মনলৈ অহা চিন্তা

মীনাক্ষী দেৱী

‘ৰাজনীতি’ ৰ সংজ্ঞা দিবলৈ গ’লেই সৰুৰপৰাই এটাই শব্দ মনলৈ আহে ‘কূটনীতি’ । যেন ইটো আনটোৰ সমাৰ্থক হে।  অথচ ৰাজনীতিত সৎ মনোভাৱৰ তথা কূটনীতিৰপৰা নিলগত থকা ব্যক্তি নথকাও নহয়। কিন্তু পৰিবেশেই হয়তো আমাক বাধ্য কৰি আহিছে। এতিয়া প্ৰশ্নটো হ’ল কিয় আমি ৰাজনীতিৰ বিশাল চক্ৰটোৰপৰা দূৰত থকা সাধাৰণ মানুহখিনিৰ সৰহভাগৰেই ৰাজনীতিৰ প্ৰতি মনোভাৱবোৰ দিনকদিনে ঋণাত্মক হৈ আহিছে? কিয় বাৰে বাৰে পৰিৱৰ্তনৰ স্বাৰ্থত শাৰী পাতি পাতি ভোট দি শেষত নিজৰ ভোটাধিকাৰৰ ওপৰতেই ধিক্কাৰ দিবলগীয়া হৈছে? নতুন নতুন চৰকাৰক বাৰে বাবে বহু আশা আৰু বিশ্বাসেৰে আদৰি লৈও দিন বাগৰাৰ লগে লগেই কিয় প্ৰতিখন চৰকাৰৰ কৰ্মৰাজিৰদ্বাৰা সাধাৰণ জনতাৰ অধিকাৰক খৰ্ব কৰা হৈছে? ‘ এইবাৰ দেশ তথা ৰাজ্য নিকা হ’ব’ বুলি কৰা জনতাৰ বিশ্বাসত বাৰে বাৰে কিয় অ‍াঘাট দিয়া হৈছে? আমাক কেৱল সাধাৰণ ‘ভোটাৰ’ বুলিহে কিয় তাচ্ছিল্য কৰা হৈছে? ভোটাধিকাৰৰ বাহিৰে অ‍মাৰ কি দেশৰ ওপৰত কোনো অধিকাৰ নাই? চৰকাৰ এখন প্ৰতিষ্ঠাৰ বাট মুকলি কৰি দিয়াৰ পিছতেই সেই দলৰ বাহিৰৰ মানুহখিনিক বিশেষকৈ নিৰপেক্ষ জনতাৰ ইচ্ছা-অনিচ্ছা-মতামত সকলোবোৰকে পথৰ ধূলিৰ দৰেই কিয় উৰুৱাই পেলাই আহিছে??
        অাজি লেনিনৰ প্ৰতিমূৰ্ত্তি চাৰখাৰ কৰিছে,কাইলৈ যদি কংগ্ৰেছ চৰকাৰ আহে হয়তো বিজেপি’য়ে প্ৰতিষ্ঠা কৰা দীনদয়ালৰ মূৰ্তি ভাঙিব। পুনৰ যদি আঞ্চলিক দল প্ৰতিষ্ঠা হয় তেতিয়া আকৌ নতুন খেল আৰম্ভ হ’ব। হয়তো আৰু এনে এটা সময় আহিব য’ত ইটোৰ-পিছত সিটো ভাঙি ভাঙি পুনৰ লেনিনৰেই মূৰ্তি স্থাপিত  হ’ব। গৈ গৈ শেষত জনতাৰ শেষ পচন্দত বৰ্তমানৰ এটা দলৰো অস্তিত্বই নাথাকিব।
           যদি সকলো বিপৰীত হ’লহেঁতেন!! ইটো দলে আনটো দলৰ মতাদৰ্শক সন্মান জনাই, জনতাৰ পছন্দক আগত ৰাখি দেশৰ স্বাৰ্থত জনতাৰ হকে যদি কোনোবা এটা দলে কাম কৰি গ’লহেঁতেন….দেশ/ৰাজ্যত কিমান যে শান্তি বিৰাজ কৰিলেহেঁতেন…। হয়তো সেই দলৰ হকে কাম কৰিবলৈ বিনা-দ্বিধাই ৰাইজ আগবাঢ়ি গ’লহেঁতেন। এতিয়া যিহেতু সকলো বিপৰীত গতিতেই গৈ আছে সেয়ে ৰাইজো ৰুদ্ধ হৈয়েই গৈ থাকিব। দেশ ধ্বংসৰফালেই নামি গৈ থাকিব। আৰু এনে এটা সময় আহিব যে নিজৰ মাজতেই কাজিয়া কৰি থকা আমি বুদ্ধিহীন ভাৰতীয়সকলক চীনৰ দৰে দেশে চোবাই-চোবাই গিলি পেলাব।
        (বি:দ্ৰ: আজিলৈ এনে এটা ৰাজনৈতিক দল নাপালো যাৰ অাদৰ্শক শ্ৰদ্ধা কৰিব পাৰি। দেশৰ  ৰাজনৈতিক ক’লা বেপাৰবোৰ দেখি দেখি ভাৱ হৈছে, NRC ত নামটো নথকা হ’লে বাংলাদেশতেই শান্তিৰে থাকিলোহেঁতেন ছাগে)

Related Articles

Close