মাধৱদেৱৰ গুৰুভক্তি

নিৰ্মল ডেকা

 মধ্যযুগৰ অসম খনত শংকৰদেৱৰ ভক্তি আন্দোলনে কিয় গা কৰি উঠিব লগা হৈছিল? বা শংকৰদেৱে কিহৰ বাবে ভক্তি ধৰ্মকে আগস্হান দিছিল? এই বিষয়ে ইতিমধ্যে দুনাই আলোচনা নতুবা পৰ্যালোচনা কৰাৰ প্ৰয়োজন নাই নিশ্চয় বুৰঞ্জী আৰু গুৰুচৰিতত এনেবোৰ কথা সুন্দৰকৈ উপস্হাপন কৰাই আছে| সামাজিক ব্যভিচাৰ,অপায়-অমংগল,জাতি-ভেদ প্ৰথা ইত্যাদিয়ে প্ৰায় জুৰুলা কৰি পেলোৱা অসমীয়া জাতিটোক তথা সমাজখনক হৰিনামৰ মহিমাৰে একত্ৰিত কৰি গুৰু শংকৰে নৱ বৈষ্ণৱ ধৰ্মৰ শলিতাৰেই এক নতুন পথৰ সন্ধান দিছিল সেয়া অনস্বীকাৰ্য| গুৰুজনাই অসমীয়া সাহিত্য-সংস্কৃতিক আগবঢ়াই নিয়াৰ উদ্দেশ্যে নামঘৰ,সত্ৰ স্হাপন,নাট-ভাওনা,নাম প্ৰসংগ ইত্যাদিৰ যোগেদি এসময়ত থান বান হৈ যোৱা জাতিটোক পুনৰুদ্ধাৰ কৰিছিল সঁচা কিন্তু শংকৰদেৱে যদি সেই সময়ছোৱাত ভক্তি ধৰ্মৰ সলনি অন্য পন্হা গ্ৰহণ কৰিলেহেতেঁন তেতিয়া হয়তো অসমীয়া জাতি দূৰৈৰে কথা তেওঁৰো সমাজখনত তিস্তি থকাতো কঠিনেই নহয় অসম্ভৱ হৈ উঠিলে হেতেন |সেইবাবেই তেওঁ ভক্তি ধৰ্মৰ সহায় লৈছিল|অত্যন্ত দূৰদৰ্শী শংকৰদেৱে তেতিয়াই বুজি উঠিছিল যে ধৰ্মৰ ওপৰত কোনো নাই| এই বিষয়ে পঢ়ুৱৈ সমাজ জ্ঞাত নিশ্চয় |প্ৰৱন্ধটিৰ/নিৱন্ধটিৰ যোগেদি আমি মাধৱদেৱৰ গুৰুজনাৰ প্ৰতি থকা অকৃতিম ভালপোৱা আৰু অপাৰ শ্ৰদ্ধাৰ বিষয়ে কিছু আলোচনা কৰিম|
         ভক্তি আন্দোলনৰ সামাজিক পটভূমিত  গুৰুজনাই প্ৰথমে এই কৰ্মত নিজকে একত্ৰিত কৰি ৰাখে যদিও পিছলৈ মাধৱদেৱেও এই ধৰ্মত নিমগ্ন হৈ পৰে কি আচৰ্যকৰ ঘোৰ শাক্তধৰ্মী মাধৱদেৱে গুৰুজনাৰ প্ৰথম দৰ্শনতেই তেওঁৰ প্ৰতি আকৃষ্ট হয় |প্ৰবাদ অনুসৰি ৰামদাসে পৰস্পৰে পৰস্পৰক পৰিচয় কৰি দিয়াৰ পিছত দুয়োজনাই তুমুল তৰ্ক যুদ্ধত লিপ্ত হৈছিল |মাধৱদেৱে শাক্ত ধৰ্মকে সমৰ্থন কৰি গুৰুজনাৰ সৈতে সংস্কৃতত অবিৰাম তৰ্ক কৰে আৰু গুৰু শংকৰেও নৱ বৈষ্ণৱ ধৰ্ম অনুসৰি সকলো যুক্তিকে খণ্ডন কৰিছিল |অৱশেষত মাধৱদেৱে সেও মানি গুৰুজনাৰ চৰণত শৰণ লৈছিল |ধুৱাহাট-বেলগুৰিত হোৱা শংকৰ-মাধৱৰ এই মিলনকে মনিকাঞ্চন সংযোগ বুলি কোৱা হয়|চৰিত পুথি অনুসৰি শংকৰ-মাধৱৰ এই মিলন ১৪৪৪শকত হৈছিল|
      নিশ্চিত ভাবে শংকৰদেৱৰ প্ৰতিভা আছিল দিগন্ত প্ৰসাৰী,বিশাল ব্যক্তিত্বৰ অধিকাৰী শংকৰদেৱে  নৱ বৈষ্ণৱ ধৰ্মৰ সৌধ নিৰ্মাতা যদিও মাধৱদেৱক শিষ্য হিচাপে লাভ কৰাৰ পিছতহে নৱ বৈষ্ণৱ ধৰ্মই পূৰ্ণতা লাভ কৰে|আৰু মাধৱদেৱেও মহাপুৰুষ শংকৰদেৱৰ পদাংক অনুসৰণ কৰিয়েই পিচলৈ আগুৱাই যায় |মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিৰ সৈতে মাধৱদেৱৰ যথেষ্ট খিনি সামঞ্জস্য আছিল যদিও ‘অংকীয়া নাট’ ৰচনাৰ ক্ষেত্ৰত দুয়োজনাৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায় |শংকৰদেৱৰ নাটক সমূহত শ্ৰীকৃষ্ণৰ যৌৱন তত্ত্ব আৰু মাধৱদেৱৰ নাটক সমূহত শ্ৰী কৃষ্ণৰ শিশু চৰিত্ৰ তথা বাৎসল্য ভাৱে  অধিক প্ৰাধান্য পোৱা দেখা যায়|মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ৰ নাটক খনৰ বাহিৰে কোনো এখন নাটকৰে শংকৰদেৱৰ নাটকৰ লগত মিল থকা দেখা নাযায় |আনকি শংকৰদেৱৰ নাটসমূহত স্বৰচিত শ্লোকৰ ব্যৱহাৰ হোৱা দেখা যায় কিন্তু মাধৱদেৱৰ নাটসমূহত ৰচিত শ্লোকসমূহ স্বৰচিত শ্লোক নহয় অনুৰূপ গ্ৰন্হৰ শ্লোকহে |মহাপুৰুষজনাৰ দৰে পূৰ্ণ কাহিনীও মাধৱদেৱৰ নাটকত পোৱা নাযায় |এনেবোৰ অযুগ্মতাৰ বাবেই  মহাপুৰুষ শংকৰদেৱৰ ৰচিত নাটসমূহ ‘অংকীয়া নাট’ ৰূপে আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহ ‘ঝুমুৰা’ নামে জনাজাত |মাধৱদেৱৰ  নাটকসমূহত ‘অংকীয়া নাট’ৰ বৈশিষ্ট সমূহৰ পূৰ্ণ প্ৰয়োগ হোৱা  দেখিবলৈ পোৱা নগৈছিল |সেয়া যি কি নহওঁক শংকৰ প্ৰতিভাত নিমগ্ন হৈ মাধৱদেৱে অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ স্বৰূপ ‘নামঘোষা’ত প্ৰথমে তেওঁ গুৰুৰ চৰণতে প্ৰণিপাত জনাই এনেদৰে উল্লেখ কৰিছে –
 “মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো/ৰসোময় মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য /ভজো হেনো দেৱ যদুপতি ||
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি /পাৱে পৰম্পদ পাপী যত|
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা /উপাসা কৰোহো হৃদয়ত ||”
‘নামঘোষা’ সম্পৰ্কে  অসমীয়া সাহিত্যৰ সমালোচক ড˚ বাণীকান্ত কাকতি দেৱে এনেদৰে কৈছে যে -‘নামঘোষা’ প্ৰধানত তিনিটা বিষয় বস্তুৰ দ্বাৰা মিহলি হৈছে-
ক)পূৰ্ণশ্লোক শংকৰ স্মৃতি |
খ)মাধৱদেৱৰ আত্ম লঘিমা |
গ)কৃষ্ণ ভক্তিৰ মাহাত্ম্য |
আনকি অসমীয়া কাব্যত পূৰ্বৰ কোনো কবিৰ ৰচনাত ‘লেচাৰি ছন্দৰ’ প্ৰয়োগ দেখা পোৱা নাযায়|মাধৱদেৱেই পোন প্ৰথম বাৰৰ বাবে ‘নামঘোষা’ত
লেচাৰি ছন্দৰ’ প্ৰয়োগ কৰে | আনকি মাধৱ কন্দলি আৰু শংকৰদেৱৰ দৰে সৰ্বশাস্ৰ বিশাৰদ কবিৰ ৰচনাতো ই বিৰল|
মাধৱদেৱে ‘নামঘোষা’ লিখিছে:-
“হৰিনাম ৰসে    বৈকুণ্ঠ প্ৰকাশে
         প্ৰেম অমৃতৰ নদী |
শ্ৰীমন্ত শংকৰে  পাৰ ভাঙ্গি দিলা
        বহে ব্ৰহ্মাণ্ডক ভেদি ||”
মাধৱদেৱ বিৰচিত ‘গুৰু ভটিমা’তো  গুৰুজনাৰ প্ৰতি থকা অচলা ভক্তিভাৱ সুন্দৰভাৱে প্ৰকাশিত হৈছে-
“জয় গুৰু শংকৰ     সৰ্ব গুণাকৰ
    যাকেৰি নাহিকে উপাম |
তাহেৰি চৰণক   ৰেণু শত কৌটি
   বাৰেক কৰোহো প্ৰণাম ||”
গুৰুজনাৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা আৰু একান্ত ভক্তিভাৱৰ নিদৰ্শন দেখি শংকৰদেৱে নিজে কৈছিলে যে- “সবাতো অধিক তুমি প্ৰিয়তম,নিশ্চয় জানিবা তাক |তুমি আমি ভিন্ন নুহিকো জানিবা কহিলোহো সত্য বাক |”
উপৰোক্ত বাক্যশাৰীৰ পৰা এটা কথা সহজে অনুমেয় যে এহাতে যদি গুৰুজনাৰ প্ৰতি মাধৱদেৱৰ পৰম ভক্তিভাৱ বিদ্যমান আনহাতে গুৰুজনাৰো মাধৱদেৱৰ প্ৰতি আছিল অগাধ বিশ্বাস আৰু অপ্ৰাণ ভালপোৱা |সেইবাবেই হয়তো গুৰুজনাই মাধৱদেৱক তেওঁৰ পৰম শিষ্যৰ আসন দিছিল  |প্ৰবাদ অনুসৰি অত্যন্ত উদাৰ মনৰ গৰাকী মহাপুৰুষ শংকৰদেৱে ‘ভক্তি ৰত্নাৱলী’ নামৰ অনুবাদ গ্ৰন্হখনো মাধৱদেৱকে লিখাৰ দ্বায়িত্ব দিছিল |সূৰ্যৰ ৰশ্মিক যিদৰে ভিন্ন কৰিব নোৱাৰি ঠিক তেনেদৰে শংকৰ-মাধৱকো ভিন্ন কৰিব নোৱাৰি|সেইয়ে আজিৰ বৈষ্ণৱ সমাজত এজনা গুৰু নুবুলি দুজনা গুৰু বুলি কোৱাৰ প্ৰথাও প্ৰচলিত হোৱা দেখা যায় |
গুৰুজনাৰ প্ৰতি মাধৱদেৱৰ ভক্তিভাৱ অকল ধৰ্মীয় দিশতে সীমাবদ্ধ নাছিল | গুৰুজনাৰ ব্যক্তিগত তথা সাংসাৰিক জীৱনতো মাধৱদেৱৰ ভক্তিভাৱৰ প্ৰভাব মনকৰিবলগীয়া-
এদিনাখনৰ কথা…
গুৰু শংকৰ আৰু মাধৱদেৱে শাস্ৰৰ বিষয়ে আলোচনা কৰি আছিল |এনেতে গুৰুজনাৰ দাসী গৰাকীয়ে ধান সিজাই চোতালত মেলি দিছিল |পিছত বলদ এটাই আহি মেলি দিয়া ধানবোৰ খাবলৈ ধৰিলে |গুৰু পত্নীয়ে বলদটো খেদি দি খঙতে ‘চোৰৰ গৰু’বুলি গালি-গালাজ পাৰিলে |পত্নীৰ কথাষাৰ গুৰুজনাৰ কাণত পৰাত গুৰুজনাৰ প্ৰচণ্ড খং উঠিল |লগে-লগে মাধৱদেৱে কথাষাৰত হস্তক্ষেপ কৰিলে আৰু কাতৰি কৰি মাধৱদেৱে ক’লে, “গুৰু, আইৰ কি বা দোষ ধৰিব পৰা নাই,আপুনি গোকুলৰ কথা পাহৰিলে নেকি ?”মাধৱদেৱৰ যুক্তিত গুৰুৰ খং আতঁৰিল |আৰু গুৰুজনাই হাঁহি হাঁহি ক’লে, “বৰাৰ পোক কথাৰে কোনেও জিকাব নোৱাৰে |”গতিকে এনেদৰে মাধৱদেৱে তেওঁৰ গুৰু আৰু গুৰুজনাৰ পত্নীৰ সৈতে  মাজে সময়ে হোৱা মতানক্যত হস্তক্ষেপ কৰি মীমাংসা কৰি দিছিল |
আকৌ আন এদিনৰ কথা ,খাদ্যৰ নাটনি হোৱাত শংকৰদেৱে মাধৱদেৱক খোৱা বস্তুৰ যোগাৰ কৰিব ক’লে |মাধৱদেৱে আৰু পলম নকৰি খাদ্যৰ সন্ধানত গাওঁ এখনত সোমাল |মাধৱে দেখিলে যে এগৰাকী বৃদ্ধাই কান্দি আছে|তেওঁ বৃদ্ধাগৰাকীৰ ওচৰ চাপি সুধিলে আই আপুনি কিয় কান্দিছে ?বৃদ্ধা গৰাকীয়ে ক’লে যে -তেওঁৰ একমাত্ৰ পুত্ৰ ৰণলৈ বুলি গৈ উভতিয়ে অহা নাই |তেতিয়া মাধৱদেৱে বৃদ্ধাগৰাকীক সান্তনা দি কলে যে তেওঁৰ পুত্ৰ নিশ্চয় ঘূৰি আহিব|আনকি মাধৱদেৱে তেখেতৰ পুত্ৰক বাটত লগ পাই অহাৰ কথাও বৃদ্ধাগৰাকীক ক’লে |তেওঁৰ মাধৱদেৱৰ কথাষাৰত বিশ্বাস নোহোৱাত লৰাজন দেখিবলৈ কেনেকোৱা সুধিলে ?তেতিয়া মাধৱদেৱে লৰা জনৰ সম্পূৰ্ণ বিৱৰণ দিলে |বৃদ্ধাগৰাকী আচৰিত পুত্ৰৰ গোটেইখিনি বিৱৰণ তেওঁ কোৱাৰ দৰে মিলি গৈছে |এনেতে পুতেকেও আহি ঘৰ পালেহি| বৃদ্ধাগৰাকী আনন্দত আত্মহাৰা হৈ মাধৱদেৱক সেৱা জনাই চাউল বস্তু আদি দি বিদায় দিলে |মাধৱদেৱেও বস্তুখিনি ভাৰ বান্ধি আনি শংকৰদেৱৰ ওচৰত থ’লে |
      এবাৰ আকৌ শংকৰদেৱৰ সেৱক ধ্বজাই ‘যোগাধাৰী’ নামৰ এখন বিলৰ পাৰত সৰিয়হৰ খেতি কৰিছিল |সৰিয়হখিনি চপাবলৈ বহুত মানুহৰ প্ৰয়োজন হোৱাত শংকৰদেৱে বিপাঙত পৰিল |ইমান মানুহ তেওঁ ক’ত পাব এতিয়া !সময় মতে সৰিয়হখিনি চপোৱা ন’হলেও  সৰিয়হখিনি নষ্ট হ’ব |এনেতে মাধৱদেৱে গুৰুজনাক ক’লে “বাপ ,একো চিন্তা নকৰিব,এই কামৰ  দায়িত্ব মোক দিয়ক !”
এনেদৰে মাধৱদেৱৰ আৰু বহুতো মহিমামণ্ডিত তথা গুৰুসেৱাৰ কথা ‘কথা গুৰুচৰিত’ত উল্লেখ আছে |গুৰুজনাই যেতিয়াই বিপদত পৰিছিল তেওঁ গুৰুজনাৰ সৈতে আছিল| খোৱা খাদ্যৰ যোগাৰ কৰাৰ পৰা আৰম্ভ কৰি,গুৰুপত্নী আৰু গুৰুজনাৰ মাজত হোৱা বাদ-বিবাদ মীমাংসা কৰা ,খৰি কটাকে আদি কৰি গুৰুজনাৰ সমস্ত কামৰ দ্বায়িত্ব তেওঁ এজন প্ৰকৃত আৰু বিশ্বাসী সেৱক হিচাপেই যথেষ্ঠ নিস্হা সহকাৰে পালন কৰিছিল |
শেষত ,ত্ৰেতা যুগৰ শ্ৰী ৰাম-হনুমানৰ পিছত গুৰু-শিষ্যৰ উৎকৃষ্ট উদাহৰণ দিবলৈ গ’লে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ উদাহৰণেই শ্ৰেয় |যি অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে জনাজাত |কিন্তু বৰ্তমান সমাজখনলৈ মন কৰিলে এটা কথা আমি নিশ্চিত ভাবে হৃদয়ঙ্গম কৰিব পাৰিম  যে-বিজ্ঞানৰ অভাৱনীয়  প্ৰাচুৰ্যতাৰ তথা অভীস্পাৰৰ ফলত টোলৰ পৰা গৈ গৈ আমি চাৰিবেৰৰ মাজত আবদ্ধ একো একোটা শ্ৰেণীকোঠা পালোগৈ,সাঁচিপাতবোৰ ক্ৰমাত নোহোৱা হ’ল ,পাৰৰ পাখি কিম্বা চিয়াঁহীৰ প্ৰচলন ক্ৰমাত ম্লান পৰিলে!কিন্তু আচৰিত হ’বলগীয়া আজিৰ বিশ্বায়নৰ যুগত গুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক , অগ্ৰজ আৰু অনুজৰ মাজৰ সম্পৰ্ক,জেষ্ঠ জনৰ সৈতে আমাৰ সম্পৰ্কৰ এনাজৰীডাল  যিমান গাঢ় হ’ব লাগিছিলে সিমান হোৱা নাইগে|এতিয়া গুৰু-শিষ্য, অগ্ৰজ-অনুজৰ সম্পৰ্ক বিচাৰ কৰা আৰু পাহাৰত কাছ কণী বিচৰা এটা আনটোৰ সমাৰ্থক শব্দহে যেন অনুভৱ হয়|অথচ এইখন অসম ভূমিতে এজনা গুৰুৰ বাবে নিজ শিষ্যই চিৰকৌমাৰ্য ব্ৰত পালন কৰাৰ দৰে উদাহৰণো নোহোৱা নহয় |সেয়েহে হয়তো আজিৰ সমাজৰ একাংশই আক্ষেপেৰে কয় যে সমাজখন পুনৰ উদ্ধাৰৰ বাবে  শংকৰ-মাধৱৰ প্ৰয়োজন !

Related Articles

Check Also

Close
Close