকা পালন কৰে।সি যি কি নহওঁক,মানসিক স্বাস্থ্য যে এইমুহূৰ্তত সৰ্বত্ৰে সৰ্বাধিক চৰ্চিত বিষয়,তাত কোনো সন্দেহ নাই।
মানসিক স্বাস্থ্য আৰু এই ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত আমাৰ,প্ৰশাসন আৰু সমাজৰ বহু কৰণীয় আছে।সেই কথাটোকে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থা(World Health Organization,চমুকৈ ‘WHO’) আৰু জনপ্ৰিয় “Lancet’ নামৰ চিকিৎসা জাৰ্নেল খনে স্বীকাৰ কৰি বিশ্বজোৰা মানসিক স্বাস্থ্যৰ সংকটৰ সম্পৰ্কত সতৰ্কবাণী জাৰি কৰা লগতে নীতি নিৰ্ধাৰক সকলকো ইয়াক মুখ্যতঃ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে।তেওঁলোকৰ সমীক্ষাই ভাৰতৰ ক্ষেত্ৰতো বহু উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে;সেই অনুসৰি ভাৰতবৰ্ষই মূল বিত্তীয় বাজেট স্বাস্থ্য শিতানৰ মাত্ৰ ০.০৬% হে মানসিক স্বাস্থ্যৰ বাবে খৰচ কৰে,আনহাতে বিশ্বৰ ধনী দেশসমূহে এই ক্ষেত্ৰত ৪%ৰো অধিক টকা খৰচ কৰি আহিছে,আনকি বাংলাদেশৰ দৰে দেশেও ০.৪৪% ধন ইয়াৰ বাবে ধার্য কৰে। ভাৰতৰ দৰে জনবহুল দেশ এখনৰ বাবে ই এক অতিকৈ পৰিতাপৰ কথা। মানসিক স্বাস্থ্যৰ লগত শিক্ষাৰ্থীৰ আত্মহত্যা বিষয়টোও অত্যন্ত গম্ভীৰ,কিয়নো ভাৰতবৰ্ষ ক্ষেত্ৰত পথ দুৰ্ঘটনাৰ পিছতে দ্বিতীয় সৰ্বোচ্চ শিক্ষাৰ্থী ‘আত্মহত্যা’ৰ চিকাৰ হ’ব লগা হৈছে। ৰাষ্ট্ৰীয় অপৰাধ নিৰীক্ষণ ব্ৰু’ৰ(National Crime Records’ Bureau) অনুযায়ী প্ৰতি এঘণ্টাত তিনিজনকৈ ছাত্ৰই আত্মহত্যা কৱলত পৰিছে। সেই অনুসৰি আশ্চৰ্যজনকভাৱে ২০১০-২০১৫ৰ অন্তৰালত ৩৯৭৭৫ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰা লগতে, খোদ ২০১৫ বর্ষতে ৮,৯৩৪ জন ছাত্ৰই নিজকে হত্যা কৰিছে। ভয়ংকৰ কথাটো হৈছে যে ভাৰতৰ দৰে ১৩০ কোটিৰো অধিক জনসংখ্যাৰ দেশ এখনত মানসিক স্বাস্থ্যৰ অভিজ্ঞ তথা বৃত্তিগত দক্ষতা থকা লোকৰ অভাৱ;এই কথা ২০১৬ বৰ্ষৰ ডিচেম্বৰত ভাৰত চৰকাৰে ৰাজসভাত দিয়া তথ্যই উদঙাই দিয়ে, সেই অনুসৰি ভাৰতবৰ্ষত অতিৰিক্ত আৰু ৮৭% মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অভিজ্ঞ  ব্যক্তিৰ প্ৰয়োজন,সংখ্যাৰ ফালৰ পৰা ভাৰতত আজি অতি কমেও ৬৬,২০০ মানসিক ৰোগৰ চিকিৎসা কৰ্মীক নিযুক্তি দিব লাগে। অকল চৰকাৰৰে নহয়,বিভিন্ন বিশ্ববিদ্যালয় ,মহাবিদ্যালয়ৰো এই ক্ষেত্ৰত দায়িত্ব অধিক। শৈক্ষিক পাঠ্যক্ৰমত ‘মানসিক স্বাস্থ্য’ক অন্তৰ্ভুক্ত কৰাটো সময়ৰ দাবীৰূপে পৰিগণিত হৈছে। শৈক্ষিক অনুষ্ঠানসমূহত মানসিক স্বাস্থ্য সম্বন্ধে মুকলি আলোচনা,চেমিনাৰ আদি নিয়মীয়া ব্যৱধানত অনুষ্ঠিত কৰা উচিত।যৌন শিক্ষা আৰু সামাজিক দায়বদ্ধতা সম্পৰ্কত শিক্ষাৰ্থী মাজত আলোচনাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ব পাৰে। মানসিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত প্ৰতিকাৰৰ ৰূপে যোগ শিক্ষা,ধ্যান,শাৰীৰিক ব্যায়াম আদি অতিকৈ প্ৰয়োজনীয়। শেষত স্থানীয় প্ৰশাসন,নাগৰিক সমাজ,বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,অভিভাৱক আৰু  কৰ্তৃপক্ষৰ সামূহিক কাৰ্যকলাপৰ দ্বাৰাহে এক যোগাত্মক পদক্ষেপ আশা কৰিব পাৰি।

Related Articles

Check Also

Close
Close