মই কি কৰিম?

দীপজ্যোতি গগৈ

অহা ২৩ মেত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। গতিকে ফলাফল ঘোষণা কৰা দুদিনৰ আগতেই কৰ্পৰেটৰ কোটিটকীয়াৰ ‘Exit Poll’ নামৰ ব্যৱসায়টোত মূৰ ঘুমুৱাই একো পাবলগা নাই। মই ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক দলৰে সদস্য নহওঁ বা কোনো ৰাজনৈতিক দলৰহৈ প্ৰচাৰো নকৰোঁ। কিন্তু এইবাৰ নিৰ্বাচনত মই ব্যক্তিগতভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিলোঁ বা লিখি আহিছোঁ,কিন্তু ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ নাছিল। বৰং আমাৰ পৰিয়ালটোক জনাসকলে আমাক বিজেপিৰ সমৰ্থনকাৰী বুলিয়ে ভাবে,সেইয়া অস্বীকাৰো নকৰোঁ। ২০১৪ত কেন্দ্ৰত বিজেপি আৰু ২০১৬তো ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ অহাটো মনে-প্ৰাণে কামনা কৰিছিলোঁ। হীৰেন গোহাঁই ছাৰৰ নেতৃত্বত বুদ্ধিজীৱী সমাজে বিজেপিক ভোট নিদিবলৈ জনোৱা আহ্বান মই একেবাৰে ভালপোৱা নাছিলোঁ কাৰণ ময়ো ব্যক্তিগতভাৱে কংগ্ৰেছৰ দুৰ্নীতি আৰু অপশাসনৰ অন্ত পৰাটোকে বিচাৰিছিলোঁ। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেতিয়ালৈকে মই ব্যস্ত আছিলোঁ নিজৰ পঢ়া-শুনাৰ লগতহে, এটা নিৰাপদ কেৰিয়াৰৰ বাদে মোক একো দৰকাৰো নাছিল। ৰাজনীতিক জীৱনৰ লগত সংপৃক্ত কৰি চোৱা নাছিলোঁ,মোৰ বাবে ৰাজনীতি সংসদীয় ক্ষমতাৰ ৰাজনীতিৰ লগতে সীমাবদ্ধ আছিল। হীৰেন গোহাঁই ছাৰৰ প্ৰবন্ধ নৱম শ্ৰেণীৰ পৰা অভিযান্ত্ৰিক মহাবিদ্যালয় অহালৈকে পঢ়িছোঁ,অথচ সৰহভাগ কথাক গুৰুত্বসহকৰে চাবলৈ সক্ষম হোৱা নাছিলোঁ,আনকি ফেচিবাদ সমন্ধে এবছৰ আগলৈকে মোৰ ধাৰণা আছিল শূন্য।ক’বলৈ বেয়া,মোৰো মনতো শংকাৰ বীজ ৰোপন কৰা হৈছিল যে অসমত এদিন বদৰুদ্দিন আজমলে শাসন কৰিব,অসমখন গোটেই বাংলাদেশীৰে ভৰি পৰিব,গতিকে ইহঁতক ৰোধিবলৈ বিজেপিক আনিব লাগে। মোৰ নিচিনা এটাক গোহাঁই ছাৰৰ প্ৰকৃত কথাবোৰ হৃদয়ংগম কৰিবলৈ ৪-৫ বছৰ লাগিল,তেন্তে নপঢ়া-নুশুনা বা ৰাজনীতি বুলিলে অকল বিধায়ক,এম পি আদি বুলি বুজা সকলক কিমান বছৰ লাগিব? গতিকে সঁচাটো অনুধাৱন কৰিবলৈ আমাৰ মানুহক বহু বছৰ লাগিব,হঠাৎ কিবা যাদুকৰী হোৱা ফলত মানুহবোৰ সচেতন হৈ নপৰে। শেহতীয়াকৈ কিছু গ্ৰন্থ পঢ়িছোঁ,তাৰ পৰা যি বুজিছোঁ; মাজে মাজে আনকো পঢ়িবলৈ ফেচবুকতে হওক বা কাকততে হওক লিখি আহিছোঁ,মই বুজি যিখিনি ৰাজহুৱাকৈ আজিলৈকে লিখিলোঁ,অসমত কোনো এজন ব্যক্তি নোলাল যিয়ে মোক ধাৰণা ভুল বুলি যুক্তিৰে প্ৰতীয়মান নিয়াব নোৱাৰিলে।তেন্তে মই ধৰি ল’ব পাৰো নেকি যে মই যি বুজিছোঁ ঠিকেই বুজিছোঁ?তাৰ পিছতো শিক্ষিতচামটো আজিও নীৰৱ! যেতিয়াই মই বিশ্বৰ অন্যান্য প্ৰান্তৰ ৰাজনৈতিক ইতিহাস,সমাজ নীতি বা দেশৰে সমাজ ব্যৱস্থা ওপৰত যি অলপ মুষ্টিমেয় অধ্যয়ন কৰিছোঁ,তেতিয়া পৰাই মনত কিবা এটাই বাঁহ লৈছে। যেতিয়াই ফেচিবাদৰ ইতিহাস আৰু ইয়াৰ বৈশিষ্ট্য তথা পৰিক্ৰমা সমন্ধে বুজিবলৈ চেষ্টা কৰি তাক ভাৰতৰ সাম্প্ৰতিক অৱস্থাৰ সৈতে ৰিজাই চাবলৈ ফঁহিয়াই চাইছোঁ,যিদিনাই মই নিজকে প্ৰতীয়মান নিব পাৰিছোঁ যে বিজেপি আৰু ইয়াৰ ইতিহাসৰ সৈতে ফেচিবাদৰ অন্তৰংগ সম্পৰ্ক আছে,গতিকে এইবোৰ কথা এতিয়াই প্ৰতিবাদ নকৰিলে ভৱিষ্যতে সকলোৰে বিপদ আহিব,আনকি যি সকলে ফেচিবাদক আশ্ৰয় দিছে সেইসকলৰ জীৱনলৈ,সেইদিনাৰ পৰাই বিজেপিৰ বহুতো ফেচিবাদী নীতি বিৰোধিতা কৰিছোঁ। ৰাস্তা পদূলি পকী হৈছে,হৈ থাকিব, পকী ঘৰ পাইছে,ইন্ধনৰ সংযোগ পাইছে;ঠিক আছে,ই আপোনাৰ জীৱনৰ মানদণ্ড কিছু উন্নতি সাধিব বুলি ধৰি ললোঁ। যদি আপুনি থকা সমাজখনত অৰ্থনৈতিক প্ৰভেদ,সামাজিক প্ৰভেদ থাকে অথবা অনবৰতে ভীতিগ্ৰস্ত কৰি ৰখা হয়, অহৰ্নিশে ধৰ্ম নাম লৈ এসোপা অন্ধবিশ্বাস-কুসংস্কাৰ বিয়পাই এচামে লুটিপুতি খাই থাকে,তেতিয়া আপুনি সেইখন সমাজত কেনেকৈ সামাজিক জীৱ হিচাপে বাস কৰিব?আপুনি খুৱ স্বাৰ্থন্বেষী বা বিবেকৰ সৈতে আপোচ কৰিব লাগিব,যদি সেইয়াই হয় আপুনি পঢ়ি শুনি কি কৰিব,আধুনিক বুলি কেনেকৈ গৰ্ব কৰিব?  মোৰ ব্যক্তিগত লাভ বেছি হ’ব যদিহে নিজৰ ছিলেবাছৰ কিতাপতে আবদ্ধ থাকি অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি একমাত্ৰ ধ্যান ৰাখি ৰাজনীতি,অৰ্থনীতি,বুৰঞ্জী পঢ়োঁ।যদি এইবোৰ সমাজখনৰ লগত সংপৃক্ত কৰি চোৱাই নহয়,তেন্তে আপুনি ডাঙৰ অভিযন্তা,ডাঙৰ বিষয়া হ’লেই যেনিবা তাত কি লাভ ডাল হ’ল? ই মোৰ পৰিয়ালটোৰ মুখত হয়তো হাঁহি বিৰিঙাব,অহংকাৰ কৰিবলৈ,গৰ্ব কৰিবলৈ কিবা এটা অচিলা পাব,কিন্তু ই লাখ লাখ দুখীয়া-নিছলা লোকৰ জীৱনলৈ স্থায়ী পৰিৱৰ্তন আনিব জানো? সেইবোৰ কথা ভাবিয়ে লিখোঁ,তাৰ বাবদ কিবা পাওঁ নেকি? ঘটিটো পাওঁ! ইয়াতে কৈ থওঁ,এইবাৰ যদি বিজেপি শাসনলৈ পুনৰ আহে,তেন্তে হিটলাৰী শাসন চাবলৈ সাজু থাকিব; যদি অন্য কোনোবা আহে, হিটলাৰী শাসনৰ পৰা অলপ মুক্তি পাব,সমাজখনত কিছু শান্তি-সুস্থিৰতা বৰ্তি থাকিব,নতুনকৈ বিকল্প চিন্তা কৰিবলৈ অলপ সময় হাতত পাব যদিও বাকী কথাবোৰ বৰ বিশেষ পৰিৱৰ্তন নহ’ব।একেই কেইটা মানুহেই অতদিনে আমাক লুটিয়েই আছে! সিহঁতৰ পৰা বিশেষ পৰিৱৰ্তনো আশা নকৰোঁ। আমাক জ্যেষ্ঠ অভিজ্ঞ সকলে বাট দিবলৈ সক্ষম হোৱা নাই,অৱশ্যে একে দিনাই একো সম্ভৱো নহয়। তথাপি আমি এৰি দিয়াত নাই,অন্য ধৰণে কিবা কৰিব পাৰি নেকি চিন্তা কৰিছোঁ। অহা ৩১ মে পৰা চতুৰ্থ ষন্মাষিকৰ পৰীক্ষা আহিছে, মনত ক্ৰিয়া কৰি থকা কথাবোৰ প্ৰকাশ নকৰিলেও শান্তি নাপাওঁ,তথাপি এই কেইদিন পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লিখা-মেলা কমাই দিম।

Related Articles

Check Also

Close
Close