মহাবাহুলৈ এখন চিঠি

ডঃ ভূপেন হাজৰিকা

‘It is easy to be a citizen of the world.
Only problem is the man next door!’
মাথোঁ কিছুদিন আগতে মই এটি গান লিখিছিলো;
‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ
মহাবাহু ব্ৰহ্মপুত্ৰ…।’
মহাবাহুৰ প্ৰথম সংখ্যা পঢ়ি যুক্তিপূৰ্ণ আৰু সংযত সাংবাদিকতাৰ প্ৰতীক যেন লাগিছে। প্ৰথম সংখ্যাত ময়ো এটি লিখিছিলো। প্ৰথম সংখ্যাত ‘জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই’ কবিতাটি সকীয়নিৰূপে প্ৰকাশিত হৈছিল। পাঠক-সমাজে নিশ্চয় পঢ়িছে।
মহাবাহুৰ জৰিয়তে এইবাৰো মোৰ অতি আপোন, মৰমৰ, সংগ্ৰামী অসমীয়া ৰাইজলৈ এটি প্ৰবন্ধ আগবঢ়াবলৈ বিচাৰিছিলো। কিন্তু সময়ৰ অভাৱে আৰু নানা অপৰিহাৰ্য কাৰণে মোক সেইকণ সুবিধা নিদিলে। মই নতুন প্ৰবন্ধ লিখিব নোৱাৰিলো। তথাপি মৰমৰ অসমীয়া ৰাইজক, মোৰ অন্তৰপৰাও লোৱা ভাবেৰেহে মই এটি কথা ক’ব খুজিছো :
অসমত, অসম দেশত, আৰক্ষী বাহিনী, অমাৰ্জিত ভাৰতীয় সৈন্য, দিল্লীৰ ৰঙা চকু আদিৰে, কিম্বা ভাষা বা ধৰ্মৰ বিদ্বেষ সৃষ্টি কৰা ক্ষুদ্ৰ দলীয় সুবিধাবাদী ৰাজনীতিৰে আজিৰ এই গণতান্ত্ৰিক আন্দোলনৰ ‘গাৰ নোম এডালো ছিঙিব নোৱাৰি।’ অৱশ্যে, সেই কথা, মই কোৱাৰ বহু আগতেই আপোনালোকে উপলব্ধি কৰিছে।
দেখা নাছিলো। শুনিছিলো, দুলীয়াজানৰ সেই পাশৱিক হত্যালীলাৰ কৰুণ কাহিনী, লক্ষীমপুৰৰ তেজৰঙা কাহিনী। যিবোৰৰ গুৰিত আছে আমাৰেই কিছুমান ‘অসমীয়া’ ভাই।
সঁচাকৈ, এক জঘন্য চক্ৰান্ত চলিছে। সংবিধানক আশ্ৰয় কৰি চলা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ অবাধ ষড়যন্ত্ৰ চলিছে। জধে-মধে, য’তে-ত’তে, অধিক পুলিচামি চলিছে। আজি মোৰ নিজৰাপাৰৰ ঘৰৰপৰা নিশা Tourist Lodge লৈ আহি থাকোতে, ময়ো অধিক পুলিচামিৰ ভুক্তভোগী, দুখ লাগে বেচেৰাহঁতৰ অৱস্থা দেখি। তেওঁলোকে যাত্ৰাদলৰ ভেমভৰা বহুৱালি কৰি যেন সমগ্ৰ অসমবাসীকে উপলুঙা কৰিব খুজিছে!
বেছি কথা কোৱাৰ সময় এতিয়া নাই। নিশা এক বাজি গৈছে।
অলপ বেলেগ কথা :
বহুদিন বিৰতিৰ পিছত, গললৈকে পিটনিত জাহ যোৱা অসমীয়া জাতিয়ে, পিটনিৰপৰা ওলাবলৈ কৰা প্ৰয়াসক, অসমীয়া জাতিৰ আশা-নিৰাশাক আৰু নাগৰিক অধিকাৰক, প্ৰধানমন্ত্ৰী, লোকসভা, ৰাজ্যসভা, শ্ৰীচাৰিণ, শ্ৰীৰামমূৰ্তি সকলোৱে সন্মান কৰিবই লাগিব আৰু তেওঁলোকৰ তলৰ পুলিচ বিষয়া (যাৰ ঘৰৰ আই, ভাই-ভনীয়ে দেশৰ হকে যুঁজিছে) সঁচা অৰ্থত ‘মানুহ’ হ’ব লাগিব।
সমগ্ৰ পৃথিৱীৰ খাটি খোৱা মানুহৰ মহা সংগ্ৰামৰ অংগ এই আজিৰ অসমৰ সংগ্ৰাম। সাংবিধানিক সংগ্ৰাম; যাক প্ৰধানমন্ত্ৰীয়েও নুই কৰা নাই। কৰিব নোৱাৰে।
বিশ্বৰ ইতিহাসত এটা জাতি পৰাজিত হোৱাৰ, নিশ্চিহ্ন হৈ যোৱাৰ নজিৰ ক’তো নাই। অসমীয়া জাতিও পৰাজিত নহয়, হ’ব নোৱাৰে।
‘মহাবাহু ব্ৰহ্মপুত্ৰ’ মানে হ’ল মহাউদাৰতা। সেই মহাউদাৰতাক যদি কোনোবা চাকৰিৰ বাবে চাকৰি কৰা ‘সৈন্য’ই দুৰ্বলতা বুলি ভাবি অধিক পুলিচামি কৰে, তেন্তে তেওঁ নিজেই নিজৰ সমাধি ৰচিব। আমি এই মন্তব্য সজ্ঞানে, সুস্থ মস্তিষ্কেৰে প্ৰকাশ কৰিলো।
(মহাবাহু, ১৯৮০ চনৰ পৰা)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close